কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
চৰকাৰে ২০২৩-২৪ চেনি বতৰত চেনিৰ মিলে কুঁহিয়াৰ খেতিয়কক প্ৰদান কৰিবলগীয়া কুঁহিয়াৰৰ ন্যায্য আৰু পাৰিতোষিক মূল্যত অনুমোদন জনায়
কুঁহিয়াৰ খেতিয়কলৈ এতিয়ালৈকে সৰ্বাধিক ৩১৫ টকা/ কুইন্টল ন্যায্য আৰু পাৰিতোষিক মূল্যত অনুমোদন
ভাৰত চৰকাৰ কৃষক ৰাইজৰ অৰ্থনৈতিক অৱস্থাৰ অগ্ৰগতি সাধনৰ বাবে অংগীকাৰবদ্ধ
এই সিদ্ধান্তই ৫ কোটি কুঁহিয়াৰ খেতিয়ক আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকৰ লগতে চেনিৰ মিল তথা আনুষংগিক কামত নিয়োজিত ৫ লাখ শ্ৰমিকক উপকৃত কৰিব
प्रविष्टि तिथि:
28 JUN 2023 3:52PM by PIB Guwahati
কুঁহিয়াৰ খেতিয়কসকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটিয়ে ২০২৩-২৪ (অক্টোবৰ - ছেপ্টেম্বৰ) চেনি বতৰৰ বাবে কুঁহিয়াৰৰ ন্যায্য আৰু পাৰিতোষিক মূল্য (FRP) ১০.২৫% বেছিক ৰিক’ভাৰী ৰেটৰ অৰ্থে ৩১৫ টকা/কুইন্টলত অনুমোদন জনাইছে। ইয়াৰ উপৰিও ১০.২৫% ৰ অধিক ৰিক’ভাৰীৰ প্ৰতি ০.১% বৃদ্ধিৰ বাবে ৩.০৭ টকা/কুইন্টল প্ৰিমিয়াম প্ৰদান আৰু ৰিক’ভাৰীৰ প্ৰতি ০.১% হ্ৰাসৰ বাবে এফআৰপি ৩.০৭ টকা/কুইন্টল হ্ৰাসত অনুমোদন জনোৱা হৈছে।
তদুপৰি কুঁহিয়াৰৰ খেতিয়কসকলৰ স্বাৰ্থ সুৰক্ষিতকৰণৰ লক্ষ্যৰে চৰকাৰে চেনিৰ মিলৰ ৰিক’ভাৰী ৯.৫%-ৰ নিম্ন হোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ কৰ্তন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এনে কৃষকে চলিত ২০২২-২৩ চেনি বতৰত ২৮২.১২৫ টকা/কুইন্টলৰ সলনি আগন্তুক ২০২৩-২৪ চেনি বতৰত কুঁহিয়াৰৰ বাবে ২৯১.৯৭৫ টকা/কুইন্টল লাভ কৰিব।
২০২৩-২৪ চেনি বতৰৰ বাবে কুঁহিয়াৰৰ উৎপাদনৰ ব্যয় ১৫৭ টকা/কুইন্টল। ১০.২৫% ৰিক’ভাৰী হাৰত ৩১৫ টকা/কুইন্টল এফআৰপি উৎপাদন ব্যয়তকৈ ১০০.৬% বেছি। ২০২৩-২৪ চেনি বতৰৰ এফআৰপি চলিত ২০২২-২৩ চেনি বতৰতকৈ ৩.২৮% বেছি।
অনুমোদিত এফআৰপি ২০২৩-২৪ চেনি বতৰত (১ অক্টোবৰ, ২০২৩-ৰ পৰা) কৃষকৰ পৰা চেনিৰ মিলে ক্ৰয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। চেনি খণ্ডটো এটা গুৰুত্বপূৰ্ণ কৃষিভিত্তিক খণ্ড যিয়ে কৃষি শ্ৰম আৰু পৰিবহণকে প্ৰমুখ্য কৰি ভিন্ন আনুষংগিক কামত নিয়োজিতসকলৰ বাহিৰেও প্ৰায় ৫ কোটি কুঁহিয়াৰ খেতিয়ক আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল তথা চেনিৰ মিলত প্ৰত্যক্ষভাৱে নিয়োজিত প্ৰায় ৫ লাখ শ্ৰমিকৰ জীৱিকাৰ ওপৰত প্ৰভাৱ পেলায়।
কৃষি ব্যয় আৰু মূল্য আয়োগৰ (CACP) পৰামৰ্শৰ ভিত্তিত আৰু ৰাজ্য চৰকাৰ তথা আন-আন অংশীদাৰসকলৰ সৈতে আলোচনাৰ অন্তত এফআৰপি নিৰ্ধাৰণ কৰা হৈছে। ২০১৩-১৪ চেনি বতৰৰ পৰা চৰকাৰে ঘোষণা কৰা এফআৰপিৰ সবিশেষ তলত উল্লেখ কৰা হৈছেঃ

পটভূমিঃ
চলিত ২০২২-২৩ চেনি বতৰত চেনিৰ মিলৰ দ্বাৰা ১,১১,৩৬৬ কোটি টকাৰ প্ৰায় ৩,৩৫৩ লাখ টন কুঁহিয়াৰ ক্ৰয় কৰা হৈছে, যি ন্যূনতম সমৰ্থন মূল্যত ধানৰ পিছতে দ্বিতীয় সৰ্বাধিক ক্ৰয় কাৰ্য্য। চৰকাৰে কৃষক সমৰ্থক ব্যৱস্থাৰ জৰিয়তে কুঁহিয়াৰ খেতিয়কসকলে সময়মতে ধন লাভ কৰাটো নিশ্চিত কৰে।
যোৱা ৫ বছৰত জৈৱ ইন্ধন খণ্ড হিচাপে ইথানলৰ বৃদ্ধিয়ে কুঁহিয়াৰ খেতিয়ক আৰু চেনি খণ্ডক যথেষ্ট সহায় কৰিছে, কিয়নো কুঁহিয়াৰ/চেনিক ইথানললৈ ৰূপান্তৰিতকৰণত দ্ৰুতগতিত ধন পৰিশোধৰ বাবে চেনিৰ মিলসমূহৰ আৰ্থিক অৱস্থা উন্নত হৈছে, কাৰ্য্যকৰী মূলধনৰ প্ৰয়োজনীয়তা হ্ৰাস পাইছে। ২০২১-২২ ৰ ভিতৰত চেনিৰ মিল/ডিষ্টিলেৰীয়ে অ’এমচিক ইথানল বিক্ৰী কৰি প্ৰায় ২০,৫০০ কোটি টকাৰ ৰাজহ আহৰণ কৰিছে। ইয়াৰ ফলত তেওঁলোকে কৃষকক ধন পৰিশোধ কৰিবলৈ সক্ষম হৈছে।
ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্য্যসূচীয়ে বৈদেশিক মুদ্ৰা ৰাহি কৰাৰ লগতে দেশৰ শক্তি সুৰক্ষাকো শক্তিশালী কৰিছে আৰু আমদানিকৃত জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিছে। ইয়াৰ ফলত পেট্ৰলিয়াম খণ্ডত আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাত সহায়ক হৈছে। ২০২৫-ৰ ভিতৰত ৬০ এলএমটি ৰো অধিক অতিৰিক্ত চেনি ইথানললৈ ৰূপান্তৰিতকৰণৰ লক্ষ্য লোৱা হৈছে। এই কাৰ্য্যই মিলসমূহৰ লিকুইডিটি উন্নত কৰিব যাৰ ফলত কৃষকসকলক ধন সময়মতে পৰিশোধ কৰাত সহায় কৰিব আৰু গ্ৰামাঞ্চলত কৰ্মসংস্থাপনৰো সুযোগ সৃষ্টি কৰিব। পেট্ৰ’লৰ সৈতে ইথানল ব্যৱহাৰ কৰিলে প্ৰদূষণ হ্ৰাস পাব আৰু বায়ুৰ মান উন্নত হ’ব।
চৰকাৰৰ সক্ৰিয় আৰু কৃষক অনুকূল নীতিয়ে কৃষক, গ্ৰাহকৰ লগতে চেনি খণ্ডৰ শ্ৰমিকৰ আগ্ৰহৰ প্ৰসাৰ ঘটাই ৫ কোটিৰো অধিক ব্যক্তিৰ প্ৰত্যক্ষভাৱে আৰু সকলো গ্ৰাহকৰ জীৱিকাৰ উন্নতি সাধন কৰিছে। চৰকাৰৰ সক্ৰিয় নীতিৰ ফলত চেনি খণ্ড এতিয়া আত্মনিৰ্ভৰ হৈ পৰিছে।
বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক চেনি ৰপ্তানিকাৰী দেশ হোৱাৰ বাবে ভাৰতে এতিয়া বিশ্বৰ চেনি অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ২০২১-২২ চেনি বতৰতো ভাৰত সৰ্বাধিক চেনি উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে। আশা কৰা হৈছে যে ২০২৫-২৬ ৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় সৰ্বাধিক ইথানল উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হ’ব।
*****
DS/SB
(रिलीज़ आईडी: 2190656)
आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Manipuri
,
Tamil
,
Telugu
,
Malayalam
,
Kannada
,
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Nepali
,
Punjabi
,
Gujarati
,
Odia