প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজখনত ভাৰতৰ উল্লেখযোগ্য অগ্ৰগতি লাভ কাৰ্য্যক প্ৰশংসা কৰে
Posted On:
13 NOV 2025 4:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজখনত ভাৰতৰ উল্লেখযোগ্য অগ্ৰগতি লাভ কাৰ্য্যক প্ৰশংসা কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) শেহতীয়া গ্ল’বেল টিউবাৰকুল’ছিছ ৰিপ’ৰ্ট, ২০২৫-ত এই অগ্ৰগতিৰ কথা উল্লেখ কৰা হৈছে। প্ৰতিবেদনত কোৱা হৈছে হৈছে যে ২০১৫-ৰ পৰা ভাৰতত টিবিৰ প্ৰাদুৰ্ভাৱ দ্ৰুতগতিত হ্ৰাস পাইছে। যি বিশ্বজুৰি হ্ৰাসৰ হাৰতকৈ প্ৰায় দুগুণ হ্ৰাস পাইছে। এই কাৰ্য্য বিশ্বৰ যিকোনো স্থানত ব্যাপক হ্ৰাসৰ অন্যতম।
প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে এই কৃতিত্বৰ লগে-লগে সমগ্ৰ দেশতে চিকিৎসা ক’ভাৰেজৰ সম্প্ৰসাৰণ, ‘মিছিং কেছ’ৰ সংখ্যা হ্ৰাস আৰু চিকিৎসাৰ সফলতাৰ হাৰ স্থায়ীভাৱে বৃদ্ধি কাৰ্য্য সমানেই উৎসাহজনক।
এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে কয়ঃ
“যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজখনত ভাৰতে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) শেহতীয়া গ্ল’বেল টিউবাৰকুল’ছিছ ৰিপ’ৰ্ট, ২০২৫-ত কোৱা হৈছে হৈছে যে ২০১৫-ৰ পৰা ভাৰতত টিবিৰ প্ৰাদুৰ্ভাৱ দ্ৰুতগতিত হ্ৰাস পাইছে। যি বিশ্বজুৰি হ্ৰাসৰ হাৰতকৈ প্ৰায় দুগুণ হ্ৰাস পাইছে। এই কাৰ্য্য বিশ্বৰ যিকোনো স্থানত ব্যাপক হ্ৰাসৰ অন্যতম। এই কৃতিত্বৰ লগে-লগে সমগ্ৰ দেশতে চিকিৎসা ক’ভাৰেজৰ সম্প্ৰসাৰণ, ‘মিছিং কেছ’ৰ সংখ্যা হ্ৰাস আৰু চিকিৎসাৰ সফলতাৰ হাৰ স্থায়ীভাৱে বৃদ্ধি কাৰ্য্য সমানেই উৎসাহজনক। মই এই সফলতা লাভৰ ক্ষেত্ৰত কাম কৰা সকলোৰে শলাগ লৈছোঁ। এখনি সুস্থ আৰু ফিট ভাৰত গঢ়াৰ বাবে আমি দায়বদ্ধ হৈ আছোঁ!
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2189415
@WHO”
***
(Release ID: 2190269)
Visitor Counter : 7