প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ২০ অক্টোবৰত ভাৰতৰ প্ৰথমটো আঞ্চলিক দ্ৰুত পৰিবহণ ব্যৱস্থা (আৰ আৰ টি এছ) মুকলি কৰিব
প্ৰধানমন্ত্ৰীয়ে দিল্লী-গাজিয়াবাদ-মীৰাট আৰ আৰ টি এছ কৰিডৰৰ অগ্ৰাধিকাৰমূলক অংশ উদ্বোধন কৰিব; ছাহিবাবাদক ডুহাই ডিপোৰ সৈতে সংযোগ কৰা ৰেপিডএক্স ৰে’লৰ শুভাৰম্ভ কৰিব
দেশত বিকশিত আৰ আৰ টি এছ হৈছে এক অত্যাধুনিক আঞ্চলিক গতিশীলতা সমাধান, যাক বিশ্বশ্ৰেষ্ঠ ব্যৱস্থাৰ সৈতে তুলনা কৰিব পাৰি
আৰ আৰ টি এছৰ বিকাশে অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰিব; নিযুক্তি, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ সুযোগ উন্নত কৰিব আৰু বায়ু প্ৰদূষণ হ্ৰাস কৰাত বিশেষভাৱে সহায় কৰিব
প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ সৈতে সংগতি ৰাখি, আৰ আৰ টি এছ নেটৱৰ্ক-ৰে'ল ষ্টেচন, মেট্ৰ' ষ্টেচন, বাছ সেৱা আদিকে ধৰি ব্যাপক মাল্টি-মডেল ব্যৱস্থাৰ সৈতে একত্ৰীকৰণ হ'ব
প্ৰধানমন্ত্ৰীয়ে বেংগালুৰু মেট্ৰ’ৰ পূব-পশ্চিম কৰিডৰৰ দুটা অংশ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব
प्रविष्टि तिथि:
18 OCT 2023 4:23PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২০ অক্টোবৰত প্ৰায় ১১.১৫ বজাত উত্তৰ প্ৰদেশৰ ছাহিবাবাদ ৰেপিডএক্স ষ্টেচনত দিল্লী-গাজিয়াবাদ-মীৰাট আৰ আৰ টি এছ কৰিডৰৰ অগ্ৰাধিকাৰ শাখা উদ্বোধন কৰিব। তেওঁ ভাৰতত আঞ্চলিক দ্ৰুত পৰিবহণ ব্যৱস্থা (আৰ আৰ টি এছ)ৰ শুভাৰম্ভ উপলক্ষে ছাহিবাবাদক ডুহাই ডিপোৰ সৈতে সংযোগ কৰা ৰেপিডএক্স ৰে’লৰো শুভাৰম্ভ কৰিব। প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰীয়ে ছাহিবাবাদত এটা ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, য’ত তেওঁ দেশত আৰ আৰ টি এছৰ শুভাৰম্ভ উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰিব। ইয়াৰ উপৰি তেওঁ বেংগালুৰু মেট্ৰ’ৰ পূব-পশ্চিম কৰিডৰৰ দুটা অংশ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব।
দিল্লী-গাজিয়াবাদ-মীৰাট আৰ আৰ টি এছ কৰিডৰ
উদ্বোধন কৰিবলগীয়া দিল্লী-গাজিয়াবাদ-মীৰাট আৰ আৰ টি এছ কৰিডৰৰ ১৭ কিলোমিটাৰ অগ্ৰাধিকাৰমূলক অংশটোৱে গাজিয়াবাদ, গুলধাৰ আৰু ডুহাই ষ্টেচনৰ জৰিয়তে সৈতে ছাহিবাবাদক ‘ডুহাই ডিপো’ৰ সৈতে সংযোগ কৰিব। ২০১৯ চনৰ ৮ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে দিল্লী-গাজিয়াবাদ-মীৰাট কৰিডৰৰ আধাৰশিলা স্থাপন কৰিছিল।
নতুন বিশ্বমানৰ পৰিবহণ আন্তঃগাঁথনি নিৰ্মাণৰ জৰিয়তে দেশত আঞ্চলিক সংযোগ পৰিবৰ্তনৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি আঞ্চলিক দ্ৰুত পৰিবহণ ব্যৱস্থা (আৰ আৰ টি এছ) প্ৰকল্পটো বিকশাই তোলা হৈছে। আৰ আৰ টি এছ হৈছে এক ৰেল-আধাৰিত, অৰ্ধ-উচ্চ গতি, উচ্চ-কম্পনাংকৰ যাত্ৰী পৰিবহণৰ নতুন ব্যৱস্থা। প্ৰতি ঘণ্টাত ১৮০ কিলোমিটাৰ গতিৰ সৈতে আৰ আৰ টি এছ হৈছে এক পৰিবৰ্তনমূলক আৰু আঞ্চলিক উন্নয়নমূলক পদক্ষেপ, যাক প্ৰতি ১৫ মিনিটত আন্তঃ নগৰ যাতায়াতৰ বাবে দ্ৰুত গতিৰ ৰে'ল যাতায়াতৰ বাবে বিকশাই তোলা হৈছে।
এনচিআৰত মুঠ আঠটা আৰ আৰ টি এছ কৰিডৰ বিকশাই তুলিবলৈ চিনাক্ত কৰা হৈছে, যাৰ ভিতৰত দিল্লী-গাজিয়াবাদ-মীৰাট কৰিডৰ, দিল্লী-গুৰুগ্ৰাম-এছএনবি-আলৱাৰ কৰিডৰ আৰু দিল্লী-পানীপথ কৰিডৰকে ধৰি প্ৰথম পৰ্যায়ত ৰূপায়ণৰ বাবে তিনিটা কৰিডৰক অগ্ৰাধিকাৰ দিয়া হৈছে। ৩০,০০০ কোটি টকাতকৈও অধিক ব্যয়েৰে নিৰ্মাণ কৰা দিল্লী-গাজিয়াবাদ-মীৰাট আৰ আৰ টি এছে গাজিয়াবাদ, মুৰাদনগৰ আৰু মোদীনগৰৰ মাজেৰে গৈ এক ঘণ্টাতকৈও কম সময়ৰ ভিতৰত দিল্লীক মীৰাটৰ সৈতে সংযোগ কৰিব।
দেশত বিকশাই তোলা আৰ আৰ টি এছ হৈছে এক অত্যাধুনিক আঞ্চলিক গতিশীলতা ব্যৱস্থা আৰু ইয়াক বিশ্বশ্ৰেষ্ঠ ব্যৱস্থাসমূহৰ সৈতে তুলনা কৰিব পাৰি। ই দেশত নিৰাপদ, নিৰ্ভৰযোগ্য আৰু আধুনিক আন্তঃ নগৰীয় যাতায়াতৰ সুবিধা প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ সৈতে সংগতি ৰাখি আৰ আৰ টি এছ নেটৱৰ্কত ৰে’ল ষ্টেচন, মেট্ৰ’ ষ্টেচন, বাছ সেৱা আদিকে ধৰি ব্যাপক মাল্টি-মডেল একত্ৰীকৰণ থাকিব। এনে পৰিবৰ্তনশীল আঞ্চলিক গতিশীলতা ব্যৱস্থাসমূহে অঞ্চলটোত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰিব; নিযুক্তি, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ সুযোগ উন্নত কৰিব আৰু যান-বাহনৰ ভিৰ তথা বায়ু প্ৰদূষণ হ্ৰাস কৰাত সহায় কৰিব।
বেংগালুৰু মেট্ৰ'
প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব লগীয়া মেট্ৰ’ ৰে’লৰ দুটা খণ্ডই বায়াপ্পানাহাল্লীক কৃষ্ণৰাজাপুৰা আৰু কেংগৰীক চল্লাঘাট্টালৈ সংযোগ কৰিব। আনুষ্ঠানিক উদ্বোধনৰ বাবে অপেক্ষা নকৰাকৈ এই কৰিডৰেৰে যাতায়াত কৰা জনসাধাৰণক সুবিধা প্ৰদান কৰিবলৈ ২০২৩ চনৰ ৯ অক্টোবৰৰ পৰা এই দুটা মেট্ৰ’ খণ্ড ৰাজহুৱা সেৱাৰ বাবে মুকলি কৰা হৈছিল।
DS/LP/NB
(रिलीज़ आईडी: 2189142)
आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Khasi
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam