প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতীয় পুৰুষৰ ৪x৪০০ মিটাৰ ৰীলে দলৰ অবিশ্বাস্য প্ৰদৰ্শনৰ শলাগ ল’লে প্ৰধানমন্ত্ৰীয়ে

ৰীলে দলটোৱে যোগ্যতা অৰ্জন কৰিছে বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে

Posted On: 27 AUG 2023 6:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনাছ, আমোজ, ৰাজেশ ৰমেশ, আৰু মহম্মদ আজমলেৰে গঠিত ভাৰতীয় পুৰুষৰ ৪x৪০০ মিটাৰ ৰীলে দলটোৱে বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰাৰ অনবদ্য প্ৰদৰ্শনৰ ভূয়সী প্ৰশংসা কৰে।

প্ৰদানমন্ত্ৰীয়ে এই সন্দৰ্ভত এক্সত লিখিছে -

“বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত অবিশ্বাস্য দলীয় প্ৰদৰ্শন!

আনাছ, আমোজ, ৰাজেশ ৰমেশ আৰু মহম্মদ আজমলৰ দলটোৱে অনবদ্য স্প্ৰীণ্টেৰে ফাইনেলত প্ৰৱেশ কৰি ৪x৪০০ মিটাৰ ৰীলেত এছিয়ান অভিলেখ গঢ়িবলৈ সক্ষম হয়।

এই প্ৰদৰ্শনক এক বিজয়ী প্ৰত্যাৱৰ্তন হিচাপে যুগে যুগে স্মৰণ কৰা হ’ব, ভাৰতীয় এথলেটিকছৰ বাবে ই সঁচাকৈয়ে ঐতিহাসিক প্ৰদৰ্শন আছিল।”

*******

DS/ST


(Release ID: 2188260) Visitor Counter : 3