প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফি়ডে বিশ্ব জুনিয়ৰ ৰেপিড দবা চেম্পিয়নশ্বিপত বিজয়ী ৰৌণাক সাধৱানীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 14 OCT 2023 1:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ফিডে বিশ্ব জুনিয়ৰ ৰেপিড দবা চেম্পিয়নশ্বিপত ৰৌণাক সাধৱানীক ঐতিহাসিক বিজয়ৰ বাবে অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিলে;

“ফি়ডে বিশ্ব জুনিয়ৰ ৰেপিড দবা চেম্পিয়নশ্বিপ ২০২৩ত উল্লেখযোগ্য জয়ৰ বাবে @sadhwani2005 ক অভিনন্দন জনাইছোঁ!

তেওঁৰ কৌশলগত মেধা আৰু দক্ষতাই বিশ্বক আচৰিত কৰি তোলাৰ লগতে দেশবাসীক গৌৰৱান্বিত কৰিছে।

তেওঁ নিজৰ ব্যতিক্ৰমী কৃতিত্বৰে আমাৰ দেশৰ যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰি যাওক। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।”

***

DS/ST


(ৰিলিজ আই ডি : 2188076) অতিথি কক্ষ : 23