প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত ভাৰতৰ অসাধাৰণ প্ৰদৰ্শনক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

प्रविष्टि तिथि: 28 OCT 2023 11:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান পেৰা গেমছত ১১১ টা পদকৰ সৈতে ভাৰতৰ অতুলনীয় প্ৰদৰ্শনক প্ৰশংসা কৰিছে। শ্ৰী মোদীয়ে খেলুৱৈসকলৰ অটল নিষ্ঠা আৰু অদম্য মনোভাৱক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

‘এছিয়ান পেৰা গেমছত ভাৰতৰ অসাধাৰণ প্ৰদৰ্শনে দেশখনক ৰোমাঞ্চিত কৰি তুলিছে! মই আমাৰ উৎকৃষ্ট খেলুৱৈসকলক অভিলেখ ভংগকাৰী ১১১ টা পদক গৃহভূমিলৈ অনাৰ বাবে অভিনন্দন জনাইছো। এই সাফল্য আমাৰ খেলুৱৈসকলৰ অটল নিষ্ঠা আৰু অদম্য মনোভাৱৰ প্ৰমাণ।’

***

DS/TS/DD


(रिलीज़ आईडी: 2184113) आगंतुक पटल : 15
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam