প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে কানাড়া চলচ্চিত্ৰৰ কিংবদন্তি ব্যক্তিত্ব লীলাৱতীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে

Posted On: 08 DEC 2023 9:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কানাড়া চলচ্চিত্ৰৰ কিংবদন্তি ব্যক্তিত্ব লীলাৱতীৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ

“কানাড়া চলচ্চিত্ৰৰ কিংবদন্তি ব্যক্তিত্ব লীলাৱতী জীৰ বিয়োগৰ খবৰ পাই শোকাহত হৈছোঁ। চলচ্চিত্ৰৰ এখন চিনাকি মুখ তেওঁ ভালেমান চলচ্চিত্ৰত বহুমুখী অভিনয়েৰে ৰূপালী পৰ্দাৰ শোভা-বৰ্ধন কৰিছিল। তেওঁৰ ভিন্নধৰ্মী চৰিত্ৰ আৰু উল্লেখযোগ্য প্ৰতিভা স্মৰণীয় আৰু প্ৰশংসনীয় হৈ থাকিব। মই তেওঁৰ পৰিয়ালবৰ্গ আৰু অনুৰাগীসকললৈ সমবেদনা জনালোঁ। ঔম শান্তি।”

***

DS/TS/SB
 


(Release ID: 2183408) Visitor Counter : 5