প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী সতীশ শ্বাহৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

পোষ্ট কৰা হৈছে: 25 OCT 2025 7:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰবীণ অভিনেতা শ্ৰী সতীশ শ্বাহজীৰ বিয়োগত শোক প্ৰকাশ কৰি তেওঁক ভাৰতীয় মনোৰঞ্জন জগতৰ প্ৰকৃত কিংবদন্তি আখ্যা দিয়ে।

এক্সৰ এটা পোষ্টত তেওঁ কয়,

“শ্ৰদ্ধাৰ সতীশ শ্বাহজীৰ অতিশয় মৰ্মাহত হৈছো।ভাৰতীয় মনোৰঞ্জন জগতৰ প্ৰকৃত কিংবদন্তি হিচাপে তেওঁক স্মৰণ কৰা হ’ব। তেওঁৰ সাৱলীল হাস্যৰস আৰু আকৰ্ষণীয় অভিনয়ে অগণন লোকৰ জীৱনলৈ হাঁহি কঢ়িয়াই আনিলে। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধ সকললৈ সমবেদনা জনালোঁ। ঔম শান্তি।”

***

MJPS/SR/DB


(ৰিলিজ আই ডি : 2182566) অতিথি কক্ষ : 34