গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰতি বছৰে ৩১ অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়

চৰ্দাৰ পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এইবাৰৰ উদযাপনে বিশেষ গুৰুত্ব লাভ কৰিছে

এইবাৰৰ ৰাষ্ট্ৰীয় একতা দিৱসৰ অনন্য উদযাপনৰ ভিতৰত থাকিব, গুজৰাটৰ নৰ্মদা জিলাৰ একতা নগৰত এক গ্ৰেণ্ড পেৰেড আৰু সাংস্কৃতিক উৎসৱ

পেৰেডৰ সময়ত চিএপিএফ আৰু ৰাজ্যিক আৰক্ষী বাহিনীয়ে নিজৰ দক্ষতা, অনুশাসন, আৰু সাহস প্ৰদৰ্শন কৰিব
পেৰেডত মহিলা আৰক্ষী বিষয়া আৰু কৰ্মীসকলৰ অংশগ্ৰহণকো আলোকপাত কৰা হ’ব, প্ৰধানমন্ত্ৰীক অভিবাদন জনোৱা দলৰ নেতৃত্বত থাকিব এগৰাকী মহিলা বিষয়া

এইবাৰ এই পেৰেডত চিআৰপিএফৰ ৫ গৰাকী শৌৰ্য্য চক্ৰ বঁটা আৰু বিএছএফৰ ১৬গৰাকী বীৰত্বৰ পদক বিজয়ীক অংশগ্ৰহণ কৰিব

প্ৰধান আকৰ্ষণ হ’ব বিএছএফৰ একচেটিয়া ভাৰতীয় জাতৰ কুকুৰ, গুজৰাট আৰক্ষীৰ অশ্বাৰোহী দল, অসম আৰক্ষীৰ মটৰচাইকেল ডেয়াৰডেভিল শ্ব’ আৰু বিএছএফৰ কেমেল কণ্টিজেণ্ট আৰু কেমেল মাউণ্টেড বেণ্ড
এনচিচিৰ কেডেট আৰু স্কুল বেণ্ডসমূহে তেওঁলোকৰ প্ৰদৰ্শনেৰে অনুষ্ঠানটোৰ ভব্যতা বৃদ্ধি কৰিব

বৈচিত্ৰ্যতাৰ মাজত ঐক্যৰ বাৰ্তাত গুৰুত্ব আৰোপ কৰিবলৈ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতীকপটে পেৰেডৰ অংশ ল’ব

সাংস্কৃতিক মন্ত্ৰালয়ে আয়োজন কৰা এক সাংস্কৃতিক অনুষ্ঠানত ৯০০ শিল্পীয়ে ভাৰতৰ শাস্ত্ৰীয় নৃত্য প্ৰদৰ্শন কৰি আমাৰ সংস্কৃতিৰ চহকী বৈচিত্ৰ্য আৰু জাতীয় ঐক্যক উজ্জ্বলাই তুলিব

Posted On: 24 OCT 2025 4:09PM by PIB Guwahati

ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰতি বছৰে ৩১ অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় একতা দিৱস ভাৰতৰ ঐক্য, অখণ্ডতা আৰু জাতীয় সংহতিৰ প্ৰতীক। চৰ্দাৰ পেটেলৰ ১৫০সংখ্যক জয়ন্তী উপলক্ষে এইবাৰৰ ৰাষ্ট্ৰীয় একতা দিৱসে বিশেষ গুৰুত্ব লাভ কৰিছে। এইবাৰৰ উদযাপন বহু দিশত অনন্য যিয়ে এই অনুষ্ঠানটোক যুগমীয়া কৰি তুলিব।

ৰাষ্ট্ৰীয় একতা দিৱসৰ বাৰ্ষিক উদযাপন অনুষ্ঠানসমূহে দেশবাসীক সোঁৱৰাই দিয়ে যে চৰ্দাৰ পেটেলে স্বাধীন ভাৰত গঠন আৰু ৫৬২খন ৰাজকীয় ৰাজ্যক একত্ৰিত কৰি আধুনিক ভাৰতৰ ভেটি স্থাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নেতৃত্ব আৰু জাতীয় ঐক্যৰ প্ৰতি অদম্য দায়বদ্ধতাৰ বাবে চৰ্দাৰ পেটেলক “জাতীয় ঐক্যৰ স্থপতি আৰু ভাৰতৰ লৌহ পুৰুষ” হিচাপে শ্ৰদ্ধা কৰা হয়।

সাতপুৰা আৰু বিন্ধ্যাচল পৰ্বতমালাৰ মাজত অৱস্থিত একতা নগৰখনে “বৈচিত্ৰ্যতাৰ মাজত ঐক্য”ৰ ধাৰণাটো প্ৰতিফলিত কৰে, প্ৰাকৃতিক সৌন্দৰ্য্যৰ সৈতে সাংস্কৃতিক সমৃদ্ধিৰ মিশ্ৰণ।

এইবাৰৰ ৰাষ্ট্ৰীয় একতা দিৱসৰ অনন্য উদযাপনৰ ভিতৰত থাকিব, গুজৰাটৰ নৰ্মদা জিলাৰ একতা নগৰত এক ভব্য পেৰেড আৰু সাংস্কৃতিক উৎসৱ। পেৰেডৰ সময়ত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ) আৰু ৰাজ্যিক আৰক্ষী বাহিনীয়ে নিজৰ দক্ষতা, অনুশাসন আৰু সাহস প্ৰদৰ্শন কৰিব। চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় ঐক্য দিৱসৰ পেৰেডত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ), কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ), কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (চিআইএছএফ), ভাৰত-তিব্বতী সীমান্ত আৰক্ষী (আইটিবিপি) আৰু সশস্ত্ৰ সীমা বল (এছ এছ বি)ৰ লগতে অসম, ত্ৰিপুৰা, ওড়িশা, ছত্তীশগড়, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, পঞ্জাৱ, জম্মু-কাশ্মীৰ, কেৰালা, অন্ধ্ৰ প্ৰদেশ আৰু এনচিচি দৰে প্ৰদৰ্শন কৰিব। এই পেৰেডত অশ্বাৰোহী আৰু উট আৰোহী দল, থলুৱা কুকুৰৰ জাতৰ প্ৰদৰ্শন আৰু বিভিন্ন যুদ্ধ কলা আৰু নিৰস্ত্ৰ যুদ্ধ অনুশীলন আদিও অনুষ্ঠিত হ’ব।

পেৰেডত মহিলা আৰক্ষী বিষয়া আৰু কৰ্মীসকলৰ অংশগ্ৰহণৰ ওপৰতো আলোকপাত কৰা হ’ব। প্ৰধানমন্ত্ৰীক জনোৱা অভিবাদনৰ নেতৃত্বত থাকিব এগৰাকী মহিলা বিষয়া। চিআইএছএফ আৰু চিআৰপিএফৰ মহিলা কৰ্মীসকলে ভাৰতৰ কন্যাসকলৰ শক্তি আৰু সাহস প্ৰদৰ্শন কৰি যুদ্ধ কলা আৰু অস্ত্ৰশস্ত্ৰ যুদ্ধ অনুশীলন প্ৰদৰ্শন কৰিব।

এইবাৰৰ পেৰেডত বিএছএফ, গুজৰাট আৰক্ষীৰ অশ্বাৰোহী দল, অসম আৰক্ষীৰ মটৰ চাইকেল ডেয়াৰডেভিল শ্ব’ আৰু বি এছ এফৰ কেমেল কণ্টিজেণ্ট আৰু কেমেল মাউণ্টেড বেণ্ডৰ ভাৰতীয় জাতৰ কুকুৰেৰে গঠিত মাৰ্চিং কণ্টিজেণ্টে প্ৰদৰ্শন কৰিব, যিবোৰ অনুষ্ঠানৰ প্ৰধান আকৰ্ষণ হ’ব। তদুপৰি, থলুৱা কুকুৰৰ জাত — ৰামপুৰ হাউণ্ড আৰু মুধোল হাউণ্ডে  নিজৰ দক্ষতা প্ৰদৰ্শন কৰিব। এই জাতবোৰে বি এছ এফৰ অভিযানৰ সময়ত বল বহুগুণক হিচাপে উল্লেখযোগ্য অৱদান আগবঢ়াইছে, আত্মনিৰ্ভৰ ভাৰতৰ মনোভাৱক মূৰ্ত কৰি তুলিছে। শেহতীয়াকৈ সৰ্বভাৰতীয় আৰক্ষীৰ কুকুৰ প্ৰতিযোগিতাত মুধোল হাউণ্ড “ৰিয়া”ই প্ৰথম স্থান লাভ কৰি এইবাৰৰ পেৰেডত কুকুৰ দলটোক নেতৃত্ব দিব।

নেচনেল কেডেট কৰ্পছৰ কেডেট আৰু স্কুল বেণ্ডসমূহে আকৰ্ষণীয় অভিনয়েৰে অনুষ্ঠানটোৰ ভব্যতা বৃদ্ধি কৰিব। এন চি চিৰ যুৱ কেডেটসকলে তেওঁলোকৰ অনুশাসন আৰু উৎসাহৰ জৰিয়তে “ঐক্য শক্তি” বাৰ্তা প্ৰেৰণ কৰিব। ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ দলৰ এক দৰ্শনীয় বিমান প্ৰদৰ্শনে পেৰেডক আৰু অধিক উন্নত কৰিব।

বৈচিত্ৰ্যতাৰ মাজত ঐক্যৰ বাৰ্তাত গুৰুত্ব আৰোপ কৰিবলৈ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতীককটে পেৰেডত অংশ ল’ব। এইবাৰৰ ৰাষ্ট্ৰীয় ঐক্য দিৱসৰ পেৰেডত ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীৰ (এন এছ জি), এন ডি আৰ এফ, গুজৰাট, জম্মু আৰু কাশ্মীৰ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, মণিপুৰ, মহাৰাষ্ট্ৰ, ছত্তীশগড়, উত্তৰাখণ্ড আৰু পুডুচেৰীৰ পৰা ১০টা প্ৰতীকপট প্ৰদৰ্শন কৰা হ’ব, য’ত “বৈচিত্ৰ্যতাৰ মাজত ঐক্য” বিষয়বস্তু প্ৰতিফলিত কৰা হ’ব।

এইবাৰৰ পেৰেডক অধিক দৰ্শনীয় কৰি তুলিবলৈ বিএছএফ, চিআৰপিএফ, চিআইএছএফ, এছএছবি, দিল্লী আৰক্ষী, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, গুজৰাট, আৰু জম্মু-কাশ্মীৰৰ ব্ৰাছ বেণ্ডেও অংশগ্ৰহণ কৰিব। এইবাৰ এই পেৰেডত চিআৰপিএফৰ ৫ গৰাকী শৌৰ্য্য চক্ৰ বঁটা বিজয়ী আৰু বি এছ এফৰ ১৬ গৰাকী বীৰত্ব পদক বিজয়ীক অংশগ্ৰহণ কৰিব। এই সাহসী ব্যক্তিসকলে ঝাৰখণ্ডত নক্সাল বিৰোধী অভিযান আৰু জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানত ব্যতিক্ৰমী সাহস প্ৰদৰ্শন কৰে। পশ্চিম সীমান্তত অপাৰেচন সিন্দূৰৰ সময়ত বিএছএফৰ জোৱানসকলে নিজৰ অতুলনীয় শৌৰ্য্য আৰু বীৰত্ব প্ৰদৰ্শন কৰে।

পেৰেডৰ সমান্তৰালভাৱে সংস্কৃতি মন্ত্ৰালয়, চৰকাৰে আয়োজন কৰা এক সাংস্কৃতিক অনুষ্ঠানত ৯০০ শিল্পীয়ে ভাৰতৰ শাস্ত্ৰীয় নৃত্য প্ৰদৰ্শন কৰি আমাৰ সংস্কৃতিৰ চহকী বৈচিত্ৰ্য আৰু জাতীয় ঐক্যক উজ্জ্বলতাই তুলিব।

ৰাষ্ট্ৰীয় একতা দিৱস উদযাপনৰ লক্ষ্য হৈছে জাতীয় ঐক্য, সম্প্ৰীতি আৰু দেশপ্ৰেমৰ মনোভাৱক উজ্জ্বল কৰি তোলা, নাগৰিকসকলক এই মূল্যবোধক আকোৱালি ল’বলৈ অনুপ্ৰাণিত কৰা। সকলো নাগৰিককে এই ভব্য আৰু শুভ উদযাপনত সক্ৰিয়ভাৱে অংশগ্ৰহণ আৰু অংশ হ’বলৈ উৎসাহিত কৰা হৈছে।

২০২৫ চনৰ ১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ একতা নগৰত ভাৰত পৰ্বৰ আয়োজন কৰা হ’ব, য’ত বিভিন্ন ৰাজ্যৰ সাংস্কৃতিক পৰিবেশন আৰু খাদ্য উৎসৱ অনুষ্ঠিত হ’ব। ১৫ নৱেম্বৰত আমাৰ জনজাতীয় জনগোষ্ঠীৰ গৌৰৱময় সংস্কৃতি আৰু সুস্থিৰ মনোভাৱক উজ্জ্বল কৰি ভগৱান বীৰছা মুণ্ডা জয়ন্তী উদযাপনৰ বিশেষ কাৰ্যসূচীৰে এই উৎসৱৰ সামৰণি পৰিব।

*****

RK / RR / PS/DB


(Release ID: 2182266) Visitor Counter : 23