গৃহ মন্ত্ৰালয়
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ২১ অক্টোবৰত আৰক্ষী স্মৃতি দিৱস উপলক্ষে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব
১৯৫৯-ৰ ২১ অক্টোবৰত লাডাখৰ হট স্প্ৰিংছত অস্ত্ৰধাৰী চীনা সৈন্যৰ আক্ৰমণত দহজন সাহসী আৰক্ষীয়ে প্ৰাণ আহুতি দিছিল
২১ অক্টোবৰত এই শ্বহীদসকলৰ লগতে কৰ্তব্যৰত অৱস্থাত সৰ্বস্ব ত্যাগ কৰা আন সকলো শ্বহীদক স্মৰণ কৰা হয়
আৰক্ষী জোৱানসকলৰ ত্যাগ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা অক্ষুণ্ণ ৰখা তথা অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ সৰ্বোচ্চ ভূমিকাক স্বীকৃতি জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰক্ষী স্মৃতি দিৱস-২০১৮ ত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিছিল
Posted On:
19 OCT 2025 11:00AM by PIB Guwahati
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ২০২৫-ৰ ২১ অক্টোবৰ অৰ্থাৎ মঙলবাৰে আৰক্ষী স্মৃতি দিৱস উপলক্ষে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।
১৯৫৯-ৰ ২১ অক্টোবৰত লাডাখৰ হট স্প্ৰিংছত অস্ত্ৰধাৰী চীনা সৈন্যৰ আক্ৰমণত দহজন সাহসী আৰক্ষীয়ে প্ৰাণ আহুতি দিছিল। তেতিয়াৰ পৰাই প্ৰতি বছৰে ২১ অক্টোবৰৰ দিনটো আৰক্ষী স্মৃতি দিৱস হিচাপে পালন কৰা হয়। আৰক্ষী জোৱানসকলৰ ত্যাগ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা অক্ষুণ্ণ ৰখা তথা অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ সৰ্বোচ্চ ভূমিকাক স্বীকৃতি জনাই মাননীয় প্ৰধানমন্ত্ৰীয়ে আৰক্ষী স্মৃতি দিৱস-২০১৮ ত নতুন দিল্লীৰ চাণক্যপুৰীত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক (NPM) ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিছিল।
এই স্মাৰকে আৰক্ষী বাহিনীক ৰাষ্ট্ৰীয় পৰিচয়, গৌৰৱ, উদ্দেশ্যৰ ঐক্য, উমৈহতীয়া ইতিহাস আৰু ভাগ্যৰ অনুভূতি প্ৰদানৰ উপৰিও নিজৰ জীৱন বলিদান দিও ৰাষ্ট্ৰ ৰক্ষাৰ অংগীকাৰক সুদৃঢ় কৰে। এই স্মাৰকত এটি কেন্দ্ৰীয় ভাস্কৰ্য্য, ‘ৱাল অৱ ভেল’ৰ’ আৰু এটা সংগ্ৰহালয় আছে। ৩০ ফুট উচ্চতাৰ গ্ৰেনাইট মনোলিথ চেনোটাফৰ কেন্দ্ৰীয় ভাস্কৰ্য্যই আৰক্ষী জোৱানসকলৰ সামৰ্থ্য, স্থিতিস্থাপকতা আৰু নিস্বাৰ্থ সেৱাৰ মনোভাৱক মূৰ্ত কৰি ৰাখিছে। শ্বহীদসকলৰ নাম খোদিত ৱাল অৱ ভেল’ৰৰ জৰিয়তে স্বাধীনতাৰ পিছৰে পৰা কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া আৰক্ষী জোৱানসকলৰ সাহস আৰু ত্যাগক স্বীকৃতি জনোৱা হৈছে। সংগ্ৰহালয়টোক ভাৰতৰ পুলিচিঙৰ ক্ষেত্ৰত এক ঐতিহাসিক আৰু বিকশিত প্ৰদৰ্শনী হিচাপে ধাৰণাৰে গঢ় দিয়া হৈছে। এই স্মাৰক তীৰ্থস্থান সদৃশ, আৰক্ষী জোৱান আৰু নাগৰিকসকলৰ বাবেও শ্ৰদ্ধাৰ ক্ষেত্ৰ। সোমবাৰৰ বাহিৰে সকলো দিনতে ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক দৰ্শনাৰ্থীসকলৰ বাবে মুকলি থাকে। চিএপিএফে প্ৰতি শনি আৰু দেওবাৰে সন্ধিয়া ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত বেণ্ড প্ৰদৰ্শন, পেৰেড আৰু ৰিট্ৰিট অনুষ্ঠানৰ আয়োজন কৰে, যি সূৰ্যাস্তৰ এঘন্টা পূৰ্বে আৰম্ভ হয়।
২১ অক্টোবৰৰ দিনটো সমগ্ৰ দেশৰে শ্বহীদ আৰক্ষীসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আৰক্ষী স্মৃতি দিৱস হিচাপে পালন কৰা হয়। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত মূল অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ইয়াত মুখ্য অতিথি হিচাপে অংশগ্ৰহণেৰে শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) আৰু দিল্লী আৰক্ষীৰ যৌথ পেৰেড অনুষ্ঠিত হ’ব। প্ৰতিৰক্ষা মন্ত্ৰী, কেন্দ্ৰীয় গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (MoS), পূৰ্বে আৰক্ষীত সেৱা আগবঢ়োৱা সাংসদ, চিএপিএফ/চিপিঅ’-ৰ মুৰব্বীসকলে শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাব। ইয়াত অৱসৰপ্ৰাপ্ত ডিজি, আৰক্ষী সমাজৰ বিষয়া আৰু আন-আন বিশিষ্ট ব্যক্তিসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
আৰক্ষী শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰীয়ে সমবেতসকলক সম্বোধনেৰে শ্বহীদসকলক স্মৰণ কৰিব আৰু পুলিচিঙৰ প্ৰত্যাহ্বানসমূহৰ ৰূপৰেখা দাঙি ধৰিব। হট স্প্ৰিংছৰ শ্বহীদসকলৰ বাবে উৎসৰ্গিত বেদীত প্ৰতিৰক্ষা মন্ত্ৰীয়ে মাল্যাৰ্পণৰ লগে-লগে উক্ত কাৰ্য্যসূচীৰ সামৰণি পৰিব। দূৰদৰ্শনত এই অনুষ্ঠানৰ লাইভ সম্প্ৰচাৰ, আৰক্ষীৰ ৱেবচাইটত ৱেবকাষ্ট কৰা হ’ব আৰু এআইআৰ তথা সংবাদ মাধ্যমে ক’ভাৰ কৰিব।
স্মৃতিচাৰণৰ অংশ হিচাপে চিএপিএফ/চিপিঅ’-এ ২২ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত একাধিক স্মৰণ কাৰ্য্যসূচীৰ আয়োজন কৰিছে। ইয়াত শ্বহীদসকলৰ পৰিয়ালৰ সদস্যৰ ভ্ৰমণ, আৰক্ষী বেণ্ড প্ৰদৰ্শন, মটৰ চাইকেল ৰেলী, শ্বহীদৰ বাবে দৌৰ, ৰক্তদান শিবিৰ, ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰচনা/চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন আৰু আৰক্ষী জোৱানসকলৰ ত্যাগ, শৌৰ্য্য তথা সেৱা প্ৰদৰ্শন কৰা ভিডিঅ’ ফিল্ম প্ৰদৰ্শন কৰা হ’ব। এই সময়ছোৱাত সমগ্ৰ দেশৰ সকলো আৰক্ষী বাহিনীয়ে অনুৰূপ কাৰ্য্যসূচীৰ আয়োজন কৰিছে।

ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক
চাণক্যপুৰী, নতুন দিল্লী
****
RK/AK/PS/PR/SB
(Release ID: 2180921)
Visitor Counter : 3
Read this release in:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam