প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এনডিটিভিৰ বিশ্ব সন্মিলন ২০২৫ত নিজৰ ভাষণৰ আভাস শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
Posted On:
18 OCT 2025 12:19PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত তেওঁৰ ভাষণৰ আভাস শ্বেয়াৰ কৰে। সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে সকলো বিশিষ্ট ব্যক্তিক আদৰণি জনায়। সকলো নাগৰিকক দীপাৱলী শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে উৎসৱমুখৰ পৰিৱেশৰ মাজতে এনডিটিভি বিশ্ব সন্মিলন অনুষ্ঠিত কৰা হৈছে। তেওঁ অধিৱেশনৰ বিষয়বস্তু—“আনষ্টপেবল ইণ্ডিয়া”ৰ শলাগ লৈ কয় কৰে যে এইয়া সঁচাকৈ সঠিক হৈছে, কিয়নো আজি ভাৰত কোনো কাৰণতে স্তব্ধ হোৱাৰ মুডত নাই। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়, “ভাৰত ৰৈ নাথাকে, ক্ষান্ত নহয়, ১৪০ কোটি ভাৰতীয়ই একেলগে দ্ৰুতগতিত আগবাঢ়িছে”।
এক্সৰ এলানি পোষ্টত শ্ৰী মোদীয়ে কয়ঃ
"যোৱা ১১ বছৰত ভাৰতে প্ৰতিটো ভয় দূৰ কৰি প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰিছে। এই কাৰণেই আজি প্ৰতিটো খণ্ডতে আত্মনিৰ্ভৰশীল ভাৰতৰ আত্মবিশ্বাস দেখা গৈছে।"
"আজি সমগ্ৰ বিশ্বই ভাৰতক এক নিৰ্ভৰযোগ্য, দায়িত্বশীল আৰু সুস্থিৰ অংশীদাৰ হিচাপে প্ৰত্যক্ষ কৰিছে..."
"প্ৰতিটো মূল্যায়নক অতিক্ৰম কৰাটো দেশৰ নীতি-নিয়ম হৈ পৰিছে, যাৰ বাবে ভাৰত বন্ধ কৰিব নোৱাৰা।"
"কংগ্ৰেছে নিজৰ দশক দশক ধৰি কৰা শাসনকালত সদায় নীতি আৰু প্ৰক্ৰিয়াৰ ৰাষ্ট্ৰীয়কৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, আনহাতে যোৱা ১১ বছৰত আমি ধাৰাবাহিকভাৱে গণতান্ত্ৰীকৰণৰ দিশত কাম কৰি আহিছো। বেংকিঙকে ধৰি বহু খণ্ডৰ শক্তিশালীকৰণ ইয়াৰ ফল।"
"বিএছএনএলৰ মেড ইন ইণ্ডিয়া ৪জি ষ্টেক মুকলি কৰাই হওক বা দ্ৰুতবেগী সংযোগৰ ওপৰত ভিত্তি কৰি ই-সঞ্জীৱনী সেৱাই হওক, এইবোৰে আমি দৰিদ্ৰ আৰু বঞ্চিতসকলৰ জীৱন উন্নত কৰাৰ বাবে যি সংবেদনশীলতাৰে কাম কৰি আছো, সেই কথা প্ৰদৰ্শন কৰে।"
"আমাৰ নাগৰিকসকলৰ জীৱন সহজ কৰি তোলাৰ ওপৰত আৰু লগতে তেওঁলোকৰ সঞ্চয় বৃদ্ধিৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছো। আয়কৰ আৰু জিএছটিৰ যথেষ্ট হ্ৰাস ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ।"
"মাওবাদী সন্ত্ৰাসৰ ফলত পুত্ৰক হেৰুওৱা সেই মাতৃসকলৰ যন্ত্ৰণা মই উপলব্ধি কৰোঁ। ইয়াৰে অধিকাংশই আছিল দুখীয়া আৰু জনজাতীয় পৰিয়ালৰ। মোৰ দৃঢ় বিশ্বাস যে সেই মাতৃসকলৰ আশীৰ্বাদত দেশখন অতি সোনকালে মাওবাদী সন্ত্ৰাসৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ'ব।"
******
MJPS/VJ/DB
(Release ID: 2180783)
Visitor Counter : 3