গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে নতুন দিল্লীত চিবিআইৰ উদ্যোগত “পলাতকসকলৰ প্ৰত্যাৰ্পণ: প্ৰত্যাহ্বান আৰু কৌশল” বিষয়ক সন্মিলনত ভাষণ দিয়ে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে নিজৰ সীমান্তৰ নিৰাপত্তাৰ সমান্তৰালকৈ আইনৰ শাসনৰ সুদৃঢ়তা সুনিশ্চিত কৰিছে
পলাতক অপৰাধীৰ বিষয়টো কেৱল দেশৰ সাৰ্বভৌমত্ব, অৰ্থনৈতিক স্থিতিশীলতা, আইন-শৃংখলাৰ সৈতে জড়িত বিষয় নহয়, ই দেশৰ নিৰাপত্তাৰ সৈতেও জড়িত
দেশৰ অৰ্থনীতি, সাৰ্বভৌমত্ব, নিৰাপত্তাৰ ক্ষতি কৰা বহিঃদেশত থকা লোকসকলে ভাৰতীয় ন্যায় ব্যৱস্থাক ভয় নকৰালৈকে আমি দেশখন সুৰক্ষিত কৰিব নোৱাৰো
অৰ্থনৈতিক, চাইবাৰ, সন্ত্ৰাসবাদী ঘটনা বা সংগঠিত অপৰাধৰ লগত জড়িত প্ৰতিজন পলাতকক কঠোৰ পন্থাৰে আইনৰ সন্মুখত অনাৰ ব্যৱস্থা কৰিছে মোদী চৰকাৰে
পলাতক অপৰাধীৰ ওচৰলৈ ভাৰতীয় আইন ওচৰলৈ যাব নোৱাৰে বুলি থকা বিশ্বাস এতিয়া শেষ হৈ গৈছে
প্ৰতিখন ৰাজ্যই চিবিআইৰ সহযোগত এটা ইউনিট গঠন কৰি ৰাজ্যৰ পলাতক লোকসকলক ঘূৰাই পঠোৱাৰ ব্যৱস্থা গঢ়ি তুলিব লাগে
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পলাতকক গ্ৰেপ্তাৰ কৰিবলৈ চিবিআইয়ে এটা বিশেষ গ্ল’বেল অপাৰেচন চেণ্টাৰ স্থাপন কৰিছে, যিয়ে বিশ্বজুৰি আৰক্ষী বাহিনীৰ সৈতে বাস্তৱ সময়ত সমন্বয় সাধন কৰি আছে
২০২৫ চনৰ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈ ১৮৯ খনতকৈও অধিক ৰেড কৰ্ণাৰ জাননী জাৰি কৰা হৈছে, যিটো চিবিআইৰ ইতিহাসত সৰ্বাধিক
অর্থনৈতিক অপৰাধৰ লগত জড়িত পলাতকসকলৰ ভাৰতৰ সম্পত্তি জব্দ কৰিবলৈ মোদী চৰকাৰে প্রৱর্তন কৰা আইনখনৰ বাবে চাৰি বছৰত প্রায় ২ বিলিয়ন ডলাৰ উদ্ধাৰ হৈছে
Posted On:
16 OCT 2025 4:06PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি নতুন দিল্লীত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ৰ উদ্যোগত আয়োজিত ‘পলাতক প্ৰত্যাৰ্পণ: প্ৰত্যাহ্বান আৰু কৌশল’ শীৰ্ষক সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ দিয়ে। অনুষ্ঠানত কেন্দ্ৰীয় গৃহ সচিব, বৈদেশিক সচিব, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক, কেন্দ্ৰীয় তদন্ত ব্যুৰো (চিবিআই)ৰ সঞ্চালককে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ দেশ বিশ্ব মঞ্চত আত্মবিশ্বাসেৰে আগবাঢ়িছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সকলো মাত্ৰা নিশ্চিত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। তেওঁ কয় যে দেশৰ ভিতৰতে দুৰ্নীতি, অপৰাধ, আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি বজাই ৰাখি ভাৰতৰ সীমাৰ বাহিৰৰ পৰা এনে কাৰ্যকলাপ চলোৱাসকলৰ প্ৰতিও আমি শূন্য সহনশীলতাৰ পন্থা গ্ৰহণ কৰিব লাগিব। এনে সকলো অপৰাধীক ভাৰতীয় আইনৰ আওতালৈ অনা আৰু ইয়াৰ বাবে এক শক্তিশালী ব্যৱস্থা গঢ়ি তোলাটো আমাৰ দায়িত্ব। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ইণ্টাৰপ’লৰ অধীনত উপলব্ধ বিধান আৰু তিনিখন নতুন অপৰাধ আইনৰ সৈতে এই সন্মিলনখন ভাৰতীয় আদালতৰ সন্মুখত এজন পলাতক অপৰাধীৰ উপস্থিতি সম্ভৱ কৰি তোলাৰ এক ঐক্যবদ্ধ প্ৰচেষ্টা আৰু ইয়াৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাৰ প্ৰয়োজন । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰায় ডেৰ বছৰ পূৰ্বে তেওঁ দিয়া পৰামৰ্শৰ ভিত্তিত চিবিআইয়ে পলাতক লোকৰ প্ৰত্যাৰ্পণৰ ধাৰণাটো কাৰ্যকৰী কৰিছে, আৰু ইয়াৰ বাবে সংগঠনটো প্ৰশংসাৰ পাত্ৰ।
শ্ৰী অমিত শ্বাহে কয় যে আমাৰ সামূহিক সংকল্প হ’ব লাগে যে অপৰাধী যিমানেই ধূৰ্ত নহওক কিয় ন্যায়ৰ প্ৰসাৰ আৰু ক্ষীপ্ৰ হ’ব লাগিব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেৱল সীমান্ত সুৰক্ষাই নহয়, আইনৰ শাসন ব্যৱস্থাও সুদৃঢ় কৰাৰ বাবে এক শক্তিশালী ভাৰত আগবাঢ়িছে। গৃহমন্ত্ৰীয়ে জোৰ দি কয় যে দুদিনীয়া এই সন্মিলনে গ্ল’বেল অপাৰেচন, ষ্ট্ৰং ক’অৰ্ডিনেচন, আৰু স্মাৰ্ট ডিপ্লমেচিৰ মাজত সমন্বয় নিশ্চিত কৰিব। তেওঁ লগতে কয় যে সন্মিলনৰ বিষয়বস্তু অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক। এই সন্মিলনত পৰামৰ্শ দিয়া আলোচনা আৰু ব্যৱস্থাসমূহে ৰাষ্ট্ৰীয় নিৰাপত্তা, দেশৰ অৰ্থনৈতিক সমৃদ্ধি, আৰু নীতিগত জটিলতাসমূহ অতিক্ৰম কৰাৰ বাবে অতি উপযোগী বুলি প্ৰমাণিত হ’ব। শ্ৰী শ্বাহে আলোকপাত কৰে যে এই সন্মিলনত চাইবাৰ প্ৰযুক্তি, বিত্তীয় অপৰাধ, ধনৰ উৎস আৰু প্ৰবাহৰ সন্ধান, জটিল প্ৰত্যাৰ্পণ প্ৰক্ৰিয়া সৰল কৰা, পলায়ন কৰা লোকসকলক ঘূৰাই অনা, তেওঁলোকৰ ভৌগোলিক অৱস্থানৰ তথ্য আদি সংগ্ৰহ কৰা আৰু আন্তঃৰাষ্ট্ৰীয় আৰক্ষীৰ সহযোগত এই ব্যৱস্থাৰ ব্যৱহাৰকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত সাতটা অধিৱেশনত অৰ্থপূৰ্ণ আলোচনা অনুষ্ঠিত হ’ব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে পলাতক অপৰাধীৰ বিষয়টো দেশৰ সাৰ্বভৌমত্ব, অৰ্থনৈতিক স্থিতিশীলতা, আইন-শৃংখলা, আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত। বহুদিনৰ মূৰত এই বিষয়ত এক গাঁথনিগত পন্থা গঢ়ি তোলা হৈছে। তেওঁ কয় যে কঠোৰ পন্থা গ্ৰহণ কৰা আৰু প্ৰতিজন পলাতকক সময়সীমাবদ্ধভাৱে ভাৰতীয় ন্যায় ব্যৱস্থাৰ সন্মুখত অনা ব্যৱস্থা নিশ্চিত কৰাৰ সময় আহি পৰিছে। শ্ৰী শ্বাহে জোৰ দি কয় যে যিকোনো পলাতকক গ্ৰেপ্তাৰ কৰিবলৈ দুটা উপাদান—আশ্বাস আৰু পৰিৱেশ তন্ত্ৰ—প্ৰয়োজনীয়। পলাতক অপৰাধীৰ মনত থকা বিশ্বাস যে আইনে তেওঁলোকৰ ওচৰলৈ যাব নোৱাৰে সেই কথা নাইকিয়া কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তদুপৰি আইনী, আৰ্থিক, ৰাজনৈতিক সমৰ্থনৰ পৰিৱেশ তন্ত্ৰকো ভাঙি পেলাব লাগিব। বহিঃ দেশত পলাতকসকলে সৃষ্টি কৰা প্ৰতিষ্ঠানিক সংযোগো নিৰ্মূল কৰিব লাগিব।
শ্ৰী অমিত শ্বাহে কয় যে ভাৰতীয় প্ৰত্যাৰ্পণ ব্যৱস্থাৰ বাবে দুটা মূল উপাদানৰ প্ৰয়োজন— উদ্দেশ্য আৰু প্ৰক্ৰিয়া। গৃহমন্ত্ৰীয়ে এই প্ৰসংগত এনেদৰে ৰূপৰেখা দাঙি ধৰে যে আমাৰ প্ৰত্যাৰ্পণ ব্যৱস্থাৰ পাঁচটা লক্ষ্য থাকিব লাগে: সীমাৰ বাহিৰত ন্যায়ৰ প্ৰসাৰ নিশ্চিত কৰা, চিনাক্তকৰণ ব্যৱস্থাক অত্যাধুনিক আৰু নিখুঁত কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰা, আইন আৰু ন্যায়িক ব্যৱস্থাৰ সন্দৰ্ভত আমাৰ আন্তঃৰাষ্ট্ৰীয় বিশ্বাসযোগ্যতা বৃদ্ধি কৰা আমাৰ উদ্বেগত আন দেশক জড়িত কৰাৰ লগতে অৰ্থনৈতিক ব্যৱস্থাক সুৰক্ষিত কৰা,আইনৰ শাসনৰ বাবে বিশ্বব্যাপী গ্ৰহণযোগ্যতা লাভ কৰা। শ্ৰী শ্বাহে জোৰ দি কয় যে নিৰৱচ্ছিন্ন যোগাযোগ, কৌশলগত পদ্ধতি আৰু সংগঠিত নিষ্পাদনৰ জৰিয়তে প্ৰক্ৰিয়াটো উন্নত কৰি আমি এই লক্ষ্যত উপনীত হ’ব পাৰো।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে চিবিআইৰ সহযোগত প্ৰতিখন ৰাজ্যই অপৰাধ সংঘটিত কৰি ৰাজ্যৰ পৰা পলায়ন কৰা পলাতকক ঘূৰাই অনাৰ ব্যৱস্থা গঢ়ি তোলাৰ বাবে নিয়োজিত এক ইউনিট স্থাপন কৰিব লাগিব। তেওঁ কয় যে এই প্ৰচেষ্টাক হোল অব গভৰ্ণমেণ্ট পদ্ধতিৰে ত্বৰান্বিত কৰিব লাগিব। তেওঁ লগতে কয় যে শ্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত বহু ধৰণৰ সংস্কাৰৰ পদক্ষেপ ৰূপায়ণ কৰা হৈছে। ২০১৮ চনত আমি পলাতক অৰ্থনৈতিক অপৰাধী আইন প্ৰৱৰ্তন কৰিছিলো, য’ত ভাৰতত অৱস্থিত অৰ্থনৈতিক পলাতকসকলৰ সম্পত্তি জব্দ কৰাৰ ক্ষমতা চৰকাৰক দিয়া হৈছিল। বিগত চাৰি বছৰত এই আইনৰ অধীনত চৰকাৰে প্ৰায় ২ বিলিয়ন ডলাৰ আদায় কৰিছে। তেওঁ কয় যে ধন সৰবৰাহৰ আইনখনক অধিক কঠোৰ আৰু শক্তিশালী কৰা হৈছে, আৰু ২০১৪ চনৰ পৰা ২০২৩ চনৰ ভিতৰত প্ৰায় ১২ বিলিয়ন ডলাৰৰ সম্পত্তি সংলগ্ন কৰা হৈছে। চিবিআইয়ে বিশ্বজুৰি পলাতকক ধৰিবলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা বিশেষ গ্ল’বেল অপাৰেচন চেণ্টাৰ স্থাপন কৰিছে, যিয়ে সমগ্ৰ বিশ্বৰ আৰক্ষী সংস্থাসমূহৰ সৈতে বাস্তৱ সময়ত সমন্বয় সাধন কৰি আছে। শ্ৰী শ্বাহে কয় যে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ১৯০ তকৈ অধিক ৰেড কৰ্ণাৰ জাননী জাৰি কৰা হৈছে, যিটো চি বি আইৰ ইতিহাসত সৰ্বাধিক। ‘অপাৰেচন ত্ৰিশুল’ৰ অধীনত উল্লেখযোগ্য ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যাৰ ফলত ফলপ্ৰসূ ফলাফল পোৱা গৈছে। একেদৰে ২০২৫ চনৰ জানুৱাৰী মাহত ভাৰতপোল প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা উৎসাহজনক ফলাফল লাভ কৰা হৈছে।
শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰে ১৬০ বছৰীয়া ঔপনিৱেশিক যুগৰ আইনসমূহৰ ঠাইত তিনিখন নতুন অপৰাধমূলক আইন প্ৰণয়ন কৰিছে, যিবোৰে একবিংশ শতিকাৰ আটাইতকৈ ডাঙৰ সংস্কাৰ গঠন কৰিছে। তেওঁ কয় যে ২০২৭ চনৰ পিছত তিনি বছৰৰ ভিতৰত উচ্চতম ন্যায়ালয়ৰ পৰ্যায়লৈকে যিকোনো ক্ষেত্ৰতে ন্যায় প্ৰদান কৰা হ’ব। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় নাগ্ৰিক সুৰক্ষা সংহিতাৰ ৩৫৫ আৰু ৩৫৬ নং ধাৰাত অনুপস্থিতিত বিচাৰৰ ব্যৱস্থা আছে। তেওঁ কয় যে ভাৰতৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে এই ব্যৱস্থা আইনত অন্তৰ্ভুক্ত কৰা হৈছে। শ্ৰী শ্বাহে বুজাই দিলে যে যদি কোনো ব্যক্তিক পলাতক ঘোষণা কৰা হয়, তেন্তে তেওঁলোকৰ অনুপস্থিতিতো আদালতে বিচাৰ চলাব পাৰে, তেওঁলোকক প্ৰতিনিধিত্ব কৰিবলৈ এজন অধিবক্তা নিযুক্তি দি। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এবাৰ পলাতকক অনুপস্থিতিত দোষী সাব্যস্ত হ’লে আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত সেই ব্যক্তিজনৰ মৰ্যাদাত এক উল্লেখযোগ্য পৰিৱৰ্তন আনে। তেওঁ জোৰ দি কয় যে বিএনএছএছৰ অধীনত উপলব্ধ ট্ৰাইল ইন এবচেন্সিয়াৰ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা উচিত, আৰু পলায়ন কৰা লোকসকলৰ অনুপস্থিতিতো বিচাৰ চলিব লাগে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে এই সন্মিলনৰ পৰা উত্থাপিত কাৰ্য্যকৰী বিন্দুসমূহৰ লগতে ভাৰতপোল আৰু অনুপস্থিতিত বিচাৰৰ বিধানসমূহ একত্ৰিত কৰি ৰাজ্যৰ আৰক্ষী বাহিনী আৰু সকলো কেন্দ্ৰীয় সংস্থা উভয়ৰে ভিতৰতে সঠিক ব্যৱস্থা সৃষ্টি কৰিব লাগে, য’ত চিবিআইয়ে আনুষ্ঠানিকভাৱে তদাৰক কৰিব। তেওঁ সমগ্ৰ দেশৰ আৰক্ষী বাহিনীৰ সৈতে পলাতকসকলৰ তথ্য আদি ভাগ-বতৰা কৰাৰ বাবে এক শক্তিশালী ব্যৱস্থা স্থাপনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী শ্বাহে আৰু কয় যে প্ৰতিটো ৰাজ্যিক আৰক্ষী বাহিনীৰ ভিতৰত নিচাযুক্ত দ্ৰব্য, সন্ত্ৰাসবাদ, গেংষ্টাৰ আৰু আৰ্থিক তথা চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ এটা কেন্দ্ৰীভূত সমন্বয় গোট গঠন কৰিব লাগে। শ্ৰী শ্বাহে কয় যে প্ৰতিখন ৰাজ্যৰ আৰক্ষী বাহিনীৰ ভিতৰত এটা ফোকাচ গ্ৰুপ গঠন কৰি নিচাযুক্ত দ্ৰব্য, সন্ত্ৰাসবাদ, গেংষ্টাৰ, আৰু আৰ্থিক আৰু চাইবাৰ অপৰাধৰ ক্ষেত্ৰত সমন্বয় স্থাপন কৰিব লাগে। তেওঁ লগতে কয় যে চোৰাংচোৱা ব্যুৰো (আই বি) আৰু চি বি আইয়ে মাল্টি এজেন্সী চেণ্টাৰ (এম এ চি)ৰ জৰিয়তে এই ফ’কাচ গ্ৰুপটোক শক্তিশালী আৰু ত্বৰান্বিত কৰাৰ বাবে কাম কৰিব লাগে। শ্ৰী শ্বাহে আৰু কয় যে প্ৰত্যাৰ্পণৰ গোচৰৰ ফলপ্ৰসূ প্ৰস্তুতি নিশ্চিত কৰিবলৈ প্ৰতিটো ৰাজ্যিক আৰক্ষী বাহিনীয়ে ক্ষিপ্ৰতাৰে এটা বিশেষজ্ঞ বিশেষ কোষ গঠন কৰিব লাগে। এই বিশেষ কোষসমূহক পথ প্ৰদৰ্শন কৰিবলৈ চিবিআইৰ ভিতৰত প্ৰত্যাৰ্পণৰ অনুৰোধ পৰ্যালোচনাৰ বাবে এটা নিবেদিত বিভাগো স্থাপন কৰিব লাগে।
শ্ৰী অমিত শ্বাহে কয় যে পলাতক লোকৰ অনুপস্থিতিত বিচাৰৰ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব লাগে আৰু প্ৰতিখন ৰাজ্যই আন্তঃৰাষ্ট্ৰীয় মান অনুসৰি পলাতকসকলৰ বাবে বিশেষ কাৰাগাৰ স্থাপন কৰিব লাগে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে পাছপ’ৰ্ট প্ৰদান প্ৰক্ৰিয়া আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ মাজত সমন্বয়ৰ ব্যৱস্থা আৰু প্ৰট’কল গঢ়ি তোলাৰ প্ৰয়োজন আছে, যাতে যিকোনো পাছপ’ৰ্টধাৰীৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী জাৰি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’লে তেওঁলোকৰ পাছপ’ৰ্টত ৰঙা পতাকা লগোৱা হ’ব পাৰে। শ্ৰী শ্বাহে আৰু কয় যে বৰ্তমানৰ ব্লু কৰ্ণাৰ জাননীসমূহক ৰেড কৰ্ণাৰ জাননীলৈ ৰূপান্তৰিত কৰাৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰা উচিত, আৰু ইয়াৰ বাবে প্ৰতিখন ৰাজ্যতে এটা নিৰ্দিষ্ট কোষ গঠন কৰা উচিত। তেওঁ লগতে কয় যে মাল্টি এজেন্সী চেণ্টাৰ (এম এ চি)ৰ অধীনত চি বি আই আৰু আই বিয়ে যৌথভাৱে এটা বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰি এই সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে ৰূপায়ণ কৰাটো নিশ্চিত কৰিব লাগে। দেশৰ অৰ্থনীতি, সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ ক্ষতি কৰি বিদেশত বাস কৰাসকলে ভাৰতীয় ন্যায় ব্যৱস্থাক ভয় কৰিবলৈ আৰম্ভ নকৰালৈকে ভাৰত প্ৰকৃততে সুৰক্ষিত হ’ব নোৱাৰে বুলি গৃহমন্ত্ৰীয়ে মন্তব্য কৰে।
RK/AK/PY/PS/PR/DM
(Release ID: 2180190)
Visitor Counter : 3
Read this release in:
Bengali
,
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada