প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিকশিত ভাৰত বিকশিত ছত্তীশগড় অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ
प्रविष्टि तिथि:
24 FEB 2024 2:50PM by PIB Guwahati
জয় জোহৰ!
ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাই মহাশয়, ছত্তীশগড়ৰ মন্ত্ৰীসকল, অন্যান্য প্ৰতিনিধিসকল, আৰু ছত্তীশগড়ৰ প্ৰতিটো প্ৰান্তৰ জনসাধাৰণ! ৯০টাতকৈও অধিক স্থানত হাজাৰ হাজাৰ লোক সমবেত হোৱাৰ বিষয়ে মই জানিব পাৰিছো। সকলো প্ৰান্তৰ পৰা সমবেত হোৱা মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল! সৰ্বপ্ৰথমে, মই ছত্তীশগড়ৰ সকলো বিধানসভা আসনত সমবেত হোৱা পৰিয়ালৰ লাখ লাখ সদস্যক অভিনন্দন জনাইছো। বিধানসভা নিৰ্বাচনত আপোনালোকে আমাক প্ৰচুৰ আশীৰ্বাদ দিছে। আপোনালোকৰ আশীৰ্বাদত আজি আমি আপোনালোকৰ মাজত 'বিকশিত ছত্তীশগড়’ৰ সংকল্প লৈ আহিছো। বিজেপিয়ে ইয়াক নিৰ্মাণ কৰিছে, বিজেপিয়ে ইয়াক ৰূপান্তৰিত কৰিব আৰু আজি এই অনুষ্ঠানৰ জৰিয়তে এই কথাৰ পুনৰ নিশ্চিতি দিলো।
বন্ধুসকল,
'বিকশিত ছত্তীশগড়’ৰ উন্নয়ন দৰিদ্ৰ, কৃষক, যুৱক-যুৱতী আৰু মহিলাৰ সবলীকৰণৰ জৰিয়তে সম্ভৱ হ’ব। 'বিকশিত ছত্তীশগড়’ৰ ভেটি আধুনিক আন্তঃগাঁথনিৰ জৰিয়তে শক্তিশালী হ’ব। সেয়েহে, আজি ছত্তীশগড়ৰ উন্নয়নৰ সৈতে জড়িত প্ৰায় ৩৫,০০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু উৎসৰ্গা কৰা হৈছে। কয়লা, সৌৰ শক্তি, বিদ্যুৎ আৰু যোগাযোগৰ সৈতে জড়িত বিভিন্ন প্ৰকল্পক সামৰি লোৱা হৈছে। এই প্ৰকল্পসমূহে ছত্তীশগড়ৰ যুৱক-যুৱতীসকলৰ বাবে নতুন নিযুক্তিৰ সুযোগ আৰু পথ সৃষ্টি কৰিব। এই প্ৰকল্পসমূহৰ বাবে ছত্তীশগড়ৰ মোৰ সকলো ভাই-ভনীলৈ অভিনন্দন জনাইছো।
বন্ধুসকল,
আজি, এন. টি. পি. চি.-ৰ ১৬০০ মেগাৱাটৰ ছুপাৰ থাৰ্মেল পাৱাৰ ষ্টেচন ষ্টেজ-ৱান প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰা হৈছে। ইয়াৰ লগতে এই আধুনিক প্ৰকল্পটোৰ ১৬০০ মেগাৱাট ষ্টেজ-টুৰ আধাৰশিলাও স্থাপন কৰা হৈছে। এই প্ৰকল্পসমূহে নাগৰিকসকলক সুলভ মূল্যত বিদ্যুৎ প্ৰদান কৰিব। আমি ছত্তীশগড়ক সৌৰ শক্তিৰ এক প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰো লক্ষ্য লৈছো। আজি ৰাজনন্দগাঁও আৰু ভিলাইত বৃহৎ সৌৰ প্ৰকল্প উদ্বোধন কৰা হৈছে। এই প্ৰকল্পবোৰে আনকি নিশাও সমীপৰ অঞ্চলসমূহত বিদ্যুৎ যোগান ধৰাৰ ব্যৱস্থাৰে সজ্জিত। ভাৰত চৰকাৰৰ লক্ষ্য কেৱল সৌৰ শক্তিৰ জৰিয়তে জনসাধাৰণক বিদ্যুৎ প্ৰদান কৰাই নহয়, তেওঁলোকৰ বিদ্যুৎ বিল শূন্যলৈ অনাটোও চৰকাৰৰ অন্যতম লক্ষ্য। মোদীয়ে বিচাৰে যে প্ৰতিটো ঘৰেই সৌৰ ঘৰ হওক। মোদীয়ে ঘৰত বিদ্যুৎ উৎপাদন আৰু অতিৰিক্ত বিদ্যুৎ বিক্ৰী কৰাৰ জৰিয়তে প্ৰতিটো পৰিয়ালক উপাৰ্জনৰ আন এটা উৎস প্ৰদান কৰিব বিচাৰে। এই লক্ষ্যৰে, আমি সদ্যহতে এক কোটি পৰিয়ালৰ বাবে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা আৰম্ভ কৰিছো। এই আঁচনিৰ অধীনত, চৰকাৰে ছাদবোৰত সৌৰ পেনেল স্থাপনৰ বাবে সাহায্য আগবঢ়োৱাৰ লগতে এই ধন পোনপটীয়াকৈ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হ'ব। পৰিয়ালসমূহে ৩০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ লাভ কৰাৰ উপৰি উৎপাদিত অতিৰিক্ত পৰিমাণৰ বিদ্যুৎ চৰকাৰে ক্ৰয় কৰিব। ইয়াৰ জৰিয়তে পৰিয়ালসমূহে প্ৰতি বছৰে হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব। চৰকাৰে আমাৰ কৃষকসকলক শক্তি উৎপাদন কৰাৰ সামৰ্থ্য প্ৰদান কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। চৰকাৰে সৌৰ পাম্প আৰু পথাৰৰ সমীপত বা অনুৰ্বৰ মাটিত সৰু সৌৰ প্ৰকল্প স্থাপনৰ বাবেও সহায় আগবঢ়াইছে।
ভাই-ভনীসকল,
ছত্তীশগড়ৰ দ্বৈত ইঞ্জিনৰ চৰকাৰে যি ধৰণে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে সেয়া অত্যন্ত প্ৰশংসনীয়। ছত্তীশগড়ৰ লাখ লাখ কৃষকক ইতিমধ্যে দুবছৰৰ বাবে বকেয়া বোনাছ দিয়া হৈছে। নিৰ্বাচনৰ সময়ত মই তেন্দু পাত সংগ্ৰাহকসকলক তেওঁলোকৰ মজুৰি বৃদ্ধি কৰা হ’ব বুলি নিশ্চিতি দিছিলো, আৰু দ্বৈত ইঞ্জিন চৰকাৰেও এই নিশ্চিতি পূৰণ কৰিছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কেৱল দৰিদ্ৰ লোকসকলৰ বাবে গৃহ নিৰ্মাণত বাধা দিয়াই নহয়, এই পথত প্ৰতিবন্ধকতাৰো সৃষ্টি কৰিছিল। এতিয়া বিজেপি চৰকাৰে দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত আৰম্ভ কৰিছে। চৰকাৰে হৰ ঘৰ জল আঁচনিকো দ্ৰুতগতিত আগুৱাই লৈ গৈছে। পিএছচি পৰীক্ষাত হোৱা অনিয়ম সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। মাহতাৰী বন্দনা যোজনাৰ বাবে মই ছত্তীশগড়ৰ ভগ্নীসকলক অভিনন্দন জনাইছো। এই আঁচনিৰ জৰিয়তে লাখ লাখ ভগ্নী উপকৃত হ’ব। এই সকলো সিদ্ধান্তই প্ৰতিফলিত কৰিছে যে বিজেপিয়ে প্ৰতিশ্ৰুতি পূৰণ কৰে। সেয়েহে মানুহে কয়, মোদীৰ গেৰাণ্টিৰ অৰ্থ হৈছে পূৰণৰ নিশ্চিতি।
বন্ধুসকল,
ছত্তীশগড়ত কঠোৰ পৰিশ্ৰমী কৃষক, প্ৰতিভাশালী যুৱক-যুৱতী আৰু প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ আছে। উন্নয়নৰ বাবে প্ৰয়োজনীয় সকলো বস্তু ছত্তীশগড়ত আগতেও আছিল আৰু এতিয়াও উপলব্ধ। অৱশ্যে, স্বাধীনতাৰ পাছত দীৰ্ঘদিন ধৰি দেশখন শাসন কৰাসকলৰ দূৰদৰ্শী মানসিকতা নাছিল। তেওঁলোকে কেৱল পাঁচ বছৰ ধৰি নিজৰ ৰাজনৈতিক স্বাৰ্থ আগত ৰাখিহে সিদ্ধান্ত লৈছিল। কংগ্ৰেছে বাৰে বাৰে চৰকাৰ গঠন কৰিছিল, কিন্তু ভাৰতৰ ভৱিষ্যত গঢ়ি তুলিবলৈ পাহৰি গৈছিল কাৰণ তেওঁলোকৰ একমাত্ৰ লক্ষ্য আছিল চৰকাৰ গঠন কৰা। ৰাষ্ট্ৰক আগুৱাই নিয়াটো তেওঁলোকৰ কাৰ্যসূচীৰ অংশ নাছিল। আজিও কংগ্ৰেছৰ ৰাজনীতিৰ পৰিস্থিতি আৰু দিশ একেই হৈ আছে। কংগ্ৰেছে বংশগত ৰাজনীতি, দুৰ্নীতি আৰু তুষ্টিকৰণৰ বাহিৰে আন চিন্তা কৰিব নোৱাৰে। যিসকলে কেৱল নিজৰ পৰিয়ালৰ বাবে কাম কৰে তেওঁলোকে কেতিয়াও আপোনাৰ পৰিয়ালৰ কথা ভাবিব নোৱাৰে। যিসকলে কেৱল নিজৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ ওপৰত গুৰুত্ব দিয়ে তেওঁলোকে কেতিয়াও আপোনাৰ সন্তানৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰিব নোৱাৰে। কিন্তু মোদীৰ বাবে আপোনালোক সকলো মোদীৰ পৰিয়াল। আপোনালোকৰ সপোন হৈছে মোদীৰ সংকল্প। সেয়েহে, আজি মই বিকশিত ভাৰত বিকশিত ছত্তীশগড়ৰ কথা কৈছো।
এই 'সেৱকে’ দেশৰ ১৪০ কোটি নাগৰিকক তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ নিশ্চিতি প্ৰদান কৰিছে। ২০১৪ চনত, মোদীয়ে নিশ্চয়তা দিছিল যে চৰকাৰ এনে হ'ব যাতে সমগ্ৰ বিশ্বতে প্ৰতিগৰাকী ভাৰতীয়ৰ শিৰ উন্নত হয়। এই নিশ্চতি পূৰণৰ বাবে মই নিজকে সম্পূৰ্ণৰূপে উৎসৰ্গিত কৰিছো। ২০১৪ চনত মোদীয়ে আশ্বাস দিছিল যে চৰকাৰে দৰিদ্ৰ লোকসকলৰ বাবে কোনো আপোচ নকৰে। যিসকলে দৰিদ্ৰ লোকসকলক লুট কৰিছিল তেওঁলোকে দৰিদ্ৰ লোকসকলক ধন ঘূৰাই দিব লাগিব। আজি দৰিদ্ৰ লোকসকলৰ ধন লুট কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দৰিদ্ৰ লোকসকলৰ পৰা লুট কৰাৰ পৰা ৰাহি হোৱা ধনখিনি দৰিদ্ৰ লোকসকলৰ কল্যাণৰ আঁচনিসমূহত ব্যৱহাৰ কৰা হৈছে। বিনামূলীয়া ৰেচন, বিনামূলীয়া চিকিৎসা, সুলভ মূল্যৰ ঔষধ, দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ, প্ৰতিটো ঘৰত পাইপৰ পানী, প্ৰতিটো ঘৰত গেছ সংযোগ, প্ৰতিটো ঘৰত শৌচাগাৰ-এই সকলোবোৰ কাম সম্পূৰ্ণ কৰা হৈছে। এই সুবিধাসমূহে সেই দৰিদ্ৰ লোকসকলক স্পৰ্শ কৰিছে যিসকলে কেতিয়াও এই বিষয়ে কল্পনাও কৰা নাছিল। বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সময়ত মোদীৰ গেৰাণ্টেড বাহনখন প্ৰতিখন গাঁৱত উপস্থিত হৈছিল। আৰু এতিয়া, সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে গেৰাণ্টি বাহনৰ সকলো সাফল্য প্ৰকাশ কৰি উৎসাহ বৃদ্ধি কৰিছে।
বন্ধুসকল,
দহ বছৰ পূৰ্বে মোদীয়ে আন এটা গেৰাণ্টি দিছিল। সেই সময়ত, মই কৈছিলো যে আমি এনে এখন ভাৰত সৃষ্টি কৰিম য'ত আমাৰ পূৰ্বৰ প্ৰজন্মই আশাৰে দেখা সপোনবোৰ বাস্তৱায়িত হ'ব। আজি যি নতুন ভাৰত নিৰ্মাণ কৰা হৈছে সেয়া আমাৰ পূৰ্বপুৰুষসকলে দেখা সপোনৰ দৰেই। দহ বছৰ আগতে কোনোবাই ভাবিছিল নেকি যে আনকি গাঁৱতো ডিজিটেল পেমেণ্ট সম্ভৱ হ'ব পাৰে? বা বেংকিং সম্পৰ্কীয় কাম, বিল পৰিশোধ, আবেদন দাখিল ঘৰৰ পৰা কৰিব পৰা যাব? কোনোবাই কেতিয়াবা ভাবিছিল নেকি যে ৰাজ্যৰ বাহিৰত কাম কৰিবলৈ যোৱা এজন পুত্ৰই চকুৰ পলকতে গাঁৱত থকা তেওঁৰ পৰিয়াললৈ ধন প্ৰেৰণ কৰিব পাৰে? কোনোবাই কেতিয়াবা ভাবিছিল নেকি যে কেন্দ্ৰৰ বিজেপি চৰকাৰে ধন প্ৰেৰণ কৰিব আৰু লগে লগে দৰিদ্ৰজনৰ মোবাইল ফোনত এটা বাৰ্তা আহিব যে ধন জমা কৰা হৈছে? আজি এইটো সম্ভৱ হৈ উঠিছে।
আপোনালোকৰ মনত থাকিব, কংগ্ৰেছৰ এজন প্ৰধানমন্ত্ৰী আছিল। তেওঁ নিজৰ কংগ্ৰেছ চৰকাৰৰ বাবে, নিজৰ চৰকাৰৰ বাবে কৈছিল যে যদি দিল্লীৰ পৰা ১ টকা প্ৰেৰণ কৰা হয়, কেৱল ১৫ পইচাহে গাঁৱত উপনীত হয়, ৮৫ পইচা বাটত হেৰাই যায়। যদি এই পৰিস্থিতি অব্যাহত থকাহেঁতেন, তেন্তে আপুনি কল্পনা কৰিব পাৰে যে পৰিস্থিতি আজি কেনেকুৱা হ'লহেঁতেন। এতিয়া, গণনা কৰক, যোৱা ১০ বছৰত, বিজেপি চৰকাৰে ৩৪ লাখ কোটি টকাতকৈও অধিক, ডিবিটি, প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে প্ৰেৰণ কৰিছে। ৩৪ লাখ কোটি টকাতকৈও অধিক। এই সংখ্যাটো সৰু নহয়, অৰ্থাৎ দিল্লীৰ পৰা আপোনাৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ এই ধন যায়। ডিবিটিৰ জৰিয়তে দেশৰ জনসাধাৰণৰ বেংক একাউণ্টলৈ ৩৪ লাখ কোটি টকাতকৈও অধিক ধন প্ৰেৰণ কৰা হৈছে। এতিয়া, কল্পনা কৰক, যদি কংগ্ৰেছ চৰকাৰ থাকিলহেঁতেন আৰু ১ টকাৰ ভিতৰত ১৫ পইচাৰ পৰম্পৰা অব্যাহত থাকিলহেঁতেন, তেন্তে কি হ'লহেঁতেন। ৩৪ লাখ কোটি টকাৰ ভিতৰত মধ্যস্থতাকাৰীসকলে ২৯ লাখ কোটি টকা আত্মসাৎ কৰিলেহেঁতেন।
ভাই-ভনীসকল,
বিজেপি চৰকাৰে যুৱক-যুৱতীসকলক মুদ্ৰা যোজনাৰ অধীনত নিযুক্তি আৰু আত্ম-নিয়োগৰ বাবে ২৮ লাখ কোটি টকাৰ সাহায্য প্ৰদান কৰিছে। যদি কংগ্ৰেছ চৰকাৰ থাকিলহেঁতেন, তেন্তে তেওঁলোকৰ মধ্যস্থতাকাৰীসকলে প্ৰায় ২৪ লাখ কোটি টকা আত্মসাৎ কৰিলহেঁতেন। বিজেপি চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত কৃষকসকলৰ বেংক একাউণ্টলৈ প্ৰায় ২ লাখ ৭৫ হাজাৰ কোটি টকা হস্তান্তৰ কৰিছে। যদি কংগ্ৰেছ চৰকাৰ থাকিলহেঁতেন, তেওঁলোকে নিজৰ বাবে প্ৰায় ২ লাখ ২৫ হাজাৰ কোটি টকা লৈ গ’লহেঁতেন, আৰু এই ধন কৃষকসকলে নাপালেহেঁতেন। আজি বিজেপি চৰকাৰে দৰিদ্ৰ লোকসকলৰ অধিকাৰ নিশ্চিত কৰিছে, তেওঁলোকক তেওঁলোকৰ অধিকাৰ প্ৰদান কৰিছে। যেতিয়া দুৰ্নীতি বন্ধ হয়, উন্নয়ন পৰিকল্পনা আৰম্ভ হয়, আৰু নিযুক্তিৰ বহুতো সুযোগ উদ্ভৱ হয়। ইয়াৰ লগতে সমীপৰ অঞ্চলসমূহত শিক্ষা আৰু স্বাস্থ্যৰ বাবে আধুনিক সুবিধাও বিকশিত হৈছে। আজি নিৰ্মাণ কৰা বহল পথ, স্থাপন কৰা নতুন ৰে'লপথ, এই সকলোবোৰ বিজেপি চৰকাৰৰ সুশাসনৰ ফল।
ভাই-ভনীসকল,
একবিংশ শতিকাৰ আধুনিক প্ৰয়োজনীয়তা পূৰণ কৰা পদক্ষেপসমূহৰ জৰিয়তে 'বিকশিত ছত্তীশগড়'ৰ সপোন পূৰণ হ'ব। যদি ছত্তীশগড়ৰ বিকাশ হয়, তেন্তে ভাৰতক প্ৰগতি অভিমুখে ধাবিত হোৱাৰ পৰা কোনোৱে বাধা দিব নোৱাৰে। যেতিয়া ভাৰত অহা পাঁচ বছৰৰ ভিতৰত বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনৈতিক শক্তি হ'ব, ছত্তীশগড়ো উন্নয়নৰ নতুন শিখৰত উপনীত হ'ব। বিশেষকৈ প্ৰথমবাৰৰ ভোটদাতা আৰু বিদ্যালয় আৰু মহাবিদ্যালয়ৰ যুৱ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ সুযোগ। 'বিকশিত ছত্তীশগড়'য়ে তেওঁলোকৰ সপোন পূৰণ কৰিব। এই উন্নয়নমূলক পদক্ষেপৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ অভিনন্দন জনাইছো।
ধন্যবাদ!
অস্বীকৃতিঃ এয়া হৈছে প্ৰধানমন্ত্ৰীৰ ভাষণৰ আনুমানিক অনুবাদ। মূল ভাষণটো হিন্দীত দিয়া হৈছিল।
***
DS/VJ/VK/AK/DD
(रिलीज़ आईडी: 2179808)
आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Bengali
,
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Malayalam