প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে আই শ্ৰী সোনাল মাতাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ কাৰ্য্যসূচী সম্বোধন কৰে

“চৰণ সমাজৰ বাবে মধদা ধাম শ্ৰদ্ধা, সামৰ্থ্য, ৰীতি-নীতি আৰু পৰম্পৰাৰ কেন্দ্ৰ”
“শ্ৰী সোনাল মাতাৰ আধ্যাত্মিক শক্তি, মানৱীয় শিক্ষা আৰু তপস্যাই তেওঁৰ ব্যক্তিত্বত এক আশ্চৰ্য্যকৰ ঐশ্বৰিক মোহনীয়তাৰ সঞ্চাৰ কৰিছিল যাক আজিও অনুভৱ কৰিব পৰা যায়”
“সোনাল মাই সমগ্ৰ জীৱন জনকল্যাণ, দেশ সেৱা আৰু ধৰ্মৰ প্ৰতি উৎসৰ্গা কৰিছিল”
“দেশপ্ৰেমৰ গীতেই হওঁক বা আধ্যাত্মিক ধৰ্মধ্বনিয়েই হওঁক, যুগে-যুগে ধৰি চৰণ সাহিত্যই এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে”
“সোনাল মাতাৰপৰা ৰামায়ণৰ কাহিনী শুনা সকলে এয়া কেতিয়াও পাহৰিব নোৱাৰে”

प्रविष्टि तिथि: 13 JAN 2024 12:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে সোনাল মাতাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ কাৰ্য্যসূচী সম্বোধন কৰে।

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আই শ্ৰী সোনাল মাৰ জন্ম শতবাৰ্ষিকী পবিত্ৰ পুহ মাহত অনুষ্ঠিত হৈছে আৰু এই পবিত্ৰ অনুষ্ঠানৰ সৈতে জড়িত হ’বলৈ পোৱাটো এক সৌভাগ্যৰ কথা। তেখেতে সোনাল মাতাৰ আশীৰ্বাদ লাভৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ চৰণ সমাজক এই উপলক্ষে অভিনন্দন জ্ঞাপনেৰে কয়, “চৰণ সমাজৰ বাবে মধদা ধাম শ্ৰদ্ধা, সামৰ্থ্য, ৰীতি-নীতি আৰু পৰম্পৰাৰ কেন্দ্ৰ। শ্ৰী আইৰ চৰণত প্ৰণাম জনালোঁ।”

তিনিদিনীয়া সোনাল মাতাৰ জন্ম শতবাৰ্ষিকী উৎসৱৰ স্মৃতিৰাজি এতিয়াও সজীৱ হৈ আছে বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। গুজৰাট আৰু সৌৰাষ্ট্ৰ মহান সন্ত আৰু ব্যক্তিত্বৰ ভূমি হিচাপে পৰিগণিত হোৱা বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই অঞ্চলত একাধিক সন্ত আৰু মহান আত্মাই সমগ্ৰ মানৱতাৰ বাবে সৰ্বস্ব পৰিহাৰ কৰিছিল। তেখেতে উল্লেখ কৰে যে পবিত্ৰ গীৰনাৰ ভগৱান দত্তাত্ৰেয় আৰু অগণন সন্তসকলৰ স্থান হৈ আহিছে। সৌৰাষ্ট্ৰৰ এই চিৰন্তন পৰম্পৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “শ্ৰী সোনাল মাতা আধুনিক যুগৰ বাবে পোহৰৰ ৰশ্মিৰ দৰে আছিল। তেওঁৰ আধ্যাত্মিক শক্তি, মানৱীয় শিক্ষা আৰু তপস্যাই ব্যক্তিত্বত এক আশ্চৰ্য্যকৰ ঐশ্বৰিক মোহনীয়তাৰ সঞ্চাৰ কৰিছিল, যাক আজিও জুনাগড় আৰু মধদাৰ সোণাল ধামত অনুভৱ কৰিব পৰা যায়।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “সোনাল মাৰ সমগ্ৰ জীৱন জনকল্যাণ, দেশ সেৱা আৰু ধৰ্মৰ প্ৰতি উৎসৰ্গিত আছিল। তেওঁ ভগত বাপু, বিনোবা ভাৱে, ৰবিশংকৰ মহাৰাজ, কানভাই লহেৰী, কল্যাণ শেঠ আদি মহান ব্যক্তিৰ সৈতে কাম কৰিছিল।” প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আগতে চৰণ সমাজৰ পণ্ডিতসকলৰ মাজত তেওঁৰ বিশেষ স্থান আছিল আৰু লগতে বহু যুৱক-যুৱতীক দিশ-নিৰ্দেশনাৰে জীৱন সলনি কৰিছিল। সমাজলৈ তেওঁৰ অৱদানৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সমাজত শিক্ষা আৰু নিচামুক্তকৰণৰ দিশত তেওঁৰ চমৎকাৰী কামৰ কথা উল্লেখ কৰে। তেখেতে কয় যে সোনাল মাতাই সমাজখনক কু-অভ্যাসৰপৰা ৰক্ষা কৰিবলৈ কাম কৰিছিল আৰু কচ্চৰ ভোৱাৰ গাঁৱৰপৰা এক বিশাল প্ৰতিজ্ঞা অভিযান আৰম্ভ কৰিছিল। এই অভিযানে কঠোৰ পৰিশ্ৰম আৰু পশুধন পালনেৰে আত্মনিৰ্ভৰশীল হোৱাত গুৰুত্ব আৰোপ কৰিছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে আধ্যাত্মিক আৰু সামাজিক কামৰ সমান্তৰালকৈ সোনাল মা দেশৰ ঐক্য আৰু অখণ্ডতাৰ বলিষ্ঠ ৰক্ষক আছিল।

“শ্ৰী সোনাল মা দেশলৈ চৰণ সমাজৰ অৱদানৰ এক মহান প্ৰতীক”, এইবুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখেৰে কয় যে ভাৰতৰ শাস্ত্ৰতো এই সমাজখনক বিশেষ স্থান আৰু সন্মান দিয়া হৈছে। তেখেতে অৱগত কৰে যে ভাগৱত পুৰাণৰ দৰে পবিত্ৰ গ্ৰন্থত চৰণ সমাজক শ্ৰী হৰিৰ প্ৰত্যক্ষ বংশধৰ বুলি উল্লেখ কৰা হৈছে। মা সৰস্বতীয়েও এই সমাজখনক বিশেষ আশীৰ্বাদ দিছে। সেয়েহে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই সমাজত একাধিক পণ্ডিতৰ জন্ম হৈছিল আৰু পূজ্য থাৰণ বাপু, পূজ্য ইছাৰ দাস জী, পিংগালশী বাপু, পূজ্য কাগ বাপু, মেৰুভা বাপু, শংকৰদন বাপু, শম্ভুদন জী, ভজনিক নৰনস্বামী, হেমুভাই গাধৱীৰ দৰে মহাপুৰুষে চৰণ সমাজক সমৃদ্ধ কৰিছে। “বিস্তৃত চৰণ সাহিত্য আজিও এই মহান পৰম্পৰাৰ প্ৰমাণ। দেশপ্ৰেমৰ গীতেই হওঁক বা আধ্যাত্মিক ধৰ্মধ্বনিয়েই হওঁক, চৰণ সাহিত্যই যুগে-যুগে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰী সোনাল মাৰ ভাষণৰ কথা উল্লেখ কৰে। তেখেতে কয় যে যদিও তেওঁ কেতিয়াও পৰম্পৰাগত পদ্ধতিৰে শিক্ষা লাভ কৰা নাছিল, তথাপিও সংস্কৃতৰ দৰে ভাষাত তেওঁৰ দখল আছিল আৰু শাস্ত্ৰৰ গভীৰ জ্ঞান আছিল। “যিসকলে তেওঁৰপৰা ৰামায়ণৰ কাহিনী শুনিছিল, তেওঁলোকে এয়া কেতিয়াও পাহৰিব নোৱাৰে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। ২২ জানুৱাৰীত অযোধ্যাৰ শ্ৰী ৰাম মন্দিৰত অনুষ্ঠিত হ’বলগীয়া প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২২ জানুৱাৰীৰ শুভ উপলক্ষত শ্ৰী ৰাম জ্যোতি প্ৰজ্বলন কৰিবলৈ সকলোকে আহ্বান জনায়। কালিৰেপৰা দেশৰ মন্দিৰৰ স্বচ্ছতা অভিযানৰ কথাও উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এই দিশতো আমি একেলগে কাম কৰিব লাগিব। মই নিশ্চিত, এনে প্ৰচেষ্টাৰে শ্ৰী সোনাল মাৰ সন্তোষ বহুগুণে বৃদ্ধি পাব।”

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰী সোনাল মাৰ প্ৰেৰণাই আমাক ভাৰতক এখনি উন্নত আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হোৱাৰ দিশত কাম কৰিবলৈ নতুন শক্তি প্ৰদান কৰে। এই লক্ষ্যত উপনীত হোৱাত চৰণ সমাজৰ ভূমিকাও তেখেতে উল্লেখ কৰে। “সোনাল মায়ে দিয়া ৫১ টা আজ্ঞাই চৰণ সমাজৰ পথ প্ৰদৰ্শক”, প্ৰধানমন্ত্ৰীগৰাকীয়ে চৰণ সমাজক সমাজত সজাগতা সৃষ্টিৰ বাবে কাম কৰি যাবলৈ আহ্বান জনাই এইদৰে কয়। সামাজিক সম্প্ৰীতি সুদৃঢ়কৰণৰ ক্ষেত্ৰত মধদা ধামত অব্যাহত সদব্ৰতৰ যজ্ঞৰ ধাৰাবাহিকতাক শলাগ লয় আৰু ভৱিষ্যতেও মধদা ধামে এনেধৰণৰ অগণন ৰাষ্ট্ৰ-নিৰ্মাণৰ ৰীতি-নীতিক গতি প্ৰদান কৰি যাব বুলি আস্থা প্ৰকাশ কৰে।

*****

DS/TS/SB
 


(रिलीज़ आईडी: 2178550) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam