প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফলাফলৰ তালিকা: প্ৰধানমন্ত্ৰীৰ গায়ানা ভ্ৰমণ (১৯-২১ নৱেম্বৰ, ২০২৪)

प्रविष्टि तिथि: 20 NOV 2024 9:55PM by PIB Guwahati

ক্ৰমিক নম্বৰ

স্বাক্ষৰিত বুজাবুজি চুক্তি

বুজাবুজি চুক্তিৰ পৰিসৰ

1.

হাইড্ৰ’কাৰ্বন খণ্ডত সহযোগিতাৰ বুজাবুজিৰ স্মাৰক

এই ক্ষেত্ৰত সহযোগিতাৰ ভিতৰত খাৰুৱা তেলৰ উৎস, প্ৰাকৃতিক গেছ, আন্তঃগাঁথনি উন্নয়ন, সামৰ্থ্য বিকাশ আৰু হাইড্ৰ’কাৰ্বন শৃংখলৰ বিশেষজ্ঞতাৰ ভাগ-বতৰা আদিৰ ক্ষেত্ৰত সহযোগিতা অন্তৰ্ভুক্ত কৰা হৈছে।

2.

কৃষি আৰু সংশ্লিষ্ট খণ্ডত দ্বিপাক্ষিক সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি

যৌথ কাৰ্য্যকলাপ, তথ্য আৰু বৈজ্ঞানিক সামগ্ৰীৰ আদান-প্ৰদান বৃদ্ধি কৰি কৃষি আৰু সংশ্লিষ্ট খণ্ডত সহযোগিতা বৃদ্ধি কৰা।

3.

সাংস্কৃতিক বিনিময় কাৰ্যসূচী (২০২৪-২০২৭)

ভাৰত আৰু গায়ানাৰ মাজত সাংস্কৃতিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে নাটক, সংগীত, সূক্ষ্ম কলা, সাহিত্য, পুথিভঁৰাল আৰু সংগ্ৰহালয়ৰ ক্ষেত্ৰত আদান-প্ৰদান বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে

4.

ভাৰতীয় ফাৰ্মাকোপিয়া আয়োগ আৰু গায়ানাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত ভাৰতীয় ফাৰ্মাকোপিয়া খণ্ডক স্বীকৃতি দিয়াৰ বাবে বুজাবুজিৰ চুক্তি, যাতে তেওঁলোকৰ নিজ নিজ আইন-কানুন অনুসৰি ঔষধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতা বৃদ্ধি কৰা আৰু তথ্য বিনিময়ক গুৰুত্ব প্ৰদান কৰা হয়।

ভাৰতীয় ফাৰ্মাকোপিয়া আয়োগ আৰু গায়ানাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত ভাৰতীয় ফাৰ্মাকোপিয়া খণ্ডক স্বীকৃতি দিয়াৰ বাবে বুজাবুজিৰ চুক্তি, যাতে তেওঁলোকৰ নিজ নিজ আইন-কানুন অনুসৰি ঔষধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতা বৃদ্ধি কৰা আৰু তথ্য বিনিময়ক গুৰুত্ব প্ৰদান কৰা হয়।

5.

পিএমবিজেপি কাৰ্যসূচীৰ অধীনত মেছাৰ্ছ এইচ এল এল লাইফকেয়াৰ লিমিটেড আৰু গায়ানাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তি।

কেৰিকম গোটৰ দেশৰ সংযুক্ত প্ৰতিষ্ঠানসমূহক সুলভ মূল্যত ঔষধ যোগান ধৰিবলৈ জন আউষাধি প্ৰকল্প (পিএমবিজেপি) ৰূপায়ণৰ বাবে মেছাৰ্ছ এইচ এল এল লাইফকেয়াৰ লিমিটেড আৰু গায়ানাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তি।

6.

চিকিৎসা সঁজুলিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে চিডিএছচিঅ’ আৰু গায়ানাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তি

ঔষধ খণ্ডত ব্যৱহাৰৰ বাবে কেঁচামাল, বিভিন্ন চিকিৎসা সঁজুলি আৰু প্ৰসাধন সামগ্ৰীকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

7.

ডিজিটেল ৰূপান্তৰৰ বাবে ব্যৱহৃত সফল ডিজিটেল সমাধানৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে বুজাবুজি চুক্তি

ডিজিটেল ৰূপান্তৰৰ বাবে সামৰ্থ্য বৃদ্ধিৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী, বিষয়া আৰু বিশেষজ্ঞৰ আদান-প্ৰদান, জনপ্ৰিয় কাৰ্যসূচীৰ ভাগ-বতৰা আৰু সমস্যাৰ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰা।

8.

এনপিচিআই ইণ্টাৰনেশ্যনেল পেমেণ্টছ লিমিটেড আৰু গায়ানাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মাজত গায়ানাত ইউপিআইৰ দৰে পেমেণ্ট ব্যৱস্থা প্ৰৱৰ্তনৰ বুজাবুজি চুক্তি

গায়ানাত ইউপিআইৰ দৰে পেমেণ্ট ব্যৱস্থা প্ৰৱৰ্তনৰ লক্ষ্যৰে এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে।

9.

সম্প্ৰচাৰৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ প্ৰসাৰ ভাৰতী আৰু গায়ানাৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ নেটৱৰ্কৰ মাজত বুজাবুজি চুক্তি

সম্প্ৰচাৰৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে, শিক্ষা, সংস্কৃতি, বিজ্ঞান, ক্ৰীড়া, মনোৰঞ্জন আৰু বাতৰিৰ দৰে পাৰস্পৰিক আগ্ৰহৰ ক্ষেত্ৰত আদান-প্ৰদান বৃদ্ধিৰ বাবে প্ৰসাৰ ভাৰতী আৰু গায়ানাৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ নেটৱৰ্কৰ মাজত বুজাবুজি চুক্তি।

10.

গায়ানাৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা প্ৰতিষ্ঠান (এন ডি আই) আৰু গুজৰাটৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয় (আৰ আৰ ইউ)ৰ মাজত বুজাবুজিৰ চুক্তি

ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অধ্যয়ন, উন্নত প্ৰশিক্ষণ আৰু গৱেষণাৰ সুযোগ বৃদ্ধিৰ বাবে দুয়োটা প্ৰতিষ্ঠানৰ মাজত এই যৌথ বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে

 

***

MJPS/SR


(रिलीज़ आईडी: 2178515) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam