প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২৬ নৱেম্বৰত সংবিধান দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
25 NOV 2024 8:10PM by PIB Guwahati
ভাৰতৰ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৫ বজাত উচ্চতম ন্যায়ালয়ৰ প্ৰশাসনিক ভৱন চৌহদৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া সংবিধান দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ ভাৰতীয় ন্যায়পালিকাৰ বাৰ্ষিক প্ৰতিবেদন (২০২৩-২৪) মুকলি কৰিব। এই উপলক্ষে তেওঁ উপস্থিত জনতাক সম্বোধন কৰিব।
এই কাৰ্যসূচীৰ আয়োজন কৰিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে। ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু উচ্চতম ন্যায়ালয়ৰ অন্যান্য ন্যায়াধীশসকলো উপস্থিত থাকিব।
MJPS/SR
(रिलीज़ आईडी: 2178288)
आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam