প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনীৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ

प्रविष्टि तिथि: 25 APR 2024 9:03PM by PIB Guwahati


ইটালীৰ মুক্তি দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ইটালীত অনুষ্ঠিত হ'বলগীয়া জি-৭ সন্মিলনলৈ আমন্ত্ৰণৰ বাবে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে।

নেতা দুগৰাকীয়ে কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীয়ে ৭৯সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মেলনি আৰু ইটালীৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।

ইটালীৰ পুলিয়াত ২০২৪ চনৰ জুন মাহত অনুষ্ঠিত হ'বলগীয়া জি-৭ সন্মিলনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী মেলোনীক ধন্যবাদ জ্ঞাপন কৰে। ইটালীৰ অধ্যক্ষতাত অনুষ্ঠিত জি-৭ সন্মিলনত ভাৰতৰ জি-২০ অধ্যক্ষতাৰ গুৰুত্বপূৰ্ণ প্ৰাপ্তিসমূহ বিশেষকৈ বিশ্বব্যাপী দক্ষিণাঞ্চলক সমৰ্থন কৰা সন্দৰ্ভত আলোচনা কৰা হয়।

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰি তোলাৰ প্ৰতিশ্ৰুতি দোহাৰে।

দুয়োগৰাকী নেতাই পাৰস্পৰিক আগ্ৰহৰ আঞ্চলিক আৰু বিশ্বব্যাপী বিকাশৰ বিষয়েও মত বিনিময় কৰে।

DS/ST


(रिलीज़ आईडी: 2178261) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam