প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ১৫ জানুৱাৰীত পিএম-জনমন আঁচনিৰ অধীনত ১ লাখ হিতাধিকাৰীলৈ পিএমএৱাই (জি) ৰ প্ৰথমটো কিস্তি মুকলি কৰিব

প্ৰধানমন্ত্ৰীয়ে পিএম-জনমনৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব

प्रविष्टि तिथि: 14 JAN 2024 1:22PM by PIB Guwahati


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ জানুৱাৰী, ২০২৪ তাৰিখে দিনৰ ১২ বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায্য মহাব্যৱস্থাৰ (পিএম-জনমন) অধীনত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ (পিএমএৱাই-জি) ৰ ১ লাখ হিতাধিকাৰীক প্ৰথম কিস্তি মুকলি কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে পিএম-জনমন আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতেও মত-বিনিময় কৰিব।

প্ৰধানমন্ত্ৰীয়ে অন্তিম মাইলত অন্তিম জনকো সবলীকৰণ কৰাৰ বাবে অন্ত্যোদয়ৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি জনজাতি গৌৰৱ দিৱস উপলক্ষে ২০২৩ চনৰ ১৫ নৱেম্বৰত বিশেষভাৱে দুৰ্বল জনজাতীয় গোষ্ঠীৰ আৰ্থ-সামাজিক কল্যাণৰ বাবে পিএম-জনমন আঁচনিৰ শুভাৰম্ভ কৰা হৈছিল।

প্ৰায় ২৪,০০০ কোটি টকাৰ বাজেটৰ পিএম-জনমন আঁচনিৰ অধীনত ৯টা মন্ত্ৰালয়ৰ জৰিয়তে ১১টা গুৰুত্বপূৰ্ণ হস্তক্ষেপত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে বিশেষভাৱে দুৰ্বল জনজাতীয় গোষ্ঠীৰ পৰিয়াল আৰু বাসস্থানসমূহক সুৰক্ষিত আৱাস, বিশুদ্ধ খোৱা পানী আৰু অনাময়, শিক্ষা, স্বাস্থ্য আৰু পুষ্টি, বিদ্যুৎ, পথ আৰু টেলিকম সংযোগ আৰু বহনক্ষম জীৱিকাৰ সুযোগৰ দৰে মৌলিক সা-সুবিধাৰে পৰিপূৰ্ণ কৰি আৰ্থ-সামাজিক অৱস্থা উন্নত কৰা।

DS/ST/PM


(रिलीज़ आईडी: 2178149) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Bengali-TR , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam , Malayalam