প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দিল্লীৰ লালকিল্লাত পৰাক্ৰম দিৱস উদযাপনৰ কাৰ্যসূচী উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণ
গণৰাজ্য দিৱসৰ প্ৰতীকপট আৰু সাংস্কৃতিক প্ৰদৰ্শনীৰ সৈতে দেশৰ চহকী বৈচিত্ৰ্য প্ৰদৰ্শন কৰা ভাৰত পৰ্বৰ শুভাৰম্ভ
“পৰাক্ৰম দিৱস উপলক্ষে আমি নেতাজীৰ আদৰ্শ পূৰণ আৰু তেওঁৰ সপোনৰ ভাৰত গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰিছো”
“দেশৰ সক্ষম অমৃত প্ৰজন্মৰ বাবে নেতাজী সুভাষ এক ডাঙৰ আদৰ্শ”
“নেতাজীৰ জীৱন কেৱল কঠোৰ পৰিশ্ৰমৰেই নহয়, সাহসৰো এক শিখৰ”
“নেতাজীয়ে বলপূৰ্বকভাৱে ভাৰতক গণতন্ত্ৰৰ মাতৃ হিচাপে দাবী বিশ্বৰ আগত প্ৰদৰ্শন কৰিলে”
Posted On:
23 JAN 2024 9:01PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ লালকিল্লাত পৰাক্ৰম দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। তদুপৰি তেওঁ ভাৰত পৰ্ব অনুষ্ঠানৰো শুভাৰম্ভ কৰে, যিয়ে গণৰাজ্য দিৱসৰ প্ৰতীকপট আৰু সাংস্কৃতিক প্ৰদৰ্শনীৰ জৰিয়তে দেশৰ চহকী বৈচিত্ৰ্য প্ৰদৰ্শন কৰিব। প্ৰধানমন্ত্ৰীয়ে নেতাজীৰ সন্দৰ্ভত ফটো, চিত্ৰ, কিতাপ আৰু ভাস্কৰ্য্যৰে গঠিত ৰাষ্ট্ৰীয় আৰ্কাইভৰ প্ৰযুক্তি নেতৃত্বাধীন ইণ্টাৰেক্টিভ প্ৰদৰ্শনীৰ পৰিদৰ্শন কৰাৰ লগতে প্ৰজেকচন মেপিঙৰ সৈতে প্ৰস্তুত কৰা নেতাজীৰ জীৱনসম্বলিত এখন নাটক প্ৰত্যক্ষ কৰে৷ তেওঁ লগতে একমাত্ৰ জীৱিত ইণ্ডিয়ান নেচনেল আৰ্মি (আইএনএ) জ্যেষ্ঠ লেফটেনেণ্ট আৰ মাধৱনক সম্বৰ্ধনা জনায়। স্বাধীনতা সংগ্ৰামত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকলৰ অৱদানক উপযুক্তভাৱে সন্মান জনোৱাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ২০২১ চনৰ পৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তীত পৰাক্ৰম দিৱস উদযাপন কৰা হয়।
এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকীত উদযাপন কৰা পৰাক্ৰম দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে এসময়ত আজাদ হিন্দ ফৌজৰ সাহস আৰু বীৰত্বৰ সাক্ষী লালকিল্লাই পুনৰবাৰ নতুন শক্তিৰে ভৰি পৰিছে। আজাদী কা অমৃত কালৰ প্ৰাৰম্ভিক সময়ছোৱাক সংকল্পৰ জৰিয়তে সাফল্যৰ উদযাপন বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই মুহূৰ্তক অভূতপূৰ্ব বুলি অভিহিত কৰি কালিৰ পৰিঘটনাৰ কথা স্মৰণেৰে সমগ্ৰ বিশ্বই ভাৰতত সাংস্কৃতিক চেতনা জাগৰণৰ সাক্ষী হৈছিল। “প্ৰাণ প্ৰতিষ্ঠাৰ শক্তি আৰু বিশ্বাস সমগ্ৰ মানৱতা আৰু বিশ্বই অনুভৱ কৰিলে”, আজি নেতাজী সুভাষৰ জয়ন্তী উদযাপনৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে কয়। পৰাক্ৰম দিৱসৰ সন্দৰ্ভত ঘোষণাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে ২৩ৰ পৰা আৰম্ভ কৰি ৩০ জানুৱাৰীত মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীলৈকে গণৰাজ্য দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন আৰু এতিয়া ২২ জানুৱাৰীৰ শুভ উৎসৱো এক গণতন্ত্ৰৰ এই উৎসৱৰ অংশ। “জানুৱাৰী মাহৰ শেষৰ কেইটামান দিন ভাৰতৰ বিশ্বাস, সাংস্কৃতিক চেতনা, গণতন্ত্ৰ আৰু দেশপ্ৰেমৰ বাবে প্ৰেৰণাদায়ক”, প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰি কয়।
প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানৰ আয়োজনৰ লগত জড়িত সকলোকে প্ৰশংসা কৰে। ইয়াৰ পূৰ্বে দিনটোত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় বাল পুৰুস্কাৰৰে সন্মানিত শিশুসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ কয়, ‘যেতিয়াই ভাৰতৰ যুৱ প্ৰজন্মক লগ পাওঁ তেতিয়াই বিকশিত ভাৰতৰ সপোনৰ প্ৰতি মোৰ আস্থা আৰু অধিক দৃঢ় হৈ উঠে। নেতাজী সুভাষ চন্দ্ৰ বসু দেশৰ এই ‘অমৃত’ প্ৰজন্মৰ বাবে এক বিশাল আদৰ্শ”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে আজি তেওঁ মুকলি কৰা ভাৰত পৰ্বৰ কথাও উল্লেখ কৰি আগন্তুক ৯ দিনত হ’বলগীয়া অনুষ্ঠান আৰু প্ৰদৰ্শনৰ বিষয়ে অৱগত কৰে। ‘ভাৰত পৰ্ব নেতাজী সুভাষ চন্দ্ৰ বসুৰ আদৰ্শৰ প্ৰতিফলন। ‘ভোকেল ফৰ লোকেল’ গ্ৰহণ কৰা, পৰ্যটনক প্ৰসাৰ কৰা, বৈচিত্ৰ্যক সন্মান জনোৱা আৰু ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ক নতুন উচ্চতা প্ৰদানৰ এয়া ‘পৰ্ব’ ’ তেওঁ কয়।
একেটা লালকিল্লাত আইএনএৰ ৭৫ বছৰ উপলক্ষে ত্ৰিৰংগা উত্তোলন কৰাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, “নেতাজীৰ সেই জীৱনটোৱেই আছিল কঠোৰ পৰিশ্ৰমৰ লগতে সাহসৰ শিখৰ”। নেতাজীৰ ত্যাগক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ কেৱল ব্ৰিটিছৰ বিৰোধিতা কৰাই নহয় ভাৰতীয় সভ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা লোকসকলকো উপযুক্ত প্ৰত্যুত্তৰ দিছিল। শ্ৰী মোদীয়ে লগতে কয়, নেতাজীয়ে বিশ্বৰ আগত গণতন্ত্ৰৰ মাতৃ হিচাপে ভাৰতৰ ভাবমূৰ্তি প্ৰদৰ্শন কৰিছিল।
দাসত্বৰ মানসিকতাৰ বিৰুদ্ধে নেতাজীৰ যুঁজৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজিৰ ভাৰতৰ যুৱ প্ৰজন্মত বিয়পি পৰা নতুন চেতনা আৰু গৌৰৱক লৈ নেতাজীয়ে গৌৰৱ কৰিলেহেঁতেন। এই নতুন সচেতনতাই বিকশিত ভাৰত গঢ়াৰ শক্তি হৈ পৰিছে। আজিৰ যুৱক-যুৱতীসকলে পঞ্চপণ গ্ৰহণ কৰি দাসত্বৰ মানসিকতাৰ পৰা ওলাই আহিছে বুলিও তেওঁ কয়। “নেতাজীৰ জীৱন আৰু তেওঁৰ অৱদান ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এক প্ৰেৰণা”, এই প্ৰেৰণা সদায় আগুৱাই নিয়া বুলি আশা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে সজোৰে কয়। এই বিশ্বাসত প্ৰধানমন্ত্ৰীয়ে বিগত ১০ বছৰত চৰকাৰৰ প্ৰচেষ্টাক আলোকপাত কৰি কৰ্তব্য পথত নেতাজীৰ প্ৰতিমূৰ্তি স্থাপন কৰি প্ৰাপ্য সন্মান দিয়াৰ কথা উল্লেখ কৰে যিয়ে প্ৰতিজন নাগৰিকক তেওঁৰ কৰ্তব্যৰ প্ৰতি সমৰ্পণৰ কথা সোঁৱৰাই দিয়ে। তেওঁ আজাদ হিন্দ ফৌজে প্ৰথমবাৰৰ বাবে ত্ৰিৰংগা উত্তোলন কৰা আন্দামান আৰু নিকোবৰ দ্বীপসমূহৰ নাম সলনি কৰাৰ কথাও উল্লেখ কৰে৷ প্ৰথম বাৰৰ বাবে নেতাজীৰ নামত বঁটা প্ৰদান, নেতাজীৰ প্ৰতি উৎসৰ্গিত এক স্মৃতিসৌধ, লালকিল্লাত নেতাজী আৰু আজাদ হিন্দ ফৌজৰ বাবে নিবেদিত সংগ্ৰহালয়ৰ বিকাশ চলি থকা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য ঘোষণাৰ কথাও উল্লেখ কৰে। “বৰ্তমানৰ চৰকাৰে স্বাধীন ভাৰতৰ আন যিকোনো চৰকাৰতকৈ আজাদ হিন্দ ফৌজৰ প্ৰতি উৎসৰ্গিত কাম অধিক কৰিছে আৰু মই এইটো আমাৰ বাবে আশীৰ্বাদ বুলি গণ্য কৰোঁ”, শ্ৰী মোদীয়ে লগতে কয়।
ভাৰতৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে নেতাজীৰ গভীৰ বুজাবুজিৰ বিষয়ে কোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে গণতান্ত্ৰিক সমাজৰ ভেটিত ভাৰতৰ ৰাজনৈতিক গণতন্ত্ৰক শক্তিশালী কৰাৰ বিষয়ে তেওঁৰ বিশ্বাসৰ কথা স্মৰণ কৰে। কিন্তু স্বাধীনতাৰ পিছৰ নেতাজীৰ মতাদৰ্শৰ ওপৰত হোৱা আক্ৰমণৰ বাবে প্ৰধানমন্ত্ৰীয়ে আক্ষেপ প্ৰকাশ কৰি ভাৰতীয় গণতন্ত্ৰত আত্মীয়তা আৰু পক্ষপাতিত্বৰ আগ্ৰাসনৰ কু-অভ্যাসৰ কথা উল্লেখ কৰে যিয়ে শেষত ভাৰতৰ বিকাশ লেহেমীয়া কৰে। সমাজৰ এক বিশাল শ্ৰেণীয়ে তেওঁলোকৰ উত্থানৰ বাবে উদ্দেশ্য কৰা সুযোগ আৰু মৌলিক প্ৰয়োজনীয়তাৰ পৰা বঞ্চিত হোৱা বুলি আঙুলিয়াই দি শ্ৰী মোদীয়ে ৰাজনৈতিক, অৰ্থনৈতিক আৰু উন্নয়ন নীতিৰ ওপৰত এমুঠিমান পৰিয়ালৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰি কয় যে ইয়াৰ ফলত দেশৰ মহিলা আৰু যুৱক-যুৱতীসকলে দুখ-কষ্টৰ সন্মুখীনৰ লগতে বিশাল লোকচানৰ হ’বলগীয়া হয়। সেই সময়ৰ মহিলা আৰু যুৱক-যুৱতীসকলে সন্মুখীন হোৱা অসুবিধাৰ কথা সোঁৱৰাই তেওঁ ২০১৪ চনত বৰ্তমানৰ চৰকাৰখন নিৰ্বাচিত হোৱাৰ পিছত কাৰ্যকৰী হোৱা ‘সবকা সাথ সবকা বিকাশ’ৰ মনোভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে।“যোৱা ১০ বছৰৰ ফলাফল সকলোৱে চাব পাৰে”। , শ্ৰী মোদীয়ে দৰিদ্ৰ পৰিয়ালৰ পুত্ৰ-কন্যাৰ বাবে আজি উপস্থিত থকা প্ৰচুৰ সুযোগৰ বিষয়ে আত্মবিশ্বাস প্ৰকাশ কৰি কয়। বছৰ বছৰ ধৰি অপেক্ষাৰ অন্তত নাৰী শক্তি বন্দন অধিনিয়ামৰ গৃহীত হোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ মহিলাসকলৰ মাজত চৰকাৰে তেওঁলোকৰ সৰু সৰু প্ৰয়োজনৰ প্ৰতি সংবেদনশীল বুলি যি আত্মবিশ্বাসৰ সৃষ্টি কৰিছে, তাৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰে। তেওঁ পুনৰ কয় যে অমৃত কালে সাহস প্ৰদৰ্শন আৰু দেশৰ ৰাজনৈতিক ভৱিষ্যতক নতুন ৰূপ দিয়াৰ সুযোগ নিজৰ লগত লৈ আহিছে। “যুৱ শক্তি আৰু নাৰী শক্তিয়ে বিকশিত ভাৰতৰ ৰাজনীতি সলনি কৰাত ডাঙৰ ভূমিকা ল’ব পাৰে আৰু আপোনাৰ ক্ষমতাই দেশৰ ৰাজনীতিক স্বজন-তোষণ আৰু দুৰ্নীতিৰ কু-অভ্যাসৰ পৰা মুক্ত কৰিব পাৰে”, এই দুষ্টতাৰ অন্ত পেলাবলৈ সাহস প্ৰদৰ্শন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় ।
প্ৰাণ প্ৰতিষ্ঠাত তেওঁৰ উপদেশ স্মৰণ কৰি যে এইটোৱেই হৈছে ৰাম কাজৰ পৰা ৰাষ্ট্ৰ কাজৰ বাবে নিজকে উৎসৰ্গা কৰাৰ সময়- ৰামৰ কামৰ পৰা দেশৰ কামলৈকে, প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ পৰা বৈশ্বিক আশাৰ ওপৰত আলোকপাত কৰে। ‘আমাৰ লক্ষ্য ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলা। আমাৰ লক্ষ্য হৈছে ভাৰতক অৰ্থনৈতিকভাৱে সমৃদ্ধিশালী, সাংস্কৃতিকভাৱে শক্তিশালী আৰু কৌশলগতভাৱে সক্ষম কৰি তোলা। ইয়াৰ বাবে আগন্তুক ৫ বছৰৰ ভিতৰত আমি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনৈতিক শক্তি হোৱাটো গুৰুত্বপূৰ্ণ। আৰু এই লক্ষ্য আমাৰ পৰা বহু দূৰত নহয়। যোৱা ১০ বছৰত সমগ্ৰ দেশৰ প্ৰচেষ্টা আৰু উৎসাহৰ বাবে প্ৰায় ২৫ কোটি ভাৰতীয় দৰিদ্ৰতাৰ পৰা ওলাই আহিছে। ভাৰতে আজি এনে লক্ষ্যত উপনীত হৈছে যিবোৰ আগতে লাভ কৰাৰ কথা কল্পনাও কৰা হোৱা নাছিল।’, প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়।
ভাৰতৰ প্ৰতিৰক্ষা স্বাৱলম্বী হোৱাৰ বাবে বিগত ১০ বছৰৰ ভিতৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও প্ৰধানমন্ত্ৰীয়ে বিশদভাৱে কয়। শ শ গোলাবাৰুদ আৰু সা-সৰঞ্জাম নিষিদ্ধ কৰাৰ লগতে এক সজীৱ ঘৰুৱা প্ৰতিৰক্ষা উদ্যোগৰ সৃষ্টিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “এসময়ত বিশ্বৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা আমদানিকাৰক দেশ ভাৰতে এতিয়া বিশ্বৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা ৰপ্তানিকাৰক দেশত যোগদান কৰিছে।”
প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ ভাৰতে সমগ্ৰ বিশ্বক ‘বিশ্ব মিত্ৰ’ (বিশ্বৰ বন্ধু) হিচাপে সংযোগ কৰাত ব্যস্ত আৰু বিশ্বৰ প্ৰত্যাহ্বানসমূহৰ সমাধানৰ বাবে আগবাঢ়িছে। প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয় যে এফালে ভাৰতে যুদ্ধৰ পৰা শান্তিৰ পথ বিশ্বৰ বাবে গঢ়ি তুলিবলৈ চেষ্টা কৰি আছে যদিও দেশবাসীও ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষাৰ বাবে সাজু।
ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ইয়াৰ জনসাধাৰণৰ বাবে আগন্তুক ২৫ বছৰৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি অমৃত কালৰ প্ৰতিটো মুহূৰ্ত ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি উৎসৰ্গা কৰাত গুৰুত্ব আৰোপ কৰে। “আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু আমি সাহসী হ’ব লাগিব। বিকশিত ভাৰত গঢ়াৰ বাবে এয়া অতি জৰুৰী। পৰাক্ৰম দিৱসে প্ৰতি বছৰে আমাক এই সংকল্পৰ কথা সোঁৱৰাই দিব”, এই মন্তব্যৰে প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে।
এই উপলক্ষে অনুষ্ঠানত কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী শ্ৰী জি কিষান ৰেড্ডী, কেন্দ্ৰীয় সাংস্কৃতিক ৰাজ্যিক মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু শ্ৰী মীনাক্ষী লেখী আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা আৰু পৰ্যটন বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অজয় ভাট আৰু নেতাজীৰ অধ্যক্ষ সুভাষ চন্দ্ৰ বসু আইএনএ ট্ৰাষ্ট ব্ৰিগেডিয়াৰ (অৱসৰপ্ৰাপ্ত) আৰ এছ চিকাৰা উপস্থিত থাকে।
পটভূমিঃ
স্বাধীনতা সংগ্ৰামত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা দীপ্তিমানসকলৰ অৱদানক উপযুক্তভাৱে সন্মান জনোৱাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ২০২১ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকী পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰা হয়। এইবাৰ লালকিল্লাত এক বহুমুখী উৎসৱ অনুষ্ঠিত হয়, য’ত একেলগে ঐতিহাসিক প্ৰতিফলন আৰু সজীৱ সাংস্কৃতিক প্ৰকাশ পৰিস্ফুট হৈছে৷ এই কাৰ্যসূচীয়ে নেতাজী সুভাষ চন্দ্ৰ বসু আৰু আজাদ হিন্দ ফৌজৰ উত্তৰাধিকাৰীসকলক প্ৰোজ্জ্বল কৰি তুলিব। দৰ্শকে আৰ্কাইভ প্ৰদৰ্শনী, বিৰল ফটোগ্ৰাফৰ প্ৰদৰ্শন আৰু নেতাজী আৰু আজাদ হিন্দ ফৌজৰ উল্লেখযোগ্য যাত্ৰাৰ বিশদ বিৱৰণ দিয়া নথি-পত্ৰৰ জৰিয়তে এক অভিজ্ঞতা লোৱাৰ সুযোগ পাব। এই কাৰ্যসূচী ৩১ জানুৱাৰীলৈকে চলি থাকিব।
এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ২৩ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ আয়োজন হ’বলগীয়া ভাৰত পৰ্বৰো শুভাৰম্ভ কৰে৷ ইয়াত ২৬টা মন্ত্ৰালয় আৰু বিভাগৰ প্ৰচেষ্টা, নাগৰিককেন্দ্ৰিক পদক্ষেপ, স্থানীয়, বৈচিত্ৰময় পৰ্যটন আকৰ্ষণৰ পোষকতা আদিৰ ওপৰত আলোকপাত কৰি গণৰাজ্য দিৱসৰ প্ৰতীকপচ আৰু সাংস্কৃতিক প্ৰদৰ্শনেৰে দেশৰ চহকী বৈচিত্ৰ্য প্ৰদৰ্শিত হৈছে৷ লালকিল্লাৰ সন্মুখৰ ৰাম লীলা ময়দান আৰু মাধৱ দাস পাৰ্কত এই অনুষ্ঠান অনুষ্ঠিত হৈছে৷
***
DS/TS/DB
(Release ID: 2178145)
Visitor Counter : 7
Read this release in:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam