প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বান্দাৰ ছেৰী বেগাৱানস্থিত ওমৰ আলী ছাইফুদ্দিন মছজিদ পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ

Posted On: 03 SEP 2024 8:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বান্দাৰ ছেৰী বেগাৱানস্থিত আইকনিক ওমৰ আলী ছাইফুদ্দিন মছজিদ পৰিদৰ্শন কৰে।

প্ৰধানমন্ত্ৰীক ব্ৰুনেইৰ ধৰ্মীয় পৰিক্ৰমা মন্ত্ৰী পেহিন দাতো উস্তাজ হাজী আৱাং বদৰুদ্দিনে আদৰণি জনায়। তেওঁৰ সৈতে ব্ৰুনেইৰ স্বাস্থ্য মন্ত্ৰী ডাটো ডাঃ হাজী মহম্মদ ইছামো উপস্থিত থাকে। প্ৰধানমন্ত্ৰীক সম্ভাষণ জনাবলৈ একাংশ ভাৰতীয় সমূদায়ৰ লোকৰ সমাগম হয়।

ব্ৰুনেইৰ ২৮সংখ্যক চুলতান (বৰ্তমানৰ চুলতানৰ পিতৃ, যিয়ে এই মছজিদ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল) ওমৰ আলী ছাইফুদ্দিন তৃতীয়ৰ নামেৰে এই মছজিদটোৰ নামকৰণ কৰা হৈছে আৰু ১৯৫৮ চনত এই মছজিদটো নিৰ্মাণ সম্পূৰ্ণ হৈছিল।

***

MJPS/ST/AK/DB


(Release ID: 2177996) Visitor Counter : 10