প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কুৱেইট ভ্ৰমণলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

Posted On: 21 DEC 2024 9:21AM by PIB Guwahati

কুৱেইটৰ আমিৰ মহামহিম শ্বেইখ মেছাল আল-আহমদ আল-জাবেৰ আল ছাবাহৰ আমন্ত্ৰণত দুদিনীয়া ভ্ৰমণসূচীৰে মই আজি কুৱেট অভিমুখে ৰাওনা হ’ম।

প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি যত্ন লৈ অহা কুৱেইটৰ সৈতে ঐতিহাসিক সংযোগক আমি গভীৰভাৱে মূল্য দিওঁ। আমি কেৱল শক্তিশালী বাণিজ্য আৰু শক্তি অংশীদাৰেই নহয়, পশ্চিম এছিয়া অঞ্চলত শান্তি, নিৰাপত্তা, সুস্থিৰতা আৰু সমৃদ্ধিৰ প্ৰতিও অংশীদাৰ হোৱাৰ আগ্ৰহী।

মহামহিম আমিৰ, ৰাজকুমাৰ আৰু কুৱেইটৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎকাৰ কৰিবলৈ মই আগ্ৰহী হৈ আছো। এই ভ্ৰমণে আমাৰ জনসাধাৰণৰ লগতে অঞ্চলটোৰ সুবিধাৰ্থে ভৱিষ্যতৰ অংশীদাৰিত্বৰ বাবে ৰোডমেপ প্ৰস্তুত কৰাত সুযোগ প্ৰদান কৰিব৷

দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক শক্তিশালী কৰাত অসীম অৰিহণা যোগোৱা কুৱেইটত থকা প্ৰবাসী ভাৰতীয়সকলক লগ পাবলৈ মই অধীৰ আগ্ৰহেৰে বাট চাই আছো।

উপসাগৰীয় অঞ্চলৰ আগশাৰীৰ ক্ৰীড়া অনুষ্ঠান আৰব উপসাগৰীয় কাপৰ উদ্বোধনী অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনোৱাৰ এই সন্মানৰ বাবে কুৱেইটৰ নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো। উৎকৃষ্ট এথলেটিক আৰু আঞ্চলিক ঐক্যৰ এই উদযাপনৰ অংশ হ’বলৈ মই আগ্ৰহী হৈ ৰৈছো।

মোৰ বিশ্বাস যে এই ভ্ৰমণে ভাৰত আৰু কুৱেইটৰ জনসাধাৰণৰ মাজত থকা বিশেষ সম্পৰ্ক আৰু বন্ধুত্বৰ বান্ধোন আৰু অধিক শক্তিশালী আৰু সুদৃঢ় কৰিব।

***

MJPS/VJ/DB


(Release ID: 2177676) Visitor Counter : 7