প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰপতি ট্ৰাম্পৰ গাজা শান্তি পৰিকল্পনাৰ অধীনত হোৱা অগ্ৰগতিৰ বাবে বেঞ্জামিন নেতানিয়াহুক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
09 OCT 2025 10:17PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰাৰ লগতে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ গাজা শান্তি পৰিকল্পনাৰ অধীনত হোৱা অগ্ৰগতিৰ বাবে তেওঁক অভিনন্দন জনায়।
শ্ৰী মোদীয়ে পণবন্দীসকলক মুক্তি আৰু গাজাৰ জনসাধাৰণলৈ মানৱীয় সাহায্য বৃদ্ধিৰ চুক্তিক আদৰণি জনায়। তেওঁ পুনৰ দৃঢ়তাৰে কয় যে যিকোনো ৰূপত প্ৰকাশ পোৱা সন্ত্ৰাসবাদ বিশ্বৰ যিকোনো ঠাইতে গ্ৰহণযোগ্য নহয়।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত লিখে;
“ৰাষ্ট্ৰপতি ট্ৰাম্পৰ গাজা শান্তি পৰিকল্পনাৰ অধীনত হোৱা অগ্ৰগতিৰ বাবে অভিনন্দন জনাবলৈ মোৰ বন্ধু প্ৰধানমন্ত্ৰী নেতানিয়াহুক ফোন কৰিলোঁ।পণবন্দীসকলক মুকলি কৰি দিয়াৰ চুক্তি আৰু গাজাৰ জনসাধাৰণক মানৱীয় সাহায্য বৃদ্ধিৰ চুক্তিক আমি আদৰণি জনাইছো। কোনো ধৰণৰ সন্ত্ৰাসবাদ বিশ্বৰ যিকোনো ঠাইতে গ্ৰহণযোগ্য নহয় বুলি দোঁহাৰিলোঁ।
@netanyahu”
***
MJPS/ST/DB
(रिलीज़ आईडी: 2177168)
आगंतुक पटल : 17
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam