প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কুৱেইটৰ বৈদেশিক মন্ত্ৰীক আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ
ছেপ্টেম্বৰ মাহত নিউয়ৰ্কত কুৱেইটৰ ক্ৰাউন প্ৰিন্সৰ সৈতে হোৱা বৈঠকৰ কথা সুঁৱৰি দ্বিপাক্ষিক সম্পৰ্কৰ ক্ৰমবৰ্ধমান গতিবেগক লৈ সন্তুষ্টি প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰযুক্তি, সংস্কৃতি আৰু মানুহৰ মাজৰ সম্পৰ্কত সহযোগিতা বৃদ্ধিৰ সন্দৰ্ভত আলোচনা
ভাৰতীয় সম্প্ৰদায়ৰ যত্ন লোৱাৰ বাবে কুৱেইটৰ নেতৃত্বক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰীয়ে
ভাৰত আৰু উপসাগৰীয় সহযোগিতা পৰিষদৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ
আগতীয়াকৈ কুৱেইট ভ্ৰমণৰ আমন্ত্ৰণ পালে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
04 DEC 2024 9:44PM by PIB Guwahati
কুৱেইটৰ বৈদেশিক মন্ত্ৰী আব্দুল্লা আলী আল-য়াহিয়াই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
ছেপ্টেম্বৰ মাহত নিউয়ৰ্কত কুৱেইটৰ ক্ৰাউন প্ৰিন্স মহামহিম শ্বেইখ চাবাহ খালেদ আল হামাদ আল ছাবাহৰ সৈতে হোৱা বৈঠকৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ ক্ৰমবৰ্ধমান গতিবেগক লৈ সন্তুষ্টি প্ৰকাশ কৰে।
দুয়োগৰাকী নেতাই বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰযুক্তি, সংস্কৃতি আৰু মানুহৰ মাজত শক্তিশালী সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে।
কুৱেইটত বসবাস কৰা দহ লাখ ভাৰতীয় সমূদায়ৰ যত্ন লোৱাৰ বাবে কুৱেইটৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে।
প্ৰধানমন্ত্ৰীয়ে কুৱেইটৰ জিচিচিৰ চলিত অধ্যক্ষতাৰ অধীনত ভাৰত আৰু উপসাগৰীয় সহযোগিতা পৰিষদৰ মাজত ঘনিষ্ঠ সহযোগিতা আৰু অধিক শক্তিশালী হ’ব বুলি আস্থা প্ৰকাশ কৰে। পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰি অঞ্চলটোত শান্তি, নিৰাপত্তা আৰু সুস্থিৰতা আগতীয়াকৈ ঘূৰি অহাৰ বাবে সমৰ্থন প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে অতি সোনকালে কুৱেইট ভ্ৰমণৰ বাবে কুৱেইট নেতৃত্বৰ আমন্ত্ৰণ গ্ৰহণ কৰে।
*********
MJPS/SR/DB
(रिलीज़ आईडी: 2176814)
आगंतुक पटल : 83
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam