কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

কেবিনেটে অসমৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ বৰ্তমানৰ ঘাইপথক ৪ লেনলৈ বহল আৰু উন্নীতকৰণত অনুমোদন জনায়

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (KNP) ষ্ট্ৰেচত প্ৰস্তাৱিত বন্যপ্ৰাণী অনুকূল ব্যৱস্থা ৰূপায়ণ অন্তৰ্ভুক্ত

মুঠ কেৰিয়েজৱে’ৰ দৈৰ্ঘ্য ৮৫.৬৭৫ কিমি, আৰ্থিক ব্যয় ৬৯৫৭ কোটি টকা

Posted On: 01 OCT 2025 3:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটিয়ে (CCEA)য়ে আজি অসমৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ বৰ্তমানৰ কেৰিয়েজৱে’ক ৪ লেনলৈ বহল আৰু উন্নীতকৰণত অনুমোদন জনায়। ইয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (KNP) ষ্ট্ৰেচত প্ৰস্তাৱিত বন্যপ্ৰাণী অনুকূল ব্যৱস্থা ৰূপায়ণ অন্তৰ্ভুক্ত হৈছে। অভিযান্ত্ৰিক, ক্ৰয় আৰু নিৰ্মাণ (EPC) ম’ডত ৰূপায়ণ কৰিবলগীয়া প্ৰকল্পটোৰ মুঠ দৈৰ্ঘ্য ৮৫.৬৭৫ কিমি। মুঠ ৬৯৫৭ কোটি টকা মূলধনী ব্যয় সাপেক্ষে প্ৰকল্পটো ৰূপায়ণ কৰা হ’ব।

৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ (পুৰণি ৰাষ্ট্ৰীয় ঘাইপথ ৩৭) বৰ্তমানৰ কলিয়াবৰ- নুমলীগড় অংশটো জখলাবন্ধা (নগাঁও) আৰু বোকাখাত (গোলাঘাট) চহৰৰ ঘন নিৰ্মীয়মান অঞ্চলৰ মাজেৰে পাৰ হৈছে। ২ লেনৰ এই পথচোৱাৰ পকী কান্ধ আছে বা ঠায়ে-ঠায়ে নাই। বৰ্তমানৰ ঘাইপথটোৰ এক সুদীৰ্ঘ অংশ হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বা উদ্যানখনৰ দক্ষিণ সীমাৰেখাৰে পাৰ হৈ গৈছে। ইয়াৰ ১৬-ৰ পৰা ৩২ মিটাৰ নিষিদ্ধ ৰাইট অৱ ৱে’ (ROW) যথেষ্ট দুৰ্বল নক্সাৰ ফলত অধিক গুৰুতৰ হৈ পৰে। বাৰিষাৰ বতৰত উদ্যানৰ ভিতৰৰ অঞ্চলসমূহ বানপানীত বুৰ যোৱাৰ পৰিপ্ৰেক্ষিতত উদ্যানৰ পৰা বন্যপ্ৰাণীবোৰ বৰ্তমানৰ ঘাইপথ পাৰ হৈ ওখ কাৰ্বি-আংলঙৰ পাহাৰৰ ফালে ঢাপলি মাৰে। ঘাইপথছোৱাত ২৪ ঘন্টাই অব্যাহত ব্যাপক যান-জঁটৰ বাবে সঘনাই দুৰ্ঘটনা সংঘটিত আৰু বন্যপ্ৰাণীসমূহৰ মৃত্যু হয়।

এনে প্রত্যাহ্বানৰাজিৰে মোকাবিলাকৰণৰ অৰ্থে প্রকল্পটোৰ অধীনত প্রায় ৩৪.৫ কিমি অংশত ইলাভেটেড কৰিড’ৰ নির্মাণ কৰা হ’ব। ইয়াৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ পৰা কার্বি-আংলঙৰ পাহাৰলৈ বন্য প্রাণীৰ মুক্ত আৰু নিৰৱচ্ছিন্ন চলাচল নিশ্চিত হ’ব। লগতে বৰ্তমানৰ ৩০.২২ কিমি পথৰ উন্নীতকৰণ তথা জখলাবন্ধা আৰু বোকাখাতলৈ ২১ কিমি দৈৰ্ঘ্যৰ গ্ৰীনফিল্ড বাইপাছ নিৰ্মাণ কৰা হ’ব। ইয়াৰ ফলত বৰ্তমানৰ কৰিড’ৰ যান-জঁট মুক্ত হৈ পৰিব, সুৰক্ষা ব্যৱস্থাৰ অগ্ৰগতি সাধন হ’ব তথা গুৱাহাটী (ৰাজ্যৰ ৰাজধানী), কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (পৰ্যটন স্থান) আৰু নুমলীগড় (এখন ঔদ্যোগিক চহৰ)-ৰ মাজৰ প্ৰত্যক্ষ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটিব।

প্ৰকল্পটোৱে দুই প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথ (NH-127, NH-129) আৰু এটা ৰাজ্যিক ঘাইপথক (SH-35) একত্ৰিতকৰণেৰে সমগ্ৰ অসমৰ মূল অৰ্থনৈতিক, সামাজিক আৰু লজিষ্টিক কেন্দ্ৰসমূহলৈ নিৰৱচ্ছিন্ন যোগাযোগ ব্যৱস্থা প্ৰশস্ত কৰিব। ইয়াৰ উপৰিও উন্নীতকৃত কৰিড’ৰটোৱে ৩ টা ৰেলৱে ষ্টেচন (নগাঁও, জখলাবন্ধা, বিশ্বনাথ চাৰিআলি) আৰু ৩ টা বিমানবন্দৰৰ (তেজপুৰ, লীলাবাৰী, যোৰহাট) সৈতে সংযোগ স্থাপনেৰে মাল্টি-মডেল সংহতি বৃদ্ধি কৰিব। ইয়াৰ ফলশ্ৰুতিত সমগ্ৰ অঞ্চলটোত সামগ্ৰী আৰু যাত্ৰীৰ দ্ৰুত সৰবৰাহ তথা আহ-যাহৰ সুবিধা হ’ব। প্ৰকল্পটোৱে ০২ আৰ্থ-সামাজিক কেন্দ্ৰ, ০৮ পৰ্যটন আৰু ধৰ্মীয় স্থানৰ সৈতে যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধন কৰিব। ইয়াৰ ফলশ্ৰুতিত আঞ্চলিক অৰ্থনৈতিক বিকাশ আৰু ধৰ্মীয় পৰ্যটনৰ প্ৰসাৰ ঘটিব।

সম্পূৰ্ণ হোৱাৰ লগে-লগে কলিয়াবৰ-নুমলীগড় অংশই আঞ্চলিক অৰ্থনৈতিক বিকাশ, প্ৰধান পৰ্যটন, ঔদ্যোগিক আৰু অৰ্থনৈতিক কেন্দ্ৰসমূহৰ মাজৰ যোগাযোগ ব্যৱস্থাক সুদৃঢ়কৰণ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনৰ বৰ্ধন তথা বাণিজ্য আৰু ঔদ্যোগিক উন্নয়নৰ নতুন পথ প্ৰশস্তকৰণত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰকল্পটোৱে প্ৰায় ১৫.৪২ লাখ ব্যক্তি-দিনৰ প্ৰত্যক্ষ আৰু ১৯.১৯ লাখ ব্যক্তি-দিনৰ পৰোক্ষ নিয়োগো সৃষ্টি কৰিব তথা ইয়াৰ জৰিয়তে আশে-পাশে থকা অঞ্চলসমূহৰ বিকাশ, উন্নয়ন আৰু সমৃদ্ধিৰ নতুন পথ মুকলি হ’ব।

বৈশিষ্ট্য

সবিশেষ

প্ৰকল্পৰ নাম

অসমৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ বৰ্তমানৰ কেৰিয়েজৱে’ক ৪ লেনলৈ বহল আৰু উন্নীতকৰণ তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (KNP) ষ্ট্ৰেচত প্ৰস্তাৱিত বন্যপ্ৰাণী অনুকূল ব্যৱস্থা ৰূপায়ণ

কৰিড’ৰ

৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

দৈৰ্ঘ্য (km)

৮৫.৬৭৫

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে ইলাভেটেড কৰিড’ৰৰ দৈৰ্ঘ্য

৩৪.৪৫ কিমি

বাইপাছ

জখলাবন্ধা বাইপাছ (গ্ৰীনফিল্ড) – ১১.৫ কিমি

বোকাখাত বাইপাছ (গ্ৰীনফিল্ড)- ৯.৫ কিমি

বৰ্তমানৰ পথ (২-ৰ পৰা ৪ লেনলৈ) বহল কৰা

৩০.২২ কিমি

মুঠ চিভিল ব্যয় (কোটি টকা)

৪,৮২৯

ভূমি অধিগ্ৰহণ ব্যয় (কোটি টকা)

৬২২

মুঠ মূলধনী ব্যয় (কোটি টকা)

,৯৫৭

ম’ড

অভিযান্ত্ৰিক, ক্ৰয় আৰু নিৰ্মাণ (EPC)

সংযোগ কৰিবলগীয়া মূল পথসমূহ

ৰাষ্ট্ৰীয় ঘাইপথ – 127, 129

ৰাজ্যিক ঘাইপথ – ৩৫

সংযোগ কৰিবলগীয়া অৰ্থনৈতিক/ সামাজিক/ পৰিবহণ কেন্দ্ৰ/ পৰ্যটন স্থান/ ধৰ্মীয় স্থান

বিমানবন্দৰঃ তেজপুৰ, লীলাবাৰী, যোৰহাট

ৰেলৱে ষ্টেচনঃ নগাঁও, জখলাবন্ধা, বিশ্বনাথ চাৰিআলি

অৰ্থনৈতিক কেন্দ্ৰঃ তেজপুৰ ফিছিং ক্লাষ্টাৰ, নগাঁও ফিছিং ক্লাষ্টাৰ

সামাজিক কেন্দ্ৰঃ কাৰ্বি আংলং (জনজাতীয় জিলা)

পৰ্যটন স্থানঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, দেওপহাৰ প্ৰত্নতাত্ত্বিক ক্ষেত্ৰ- নুমলীগড়, কাকচাং জলপ্ৰপাত

ধৰ্মীয় স্থানঃ বাবা থান (ভগৱান শিৱৰ মন্দিৰ)-নুমলীগড়, মহা মৃত্যুঞ্জয় মন্দিৰ- নগাঁও, হাতীমূৰা মন্দিৰ- নগাঁও

সংযোগ কৰিবলগীয়া মূল নগৰ/ চহৰ

গুৱাহাটী, নগাঁও, গোলাঘাট, নুমলীগড়, যোৰহাট

নিয়োগ সৃষ্টিৰ সম্ভাৱনা

১৫.৪২ লাখ মেন-ডে’ (প্ৰত্যক্ষ) আৰু ১৯.১৯ লাখ মেন-ডে’ (পৰোক্ষ)

’২৫ বিত্তীয় বৰ্ষত বাৰ্ষিক গড় দৈনিক আহ-যাহ (AADT)

আনুমানিক ১৩,৮০০ পেছেঞ্জাৰ কাৰ ইউনিট (PCU)

 

কৰিডৰৰ মানচিত্ৰ

***

MJPS/SKS/SB


(Release ID: 2173800) Visitor Counter : 38