গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে মুম্বাইত অনুষ্ঠিত হোৱা ফাইনেন্সিয়েল এক্সপ্ৰেছৰ ভাৰতৰ শ্ৰেষ্ঠ বেংক বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ আগবঢ়ায়

গাঁথনিগত সংস্কাৰ, প্ৰক্ৰিয়া সংস্কাৰ, ডিজিটেল শাসন, আৰু কল্যাণমূলক আঁচনি ৰূপায়ণৰ জৰিয়তে ভাৰতে নিজৰ বৃদ্ধিৰ কাহিনী বজাই ৰাখিছে

মোদী চৰকাৰৰ সংস্কাৰৰ বাবে বিশ্বৰ বিশ্লেষকসকলে এতিয়া ভাৰতৰ বৃদ্ধিৰ কাহিনীক স্বীকাৰ কৰিছে

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতে ‘বেক-এণ্ড চাৰ্ভিচ নেচন’ৰ পৰা ‘ইনোভেচন নেচন’লৈ পৰিৱৰ্তিত হৈছে।

ভাৰতৰ বেংকিং খণ্ডই এতিয়া বৃদ্ধিৰ লক্ষ্য লোৱা উচিত, আৰু আমাৰ বেংকসমূহে বিশ্বৰ শীৰ্ষ ১০ টাৰ ভিতৰত থাকিবলৈ চেষ্টা কৰা উচিত

পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱৰ্তন কৰা কৰ কৰ্তনৰ দৰে তাৎপৰ্যপূৰ্ণ কৰ কৰ্তন আগতে কোনেও কাৰ্যকৰী কৰা নাই

ইয়াৰ পূৰ্বে ভাৰতৰ বেংকিং খণ্ডক অভিলেখ সৃষ্টিৰ ক্ষেত্ৰত গাফিলতি, স্বচ্ছতাৰ অভাৱ, দুৰ্নীতি আদিয়ে জুৰুলা কৰিছিল; প্ৰধানমন্ত্ৰী মোদীয়ে বেংকিং খণ্ডত সংস্কাৰৰ সূচনা কৰে

সেই সময়ত থকা ১৯% বেড লোন মোদী চৰকাৰৰ দিনত ২.৫% লৈ হ্ৰাস পাইছে

আমি বেংকিং খণ্ডৰ বাবে ৪-আৰ নীতি প্ৰস্তুত কৰিলোঁ—ৰিকগনিছন, ৰিক'ভাৰ , ৰিকেপিটালাইজ আৰু ৰিফৰ্ম
যেতিয়া সমগ্ৰ বিশ্ব অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে, তেতিয়া ভাৰত অৰ্থনীতিৰ ‘উজ্জ্ব

Posted On: 25 SEP 2025 9:30PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰী অমিত শ্বাহে  মুম্বাইত অনুষ্ঠিত ফাইনেন্সিয়েল এক্সপ্ৰেছৰ ভাৰতৰ শ্ৰেষ্ঠ বেংক বঁটা  প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ দিয়ে। এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰীযুত দেৱেন্দ্ৰ ফাদনবিছ আৰু উপ-মুখ্যমন্ত্ৰী শ্ৰী একনাথ শিণ্ডেকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

ভাষণ প্ৰসংগত  কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে দেশৰ জনজীৱনৰ অখণ্ডতা বজাই ৰখাৰ ক্ষেত্ৰত শ্ৰী ৰামনাথ গোৱেংকাৰ পৰা শ্ৰী বিবেক গোৱেংকালৈকে এক্সপ্ৰেছ গ্ৰুপে কৰা কামক সমগ্ৰ দেশে স্বীকাৰ কৰিব লাগে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত, বিশেষকৈ ইয়াৰ যুৱক-যুৱতীসকলৰ বাবে ২০৪৭ চনৰ ভিতৰত এখন সম্পূৰ্ণ উন্নত ৰাষ্ট্ৰ হোৱাৰ লগতে বিশ্বজুৰি প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই লক্ষ্য প্ৰতিজন নাগৰিকৰ, বিশেষকৈ যুৱক-যুৱতীসকলৰ সংকল্প হৈ পৰিছে। শ্ৰী শ্বাহে লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগী ২০৪৭ চনৰ আগতেই সাধন হ’ব,  কাৰণ দেশৰ যুৱ প্ৰজন্মৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে।

 

শ্ৰী অমিত শ্বাহে মন্তব্য কৰে যে বিভিন্ন বিশ্ব সংকটৰ মাজত ভাৰতীয় অৰ্থনীতিয়ে  উজ্জ্বল স্থান হিচাপে আমাৰ  উত্থানৰ কথা কৈছে, এয়া  সকলোৰে বাবে অতি গৌৰৱৰ বিষয়। তেওঁ কয় যে ভাৰতে ৰাজনৈতিক স্থিতিশীলতা, বিশ্বাসযোগ্য নেতৃত্ব, শক্তিশালী অৰ্থনৈতিক প্ৰদৰ্শন আৰু গণতন্ত্ৰৰ সুদৃঢ় ভেটি প্ৰতিষ্ঠা কৰিছে। এই চাৰিটা স্তম্ভৰ ওপৰত ভিত্তি কৰি দীৰ্ঘম্যাদী নীতিৰ সহায় লৈ আমাৰ অৰ্থনীতিয়ে বিগত ১১ বছৰত উল্লেখযোগ্য প্ৰদৰ্শন আগবঢ়াইছে। শ্ৰী শ্বাহে এই চাৰিটা স্তম্ভ ভাৰতৰ প্ৰকৃত শক্তি বুলি দৃঢ়তাৰে কয়।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায়  মন্ত্ৰীগৰাকীয়ে  কয় যে বহু উন্নত দেশ ১ৰ পৰা ২ শতাংশ বৃদ্ধিৰ হাৰত আগবাঢ়িছে যদিও ভাৰতে ৭ৰ পৰা ৮ শতাংশ বৃদ্ধিৰ হাৰ বজাই ৰাখিছে। ভাৰতে প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফ ডি আই)তো ১৪ শতাংশ বৃদ্ধিৰ হাৰ বজাই ৰাখিছে। তেওঁ লগতে কয় যে ভাৰত একমাত্ৰ দেশ যিয়ে গাঁথনিগত সংস্কাৰ, প্ৰক্ৰিয়াৰ সংস্কাৰ, ডিজিটেল শাসন আৰু কল্যাণমূলক আঁচনিৰ ১০০% ৰূপায়ণৰ জৰিয়তে নিজৰ বৃদ্ধিৰ কাহিনী বজাই ৰাখিছে। শ্ৰী শ্বাহে লগতে কয় যে বিশ্বৰ অৰ্থনৈতিক বিশ্লেষকসকলে ভাৰতৰ বৃদ্ধিৰ কাহিনীৰ কথা  স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। তেওঁ কয় যে আজি ভাৰতৰ অৰ্থনীতিৰ প্ৰতি  বিনিয়োগকাৰীৰ অটল আস্থা, গ্ৰাহকৰ মাজত শক্তি আৰু সৰ্বাংগীন উন্নয়নৰ স্পষ্ট প্ৰতিফলন দেখা গৈছে। শ্ৰী শ্বাহে কয় যে আজি দেশৰ প্ৰতিটো কোণতে এই আস্থা আৰু আত্মবিশ্বাসৰ পৰিৱেশ দৃশ্যমান।

শ্ৰী অমিত শ্বাহে কয় যে ২০১৪ চনলৈকে আমাৰ দেশৰ বেংকিং খণ্ডৰ অৱস্থা দুৰ্বল আছিল। ২০০৮ চনৰ পৰা ২০১৪ চনৰ ভিতৰত মুঠ ৫২ লাখ কোটি টকাৰ ঋণ প্ৰদান কৰা হৈছিল , যাৰ ফলত বেয়া ঋণৰ এক বৃহৎ সমস্যাৰ সৃষ্টি হৈছিল । তেওঁ কয় যে ভাৰতৰ বেংকিং খণ্ডত অভিলেখ সৃষ্টিৰ ক্ষেত্ৰত গাফিলতি, স্বচ্ছতাৰ অভাৱ, দুৰ্নীতি আদিয়ে জুৰুলা কৰিছিল। শ্ৰী শ্বাহে উল্লেখ কৰে যে ২০১৪ চনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেংকিং খণ্ডত সংস্কাৰৰ সূচনা কৰিছিল। তেওঁ লগতে  কয় যে আমাৰ সংবিধানৰ ভেটি হৈছে আৰ্থিক অন্তৰ্ভুক্তি, কিন্তু দেশত ৬০ কোটি লোক আছিল , যাৰ পৰিয়ালৰ কাৰোৱে এটাও বেংক একাউণ্ট নাছিল। যোৱা ১০ বছৰত মোদী চৰকাৰে ৫৩ কোটি বেংক একাউণ্ট খুলি দিছে, যাৰ ফলত দৰিদ্ৰ ব্যক্তিকো বেংকিং ব্যৱস্থাৰ সৈতে সংযোগ স্থাপন কৰিব পৰা গৈছে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে ১৯৯৯ চনত দেশৰ মুঠ অকাৰ্যক্ষম সম্পত্তি (এনপিএ) ১৬ শতাংশ আছিল। ২০০৪ চনত অটলজীৰ চৰকাৰৰ দিনত ৭.৮ শতাংশলৈ হ্ৰাস পাইছিল যদিও বিৰোধীৰ শাসনত পৰৱৰ্তী দহ বছৰত ১৯ শতাংশলৈ বৃদ্ধি পাইছিল। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ১০ বছৰীয়া শাসনকালত বেড লোন ১৯ শতাংশৰ পৰা ২.৫ শতাংশলৈ হ্ৰাস পাইছে। স্বচ্ছ শাসন ব্যৱস্থাই কেনেদৰে পৰিৱৰ্তন আনে তাৰ উদাহৰণ এয়াই বুলিও তেওঁ কয়। শ্ৰী শ্বাহে কয় যে আমি বেংকিং খণ্ডৰ বাবে ৪-আৰৰ নীতি প্ৰণয়ন কৰিছো – ৰিকগনিছন, ৰিক'ভাৰ , ৰিকেপিটালাইজ আৰু ৰিফৰ্ম – আৰু ইয়াৰ ভিত্তিত দেশৰ অৰ্থনীতিত এক বৃহৎ পৰিৱৰ্তন ঘটিছে। তেওঁ লগতে  উল্লেখ কৰে যে মিছন ইন্দ্ৰধনুশৰ জৰিয়তে আমাৰ চৰকাৰে প্ৰায় ৩.১০ লাখ কোটি টকাৰ মূলধন বেংকত প্ৰৱেশ কৰোৱাইছে। শ্ৰী শ্বাহে কয় যে মাত্ৰ যোৱা ১০ বছৰত মোদী চৰকাৰে কেৱল বেংকিং খণ্ডতে ৮৬টা বৃহৎ সংস্কাৰ সাধন কৰিছে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে মেক ইন ইণ্ডিয়াৰ জৰিয়তে নীতিগত পৰিৱৰ্তন আনি ভাৰতক উৎপাদনৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সফল হৈছে। আমাৰ ৰপ্তানি বৃদ্ধি পাইছে আৰু মেক ইন ইণ্ডিয়া ২.০ৰ অধীনত আমি উদীয়মান খণ্ডসমূহৰ ক্ষেত্ৰতো  গুৰুত্ব আৰোপ কৰিছো। তেওঁ লগতে কয় যে পিএলআইৰ উদগনি , উদ্যোগিক কৰিডৰ, লজিষ্টিক পাৰ্ক আৰু ষ্টাৰ্টআপ ইণ্ডিয়াৰ জৰিয়তে আমি আগবাঢ়িছো। এই উদীয়মান খণ্ডসমূহে অনাগত দিনত ভাৰতৰ বৃদ্ধিৰ কাহিনীক শক্তিশালী কৰিব৷ শ্ৰী শ্বাহে কয় যে  কেৱল বেংকিং খণ্ডই নহয়, মোদী চৰকাৰে প্ৰতিটো খণ্ডতে কেইবাটাও সংস্কাৰ সাধন কৰিছে। তেওঁ লগতে কয় যে পূৰ্বৰ চৰকাৰত নীতিগত পক্ষাঘাত হৈছিল, কিন্তু আমি সেয়া  সলনি কৰি ভাৰতক নীতিৰে পৰিচালিত দেশলৈ  ৰূপান্তৰিত কৰিছো।

 

 ফাইনেন্সিয়েল এক্সপ্ৰেছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে বিৰোধীয়ে জি এছ টি তেওঁলোকৰ প্ৰচেষ্টা বুলি দাবী কৰে, কিন্তু তেতিয়া কিয় সেয়া  কাৰ্যকৰী নহ’ল? তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্য চৰকাৰসমূহক ১৪ শতাংশ বৃদ্ধিৰ আশ্বাস দিলেহে জি এছ টি কাৰ্যকৰী হৈছিল। তেওঁ আৰু কয় যে জি এছ টি সংগ্ৰহ ২ লাখ কোটি  টকা অতিক্ৰম কৰাৰ পিছত চৰকাৰে সিদ্ধান্ত লৈছিল যে জি এছ টিৰ জৰিয়তে মানুহক সকাহ দিব লাগে। তেওঁ লগতে কয় যে স্বাধীনতাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী মোদীয়ে কৰাৰ দৰে বৃহৎ কৰ হ্ৰাস কোনেও কৰা নাই।

 

শ্ৰী অমিত শ্বাহে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ত মোদী চৰকাৰে কেৱল বিজ্ঞান আৰু অভিযান্ত্ৰিক বিষয়  অধ্যয়নত দক্ষতা বিকাশক একত্ৰিত কৰাই নহয়, অধ্যয়নৰ প্ৰতিটো ক্ষেত্ৰত দক্ষতা বিকাশৰ  বাবেও পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে ভাৰতত প্ৰতিভা বা কঠোৰ পৰিশ্ৰমী মানুহৰ অভাৱ নাই। তেওঁ লগতে কয় যে দক্ষতাৰ ব্যৱধান দূৰ কৰিবলৈ ভাৰত চৰকাৰে অতি ফলপ্ৰসূ নীতি প্ৰৱৰ্তন কৰিছে। তেওঁ কয় যে অতি শীঘ্ৰে  দক্ষতা, গৱেষণা, আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ মঞ্চত নিজৰ স্থান নিশ্চিত কৰিব।

****

RK/VV/PS/PR/DM


(Release ID: 2171766) Visitor Counter : 4