কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

বিহাৰৰ ১৩৯ডব্লিউ ৰাষ্ট্ৰীয় ঘাইপথৰ সাহিবগঞ্জ-আৰেৰাজ-বেটিয়া অংশৰ হাইব্ৰিড এনুইটি মোড (এইচ এ এম)ত ৩,৮২২.৩১ কোটি টকা ব্যয় সাপেক্ষে ৪ লেনিং কৰাৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

Posted On: 24 SEP 2025 3:07PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে বিহাৰৰ ১৩৯ ডব্লিউ ৰাষ্ট্রীয় ঘাইপথৰ সাহিবগঞ্জ-আৰেৰাজ-বেটীয়া অংশৰ হাইব্রিড এনুইটি মোড (HAM)ত ৪-লেনিঙৰ প্রস্তাৱত অনুমোদন জনায়৷ এই প্ৰকল্পৰ মুঠ দৈৰ্ঘ্য ৭৮.৯৪২ কিলোমিটাৰ আৰু ইয়াৰ ব্যয় হ’ব ৩,৮২২.৩১ কোটি টকা।

এই প্ৰস্তাৱিত ফ’ৰলেন গ্ৰীণফিল্ড প্ৰকল্পৰ লক্ষ্য ৰাজ্যৰ ৰাজধানী পাটনা আৰু বেটিয়াৰ মাজত সংযোগ উন্নত কৰা। ইয়াৰ জৰিয়তে উত্তৰ বিহাৰৰ বৈশালী, চাৰণ, ছিৱান, গোপালগঞ্জ, মুজাফ্ফৰপুৰ, পূব চম্পাৰণ আৰু পশ্চিম চম্পাৰণ জিলাক ভাৰত-নেপাল সীমান্তৰ অঞ্চলসমূহৰ সৈতে সংযোগ কৰা হ’ব। এই প্ৰকল্পই দীৰ্ঘ দূৰত্বৰ মাল পৰিবহণ বৃদ্ধি কৰিব, মূল আন্তঃগাঁথনিৰ সুবিধা উন্নত কৰিব আৰু কৃষি আৰু ঔদ্যোগিক খণ্ড আৰু সীমা অতিক্ৰম কৰি বাণিজ্যিক পথৰ সৈতে সংযোগ উন্নত কৰি আঞ্চলিক অৰ্থনৈতিক উন্নয়নত সুবিধা প্ৰদান কৰিব।

এই প্ৰকল্পই পিএম গতি শক্তিৰ সাতটা অৰ্থনৈতিক ন'ড, ছটা সামাজিক ন'ড, আঠটা লজিষ্টিক ন'ড আৰু ৯টা প্ৰধান পৰ্যটন আৰু ধৰ্মীয় কেন্দ্ৰ সংযোগ কৰি কেশাৰিয়া বুদ্ধ স্তুপা (চাহেবগঞ্জ), সোমেশ্বৰনাথ মন্দিৰ (আৰেৰাজ), জৈন মন্দিৰ আৰু বিশ্ব শান্তি স্তুপা (বৈশালী) আৰু মহাবীৰ মন্দিৰ (পাটনা)কে ধৰি গুৰুত্বপূৰ্ণ ঐতিহ্য আৰু বৌদ্ধ পৰ্যটন স্থলীসমূহৰ প্ৰৱেশৰ উন্নতি সাধন কৰিব। ইয়াৰ দ্বাৰা বিহাৰৰ বৌদ্ধ চাৰ্কিট আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটনৰ সম্ভাৱনা শক্তিশালী হ’ব।

১৩৯ ডব্লিউ ৰাষ্ট্রীয় ঘাইপথৰ বিকল্প পথত দ্ৰুতবেগী সংযোগ প্ৰদানৰ পৰিকল্পনা কৰা হৈছে। ই ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ, ৭২২নং ৰাষ্ট্ৰীয় ঘাইপথ, ৭২৭নং ৰাষ্ট্ৰীয় ঘাইপথ, ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২২৭এ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত এক গুৰুত্বপূৰ্ণ সংযোগ হিচাপে কাম কৰিব।

ইয়াক ১০০ কিলোমিটাৰ প্ৰতি ঘণ্টা ডিজাইন গতিৰ বাবে ডিজাইন কৰা হৈছে যদিও গড়ে ৮০ কিলোমিটাৰ গতিৰে যান-বাহন চম্ভালিব পাৰে। ইয়াৰ ফলত বৰ্তমানৰ বিকল্পৰ তুলনাত সাহিবগঞ্জ আৰু বেটিয়াৰ মাজত মুঠ যাত্ৰাৰ সময় ২.৫ ঘণ্টাৰ পৰা ১ ঘণ্টালৈ হ্ৰাস পাব। তদুপৰি যাত্ৰী আৰু মালবাহী বাহনৰ বাবে নিৰাপদ, দ্ৰুত আৰু নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰিব।

এই প্ৰস্তাৱিত ৭৮.৯৪ কিলোমিটাৰ প্ৰকল্পই প্ৰায় ১৪.২২ লাখ মানৱ দিনৰ প্ৰত্যক্ষ নিয়োগ আৰু ১৭.৬৯ লাখ মানৱ দিনৰ পৰোক্ষ নিয়োগ সৃষ্টি কৰিব। প্ৰস্তাৱিত কৰিডৰৰ আশে-পাশে থকা অঞ্চলত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ লগতে প্ৰকল্পটোৱে অতিৰিক্ত কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিব।

১৩৯ডব্লিউ ৰাষ্ট্ৰীয় ঘাইপথৰ সাহিবগঞ্জ-আৰেৰাজ-বেটিয়া অংশৰ বাবে প্ৰকল্প প্ৰান্তিককৰণৰ মানচিত্ৰ।

***

MJPS/SKS/DB


(Release ID: 2170777) Visitor Counter : 21