গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

গুজৰাটৰ গান্ধীনগৰত ষ্টাৰ্টআপ কনক্লেভ ২০২৫ উদ্বোধন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে

এই কনক্লেভে উদীয়মান ষ্টাৰ্টআপসমূহক বিনিয়োগকাৰীৰ সৈতে সংযোগ কৰাৰ বাবে এক উল্লেখযোগ্য মঞ্চ প্ৰদান কৰিব আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘মাইণ্ড টু মাৰ্কেট’ মন্ত্ৰক বাস্তৱায়িত কৰিব

দেশৰ যুৱক-যুৱতী আৰু ষ্টাৰ্টআপ প্ৰধানমন্ত্ৰী মোদীৰ নতুন ভাৰতৰ দৃষ্টিভংগীৰ মেৰুদণ্ড

ষ্টাৰ্টআপ ইণ্ডিয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় যুৱক-যুৱতীসকলক চাকৰি প্ৰত্যাশীৰ পৰা চাকৰি সৃষ্টিকাৰীলৈ ৰূপান্তৰিত কৰিছে

‘ষ্টাৰ্টআপ ইণ্ডিয়া’ আৰম্ভ হোৱাৰ আঠ বছৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ ইক’ছিষ্টেম হিচাপে পৰিগণিত হৈছে

প্ৰধানমন্ত্ৰী মোদীয়ে ষ্টাৰ্টআপক কেৱল লাভজনক সত্তাৰ বাহিৰলৈ উন্নীত কৰি আত্মনিৰ্ভৰশীলতাৰ এক উল্লেখযোগ্য আহিলা কৰি তুলিছে

দেশৰ ৪৮% ষ্টাৰ্টআপ মহিলাই প্ৰতিষ্ঠা কৰিছে আৰু উত্তৰ-পূবৰ ৯০০টা ষ্টাৰ্টআপ মহিলাৰ নেতৃত্বত আছে

Posted On: 23 SEP 2025 5:01PM by PIB Guwahati

আজি গুজৰাটৰ গান্ধীনগৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে ষ্টাৰ্টআপ কনক্লেভ ২০২৫ উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত  গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ পেটেলৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।9B7A6702.JPG

ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰীগৰাকীয়ে কয় যে এই সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ষ্টাৰ্টআপ জগতত ভাৰতৰ পৰিচয় প্ৰতিষ্ঠা আৰু প্ৰত্যাহ্বানৰ সমাধান বিচাৰি উলিওৱাৰ অভিযানৰ সকলো দিশত আলোচনা কৰা হ’ব। উদ্ভাৱন, উন্নীতকৰণ  আৰু ত্বৰান্বিত কৰাৰ তিনিটা মন্ত্ৰৰ বিষয়বস্তুকলৈ এই সন্মিলনৰ আয়োজন কৰা হৈছে। তেওঁ উল্লেখ কৰে যে দুদিনৰ ভিতৰত বিভিন্ন বিষয়ত সাতখন  অধিৱেশনত অনুষ্ঠিত হ’ব, যিয়ে উদীয়মান ষ্টাৰ্টআপসমূহক বিনিয়োগকাৰীৰ সৈতে সংযোগ স্থাপনৰ বাবে এক উল্লেখযোগ্য মঞ্চ প্ৰদান কৰিব আৰু প্ৰধানমন্ত্ৰী মোদীৰ ‘মাইণ্ড টু মাৰ্কেট’ মন্ত্ৰক বাস্তৱায়িত কৰিব। শ্ৰী শ্বাহে লগতে আলোকপাত কৰে যে এই অনুষ্ঠানৰ সময়ত ভাৰতীয় জ্ঞান ব্যৱস্থাৰ সংকলনো  মুকলি কৰা হৈছে। তেওঁ কয় যে এই ব্যৱস্থাত আয়ুৰ্বেদ, ধ্ৰুপদী কলা, স্থাপত্য, গণিত, দৰ্শন, বিজ্ঞান, মহাকাশ, পৰিৱেশ আদি ক্ষেত্ৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ উন্নত জ্ঞানক সামৰি লোৱা হৈছে। শ্ৰী শ্বাহে লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে নতুন শিক্ষা নীতিৰ জৰিয়তে ভাৰতীয় জ্ঞান ব্যৱস্থাৰ ওপৰত গৱেষণা আৰু অধ্যয়নৰ বাবে এটা ধাৰা  সৃষ্টি কৰিছে, যাৰ ফলত ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এই সম্পদ  মুকলি হৈছে। এই জ্ঞানৰ সহায় লৈ ভাৰতীয় যুৱক-যুৱতীসকলে বিশ্বমানৰ গৱেষণা কৰিব পাৰিব।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে মন্তব্য কৰে যে ২০১৪ চনৰ আগতে ভাৰতীয় যুৱক-যুৱতীসকলে নতুনত্ব আনিবলৈ, গৱেষণা কৰিবলৈ বা ষ্টাৰ্টআপ খণ্ডত নিজৰ ধাৰণাসমূহ কাৰ্যকৰী কৰিবলৈ দেশৰ বাহিৰলৈ যাবলগীয়া  হৈছিল। ২০০০ চনত ভাৰতত ষ্টাৰ্টআপ, ছিষ্টেম, ইক’ছিষ্টেমৰ কোনো ধাৰণা নাছিল। ২০১৪ চনলৈকে ৫০০ টাতকৈও কম ষ্টাৰ্টআপ আছিল আৰু ষ্টাৰ্টআপৰ সপোন দেখাটো কেৱল ধনী পৰিয়ালৰ পটভূমিৰ সন্তানৰ  বাবেহে সম্ভৱপৰ আছিল। তেওঁ লগতে  কয় যে বিগত দহ বছৰত প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৬ চনত ষ্টাৰ্টআপ ইণ্ডিয়া আৰম্ভ কৰিছিল আৰু আজি ভাৰত বিশ্বমানৰ ষ্টাৰ্টআপ ইক’ছিষ্টেম গঢ়ি তোলাৰ ক্ষেত্ৰত দ্ৰুতগতিত বৃদ্ধি পোৱা দেশ হিচাপে পৰিগণিত হৈছে। শ্ৰী শ্বাহে কয় যে ষ্টাৰ্টআপ ইণ্ডিয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় যুৱক-যুৱতীসকলক চাকৰি প্ৰত্যাশীৰ পৰা চাকৰি সৃষ্টিকাৰীলৈ ৰূপান্তৰিত কৰাৰ সপোন পূৰণ কৰিছে। তেওঁ ষ্টাৰ্টআপসমূহক কেৱল লাভজনক সত্তাৰ বাহিৰলৈও উন্নীত কৰিছে, যাৰ ফলত এইবোৰ  আত্মনিৰ্ভৰশীলতাৰ এক উল্লেখযোগ্য আহিলা হৈ পৰিছে। ষ্টাৰ্টআপ ইক’ছিষ্টেম দেশৰ বহু প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ, উদ্ভাৱনক ত্বৰান্বিত কৰাৰ, আৰু যুৱক-যুৱতীসকলৰ সৃষ্টিশীলতাৰ বাবে সুযোগ প্ৰদানৰ এক মঞ্চত পৰিণত হৈছে।

 

 

 

শ্ৰী অমিত শ্বাহে কয় যে ২০১৬ চনৰ পৰা ২০২৪ চনলৈকে আঠ বছৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ ইক’ছিষ্টেম হিচাপে পৰিগণিত হৈছে। তদুপৰি বিগত দহ বছৰত ভাৰতেও ষ্টাৰ্টআপ ইক’ছিষ্টেমক শক্তিশালী কৰি তৃতীয় বৃহত্তম ডিজিটেল ইক’চিষ্টেম হিচাপে আত্মপ্ৰকাশ কৰিছে। ডিজিটেল পৰিৱেশ তন্ত্ৰই যুৱক-যুৱতীসকলৰ ধাৰণা, দৃষ্টিভংগী আৰু সাহসক দ্ৰুতগতিত দেশ  আৰু বিশ্বৰ আগস্থানলৈ আনিছে। তেওঁ কয় যে ২০১৫ চনত গ্ল’বেল ইনোভেচন ইনডেক্সত ভাৰতৰ ৰেংকিং আছিল ৯১ নম্বৰ  আৰু আজি ই ৩৮ নম্বৰত উপনীত হৈছে। গৃহমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে অহা তিনি বছৰৰ ভিতৰত ভাৰতে গ্ল’বেল ইনোভেচন ইনডেক্সত শীৰ্ষ দহখন দেশৰ ভিতৰত স্থান লাভ কৰিব আৰু আহি থকা  বছৰবোৰত গ্ল’বেল ইনোভেচনৰ নেতৃত্ব দিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰৰ ১১ বছৰত দেশত উল্লেখযোগ্য পৰিৱৰ্তন দেখা গৈছে, ষ্টাৰ্টআপ ইক’ছিষ্টেম সম্প্ৰসাৰণৰ বাবে প্ৰতিটো খণ্ডতে প্ৰচেষ্টা চলোৱা হৈছে। এই সম্প্ৰসাৰণৰ কৃতিত্ব প্ৰধানমন্ত্ৰী মোদীয়ে সৃষ্টি কৰা পৰিৱেশ তন্ত্ৰৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰো আছে। তেওঁ আলোকপাত কৰে যে ২০১৪ চনত ষ্টাৰ্টআপৰ সংখ্যা ৫০০ৰ পৰা আজি ১.৯২ লাখলৈ বৃদ্ধি পাইছে, যিটো ৩৮০গুণ বৃদ্ধি। একেদৰে ইউনিকৰ্ণ ষ্টাৰ্টআপৰ সংখ্যা ২০১৪ চনত মাত্ৰ ৪ টাৰ পৰা আজি ১২০ টাতকৈও অধিক হৈছে, যাৰ মুঠ মূল্যই ৩৫০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে। শ্ৰী শ্বাহে  কয় যে ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে প্ৰধানমন্ত্ৰী মোদীয়ে সৃষ্টি কৰা পৰিৱেশ তন্ত্ৰৰ সহায় লৈ প্ৰতিভাৰ ব্যৱহাৰ কৰি ইউনিকৰ্ণ ষ্টাৰ্টআপ সৃষ্টি কৰিব পাৰি। তেওঁ উদ্যোগৰ অংশীদাৰসকলক প্ৰতিটো ক্ষেত্ৰত  সম্প্ৰসাৰণৰ বাবে ষ্টাৰ্টআপসমূহৰ সৈতে সহযোগিতা ৰক্ষা কৰিবলৈ আহ্বান জনায়।

9B7A6413.JPG

শ্ৰী অমিত শ্বাহে কয় যে ভাৰতত বৰ্তমান আই টি খণ্ডত ২১ হাজাৰ আৰু স্বাস্থ্যসেৱাত ১৭ হাজাৰ ষ্টাৰ্টআপ আছে। তদুপৰি কৃষি, সেৱা খণ্ড, শিক্ষাৰ ক্ষেত্ৰত ১১ হাজাৰকৈ ষ্টাৰ্টআপ আছে। তেওঁ লগতে কয় যে ভাৰতৰ ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰৰ শক্তি প্ৰদৰ্শন কৰি ষ্টাৰ্টআপসমূহে ভাৰতৰ ৭৭০খন জিলালৈ নিজৰ প্ৰসাৰতা বৃদ্ধি কৰিছে। তদুপৰি ৪৮% ষ্টাৰ্টআপ মহিলাই প্ৰতিষ্ঠা কৰিছে আৰু উত্তৰ-পূবৰ ৯০০টা ষ্টাৰ্টআপ মহিলাৰ নেতৃত্বত আছে। শ্ৰী শ্বাহে লগতে উল্লেখ কৰে যে ষ্টাৰ্টআপ ইক’ছিষ্টেমে এতিয়ালৈকে ১৭.৯ লাখ লোকক বহনক্ষম কৰ্মসংস্থাপন প্ৰদান কৰিছে।

9B7A6527.JPG

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় দপ্তৰৰ  মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ষ্টাৰ্টআপৰ বাবে এক সহায়ক পৰিৱেশ সৃষ্টি কৰিছে আৰু এইবোৰৰ বৃদ্ধিৰ বাবে বিত্তীয়, নীতি, আন্তঃগাঁথনি, বেংকিং, আৰু উদ্যোগৰ সহায় আগবঢ়াইছে। তেওঁ কয় যে ১০ হাজাৰ কোটি টকাৰ পূঁজি গঠন কৰা হৈছে, ৯৪৫ কোটি টকাৰ কৰ্পাছৰ সৈতে ষ্টাৰ্টআপ ইণ্ডিয়া ছিড ফাণ্ড আৰম্ভ কৰা হৈছে, সৰ্বোচ্চ ঋণৰ সীমা ১০ কোটিৰ পৰা ২০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে, প্ৰুফ অৱ কনচেপ্টৰ বাবে ২০ লাখ টকা পৰ্যন্ত সাহায্য  অনুমোদন কৰা হৈছে আৰু ৫০ লাখ টকা পৰ্যন্ত প্ৰট’টাইপ নিৰ্মাণৰ বাবে পূঁজিৰ অনুমোদন দিয়া হৈছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে মেক ইন ইণ্ডিয়া আৰম্ভ কৰিছিল, ১৪টা মূল খণ্ডত পিএলআই আঁচনি প্ৰৱৰ্তন কৰিছিল, ৪০ হাজাৰৰো অধিক অনুপালন  আঁতৰাইছিল আৰু অপৰাধমূলক আইনৰ শ্ৰেণীৰ পৰা ৩৪০০ৰো অধিক আইন আঁতৰাই পেলাইছিল।

9B7A6434.JPG

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বাহিৰে আন কোনোৱেও জি এছ টি সৰল আৰু সংস্কাৰ কৰিব নোৱাৰিলেহেঁতেন। বহুদিনৰ মূৰত দেশত দেখা গৈছে প্ৰধানমন্ত্ৰী মোদীৰ দৰে এজন নেতাক , যাৰ ওপৰত কৰদাতা আৰু জনসাধাৰণ উভয়ে আস্থা ৰাখিব পাৰে। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে অতি সাহসেৰে আৰু সকলো ৰাজ্যকে লগত লৈ জি এছ টি সফলতাৰে ৰূপায়ণ কৰিলে। জি এছ টি সংগ্ৰহ ৮০ হাজাৰ কোটি টকাৰ পৰা আৰম্ভ হৈছিল আৰু আজি ২ লাখ কোটি টকাৰ ঘৰো অতিক্ৰম কৰিছে। শ্ৰী শ্বাহে লগতে কয় যে জি এছ টি সংস্কাৰৰ অধীনত প্ৰধানমন্ত্ৰী মোদীয়ে বহু সামগ্ৰীৰ মূল্য আধা, এক তৃতীয়াংশ, আনকি কিছু ক্ষেত্ৰত শূন্যলৈও হ্ৰাস কৰিছে। জি এছ টি সংস্কাৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণক দেখুৱাই দিছে  যে চৰকাৰৰ উদ্দেশ্য দেশ চলাবলৈ ৰাজহ সংগ্ৰহ কৰা, জনসাধাৰণক শোষণ কৰা নহয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে  কয় যে ভাৰতৰ স্বাধীনতাৰ পিছৰে পৰা জনসাধাৰণে প্ৰথমবাৰৰ বাবে এনে বৃহৎ পৰিমাণৰ কৰ হ্ৰাসৰ সাক্ষী হৈ পৰিছে। তেওঁ উল্লেখ কৰে যে জি এছ টি সংস্কাৰ হৈছে কৰদাতা আৰু চৰকাৰৰ মাজত আস্থাৰ সেতু। শ্ৰী শ্বাহে স্মৰণকৰে যে যেতিয়া মোদী চৰকাৰ ক্ষমতালৈ আহিছিল তেতিয়া ২.৫ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত কৰ ৰেহাই দিয়া হৈছিল, কিন্তু আজি ১২ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত শূন্য কৰ আৰোপ কৰা হৈছে। এই দুটা উদাহৰণে প্ৰমাণ কৰে যে চৰকাৰে শোষণৰ বাবে নহয়, জনসাধাৰণৰ বাবে, দেশৰ উন্নয়নৰ বাবে  আৰু আত্মনিৰ্ভৰশীলতাৰ বাবে কৰ আৰোপ কৰে। শ্ৰী শ্বাহে কয় যে তেওঁৰ এই পদক্ষেপে আগন্তুক দশকবোৰত কৰদাতা আৰু ভাৰত চৰকাৰৰ মাজত আস্থাৰ সেতু হিচাপে কাম কৰিব।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিগত চাৰি বছৰে গুজৰাটে ষ্টাৰ্টআপৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰি আহিছে। তেওঁ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলক প্ৰশংসা কৰি কয়  যে তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীক ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰি গুজৰাটক ষ্টাৰ্টআপ বিপ্লৱৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে। ১৬,০০০ টা ষ্টাৰ্টআপৰ সৈতে গুজৰাট দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত আৰু ৬,৬৫০ টা ষ্টাৰ্টআপৰ সৈতে আহমেদাবাদ শীৰ্ষ চাৰিখন চহৰৰ ভিতৰত আছে। শ্ৰী শ্বাহে লগতে  উল্লেখ কৰে যে ভাৰতৰ উদীয়মান উদ্যোগসমূহৰ ভিতৰত ষ্টাৰ্টআপসমূহেই হৈছে অগ্ৰণী খণ্ড  আৰু প্ৰধানমন্ত্ৰী মোদীয়ে এই খণ্ডৰ গতি, আকাৰ, পৰিসৰ বৃদ্ধি কৰাৰ কল্পনা কৰিছিল — যি  দৃষ্টিভংগী এতিয়া বাস্তৱায়িত হৈছে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে য’ত প্ৰতিভাক ব্যৱহাৰ কৰাৰ সামৰ্থ্য আছে তাত প্ৰধানমন্ত্ৰী মোদীৰ অধীনত ভাৰত চৰকাৰে আৰু শ্ৰী ভূপেন্দ্ৰ পেটেলৰ অধীনত গুজৰাট চৰকাৰে যুৱক-যুৱতীসকলৰ সৈতে দৃঢ়তাৰে থিয় দিছে। তেওঁ লগতে কয় যে যুৱক-যুৱতীসকলৰ সপোন বাস্তৱত পৰিণত কৰিবলৈ দুয়োগৰাকী নেতাই সম্ভৱপৰ সকলো সহযোগিতা আগবঢ়াইছে। শ্ৰী শ্বাহে এই সিদ্ধান্তত উপনীত হয় যে প্ৰধানমন্ত্ৰী মোদীৰ নতুন ভাৰতৰ দৃষ্টিভংগীৰ মেৰুদণ্ড হৈছে যুৱক-যুৱতী আৰু ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰ।

 

RK/VV/PS/PR/DM


(Release ID: 2170422)