প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰকবি ৰামধাৰী সিং দীনকৰৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Posted On: 23 SEP 2025 5:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰকবি ৰামধাৰী  সিং দীনকৰৰ জয়ন্তীত ভাৰতীয় সাহিত্য আৰু জাতীয় চেতনালৈ তেওঁৰ কালজয়ী অৱদানৰ কথা স্মৰণ কৰি  আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে  কয়-

 

"ৰাষ্ট্ৰীয় কবি ৰামধাৰী সিং দীনকৰৰ জন্ম বাৰ্ষিকীত মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি। তেওঁৰ কবিতাসমূহে বিহাৰৰ লগতে সমগ্ৰ দেশৰ জনসাধাৰণৰ মাজত দেশপ্ৰেমৰ এক গভীৰ ভাৱ জগাই তুলিছে। তেওঁৰ কবিতাৰ বহু শাৰী জনচেতনাত গভীৰভাৱে শিপাই আছে। বীৰত্ব আৰু মানৱতাৰে ৰঞ্জিত তেওঁৰ শক্তিশালী তথা কালজয়ী ৰচনাসমূহে প্ৰতিটো প্ৰজন্মকে ভাৰত মাতৃৰ সেৱাত উৎসৰ্গিতহৈ থাকিবলৈ  অনুপ্ৰাণিত কৰি যাব।"

*****

MJPS/SR/DM


 


(Release ID: 2170420)