প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মিছন সক্ষম অংগনৱাড়ী আৰু পোষণ ২.০ বিষয়ক এটা লেখা শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 19 SEP 2025 11:51AM by PIB Guwahati

শিশু, কিশোৰী, আৰু গৰ্ভৱতী মাতৃৰ পুষ্টি উন্নত কৰাৰ বাবে মিছন সক্ষম অংগনৱাড়ী আৰু পোষণ ২.০ কেনেদৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ, সেই সম্পৰ্কে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীৰ এটা লেখা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বেয়াৰ কৰে। শ্ৰী মোদীয়ে কয়- ‘ইয়াৰ জৰিয়তে দেশজুৰি বিস্তৃত অংগনৱাড়ী কেন্দ্ৰৰ বিশাল পৰিসৰৰ দ্বাৰা লাখ লাখ হিতাধিকাৰীয়ে সহায় লাভ কৰিছে।’

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীৰ এটা পোষ্টত সঁহাৰি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত কৈছে:

 ‘মিছন সক্ষম অংগনৱাড়ী আৰু পোষণ ২.০ শিশু, কিশোৰী, আৰু গৰ্ভৱতী মাতৃৰ পুষ্টি উন্নত কৰাৰ বাবে এক বৃহৎ পদক্ষেপ। এই পদক্ষেপৰ অধীনত দেশজুৰি বিয়পি থকা অংগনৱাড়ী কেন্দ্ৰৰ এক বিশাল পৰিসৰৰ দ্বাৰা লাখ লাখ হিতাধিকাৰীয়ে সাহায্য লাভ কৰি আছে। কেন্দ্ৰীয় মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ৰ এই আঁচনিখন কেনেদৰে আমাৰ লাখ লাখ শিশুৰ ভৱিষ্যত গঢ় দি আছে, সেই সম্পৰ্কে এই লেখাটোত বিতংভাৱে ব্যাখ্যা কৰিছে...’

 

***

MJPS/VJ/HS


(रिलीज़ आईडी: 2168396) आगंतुक पटल : 24
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , Telugu , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Kannada , Malayalam