গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে ঝাৰখণ্ডৰ হাজাৰীবাগত নক্সাল-বিৰোধী অভিযানত বৃহৎ সফলতা লাভৰ বাবে চিআৰপিএফ-ৰ কোব্ৰা বেটেলিয়ন আৰু ঝাৰখণ্ড আৰক্ষীক প্ৰশংসা কৰে
নক্সাল-বিৰোধী অভিযানটোত ১ কোটি টকাৰ বাউন্টি আগবঢ়োৱা কুখ্যাত নক্সাল কমাণ্ডাৰ চিচিএম সহদেৱ চোৰেন ওৰফে পৰৱেশক নিধন কৰা হৈছে
নিৰাপত্তা বাহিনীয়ে আন দুটা বাউন্টি আগবঢ়োৱা নক্সালকো নিধন কৰে - ৰঘুনাথ হেমব্ৰম ওৰফে চঞ্চল আৰু বীৰসেন গঞ্জু ওৰফে ৰামখেলাৱন
এই নক্সাল-বিৰোধী অভিযানৰ লগে-লগে উত্তৰ ঝাৰখণ্ডৰ বোকাৰো অঞ্চলৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে নিৰ্মূল হৈছে, অতি সোনকালেই সমগ্ৰ দেশ নক্সালবাদৰ ভীতিৰ পৰা মুক্ত হ’ব
Posted On:
15 SEP 2025 5:35PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি ঝাৰখণ্ডৰ হাজাৰীবাগত নক্সাল-বিৰোধী অভিযানত বৃহৎ সফলতা লাভৰ বাবে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)-ৰ কোব্ৰা বেটেলিয়ন আৰু ঝাৰখণ্ড আৰক্ষীক প্ৰশংসা কৰে।
এক্স-ৰ এটা প’ষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজি ঝাৰখণ্ডৰ হাজাৰীবাগত নক্সাল-বিৰোধী অভিযানত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)-ৰ কোব্ৰা বেটেলিয়ন আৰু ঝাৰখণ্ড আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰে। নক্সাল-বিৰোধী অভিযানটোত ১ কোটি টকাৰ বাউন্টি আগবঢ়োৱা কুখ্যাত নক্সাল কমাণ্ডাৰ চিচিএম সহদেৱ চোৰেন ওৰফে পৰৱেশক নিধন কৰা হৈছে। নিৰাপত্তা বাহিনীয়ে আন দুটা বাউন্টি আগবঢ়োৱা নক্সালকো নিধন কৰে – নক্সাল দুটাৰ নাম ৰঘুনাথ হেমব্ৰম ওৰফে চঞ্চল আৰু বীৰসেন গঞ্জু ওৰফে ৰামখেলাৱন। শ্ৰী শ্বাহে লগতে কয় যে এই নক্সাল-বিৰোধী অভিযানৰ লগে-লগে উত্তৰ ঝাৰখণ্ডৰ বোকাৰো অঞ্চলৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে নিৰ্মূল হৈছে আৰু অতি সোনকালেই সমগ্ৰ দেশো নক্সালবাদৰ ভীতিৰ পৰা মুক্ত হ’ব।
***
RK/VV/PS/PR/SB
(Release ID: 2167047)
Visitor Counter : 2
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam