গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৫ চনৰ হিন্দী দিৱস উপলক্ষে গান্ধীনগৰ (গুজৰাট)ত অনুষ্ঠিত পঞ্চম অখিল ভাৰতীয় ৰাজভাষা সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দীক চৰকাৰী ভাষা হিচাপে লৈ সকলো ভাৰতীয় ভাষাৰ সংৰক্ষণ, প্ৰসাৰ, আৰু বিকাশৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰে

মোদী জীৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতীয় ভাষা অনুভাগ প্ৰতিষ্ঠা কৰা হয়, যিয়ে হিন্দী আৰু অন্যান্য প্ৰধান ভাৰতীয় ভাষাৰ মাজত আদান-প্ৰদান বৃদ্ধি কৰি আহিছে

হিন্দী আৰু অন্যান্য ভাৰতীয় ভাষাৰ মাজত কোনো প্ৰতিযোগিতা নাই; এইবোৰ ইটোৱে সিটোৰ পৰিপূৰক

হিন্দী কেৱল কথা-বতৰাৰ বাবে ব্যৱহৃত আৰু প্ৰশাসনৰ ভাষা হৈ থকা উচিত নহয়, ই বিজ্ঞান, প্ৰযুক্তি, ন্যায়পালিকা আৰু পুলিচিঙৰ ভাষাও হ’ব লাগে

আজিৰে পৰা নতুনকৈ আৰম্ভ কৰা সাৰথি অনুবাদ ব্যৱস্থাৰ জৰিয়তে হিন্দীৰ পৰা ভাৰতীয় প্ৰধান সকলো ভাষালৈ সহজে অনুবাদ সম্ভৱ হ’ব

৫১ হাজাৰ শব্দৰে আৰম্ভ হোৱা হিন্দী শব্দসিন্ধু অভিধানখনত এতিয়া ৭ লাখৰো অধিক শব্দ আছে আৰু ২০২৯ চনৰ ভিতৰত ই বিশ্বৰ সৰ্ববৃহৎ অভিধান হিচাপে পৰিগণিত হ’ব

সংস্কৃতে আমাক জ্ঞানৰ নদী দিছে, আনহাতে হিন্দী আৰু অন্যান্য ভাৰতীয় ভাষাই সেই জ্ঞানক প্ৰৱাহিত কৰি প্ৰতিজন ব্যক্তিৰ ওচৰলৈ লৈ গৈছে

Posted On: 14 SEP 2025 4:55PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে  গুজৰাটৰ ৰাজধানী গান্ধীনগৰত অনুষ্ঠিত পঞ্চম অখিল ভাৰতীয় ৰাজভাষা সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ পেটেল, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত অৰ্জুন ৰাম মেঘৱাল, কেন্দ্ৰীয় গৃহ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত বন্দী সঞ্জয় কুমাৰকে ধৰি কেইবাগৰাকীও  বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় দপ্তৰৰ  মন্ত্ৰীগৰাকীয়ে  কেইবাখনো  প্ৰকাশনো  উন্মোচন কৰে।

সন্মিলনত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে কয় যে হিন্দী ভাৰতীয় ভাষাৰ সংগী আৰু হিন্দী তথা অন্যান্য ভাৰতীয় ভাষাৰ মাজত কোনো সংঘাত নাই। শ্ৰী শ্বাহে কয় যে ইয়াৰ আটাইতকৈ ডাঙৰ উদাহৰণ গুজৰাট। গুজৰাটত স্বামী দয়ানন্দ সৰস্বতী, মহাত্মা গান্ধী, চৰ্দাৰ বল্লভভাই পেটেল, কে.এম. মুন্সীয়ে হিন্দী মানি লৈছিল আৰু প্ৰচাৰো কৰিছিল। তেওঁ কয় যে গুজৰাটী আৰু হিন্দীৰ সহাৱস্থানে গুজৰাটক দুয়োটা ভাষাৰ বিকাশৰ এক উৎকৃষ্ট নিদৰ্শন কৰি তুলিছিল। শ্ৰী শ্বাহে কয় যে হিন্দী গুজৰাটৰ শিক্ষা ব্যৱস্থাৰ এক অংশ, আৰু ইয়াৰ বাবেই সমগ্ৰ দেশতে গুজৰাটৰ শিশুসকলৰ প্ৰসাৰতা বহু পৰিমাণে সম্প্ৰসাৰিত হৈছে। তেওঁ লগতে কয় যে বহু দূৰদৰ্শী নেতাই ইজনে সিজনৰ লগত যোগাযোগ কৰিবলৈ ভাৰতীয় ভাষা শিকাইছিল আৰু প্ৰতিখন ৰাজ্যতে হিন্দী ভাষাৰ প্ৰচাৰৰ বাবে আহ্বান জনাইছিল, যাৰ ফলত গুজৰাটৰ এজন ব্যক্তিয়ে দেশৰ যিকোনো ঠাইলৈ গৈ সহজে ব্যৱসায় চলাব পৰাৰ লগতে গ্ৰহণযোগ্যতা অৰ্জন  কৰিব পাৰে।

শ্ৰী অমিত শ্বাহে কয় যে বিগত পাঁচ বছৰ ধৰি দিল্লীৰ বাহিৰত , দেশৰ বিভিন্ন প্ৰান্তত অখিল ভাৰতীয় ৰাজভাষা সন্মিলন অনুষ্ঠিত হৈ আহিছে, যাৰ ফলত হিন্দী আৰু অন্যান্য ভাৰতীয় ভাষাৰ মাজত সংযোগ সবল কৰি তোলাৰ এক অতি উত্তম সুযোগ পোৱা গৈছে। তেওঁ কয় যে বিগত চাৰিখন সন্মিলনৰ অভিজ্ঞতা হৈছে এনে যে এই  সন্মিলনে নতুন দৃষ্টিভংগী, শক্তি, আৰু প্ৰেৰণা প্ৰদান কৰাত সক্ষম হৈছে । শ্ৰী শ্বাহে লগতে কয় যে হিন্দী কেৱল কথোপকথন আৰু প্ৰশাসনৰ ভাষা হৈ থাকিব নালাগে, বৰঞ্চ ই  বিজ্ঞান, প্ৰযুক্তি, ন্যায়, আৰু পুলিচিঙৰ ভাষাও হ’ব লাগে। তেওঁ লগতে কয় যে যেতিয়া সকলো কাম ভাৰতীয় ভাষাত কৰা হয় তেতিয়া ৰাইজৰ সৈতে বন্ধন স্বয়ংক্ৰিয়ভাৱে গভীৰ হৈ পৰে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে  কয় যে সাৰথি অনুবাদ ব্যৱস্থাই হিন্দীৰ পৰা সকলো স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় ভাষালৈ সহজ অনুবাদৰ সুবিধা প্ৰদান কৰিব। শ্ৰী শ্বাহে ৰাজ্যৰ সকলো মুখ্যমন্ত্ৰীক নিজ নিজ ভাষাত চিঠি প্ৰেৰণ কৰিবলৈ আহ্বান জনায় লগতে  একে ভাষাতে সঁহাৰি প্ৰেৰণ কৰা হ’ব বুলিও তেওঁ  আশ্বাস দিয়ে। তেওঁ দৃঢ়তাৰে কয় যে সাৰথি ব্যৱস্থা যিকোনো ভাষাত অনুবাদ কৰিব পৰাকৈ সজ্জিত আৰু লগতে হিন্দীৰ পৰা পোৱা সঁহাৰিসমূহ গ্ৰহণকাৰীৰ ভাষালৈ অনুবাদ কৰিব পৰা যায়। তেওঁ লগতে কয় যে, অনাগত দিনত সাৰথিৰ জৰিয়তে যোগাযোগ নিজৰ মাতৃভাষাত কৰাটো সম্ভৱ  হ’ব।

 

শ্ৰী অমিত শ্বাহে লগতে কয় যে ছত্ৰপতি শিৱাজী মহাৰাজে স্বৰাজৰ যুঁজত তিনিটা মূল নীতিৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছিল: স্বৰাজ, স্বধৰ্ম আৰু স্বভাষ, যিবোৰ  জাতীয় গৌৰৱৰ সৈতে আন্তঃসংলগ্ন। তেওঁ কয় যে যিখন দেশত কথিত ভাষা নিজৰ নহয়, সেইখন দেশে প্ৰকৃততে স্বাধীনতা বা গৌৰৱ অনুভৱ কৰিব নোৱাৰে। আমাৰ ভাষাসমূহৰ প্ৰতি গৌৰৱৰ পোষকতা কৰিবলৈ ৫১,০০০ শব্দৰে  আৰম্ভ কৰি এতিয়া ৭ লাখ শব্দতকৈও অধিক শব্দৰে  শব্দসিন্ধু অভিধানৰ সৃষ্টি কৰা হৈছে । শ্ৰী শ্বাহে আস্থা প্ৰকাশ কৰে যে ২০২৯ চনৰ ভিতৰত ই বিশ্বৰ সকলো ভাষাৰ ভিতৰত সৰ্ববৃহৎ অভিধান হিচাপে পৰিগণিত হ’ব। তেওঁ আলোকপাত কৰে যে এই অভিধানখনে হিন্দীক অধিক নমনীয় কৰি তুলিছে, যিটো বহুলভাৱে ব্যৱহৃত কথিত ভাষা হ’বলৈ অতি প্ৰয়োজনীয় কথা । শব্দসিন্ধুৰ ব্যৱহাৰে হিন্দী ভাষাক বহুমুখী, সকলোতে খাপ খোৱা  আৰু বহুলভাৱে গ্ৰহণযোগ্য কৰি তুলিব।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে  লগতে উল্লেখ কৰে যে মহাত্মা গান্ধীয়ে গুজৰাটী অভিধানৰ বিকাশত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল, এই কথা স্বীকাৰ কৰি যে এখন সমাজ শক্তিশালী থলুৱা ভাষা অবিহনে বিশ্বজুৰি মূৰ দাঙি  থিয় দিব নোৱাৰে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষভাবে  সক্ষম ব্যক্তিৰ কল্যাণৰ বাবে ব্যাপকভাবে  কাম কৰিছে। শ্ৰী শ্বাহে বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায় লৈ তেওঁলোকৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তাৰ  বিষয়তো গুৰুত্ব আৰোপ কৰে। তেওঁ এই অনুষ্ঠানত প্ৰদৰ্শিত এআই চালিত চছমাৰ বিষয়তো  আলোকপাত কৰে, যিয়ে দৃষ্টিহীন ব্যক্তিসকলক বহুখিনি সহায় কৰিব। এই চছমাৰে সম্পূৰ্ণ দৃষ্টিশক্তিহীন লোকেও পঢ়িব পাৰিব, আৰু যি পঢ়ে সেয়া এআই চালিত ব্যৱস্থাৰ জৰিয়তে তেওঁলোকৰ মাতৃভাষাত শুনা যাব।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে লগতে কয়-  মহাত্মা গান্ধীয়ে কৈছিল যে হিন্দী ভাষাই দেশখনক একত্ৰিত কৰি ৰাখিছে। তেওঁ কয়  যে সংস্কৃতে আমাক জ্ঞানৰ নদী দিছে, হিন্দীয়ে সেই জ্ঞান প্ৰতি ঘৰলৈ কঢ়িয়াই লৈ গৈছে আৰু মাতৃভাষাই সেই জ্ঞান প্ৰতিজন ব্যক্তিৰ মাজত বিয়পাই দিছে।

 

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰযুক্তিৰ জৰিয়তে আমাৰ স্থানীয় ভাষাসমূহ শক্তিশালী কৰাৰ বাবে বহু কাম কৰিছে। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদীৰ দ্বাৰা অনুপ্ৰাণিত হৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে চৰকাৰী ভাষা বিভাগৰ অধীনত ভাৰতীয় ভাষা অনুভাগ সৃষ্টি কৰিছে। এই অনুভাগে কেৱল হিন্দীক শক্তিশালী কৰাই নহয়, সকলো ভাৰতীয় ভাষাকে সমৰ্থন আৰু প্ৰচাৰ কৰিব। শ্ৰী শ্বাহে লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত চৰকাৰী ভাষা বিভাগে বহু পদক্ষেপ আগুৱাই লৈ গৈছে। যোৱা চাৰি বছৰত চৰকাৰী ভাষা সমিতিয়ে তিনিটা খণ্ড উপস্থাপন কৰিছে আৰু চতুৰ্থ খণ্ডটোও প্ৰস্তুত কৰা হৈছে। তেওঁ উল্লেখ কৰে যে দেশৰ প্ৰায় ৫৩৯খন চহৰত চৰকাৰী ভাষা সমিতি গঠন কৰা হৈছে।

অন্য ভাষাৰ প্ৰায় ৩ লাখ ২৮ হাজাৰ চৰকাৰী কৰ্মচাৰীক হিন্দী ভাষাত প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰ উপৰি ৪০,০০০ কৰ্মচাৰীক টাইপিং, ১,৯১৮ জন চৰ্টহেণ্ড আৰু ১৩,০০০ গৰাকী কৰ্মচাৰীক অনুবাদৰ প্ৰশিক্ষণ দিয়া হৈছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ১২টা ভাষাত জেইই , এনইইটি , ইউজিচি  পৰীক্ষাৰ প্ৰৱৰ্তন কৰিছে, যাৰ ফলত মাতৃভাষাত পঢ়া ছাত্ৰ-ছাত্ৰীৰ সফলতাৰ সম্ভাৱনা বৃদ্ধি পাইছে। শ্ৰী শ্বাহে কয় যে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বাবেও এতিয়া ১২টা ভাষাত পৰীক্ষা অনুষ্ঠিত হয়। তেওঁ লগতে কয় যে সত্তৰৰ দশকত মানুহে হিন্দী অতীতৰ বিষয়  হৈ পৰিছে বুলি কৈছিল, কিন্তু আজি আমি গৌৰৱেৰে ক’ব পাৰো যে চৰকাৰী ভাষা আৰু আমাৰ ভাৰতীয় ভাষাবোৰ ভৱিষ্যতৰ ভাষা তথা সেইবোৰো প্ৰযুক্তি, বিজ্ঞান, ন্যায়ৰ ভাষা হৈ পৰিব।

 

RK/VV/PR/PS/DM


(Release ID: 2166639) Visitor Counter : 2