প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰ-পূবে দেশৰ বাবে কেনেদৰে অগ্ৰণী ভূমিকা পালন কৰিছে, প্ৰধানমন্ত্ৰীয়ে সেই বিষয়ে এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে

Posted On: 12 SEP 2025 1:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা প্ৰবন্ধ শ্বেয়াৰ কৰি উত্তৰ-পূৰ্বাঞ্চলে কেনেকৈ দেশৰ বাবে অগ্ৰণী ভূমিকা পালন কৰিছে, সেই বিষয়ে ব্যাখ্যা কৰে। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰবন্ধটোত গুৰুত্ব আৰোপ কৰি বৈৰাবী-ছৈৰাং ৰেলপথ উদ্বোধনে কেনেদৰে এক ঐতিহাসিক মাইলৰ খুঁটি চিহ্নিত কৰি মিজোৰামক ৰাষ্ট্ৰীয় ৰেলৱে নেটৱৰ্কৰ সৈতে সংযোগ কৰিছে আৰু ই কেনেদৰে বাণিজ্য, সংযোগ আৰু সুযোগৰ নতুন দুৱাৰ মুকলি কৰিব, সেই বিষয়েও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এক্সৰ এটা পোষ্টত কয় যেঃ

“উত্তৰ-পূব এতিয়া প্ৰগতিৰ বাবে অপেক্ষা কৰা সীমান্ত নহয় বৰঞ্চ ভাৰতৰ উন্নয়নৰ কাহিনীৰ কেন্দ্ৰীয় বিষয়। বৈৰাবী-ছৈৰাং ৰে’লপথৰ উদ্বোধনে মিজোৰামক ৰাষ্ট্ৰীয় ৰে’ল নেটৱৰ্কৰ সৈতে সংযোগ কৰি, বাণিজ্য, সংযোগ আৰু সুযোগৰ নতুন দুৱাৰ মুকলি কৰি এক ঐতিহাসিক মাইলৰ খুঁটি চিহ্নিত কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @AshwiniVaishnaw ৰ এই প্ৰবন্ধটো পঢ়ক, য’ত উত্তৰ-পূৰ্বাঞ্চল কেনেকৈ দেশৰ আগশাৰীত পৰিণত হৈ পৰিছে, সেই বিষয়ে বুজাই দিয়া হৈছে!”

 

***

MJPS/SR/MK


(Release ID: 2166055) Visitor Counter : 2