কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

জিএছটিৰ নতুন হাৰ: কৃষি খণ্ড আৰু কৃষক ৰাইজৰ সমৃদ্ধিৰ বাবে এক আশীৰ্বাদ

“জিএছটি-ৰ সংস্কাৰ সাধনৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু বিত্তমন্ত্ৰীৰ প্ৰতি ৰাষ্ট্ৰখন কৃতজ্ঞ হৈছে”: কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান

“কৃষি খণ্ডত বিকাশৰ এক নতুন অধ্যায়ৰ সূচনা হ’ব আৰু আমি প্ৰতিটো খণ্ডতে ইতিবাচক ফলাফল প্ৰত্যক্ষ কৰিবলৈ পাম” – কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী চৌহান

Posted On: 09 SEP 2025 2:13PM by PIB Guwahati

জিএছটিৰ (সামগ্ৰী আৰু সেৱা কৰ) নতুন হাৰে কৃষি আৰু দুগ্ধ খণ্ডত এক ব্যাপক ৰূপান্তৰ সাধন কৰিব। জিএছটি-ৰ হাৰ হ্ৰাসৰ লগে-লগে সমগ্ৰ দেশৰ কৃষক ৰাইজ, কৃষি আৰু দুগ্ধ শ্ৰমিক তথা পশুপালকসকলে সন্তোষ প্ৰকাশেৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণক কৃতজ্ঞতা জনাইছে। কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে এই নতুন হাৰক বৈপ্লৱিক সিদ্ধান্ত বুলি অভিহিতকৰণেৰে ইয়াৰ ফলশ্ৰুতিত ঐতিহাসিক পৰিৱৰ্তন সাধন হ’ব বুলি আশা প্ৰকাশ কৰে।

ক্ষুদ্ৰ আৰু মজলীয়া কৃষকসকলৰ মাজত জিএছটি সংস্কাৰৰ ইতিবাচক প্ৰভাৱ ব্যাপকভাৱে দেখা যাব। কৃষি যন্ত্ৰপাতি আৰু সৌৰশক্তি-চালিত সঁজুলিৰ ক্ষেত্ৰত জিএছটি নিম্ন হ’লে কৃষিকাৰ্য্যৰ ব্যয় হ্ৰাস পাব আৰু কৃষক ৰাইজৰ লাভ বৃদ্ধি হ’ব। জৈৱ-কীটনাশক আৰু অণুপুষ্টিৰ ক্ষেত্ৰত জিএছটি হ্ৰাস কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত কৃষকসকল উপকৃত হ’ব আৰু ৰাসায়নিক সাৰৰ পৰা জৈৱ-সাৰলৈ স্থানান্তৰিত হোৱালৈ উৎসাহ জন্মিব। দুগ্ধ খণ্ডত এতিয়া গাখীৰ আৰু পনীৰৰ জিএছটি শূন্য হৈ পৰিব। ইয়াৰ ফলশ্ৰুতিত কেৱল সাধাৰণ নাগৰিকেই নহয়, বৰঞ্চ কৃষক, পশুপালক আৰু দুগ্ধ উৎপাদকসকলো উপকৃত হ’ব। জিএছটি সংস্কাৰে সংহত কৃষিকো প্ৰসাৰিত কৰিব। পশুপালন, মৌপালন, মীনপালন, কৃষি বনানীকৰণ আৰু হাঁহ-কুকুৰা পালনত স্পষ্ট সুবিধাৰ সঞ্চাৰ ঘটিব। টেণ্ডু পাতৰ জিএছটি হ্ৰাসৰ ব্যৱস্থাই জনজাতীয় সমাজসমূহৰ জীৱিকাক সুদৃঢ় কৰিব। একেদৰে বাণিজ্যিক সামগ্ৰীৰ বাহনৰ জিএছটি হ্ৰাসৰ ফলশ্ৰুতিত কৃষিজাত সামগ্ৰীৰ পৰিবহণ সুলভ হৈ উঠিব।

মূল্য হ্ৰাস, লাভ বৃদ্ধি

ট্ৰেক্টৰৰ মূল্য হ্ৰাস পাব

ট্ৰেক্টৰৰ অংশৰ মূল্য সুলভ হ’ব

কৃষি সঁজুলিৰ মূল্য অধিক সুলভ হৈ পৰিব

সৌৰশক্তি-চালিত জলসিঞ্চনৰ যন্ত্ৰ সুলভ হ’ব

সাৰৰ মূল্য হ্ৰাস পাব

কীটনাশকৰ মূল্য সুলভ হ’ব

ফল-মূল আৰু শাক-পাচলিৰ মূল্য সুলভ হ’ব

বাদামৰ মূল্য সুলভ হ’ব

খাদ্য সংসাধন খণ্ডক উদ্দীপনা যোগাব

গাখীৰ আৰু পনীৰত জিএছটি শূন্য

থলুৱা সামগ্ৰীৰ প্ৰসাৰ ঘটাব

‘প্ৰস্তুত/সংৰক্ষিত মাছ’ত জিএছটি হ্ৰাস

প্ৰাকৃতিক মৌৰ মূল্য সুলভ হ’ব

টেণ্ডু পাতৰ জিএছটি হ্ৰাস

ভিন্ন খণ্ডত জিএছটি হ্ৰাসৰ ইতিবাচক প্ৰভাৱ

কৃষিত ব্যৱহৃত যন্ত্ৰপাতি

  • ট্ৰেক্টৰৰ জিএছটি (<১৮০০ চিচি) ৫%-লৈ হ্ৰাস।
  • টায়াৰ, টিউব, হাইড্ৰলিক পাম্পকে প্ৰমুখ্য কৰি ট্ৰেক্টৰৰ অংশঃ জিএছটি ১৮%-ৰ পৰা ৫%-লৈ হ্ৰাস।
  • স্প্ৰিংকলাৰ, ড্ৰিপ জলসিঞ্চন, চপোৱা যন্ত্ৰ, ট্ৰেক্টৰৰ অংশঃ জিএছটি ১২%-ৰ পৰা ৫%-লৈ হ্ৰাস।
  • ফিক্সড স্পীড ডিজেল ইঞ্জিন (>১৫ এইচপি), পিছা/চপোৱা যন্ত্ৰ, পচন সাৰ মেচিনঃ জিএছটি ১২%-ৰ পৰা ৫%-লৈ হ্ৰাস।
  • ট্ৰেক্টৰৰ মূল্য হ্ৰাসৰ ফলশ্ৰুতিত ক্ষুদ্ৰ আৰু মজলীয়া কৃষকসকলৰ বাবে যন্ত্ৰ-পাতি সুলভ হৈ পৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত সময় ৰাহি হ’ব, শ্ৰমৰ ব্যয় হ্ৰাস পাব আৰু উৎপাদনশীলতা বৃদ্ধি পাব।

 

ভিন্ন বহুল প্ৰচলিত কৃষি যন্ত্ৰপাতি আৰু সা-সঁজুলিৰ ক্ষেত্ৰত পুৰণি আৰু নতুন জিএছটি-ৰ পাৰ্থক্য গণনাঃ-

ক্ৰমিক নং

কৃষি যন্ত্ৰপাতি আৰু সা-সঁজুলিৰ নাম

কৃষি যন্ত্ৰপাতি আৰু সা-সঁজুলিৰ প্ৰাথমিক ব্যয় (টকা)

বৰ্তমান জিএছটি-ৰ হাৰ @ ১২% (টকা)

১২% জিএছটি-ৰ সৈতে মুঠ ব্যয় (টকা)

আগন্তুক সংশোধিত জিএছটি-ৰ হাৰ @ ৫ (টকা)

সংশোধিত জিএছটি @ ৫%-ৰ সৈতে মুঠ ব্যয় (টকা)

সঞ্চয় (টকা)

ট্ৰেক্টৰ ৩৫ এইচপি

৫,৮০,০০০

৬৯,৬০০

৬,৫০,০০০

২৯,০০০

৬,০৯,০০০

৪১,০০০

ট্ৰেক্টৰ ৪৫ এইচপি

৬,৪৩,০০০

৭৭,১৬০

৭,২০,০০০

৩২,১৫০

৬,৭৫,০০০

৪৫,০০০

ট্ৰেক্টৰ ৫০ এইচপি

৭,৫৯.০০০

৯১,০৮০

৮,৫০,০০০

৩৭,৯৫০

৭,৯৭,০০০

৫৩,০০০

ট্ৰেক্টৰ ৭৫ এইচপি

৮,৯৩,০০০

১,০৭,১৬০

১০,০০,০০০

৪৪,৬৫০

৯,৩৭,০০০

৬৩,০০০

পাৱাৰ টিলাৰ ১৩ এইচপি

১,৬৯,৬৪৩

২০,৩৫৭

১,৯০,০০০

৮,৪৮২

১,৭৮,১২৫

১১,৮৭৫

ধান ট্ৰান্সপ্লান্টাৰ

২,২০,০০০

২৬,৪০০

২,৪৬,৪০০

১১,০০০

২,৩১,০০০

১৫,৪০০

মাল্টিক্ৰপ থ্ৰেচাৰ - ৪ টন/ ঘন্টা ক্ষমতা

২,০০,০০০

২৪,০০০

২,২৪,০০০

১,০০০০

২,১০,০০০

১৪,০০০

পাৱাৰ ৱেডাৰ - ৭.৫ এচপি

৭৮,৫০০

৯,৪২০

৮৭,৯২০

৩,৯২৫

৮২,৪২৫

৫,৪৯৫

ট্ৰেইলাৰ ৫ টন ক্ষমতা

১,৫০,০০০

১৮,০০০

১,৬৮,০০০

৭,৫০০

১,৫৭,৫০০

১০,৫০০

১০

বীজ তথা সাৰ ড্ৰিল - ১১ টন

৪৬,০০০

৫,৫২০

৫১,৫২০

২,৩০০

৪৮,৩০০

৩,২২০

১১

⁠⁠বীজ তথা সাৰ ড্ৰিল - ১৩ টন

৬২,৫০০

৭,৫০০.০০

৭০,০০০

৩,১২৫.০০

৬৫,৬২৫

৪,৩৭৫

১২

হাৰ্ভেষ্টাৰ কম্বাইন

১৪ ফুট কাটাৰ বাৰ

২৬,৭৮,৫৭১

৩,২১,৪২৮

৩০,০০,০০০

১,৩৩,৯২৮

২৮,১২,৫০০

১,৮৭,৫০০

১৩

ষ্ট্ৰ' ৰিপাৰ

৫ ফুট

৩,১২,৫০০

৩৭,৫০০

৩,৫০,০০০

১৫,৬২৫

৩,২৮,১২৫

২১,৮৭৫

১৪

চুপাৰ ছিডাৰ

৮ ফুট

২,৪১,০৭১

২৮,৯২৮.৫৭

২,৭০,০০০

১২,০৫৩

২,৫৩,১২৫

১৬,৮৭৫

১৫

⁠⁠হেপী ছিদাৰ

১০ টন

১,৫১,৭৮৬

১৮,২১৪

১,৭০,০০০

৭,৫৮৯.২৯

১,৫৯,৩৭৫

১০,৬২৫

১৬

ৰোটাভেটৰ

৬ ফুট

১,১১,৬০৭

১৩,৩৯২

১,২৫,০০০

৫,৫৮০

১,১৭,১৮৭

৭,৮১২

১৭

বেলাৰ স্কোৱাৰ

৬ ফুট

১৩,৩৯,২৮৬

১,৬০,৭১৪

১৫,০০,০০০

৬৬,৯৬৪

১৪,০৬,২৫০

৯৩,৭৫০

১৮

মালচাৰ

৮ ফুট

১,৬৫,১৭৯

১৯,৮২১

১,৮৫,০০০

৮,২৫৮

১,৭৩,৪৩৭

১১,৫৬২

১৯

বায়ুচালিত প্লান্টাৰ

৪,৬৮,৭৫০

৫৬,২৫০

৫,২৫,০০০

২৩,৪৩৭

৪,৯২,১৮৭

৩২,৮১২

২০

⁠⁠স্প্ৰেয়াৰ ট্ৰেক্টৰ মাউন্টেড

৪০০ লিটাৰ ক্ষমতা

১,৩৩,৯২৯

১৬,০৭১

১,৫০,০০০

৬,৬৯৬

১,৪০,৬২৫

৯,৩৭৫

সাৰ

  • এমনিয়া, ছালফিউৰিক এচিড, নাইট্ৰিক এচিডঃ জিএছটি ১৮%-ৰ পৰা ৫%-লৈ হ্ৰাস।
  • হাৰ হ্ৰাসৰ পৰিপ্ৰেক্ষিতত সাৰ উৎপাদনৰ বাবে ওলোটা শুল্কৰ গাঁথনি শুধৰোৱা হ’ব।

 

জৈৱ-কীটনাশক আৰু অণুপুষ্টিকৰ পদাৰ্থ

  • ১২ বিধ জৈৱ-কীটনাশক আৰু একাধিক অণুপুষ্টিকৰ পদাৰ্থঃ জিএছটি ১২%-ৰ পৰা ৫%-লৈ হ্ৰাস।
  • জৈৱ-ভিত্তিক ইনপুটসমূহক অধিক সুলভ কৰি তুলিব, পৰিবেশ-অনুকূল আৰু বহনক্ষম কৃষিকাৰ্য্যক প্ৰসাৰিত কৰিব।
  • কৃষকসকলক ৰাসায়নিক কীটনাশকৰ পৰা জৈৱ কীটনাশকলৈ স্থানান্তৰিত হ’বলৈ উৎসাহিত কৰিব, মাটিৰ গুণাগুণ আৰু শস্যৰ গুণাগুণ উন্নত কৰিব।
  • চৰকাৰৰ ৰাষ্ট্ৰীয় প্ৰাকৃতিক কৃষিকাৰ্য্য অভিযানৰ অধীনত ক্ষুদ্ৰ জৈৱিক কৃষক আৰু এফপিঅ’-লৈ প্ৰত্যক্ষ লাভ।

 

ফল-মূল, শাক-পাচলি আৰু খাদ্য সংসাধন

  • প্ৰস্তুত/সংৰক্ষিত শাক-পাচলি, ফল-মূল, বাদামঃ জিএছটি ১২%-ৰ পৰা ৫%-লৈ হ্ৰাস।
  • শীতল ভঁৰাল, খাদ্য সংৰক্ষণলৈ উদ্দীপনা আৰু মূল্য সংযোজন।
  • পচনশীল সামগ্ৰীৰ অপচয় হ্ৰাস কৰিব, কৃষক ৰাইজে অধিক মূল্য পোৱাটো নিশ্চিত কৰিব।
  • সংসাধিত খাদ্যৰ ৰপ্তানিক প্ৰসাৰিত কৰিব, কৃষি-ৰপ্তানিৰ কেন্দ্ৰ হিচাপে ভাৰতৰ স্থিতিক সুদৃঢ় কৰিব।

 

দুগ্ধ খণ্ড

  • গাখীৰ আৰু পনীৰৰ ক্ষেত্ৰত জিএছটি শূন্য।
  • ঘিউ, বাটাৰ আদিৰ ক্ষেত্ৰত জিএছটি ১২%-ৰ পৰা ৫%-লৈ হ্ৰাস।
  • দুগ্ধ পালকসকলৰ সামগ্ৰীক অধিক প্ৰতিযোগিতামূলক কৰি তুলিব।
  • মিল্ক কেনত (আইৰন/তীখা/এলুমিনিয়াম) জিএছটি এতিয়া ১২%-ৰ পৰিৱৰ্তে ৫%।
  • থলুৱা দুগ্ধজাত সামগ্ৰীক প্ৰসাৰিত কৰিব।

 

জলজ কৃষি

  • ‘প্ৰস্তুত বা সংৰক্ষিত মাছ’ৰ জিএছটি ১২%-ৰ পৰা ৫%-লৈ হ্ৰাস।
  • দেশজুৰি জলজ কৃষি আৰু মীন পালনক উৎসাহিত কৰিব।

মৌ

  • প্ৰাকৃতিক মৌৰ ক্ষেত্ৰত জিএছটি হ্ৰাস কৰা হৈছে, ইয়াৰ ফলশ্ৰুতিত মৌপালক, জনজাতীয় সমাজ আৰু গ্ৰামীণ আত্ম-সহায়ক গোটসমূহ (SHG) উপকৃত হ’ব।
  • কৃত্ৰিম মৌৰ ক্ষেত্ৰত জিএছটি (প্ৰাকৃতিক মৌৰ সৈতে মিহলি বা নোহোৱা) ১৮%-ৰ পৰা ৫%-লৈ হ্ৰাস।

 

সৌৰশক্তি-চালিত সঁজুলি

  • সৌৰশক্তি-চালিত যন্ত্ৰৰ জিএছটি ১২%-ৰ পৰা ৫%-লৈ হ্ৰাস।
  • সুলভ সৌৰ সঁজুলিয়ে জলসিঞ্চনৰ ব্যয় হ্ৰাস কৰিব, কৃষকসকলক সহায় কৰিব।

টেণ্ডু পাত

  • জিএছটি ১৮%-ৰ পৰা ৫%-লৈ হ্ৰাস।
  • ওড়িশা, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ কৃষক আৰু জনজাতীয় লোকসকলৰ বাবে টেণ্ডু পাত আয়ৰ এক মূল উৎস হোৱাৰ পৰিপ্ৰেক্ষিতত এনে হ্ৰাসে ৰাজ্য কেইখনৰ জীৱিকাৰ বৰ্ধন ঘটাব।

সামগ্ৰিকভাৱে কৃষিক্ষেত্ৰত জিএছটি-ৰ যুক্তিসংগতকৰণ কাৰ্য্যই কৃষক ৰাইজৰ ব্যয় হ্ৰাস কৰিব, সমবায় আৰু এফপিঅ’-ৰ বৰ্ধন ঘটাব আৰু খাদ্য সুৰক্ষাক সম্প্ৰসাৰিত কৰিব। সাৰৰ ব্যয় হ্ৰাসৰ ফলশ্ৰুতিত উৎপাদনশীলতা বৃদ্ধি পাব, শীতল ভঁড়াল আৰু কৃষি সংসাধন খণ্ড লাভান্বিত হ’ব তথা কৃষিকাৰ্য্যত যান্ত্ৰিকীকৰণ বৃদ্ধি পাব। এই সকলোবোৰৰ উপৰিও একুৱা কালচাৰ, দুগ্ধ পালন খণ্ড আৰু ইয়াৰে জড়িত সমবায়সমূহ অধিক লাভান্বিত হ’ব। আমাৰ ঘৰুৱা খাদ্য উৎপাদন খাদ্য সামগ্ৰীৰ আমদানিৰ তুলনাত অধিক প্ৰতিযোগিতামূলক হ’ব, যিয়ে আত্মনিৰ্ভৰতাক উদ্দীপনা যোগাব।

*******

RC/KSR/AR/SB


(Release ID: 2165130) Visitor Counter : 2