প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ১৫ ছেপ্টেম্বৰত কলকাতাত সংযুক্ত কমাণ্ডাৰ সন্মিলন, ২০২৫ উদ্বোধন কৰিব

সংস্কাৰ, ৰূপান্তৰ তথা পৰিৱৰ্তন আৰু কাৰ্য্যকৰী প্ৰস্তুতিত গুৰুত্ব আৰোপ

Posted On: 08 SEP 2025 3:50PM by PIB Guwahati

সশস্ত্ৰ বাহিনীয়ে অহা ১৫-১৭ ছেপ্টেম্বৰত পশ্চিম বংগৰ কলকাতাত সংযুক্ত কমাণ্ডাৰ সন্মিলন (CCC), ২০২৫-ৰ আয়োজন কৰিছে। এই বৰ্ষৰ সন্মিলনৰ বিষয়বস্তু হৈছে ‘সংস্কাৰৰ বৰ্ষ - ভৱিষ্যতৰ বাবে ৰূপান্তৰ’। প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিবলগীয়া এই সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা, প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী, প্ৰতিৰক্ষা মুৰব্বী আৰু প্ৰতিৰক্ষা সচিবেও অংশগ্ৰহণ কৰিব। ইয়াত তিনিও সেৱা আৰু সংহত প্ৰতিৰক্ষা ষ্টাফৰ বিষয়া-বৰ্গসকলকে প্ৰমুখ্য কৰি আন-আন মন্ত্ৰালয়ৰ সচিবসকলেও ভাগ ল’ব।

চিচিচি, ২০২৫-ত সংস্কাৰ, ৰূপান্তৰ তথা পৰিৱৰ্তন আৰু কাৰ্য্যকৰী প্ৰস্তুতিত গুৰুত্ব আৰোপ কৰা হ’ব। গুৰুত্ব আৰোপৰ এনে ক্ষেত্ৰসমূহে একেলগে প্ৰতিষ্ঠানিক সংস্কাৰ সাধন, গভীৰ সংহতি আৰু প্ৰযুক্তিগত আধুনিকীকৰণ তথা একে সময়তে বহু-ডমেইনৰ উচ্চ পৰ্য্যায়ৰ কাৰ্য্যকৰী প্ৰস্তুতি অক্ষুণ্ণ ৰখাৰ প্ৰতি সশস্ত্ৰ বাহিনীৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে। এই আলোচনাত ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰা ভূ-কৌশলগত বাতাবৰণত এটি প্ৰাণোচ্ছল আৰু নিৰ্ণায়ক সশস্ত্ৰ বাহিনীক অধিক শক্তিশালীকৰণৰ প্ৰয়াস গ্ৰহণ কৰা হ’ব। সৰ্বাংগীন সংযোগৰ পৰম্পৰা অব্যাহত ৰাখি এই সন্মিলনত সশস্ত্ৰ বাহিনীৰ ভিন্ন পদবীৰ বিষয়া আৰু জোৱানসকলৰ মত-বিনিময় অধিবেশন অনুষ্ঠিত হ’ব। এই প্ৰচেষ্টাৰ জৰিয়তে ক্ষেত্ৰ-পৰ্য্যায়ৰ দৃষ্টিভংগীৰাজিয়ে সৰ্বোচ্চ পৰ্য্যায়ত আলোচনাক সমৃদ্ধ কৰিব।

চিচিচি হৈছে সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ-পৰ্য্যায়ৰ চিন্তা-চৰ্চাৰ এখনি মঞ্চ। ইয়াত ৰাষ্ট্ৰৰ শীৰ্ষ অসামৰিক আৰু সামৰিক নেতৃবৰ্গ একত্ৰিত হৈ ধাৰণাগত আৰু কৌশলগত পৰ্য্যায়ত মত-বিনিময় কৰে।

******

VK/Savvy/SB


(Release ID: 2164878) Visitor Counter : 2