প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে জেৰুজালেমত সংঘটিত জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে

प्रविष्टि तिथि: 08 SEP 2025 9:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জেৰুজালেমত নিৰীহ সাধাৰণ নাগৰিকৰ ওপৰত সংঘটিত জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। "ভাৰতে সন্ত্ৰাসবাদৰ সকলো ৰূপ তথা প্ৰকাশকে গৰিহণা জনাই আহিছে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতিত দৃঢ়তাৰে থিয় দিছে", শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰে;

"আজি জেৰুজালেমত নিৰীহ সাধাৰণ নাগৰিকৰ ওপৰত সংঘটিত জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি নিহতসকলৰ পৰিয়াল-বৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন আৰু আহতসকলৰ আশু-আৰোগ্য কামনা কৰিছোঁ।

ভাৰতে সন্ত্ৰাসবাদৰ সকলো ৰূপ তথা প্ৰকাশকে গৰিহণা জনাই আহিছে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতিত দৃঢ়তাৰে থিয় দিছে।"

@netanyahu

***

MJPS/VJ/SB
 


(रिलीज़ आईडी: 2164875) आगंतुक पटल : 21
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam