প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মুদ্ৰা যোজনা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে

‘মুদ্ৰা যোজনা’ কোনো নিৰ্দিষ্ট গোটতে সীমাবদ্ধ নহয়, বৰং যুৱপ্ৰজন্মক নিজৰ ভৰিত থিয় হ’ব পৰাকৈ শক্তিশালী কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে: প্ৰধানমন্ত্ৰী

উদ্যোগ আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধিত ‘মুদ্ৰা যোজনা’ৰ এক ৰূপান্তৰণশীল প্ৰভাৱ আছে: প্ৰধানমন্ত্ৰী

‘মুদ্ৰা যোজনা’ই উদ্যোগ সন্দৰ্ভত সামাজিক মনোভাৱ সলনিৰ জৰিয়তে এক নীৰৱ বিপ্লৱৰ সূচনা কৰিছে: প্ৰধানমন্ত্ৰী

‘মুদ্ৰা আঁচনি’ৰ সৰ্বাধিক হিতাধিকাৰীৰ অন্যতম হৈছে মহিলাসকল: প্ৰধানমন্ত্ৰী

আঁচনিখনৰ অধীনত ৫২ কোটি ঋণ বিতৰণ কৰা হৈছে, যি হৈছে বিশ্বৰ ভিতৰতে এক অতুলনীয় সাফল্য: প্ৰধানমন্ত্ৰী

Posted On: 08 APR 2025 12:03PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘৭, লোক কল্যাণ মাৰ্গ’ত ‘প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ দশম বৰ্ষপূৰ্তি’ উপলক্ষে ‘মুদ্ৰা যোজনা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ সকলো অংশগ্ৰহণকাৰীৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে, অতিথিসকলক আদৰণি জনোৱাৰ সাংস্কৃতিক গুৰুত্ব আৰু তেওঁলোকৰ উপস্থিতিয়ে এটা ঘৰলৈ অনা পৱিত্ৰতাৰ প্ৰসংগ উল্লেখ কৰে। তেওঁ অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ অভিজ্ঞতা সহভাগ কৰিবলৈ আমন্ত্ৰণ জনাইছিল। শ্ৰী মোদীয়ে পোহনীয়া জন্তু যোগনীয়াৰ, ঔষধ আৰু সেৱা উদ্যোগী হোৱা হিতাধিকাৰী এগৰাকীৰ সৈতে বাৰ্তালাপ কৰি প্ৰত্যাহ্বানপূৰ্ণ সময়ত নিজৰ সম্ভাৱনাত বিশ্বাস কৰা লোকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ হিতাধিকাৰীসকলক ঋণ অনুমোদন কৰা বেংক বিষয়াসকলক আমন্ত্ৰণ জনাবলৈ আৰু ঋণৰ বাবে হোৱা অগ্ৰগতি তেওঁলোকৰ আগত প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে যে এনে কাৰ্যই কেৱল তেওঁলোকৰ বিশ্বাসকে স্বীকৃতি নিদিয়ে, লগতে ডাঙৰ সপোন দেখিবলৈ সাহস কৰা ব্যক্তিসকলক সমৰ্থন কৰাৰ সিদ্ধান্তৰ প্ৰতিও আস্থাক অনুপ্ৰাণিত কৰিব। তেওঁ লগতে উল্লেখ কৰে যে তেওঁলোকৰ সমৰ্থনেৰে লাভ কৰা সুফল প্ৰদৰ্শন কৰিলে তেওঁলোকে নিঃসন্দেহে বিকাশ আৰু সফলতা বৃদ্ধিত তেওঁলোকৰ অৱদানৰ বাবে গৌৰৱান্বিত অনুভৱ কৰিব।

কেৰালাৰ এগৰাকী উদ্যোগী শ্ৰী গোপীকৃষ্ণৰ সৈতে বাৰ্তালাপ কৰি ‘প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা’ৰ ৰূপান্তৰণশীল প্ৰভাৱৰ কথা উল্লেখ কৰে যাৰ ফলত তেওঁ এগৰাকী সফল উদ্যোগীলৈ ৰূপান্তৰিত হ’বলৈ সক্ষম হয়, যিয়ে পৰিয়াল আৰু কাৰ্যালয়সমূহৰ বাবে ‘নৱীকৰণযোগ্য শক্তি সমাধান’ত গুৰুত্ব আৰোপ কৰিছিল আৰু চাকৰিৰ সুযোগ সৃষ্টি কৰিছিল। মুদ্ৰা ঋণৰ বিষয়ে জানিবলৈ পোৱাৰ পিছত ডুবাইত থকা তেওঁৰ কোম্পানীৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীৰ যাত্ৰাৰ কথা উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে ‘প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ উদ্যোগ’-ৰ অধীনত সৌৰপাতৰ  সংস্থাপন দুদিনৰ ভিতৰতে সম্পূৰ্ণ হয়। তেওঁ ‘প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ উদ্যোগ’-ৰ হিতাধিকাৰীসকলৰ প্ৰতিক্ৰিয়াৰ বিষয়েও শুনি কয় যে কেৰালাৰ পৰিয়ালসমূহে এতিয়া প্ৰচুৰ বৰষুণ আৰু গছৰ ঘন আৱৰণৰ দৰে প্ৰত্যাহ্বান স্বত্বেও বিনামূলীয়া বিদ্যুৎ উপভোগ কৰে। শ্ৰীকৃষ্ণই মন্তব্য কৰি কয় যে বিদ্যুতৰ বিল আগতে প্ৰায় ৩,০০০টকা আছিল, এতিয়া ২৪০-২৫০ টকালৈ হ্ৰাস পাইছে, আনহাতে তেওঁৰ মাহিলী উপাৰ্জন ২.৫ লাখ টকা বা তাতকৈয়ো অধিক হৈছে।

প্ৰধানমন্ত্ৰীয়ে এগৰাকী মহিলা উদ্যোগী আৰু ছত্তীশগড়ৰ ৰায়পুৰৰ ‘হাউছ অব পুচকা’-ৰ প্ৰতিষ্ঠাপকৰ সৈতে বাৰ্তালাপ কৰে, যিয়ে ঘৰুৱা ৰন্ধনৰ পৰা এক সফল ‘কেফে’ ব্যৱসায় স্থাপনলৈ তেওঁৰ প্ৰেৰণাদায়ক যাত্ৰাৰ কাহিনী সহভাগ কৰে। তেওঁ কয় যে লাভৰ পৰিমান আৰু খাদ্য ব্যয় ব্যৱস্থাপনা-ৰ গৱেষণাই এই ঔদ্যোগিক সফলতাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ লগতে কয় যে যুৱপ্ৰজন্মৰ মনত ভয় আছে, তেওঁ কয় যে বহুতে বিপদাশংকা লোৱাৰ সলনি চাকৰিত থিতাপি লোৱাটো পছন্দ কৰে। ইয়াৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে বিপদাশংকা লোৱাৰ সামৰ্থ্যৰ গুৰুত্বত আলোকপাত কৰে আৰু কয় যে ২৩ বছৰ বয়সতে হাউছ অব পুচকা-ৰ প্ৰতিষ্ঠাপকে বিপদাশংকা লোৱাৰ সামৰ্থ্য আৰু তেওঁৰ ব্যৱসায় গঢ়ি তোলাৰ বাবে কাৰ্যকৰীভাৱে সময় উলিয়াইছিল। হিতাধিকাৰীজনে ৰায়পুৰ, কৰ্পোৰেট জগতৰ বন্ধুবৰ্গ আৰু শিক্ষাৰ্থীসকলৰ মাজত হোৱা আলোচনাৰ সন্দৰ্ভত মন্তব্য কৰে, তেওঁলোকৰ কৌতূহল আৰু উদ্যোগৰ সম্পৰ্কীয় প্ৰশ্নবোৰ উল্লেখ কৰে। তেওঁ লগতে চৰকাৰী আঁচনিসম্পৰ্কে যুৱক-যুৱতীসকলৰ মাজত সজাগতাৰ অভাৱ সন্দৰ্ভত আলোকপাত কৰে, যিয়ে জামানতৰ প্ৰয়োজন নোহোৱাকৈয়ে পুঁজি প্ৰদান কৰে। তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে মুদ্ৰা ঋণ আৰু পিএমইজিপি ঋণৰ দৰে আঁচনিয়ে সম্ভাৱনাপূৰ্ণ লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰে আৰু যুৱক-যুৱতীসকলক এই আঁচনিসমূহৰ গৱেষণা কৰিবলৈ আৰু সাহসী পদক্ষেপ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে আৰু কয় যে বিকাশ আৰু সফল হ'বলৈ ইচ্ছুকসকলৰ বাবে আকাশৰ কোনো সীমা নাই।

আন এগৰাকী হিতাধিকাৰী, কাশ্মীৰৰ বাৰামুলাত বেক মাই কেক-ৰ গৰাকী শ্ৰী মুদাছিৰ নকশবান্দীয়ে চাকৰি বিচৰাৰ পৰা চাকৰি সৃষ্টিকৰ্তালৈ হোৱা পৰিৱৰ্তনৰ যাত্ৰাৰ কাহিনী সহভাগ কৰি কয় যে তেওঁ বাৰামুলাৰ দূৰৱৰ্তী অঞ্চলৰ ৪২ গৰাকী ব্যক্তিক সুস্থিৰ নিযুক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে মুদ্ৰা ঋণ পোৱাৰ আগতে তেওঁৰ উপাৰ্জনৰ বিষয়ে জানিব বিচাৰে, যাৰ উত্তৰত মুদাছিৰে কয় যে তেওঁৰ উপাৰ্জন তেতিয়া কেই হাজাৰ মান আছিল, কিন্তু তেওঁৰ উদ্যোগী যাত্ৰাই এতিয়া তেওঁক লাখ-কোটি টকীয়া উপাৰ্জনকাৰীলৈ উন্নীত কৰিছে। প্ৰধানমন্ত্ৰীয়ে মুদাছিৰৰ ব্যৱসায়িক কাৰ্যকলাপত ‘ইউপিআই’-ৰ ব্যাপক ব্যৱহাৰৰ কথা স্বীকাৰ কৰে। তেওঁ মুদাছিৰৰ পৰ্যৱেক্ষণৰ কথা উল্লেখ কৰে যে ৯০% লেনদেন ‘ইউপিআই’-ৰ জৰিয়তে কৰা হয়, যাৰ ফলত কেৱল ১০% নগদ ধনহে হাতত থাকে।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে ৱাপীৰ চাকৰিৰ পৰা চিলভাছাত এজন সফল উদ্যোগী হোৱা শ্ৰী সুৰেশৰ প্ৰেৰণাদায়ক কাহিনী শুনিছিল। সুৰেশে কৈছিল যে ২০২২ চনত তেওঁ উপলব্ধি কৰিছিল যে কেৱল এটা চাকৰিয়েই পৰ্যাপ্ত নহয় আৰু তেওঁ নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। তেওঁ লগতে কয় যে মোৰ সফলতা দেখিয়েই কিছু সংখ্যক বন্ধুৱে এতিয়া তেওঁলোকৰ নিজা উদ্যোগ আৰম্ভ কৰিবলৈ ‘মুদ্ৰা ঋণ’ৰ বাবে আবেদন কৰাৰ কথা বিবেচনা কৰিবলৈ লৈছে। প্ৰধানমন্ত্ৰীয়ে আনক উদ্যোগৰ দিশত সাহসী পদক্ষেপ ল'বলৈ অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত এনে সফলতাৰ কাহিনীৰ প্ৰভাৱ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে।

ৰায়বৰেলীৰ এগৰাকী মহিলা উদ্যোগীয়ে তেওঁৰ নেতৃত্বত এমএছএমইসমূহক আগবঢ়োৱা সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ অনুজ্ঞাপত্ৰ আৰু পুঁজি লাভ কৰাৰ সহজতাৰ বিষয়ে মন্তব্য কৰে, যিবোৰ আগতে প্ৰত্যাহ্বানজনক আছিল, আৰু এক উন্নত ভাৰত গঢ়ি তোলাত অৰিহণা যোগোৱাৰ প্ৰতিশ্ৰুতি দিছিল। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ আৱেগিক কথাৰ শুনে আৰু মাহিলী ২.৫ ৰ পৰা লাখ টকাৰ ব্যৱসায় কৰি ‘বেকাৰী’ৰ ব্যৱসায় চলোৱাত তেওঁৰ সফলতাৰ কথা উল্লেখ কৰে আৰু সাতৰ পৰা আঠজন ব্যক্তিক নিযুক্তি প্ৰদান কৰাৰ কথাত সন্তুষ্টি প্ৰকাশ কৰে।

মধ্য প্ৰদেশৰ ভূপালৰ শ্ৰী লৱকুশ মেহৰাই ২০২১ চনত লাখ টকা প্ৰাৰম্ভিক ঋণলৈ ফাৰ্মাচিউটিকেলৰ ব্যৱসায় আৰম্ভ কৰিছিল। প্ৰাৰম্ভিক আশংকা স্বত্বেও তেওঁ তেওঁৰ ঋণ ৯.৫ লাখ টকালৈ সম্প্ৰসাৰিত কৰে আৰু ৫০ লাখ টকাতকৈয়ো অধিক আয় অৰ্জন কৰে, যিটো পৰিমান প্ৰথম বছৰত ১২ লাখ টকা আছিল। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে ‘মুদ্ৰা যোজনা’ কোনো নিৰ্দিষ্ট গোটতে সীমাবদ্ধ নহয়, যুৱ-প্ৰজন্মক নিজৰ ভৰিত থিয় দিব পৰাকৈ শক্তিশালী কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে। তেওঁ লৱকুশৰ শেহতীয়া সাফল্য সন্দৰ্ভত মন্তব্য কৰে, যাৰ ভিতৰত আছে ৩৪ লাখ টকাৰ ঘৰ ক্ৰয় কৰা আৰু প্ৰতি মাহে ১.৫ লাখতকৈয়ো অধিক উপাৰ্জন কৰা, যি তেওঁৰ পূৰ্বৰ চাকৰিৰ পৰা পোৱা ৬০,০০০ টকাৰ পৰা ৭০,০০০ টকাতকৈ এক গুৰুত্বপূৰ্ণভাবে অধিক আছিল। প্ৰধানমন্ত্ৰীয়ে তেওঁক অভিনন্দন জনায় আৰু সফলতা অৰ্জনৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ ভূমিকা স্বীকাৰ কৰে। তেওঁ হিতাধিকাৰীসকলক ‘মুদ্ৰা ঋণ’ আৰু ইয়াৰ লাভালাভসমূহৰ বিষয়ে ৰাইজৰ মাজত প্ৰচাৰ কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে তেতিয়া গুজৰাটৰ ভাৱনগৰৰ এগৰাকী যুৱ উদ্যোগীৰ অনুপ্ৰেৰণামূলক যাত্ৰাৰ কথা শুনে, যিয়ে ২১ বছৰ বয়সত আদিত্য লেব প্ৰতিষ্ঠা কৰিছিল। মেকাট্ৰনিক্সৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ উদ্যোগীগৰাকীয়ে ৩ডি প্ৰিণ্টিং, ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং, ৰেপিড প্ৰটোটাইপিং আৰু ৰবটিক্সত ব্যৱসায় আৰম্ভ কৰিবলৈ কিশোৰ শ্ৰেণীৰ অধীনত ২ লাখ টকাৰ মুদ্ৰা ঋণ সফলতাৰে ব্যৱহাৰ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উদ্যোগীগৰাকীৰ নিষ্ঠা, সপ্তাহৰ দিনত মহাবিদ্যালয় আৰু সপ্তাহান্তত ব্যৱসায়িক কাৰ্যকলাপৰ মাজত ভাৰসাম্য বজাই ৰখা, পৰিয়ালৰ সমৰ্থনত দূৰৰ পৰা কাম কৰি মাহে ৩০,০০০ৰ পৰা ৩৫,০০০ টকা উপাৰ্জন কৰাৰ কথা উল্লেখ কৰে।

মানালীৰ এগৰাকী মহিলা উদ্যোগীয়ে পাচলিৰ বজাৰত কাম কৰি এটা সফল ব্যৱসায় চলোৱাৰ কাহিনী বৰ্ণনা কৰিছিল। তেওঁ কৈছিল যে তেওঁ ২০১৫-১৬ত ২.৫০ লাখ টকাৰ মুদ্ৰা ঋণৰে ব্যৱসায় আৰম্ভ কৰিছিল, যিটো তেওঁ আঢ়ৈ বছৰৰ ভিতৰত পৰিশোধ কৰিছিল। পৰৱৰ্তী সময়ত ৫ লাখ টকা, ১০ লাখ টকা আৰু ১৫ লাখ টকাৰ ঋণৰ জৰিয়তে তেওঁ পাচলিৰ দোকানৰ পৰা ৰেচনৰ দোকানলৈ তেওঁৰ ব্যৱসায় সম্প্ৰসাৰিত কৰি বাৰ্ষিক আয় ১০ৰ পৰা ১৫ লাখ টকা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে উদ্যোগীসকলক সবলীকৰণৰ ক্ষেত্ৰত তেওঁলোকৰ সংকল্প আৰু মুদ্ৰা যোজনাৰ ইতিবাচক প্ৰভাৱৰ প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে ইয়াৰ লগতে অন্ধ্ৰপ্ৰদেশৰ এগৰাকী মহিলা উদ্যোগীৰ অনুপ্ৰেৰণামূলক যাত্ৰাৰ কথা শুনিছিল, যি এগৰাকী গৃহিণীৰ পৰা মৰাপাটৰ বেগৰ সফল ব্যৱসায়লৈ পৰিবৰ্তন হৈছিল। তেওঁ মন্তব্য কৰিছিল যে ২০১৯ চনত গ্ৰাম্য স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰশিক্ষণ লাভ কৰাৰ পিছত তেওঁ কোনো বন্ধক অবিহনে কানাড়া বেংকৰ পৰা ২ লাখ টকাৰ মুদ্ৰা ঋণ লাভ কৰিছিল। তেওঁৰ সফল ঋণ পৰিশোধৰ ইতিহাসৰ বাবে, তেওঁ ২০২২ চনত অতিৰিক্ত ৯ লাখ ৫০ হাজাৰ টকাৰ অনুমোদন লাভ কৰিছিল, যি আঁচনিখনৰ পৰিসৰ আৰু বিকাশত সহায় কৰিছিল। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সংকল্প আৰু তেওঁৰ সামৰ্থ্যৰ ওপৰত বেংকৰ বিশ্বাসৰ কথা উল্লেখ কৰে আৰু নিযুক্তি আৰু দক্ষতা বিকাশৰ জৰিয়তে গ্ৰাম্য মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টাক প্ৰশংসা কৰি মৰাপাট প্ৰশিক্ষণ সদস্য আৰু উদ্যোগী হিচাপে তেওঁৰ দ্বৈত ভূমিকাক স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে উদ্যোগশীলতা আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধিৰ ক্ষেত্ৰত মুদ্ৰা যোজনাৰ পৰিবৰ্তনমূলক প্ৰভাৱৰ বিষয়েও মন্তব্য কৰে।

বিহাৰৰ শ্ৰীমতী পুনম কুমাৰী, যিগৰাকীয়ে অত্যাধিক আৰ্থিক বাধা অতিক্ৰম কৰি মুদ্ৰা যোজনাৰ সহায়ত এগৰাকী সফল উদ্যোগী হোৱাৰ কাহিনী বৰ্ণনা কৰিছিল। এগৰাকী কৃষক পৰিয়ালৰ সদস্য হিচাপে তেওঁ কয় যে তেওঁৰ স্বামীৰ সৈতে এই ধাৰণাটো আলোচনা কৰাৰ পিছত ব্যৱসায় এটা আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। বিস্তৃত নথি-পত্ৰৰ প্ৰয়োজন নোহোৱাকৈ তেওঁ মুদ্ৰা যোজনাৰ অধীনত ৮ লাখ টকাৰ ঋণ লাভ কৰিছিল। এই সমৰ্থনত তেওঁ বীজৰ ওপৰত গুৰুত্ব দি ২০২৪ চনত তেওঁৰ ব্যৱসায় আৰম্ভ কৰিছিল, তেওঁৰ স্বামীয়ে বিপণন দিশবোৰ পৰিচালনা কৰিছিল।

শ্ৰী মোদীয়ে পুনম কুমাৰীৰ বিত্তীয় অগ্ৰগতিৰ প্ৰশংসা কৰি উল্লেখ কৰে যে তেওঁৰ মাহিলী উপাৰ্জন ৬০,০০০ টকাত উপনীত হৈছে, যাৰ ফলত তেওঁ আত্মনিৰ্ভৰশীল হৈ পৰিছে আৰু পৰিয়ালৰ আস্থা লাভ কৰিছে। দ্ৰুতভাৱে ঋণ পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি আৰু অধিক সফলতা অৰ্জনৰ ওপৰত তেওঁৰ বিশ্বাসৰ বাবে শ্ৰীমোদীয়ে তেওঁক প্ৰশংসা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে পুনম কুমাৰীৰ দৰে ব্যক্তিসকলৰ ওপৰত মুদ্ৰা যোজনাৰ পৰিবৰ্তনশীল প্ৰভাৱক প্ৰশংসা কৰে, যিসকলে এই আঁচনিখন নিজৰ জীৱন উন্নত কৰিবলৈ আৰু সমাজক অৰিহণা যোগাবলৈ ব্যৱহাৰ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে নাগৰিক, বিশেষকৈ মহিলাৰ সবলীকৰণ আৰু সমগ্ৰ ভাৰতত উদ্যমশীলতা বৃদ্ধিৰ ক্ষেত্ৰত মুদ্ৰা যোজনাৰ পৰিবৰ্তনশীল প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰে। এই আঁচনিখনে কেনেদৰে প্রান্তিক আৰু অৰ্থনৈতিকভাৱে বঞ্চিত ব্যক্তিসকলক বিত্তীয় সহায় প্ৰদান কৰিছে, যাৰ ফলত তেওঁলোকে গেৰাণ্টি বা ব্যাপক কাগজ-পত্ৰৰ প্ৰয়োজন নোহোৱাকৈ নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ সক্ষম হৈছে, সেই বিষয়েও শ্ৰীমোদীয়ে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে উদ্যমশীলতাৰ প্ৰতি সামাজিক দৃষ্টিভংগীৰ গুৰুত্বপূৰ্ণ পৰিবৰ্তনৰ কথা উল্লেখ কৰি মুদ্ৰা যোজনাই সৃষ্টি কৰা নীৰৱ বিপ্লৱৰ বিষয়ে মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে এই আঁচনিখনে মহিলাসকলক কেৱল বিত্তীয় সাহায্য প্ৰদান কৰাই নহয়, তেওঁলোকৰ বাবে তেওঁলোকৰ ব্যৱসায়ৰ নেতৃত্ব আৰু বিকাশৰ সুযোগ সৃষ্টি কৰিছে। তেওঁ উল্লেখ কৰে যে ঋণ আবেদন, অনুমোদন আৰু দ্ৰুত পৰিশোধৰ ক্ষেত্ৰত আঁচনিখনৰ সৰ্বাধিক হিতাধিকাৰীসকলৰ ভিতৰত আগশাৰীৰ মহিলাসকল আছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুদ্ৰা ঋণৰ দায়িত্বশীল ব্যৱহাৰৰ জৰিয়তে ব্যক্তিসকলৰ মাজত দেখা দিয়া অনুশাসন সন্দৰ্ভত আলোকপাত কৰে। তেওঁ মন্তব্য কৰিছিল যে এই আঁচনিখনে জীৱন আৰু কেৰিয়াৰ গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰে, আনহাতে পুঁজিৰ অপব্যৱহাৰৰ প্ৰচেষ্টাক নিৰুৎসাহিত কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মুদ্ৰা যোজনাৰ অধীনত ভাৰতৰ নাগৰিকসকলক গেৰাণ্টিৰ প্ৰয়োজন নোহোৱাকৈ ৩৩ লাখ কোটি টকা বিতৰণ কৰা হৈছে। তেওঁ দেশৰ প্ৰতিভাশালী যুৱক-যুৱতীসকলৰ ওপৰত আস্থা প্ৰকাশ কৰে, যিসকলে এই পুঁজি কৰ্মসংস্থাপন সৃষ্টি আৰু অৰ্থনীতিৰ বিকাশৰ বাবে ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিছে।

শ্ৰী মোদীয়ে মন্তব্য কৰে যে মুদ্ৰা যোজনাৰ জৰিয়তে কৰ্মসংস্থাপন সৃষ্টিয়ে অৰ্থনৈতিক বিকাশত যথেষ্ট অৰিহণা যোগাইছে। তেওঁ লক্ষ্য কৰিছিল যে সাধাৰণ নাগৰিকৰ উপাৰ্জন বৃদ্ধি পাইছে, যিয়ে তেওঁলোকক তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ আৰু তেওঁলোকৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ সক্ষম কৰি তুলিছে। তেওঁ আঁচনিখনৰ জৰিয়তে লাভ কৰা সামাজিক লাভালাভৰ কথাও তেওঁ স্বীকাৰ কৰিছিল।

চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পৰম্পৰাগত দৃষ্টিভংগীৰ বিপৰীতে তেওঁৰ প্ৰশাসনে আঁচনিখন ৰূপায়ণৰ ১০ বছৰৰ পিছত সক্ৰিয় মতামত বিচাৰিছে। তেওঁ দেশজুৰি হিতাধিকাৰী আৰু গোটসমূহৰ সৈতে আলোচনা কৰি আঁচনিখনৰ অগ্ৰগতি পৰ্যালোচনা কৰা, উন্নতিৰ সুযোগ চিনাক্ত কৰা আৰু অধিক সফলতাৰ বাবে প্ৰয়োজনীয় সংস্কাৰ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

মুদ্ৰা ঋণৰ পৰিসৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত চৰকাৰৰ আত্মবিশ্বাসৰ ওপৰত আলোকপাত কৰি যি আৰম্ভণিতে ৫০,০০০ টকাৰ পৰা ৫ লাখ টকালৈ আছিল, এতিয়া ২০ লাখ টকালৈ উপনীত হৈছে, শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সম্প্ৰসাৰণে ভাৰতৰ নাগৰিকসকলৰ উদ্যমশীলতাৰ মনোভাৱ আৰু সামৰ্থ্যৰ ওপৰত ৰখা বিশ্বাসক প্ৰতিফলিত কৰে, যি আঁচনিখনৰ সফল ৰূপায়ণৰ জৰিয়তে শক্তিশালী হৈছে।

মুদ্ৰা যোজনাৰ সুবিধা ল'বলৈ আৰু নিজৰ উদ্যোগ আৰম্ভ কৰিবলৈ আনক উৎসাহিত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে ব্যক্তিসকলক কমেও আন পাঁচৰ পৰা দহজনক অনুপ্ৰাণিত আৰু সমৰ্থন কৰিবলৈ আহ্বান জনায়, যাৰ ফলত তেওঁলোকৰ মাজত আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি পায়। তেওঁ উল্লেখ কৰে যে এই আঁচনিৰ অধীনত ৫২ কোটি টকাৰ ঋণ বিতৰণ কৰা হৈছে, যিটো বিশ্বব্যাপী এক অভূতপূৰ্ব সাফল্য।

গুজৰাটত তেওঁৰ কাৰ্যকালৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে ‘গৰীব কল্যাণ মেলা’ ৰ কথা উল্লেখ কৰে, য’ত অনুপ্ৰেৰণামূলক বাটৰ নাটসমূহে জনসাধাৰণক দৰিদ্ৰতা অতিক্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁ ব্যক্তিসকলে বিত্তীয় স্বাধীনতা লাভ কৰাৰ পিছত তেওঁলোকৰ চৰকাৰী সুবিধাসমূহ ঘূৰাই দিয়া আৰু তেওঁলোকৰ পৰিবৰ্তনৰ বিষয়ে এটা কাহিনী বৰ্ণনা কৰিছিল। তেওঁ গুজৰাটৰ এটা জনজাতীয় গোটৰ এক অনুপ্ৰেৰণামূলক কাহিনী বৰ্ণনা কৰিছিল, যিয়ে সামান্য ঋণ লৈ পৰম্পৰাগত সংগীত পৰিবেশনৰ পৰা এটা পেছাদাৰী বেণ্ডলৈ পৰিবৰ্তিত হৈছিল। এই উদ্যোগটোৱে কেৱল তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰাই নহয়, বৰং সৰু সৰু প্ৰচেষ্টাই কেনেদৰে গুৰুত্বপূৰ্ণ পৰিবৰ্তন আনিব পাৰে সেই বিষয়েও আলোকপাত কৰিছিল। তেওঁ মন্তব্য কৰিছিল যে পৰিবৰ্তনৰ এনে কাহিনীয়ে তেওঁক অনুপ্ৰাণিত কৰে আৰু ৰাষ্ট্ৰ নিৰ্মাণত সামূহিক প্ৰচেষ্টাৰ সম্ভাৱনাক প্ৰতিফলিত কৰে।

শ্ৰী মোদীয়ে মানুহৰ আকাংক্ষা আৰু পৰিস্থিতি অধ্যয়ন আৰু সমাধান কৰাৰ এক সঁজুলি হিচাপে ‘মুদ্ৰা যোজনা’ত তেওঁৰ বিশ্বাসৰ কথা পুনৰ দোহাৰে। তেওঁ আঁচনিখনৰ সফলতাৰ প্ৰসংগত আস্থা প্ৰকাশ কৰে আৰু সমাজলৈ আগবঢ়োৱা অৱদানৰ পৰা লাভ কৰা সন্তুষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি হিতাধিকাৰীসকলক সমাজৰ প্ৰতি অৱদান আগবঢ়াবলৈ আহ্বান জনায়।

মত বিনিময়ৰ সময়ত কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী শ্ৰী পংকজ চৌধুৰীও উপস্থিত আছিল।

 

 

***

MJPS/SR/KB/NB


(Release ID: 2163266)