প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গান্ধীনগৰত গুজৰাটৰ নগৰীয়া বিকাশৰ কাহিনীৰ ২০ বছৰ উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Posted On: 27 MAY 2025 4:48PM by PIB Guwahati

ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

মঞ্চত উপৱিষ্ট গুজৰাটৰ ৰাজ্যপাল আচাৰ্য্য দেৱব্ৰত ডাঙৰীয়া, এই ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাই পেটেল ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ মনোহৰ লাল ডাঙৰীয়া, চিআৰ পাটিল ডাঙৰীয়া, গুজৰাট চৰকাৰৰ আন-আন মন্ত্ৰী, সাংসদ, বিধায়ক আৰু গুজৰাটৰ ভিন্ন প্ৰান্তৰ ​​পৰা ইয়াত উপস্থিত হোৱা মোৰ মৰমৰ ভাই-ভনীসকল,

মই দুদিন গুজৰাটত আছোঁ। কালি বদোদৰা, দহোদ, ভূজ, আহমেদাবাদ আৰু আজি পুৱাই গান্ধীনগৰলৈ আহিছোঁ। য’লৈকে গৈছোঁ, তাতেই দেশপ্ৰেমৰ সাগৰ দেখা যেন লাগিছে। উৰি থকা ত্ৰিৰংগা, ৰাইজৰ হৃদয়ত মাতৃভূমিৰ প্ৰতি থকা অপৰিসীম প্ৰেম, সেয়া আছিল অনন্য। এয়া কেৱল গুজৰাটতে নহয়, ভাৰতৰ চুকে-কোণে দৃশ্যমান হৈছে। প্ৰতিজন ভাৰতীয়ৰ বুকুত আছে। শৰীৰ যিমানেই সুস্থ নহওঁক কিয়, কাঁইটে বিন্ধিলে গোটেই শৰীৰটোৱে অশান্তি পাই থাকে। এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে আমি সেই কাঁইটসমূহ আঁতৰাম।

বন্ধুসকল,

১৯৪৭ চনত যেতিয়া মা ভাৰতীক টুকুৰা টুকুৰ কৰা হৈছিল, তেতিয়া শিকলিবোৰেই কাটিব লাগিছিল, কিন্তু বাহুবোৰ কাটি পেলোৱা হৈছিল। দেশখন তিনিটা ভাগত বিভক্ত হৈছিল। আৰু সেই নিশাই কাশ্মীৰৰ মাটিত প্ৰথম সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়। পাকিস্তানে সন্ত্ৰাসবাদীৰ সহায়ত, মুজাহিদীনৰ নামত মা ভাৰতীৰ এটা অংশ নিজৰ অধীনলৈ আনে। কিন্তু চৰ্দাৰ চাহাবৰ কথাত কোনেও গুৰুত্ব নিদিলে আৰু এই মুজাহিদীনে যি তেজৰ সোৱাদ লৈছিল, সেই চক্ৰটো ৭৫ বছৰ ধৰি চলি আছে। পেহেলগামত একেই বিকৃত ৰূপ আছিল। আমি ৭৫ বছৰ ধৰি কষ্ট পাইছোঁ আৰু যেতিয়াই পাকিস্তানৰ সৈতে যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, তিনিওটা সময়তে ভাৰতৰ সামৰিক শক্তিয়ে পাকিস্তানক পৰাস্ত কৰিছিল। আৰু পাকিস্তানে বুজি পাইছিল যে যুদ্ধত ভাৰতক পৰাস্ত কৰিব নোৱাৰে আৰু সেয়েহে প্ৰক্সি যুদ্ধ আৰম্ভ কৰিছিল। সামৰিক প্ৰশিক্ষণ হয়, সামৰিক প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদী ভাৰতলৈ পঠিওৱা হয় আৰু নিৰীহ-নিৰস্ত্ৰ মানুহ, কোনোবা ভ্ৰমণলৈ যোৱা, কোনোবা বাছত যাত্ৰা কৰা, কোনোবা হোটেলত থকা, কোনোবা পৰ্যটক হিচাপে যোৱা। য’তেই সুযোগ পালে হত্যা কৰি থাকিল, মাৰি থাকিল আৰু আমি সহ্য কৰি থাকিলোঁ৷ এতিয়া এয়া সহ্য কৰিব লাগেনে? গুলীৰ উত্তৰ গোলাৰে দিব লাগেনে? ইটাৰ উত্তৰ শিলেৰে দিব লাগেনে? এই কাঁইটবোৰ শিপাৰ পৰা উভালি পেলোৱা উচিত নহয় নে?

বন্ধুসকল,

এই দেশখন সেই মহান সংস্কৃতি আৰু পৰম্পৰাৰে আগবাঢ়িছে, বসুধৈৱ কুটুম্বকম, এইবোৰ আমাৰ মূল্যবোধ, এইটোৱেই আমাৰ চৰিত্ৰ, আমি ইয়াক যুগ যুগ ধৰি লালন কৰি আহিছোঁ। আমি সমগ্ৰ বিশ্বক এক পৰিয়াল বুলি গণ্য কৰোঁ। আমি আমাৰ ওচৰ-চুবুৰীয়াৰ বাবেও সুখ বিচাৰোঁ। তেওঁলোকে সুখেৰে জীয়াই থাকক, আমিও সুখেৰে জীয়াই থাকোঁ। হাজাৰ হাজাৰ বছৰ ধৰি এইটোৱেই আমাৰ চিন্তা। কিন্তু যেতিয়া আমাৰ শক্তিক বাৰে বাৰে প্ৰত্যাহ্বান জনোৱা হয়, তেতিয়া এই দেশখনো সাহসী বীৰৰ দেশ। আজিলৈকে আমি ইয়াক প্ৰক্সি ৱাৰ বুলি কৈছিলোঁ, কিন্তু ৬ মে’ৰ পিছত দেখা পোৱা দৃশ্যবোৰৰ পিছত আমি ইয়াক প্ৰক্সি ৱাৰ বুলি কৈ ভুল কৰিব নোৱাৰোঁ। আৰু ইয়াৰ কাৰণ হ’ল ৯ টা সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থান চিনাক্ত কৰাৰ পিছত ২২ মিনিটতে ধ্বংস হৈ গ’ল বন্ধুসকল, মাত্ৰ ২২ মিনিটতে। আৰু এইবাৰ কেমেৰাৰ সন্মুখত সকলো কামেই কৰা হ’ল, আমাৰ ঘৰত যাতে কোনেও প্ৰমাণ নিবিচাৰে তাৰ সকলো ব্যৱস্থা কৰা হ’ল। এতিয়া আমি প্ৰমাণ দিব নালাগে, সিটো পক্ষই দি আছে। আৰু সেইবাবেই মই কওঁ যে এতিয়া এইটোক প্ৰক্সি ৱাৰ বুলি ক’ব নোৱাৰি কাৰণ ৬ মে’ৰ পিছত নিহত হোৱা সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়া পাকিস্তানত ৰাষ্ট্ৰৰ সন্মান দিয়া হৈছিল, তেওঁলোকৰ কফিনত পাকিস্তানী পতাকা ৰখা হৈছিল, তেওঁলোকৰ সেনাই সিহঁতক চেলুট দিছিল, এইটোৱে প্ৰমাণ কৰে যে এই সন্ত্ৰাসবাদী কাৰ্যকলাপবোৰ প্ৰক্সি যুদ্ধ নহয়। এইটো সিহঁতৰ সুচিন্তিত যুদ্ধ কৌশল। যদি আপুনি যুদ্ধ কৰি আছে, তেন্তে আপুনিও একে সঁহাৰি পাব। আমি নিজৰ কামত ব্যস্ত হৈ আছিলোঁ আৰু প্ৰগতিৰ পথত আছিলোঁ। আমি সকলোৰে বাবে মংগল কামনা কৰোঁ আৰু বিপদৰ সময়তো সহায় কৰোঁ।

নতুন প্ৰজন্মক কব বিচাৰিছোঁ, দেশ কেনেকৈ ধ্বংস হৈছে? ১৯৬০ চনত স্বাক্ষৰিত হৈছিল সিন্ধু জল সন্ধি। ইয়াৰ সবিশেষলৈ গ’লে আপুনি স্তম্ভিত হ’ব। আনকি জম্মু-কাশ্মীৰৰ আন নদীত নিৰ্মাণ কৰা মথাউৰিৰ চাফাই কামো নহ’ব বুলিও সিদ্ধান্ত লোৱা হৈছে। ডিচিলটিং কৰা নহ’ব। চাফাইৰ বাবে তলৰ গেটবোৰ খোলা নহ’ব। ৬০ বছৰে এই গেটবোৰ খোলা নাছিল আৰু ১০০% পানীৰে ভৰোৱা পানী ক্ৰমান্বয়ে ২%-৩% লৈ হ্ৰাস পাইছিল। মোৰ দেশবাসীৰ পানীৰ ওপৰত অধিকাৰ নাই নেকি? তেওঁলোকে নিজৰ উচিত অংশৰ পানী পাব লাগে নে নাপাব লাগে? আৰু মই এতিয়াও বেছি কাম কৰা নাই। বৰ্তমান আমি কৈছোঁ যে আমি ইয়াক স্থগিত ৰাখিছোঁ। তাত তেওঁলোক আতংকিত হৈ পৰিছে আৰু আমি মথাউৰিটো অলপ খুলি চাফা কৰিবলৈ আৰম্ভ কৰিছোঁ, তাত থকা জাবৰবোৰ আমি আঁতৰাইছো।

বন্ধুসকল,

আমি কাৰো লগত শত্ৰুতা নিবিচাৰোঁ। আমি এটা সুখী আৰু শান্তিপূৰ্ণ জীৱন যাপন কৰিব বিচাৰোঁ। আমিও আগবাঢ়িব বিচাৰোঁ যাতে আমিও বিশ্বৰ কল্যাণত অৰিহণা যোগাব পাৰোঁ। আৰু সেইবাবেই আমি কোটি কোটি ভাৰতীয়ৰ কল্যাণৰ বাবে একক মনোভাৱৰ দায়বদ্ধতাৰে কাম কৰি আছোঁ। কালি ২৬ মে', ২৬ মে'-২০১৪ ত প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ সুযোগ পাইছিলোঁ। আৰু সেই সময়ত ভাৰতৰ অৰ্থনীতি বিশ্বৰ ১১ নম্বৰত আছিল। আমি ক’ৰোনাৰ বিৰুদ্ধে যুঁজিছিলো, ওচৰ চুবুৰীয়াৰ পৰাও সমস্যাৰ সন্মুখীন হৈছিলোঁ, প্ৰাকৃতিক দুৰ্যোগৰো সন্মুখীন হৈছিলোঁ। এই সকলোবোৰৰ মাজতো ইমান কম সময়ৰ ভিতৰতে আমি ১১ নম্বৰ অৰ্থনীতিৰ পৰা ৪ নম্বৰ অৰ্থনীতিত উপনীত হ’লোঁ কাৰণ এয়াই আমাৰ লক্ষ্য, আমি উন্নয়ন বিচাৰোঁ, আমি প্ৰগতি বিচাৰোঁ।

আৰু বন্ধুসকল,

গুজৰাটৰ ওচৰত মই ঋণী। এই মাটিয়ে মোক ডাঙৰ-দীঘল কৰিছে। ইয়াৰ পৰা যি শিক্ষা পাইছোঁ, যি দীক্ষা পাইছোঁ, আপোনালোক সকলোৰে মাজত ইয়াত থাকি যি শিকিলোঁ, আপোনালোকে মোক দিয়া মন্ত্ৰ, মোৰ মাজত লালন-পালন কৰা সপোন, মই সেইবোৰ দেশবাসীৰ বাবে উপযোগী কৰি তুলিবলৈ চেষ্টা কৰিছোঁ। মই সুখী যে আজি গুজৰাট চৰকাৰে নগৰ উন্নয়ন বৰ্ষ, ২০০৫ চনত এই কাৰ্যসূচী আয়োজন কৰিছে। ২০ বছৰ উদযাপন কৰিবলৈ। এই ২০ বছৰত গুজৰাট চৰকাৰে যিখিনি অৰ্জন কৰিছে আৰু শিকিছে তাৰ আধাৰত নগৰ উন্নয়নৰ পৰৱৰ্তী প্ৰজন্মৰ বাবে এখন ৰোডমেপ প্ৰস্তুত কৰিছে আৰু আজি সেই ৰোডমেপ গুজৰাটৰ জনসাধাৰণৰ সন্মুখত দাখিল কৰা হৈছে। ইয়াৰ বাবে গুজৰাট চৰকাৰ, মুখ্যমন্ত্ৰী আৰু তেওঁৰ টীমটোক আন্তৰিক অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

আজি আমি বিশ্বৰ চতুৰ্থ অৰ্থনীতি হৈ পৰিছোঁ। আমি এতিয়া জাপানক অতিক্ৰম কৰি আগবাঢ়িছোঁ। মনত আছে যেতিয়া আমি ৬ ৰ পৰা ৫ হৈছিলো, তেতিয়া দেশত এক বেলেগ ধৰণৰ উৎসাহ আছিল, বহুত উত্তেজনা আছিল, বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত আৰু তাৰ কাৰণ আছিল যে আমি ২৫০ বছৰ ধৰি আমাক শাসন কৰা যুক্তৰাজ্যক অতিক্ৰমেৰে ৫ হৈ পৰিছিলোঁ। কিন্তু এতিয়া আমি কেতিয়া তিনি হ’ম তাৰ হেঁচা চাৰি হোৱাৰ আনন্দতকৈ বেছি। এতিয়া দেশ ৰৈ থাকিবলৈ সাজু হোৱা নাই আৰু কোনোবাই যদি ৰৈ থাকিবলৈ কয়, তেন্তে পিছফালৰ পৰা অহা শ্ল’গানটো হ’ল, মোদী হ্যে তু মমকিন হ্যায়।

আৰু সেইবাবেই বন্ধুসকল,

প্ৰথমতে আমাৰ লক্ষ্য-২০৪৭, ভাৰতৰ বিকাশ হব লাগিব, কোনো আপোচ নাই... আমি স্বাধীনতাৰ ১০০ বছৰ ঠিক তেনেকৈয়ে কটাব নোৱাৰো, স্বাধীনতাৰ ১০০ বছৰ এনেদৰে উদযাপন কৰিম যে উন্নত ভাৰতৰ পতাকাখন বিশ্বত ওখকৈ উৰি থাকিব। কল্পনা কৰকচোন, ১৯২০, ১৯২৫, ১৯৩০, ১৯৪০, ১৯৪২ চনত যদি ভগত সিং, সুখদেৱ, ৰাজগুৰু, নেতাজী সুভাষ বাবু, বীৰ সাৱৰকাৰ, শ্যামজী কৃষ্ণ ভাৰ্মা, মহাত্মা গান্ধী বা চৰ্দাৰ পেটেলে সৃষ্টি কৰা আৱেগ সেই সময়ছোৱাত নাথাকিল হেঁতেন, যদিহে মানুহৰ মনত স্বাধীনতাৰ আকাংক্ষা নাথাকিল হেঁতেন, যদি স্বাধীনতাৰ বাবে জীয়াই থাকিব আৰু মৰিবলৈ কোনো সংকল্প নাথাকিলহেঁতেন, যদি স্বাধীনতাৰ বাবে সহ্য কৰাৰ ইচ্ছা নাথাকিলহেঁতেন, তেন্তে হয়তো ১৯৪৭ চনত আমি স্বাধীনতা নাপালোঁহেঁতেন। যদি ২৫-৩০ কোটি লোকে প্ৰতিশ্ৰুতি লৈ ইয়াৰ পৰা ২০, ২৫ বছৰৰ ভিতৰত ইংৰাজক খেদি পঠিয়াব পাৰে, তেন্তে আগন্তুক ২৫ বছৰত ১৪০ কোটি লোকেও ভাৰতক উন্নত কৰি তুলিব পাৰিব। আৰু সেইবাবেই ২০৩০ চনত যেতিয়া গুজৰাটৰ বয়স ৭৫ বছৰ হ’ব, মই ভাবোঁ যে আমি আগন্তুক ১০ বছৰৰ বাবে এটা পৰিকল্পনা কৰা উচিত যে যেতিয়া গুজৰাটৰ বয়স ৭৫ বছৰ হ’ব। ইয়াত উদ্যোগ হ’ব, ইয়াত কৃষিক্ষেত্ৰ হ’ব, ইয়াত শিক্ষা হ’ব, ইয়াত ক্ৰীড়া হ’ব, আমি এটা সংকল্প লোৱা উচিত আৰু যেতিয়া গুজৰাটে ৭৫ বছৰ সম্পূৰ্ণ কৰিব, তাৰ এবছৰৰ পিছত যি অলিম্পিক অনুষ্ঠিত হ’ব, সেই অলিম্পিক ভাৰতত অনুষ্ঠিত হওঁক, দেশখনে বিচাৰে যে সেই অলিম্পিক ভাৰতত অনুষ্ঠিত হওঁক।

আৰু সেইবাবেই বন্ধুসকল,

আমাৰ এটা লক্ষ্য যে যেতিয়া গুজৰাটে ৭৫ বছৰ সম্পূৰ্ণ কৰিব তেতিয়া আপুনি গুজৰাট গঠন হোৱাৰ সময়ৰ বাতৰি কাকতবোৰ উলিয়াই আনিব, সেই সময়ৰ আলোচনাবোৰ উলিয়াই আনিব। কি আলোচনা হৈছিল যে মহাৰাষ্ট্ৰৰ পৰা বিচ্ছিন্ন হৈ গুজৰাটে কি কৰিব? গুজৰাটত কি আছে? আছে সাগৰ, লুণীয়া মাটি, ইয়াত মৰুভূমি, সিপাৰে পাকিস্তান, কি কৰিব? গুজৰাটত কোনো খনিজ পদাৰ্থ নাই, কেনেকৈ আগবাঢ়িব গুজৰাট? সকলোৱেই ব্যৱসায়ী... ইয়াৰ পৰাই সামগ্ৰী কিনে, তাত বিক্ৰী কৰে। মাজতে তেওঁলোকে দালালি কৰি জীৱিকা উপাৰ্জন কৰে। তেওঁলোকে কি কৰিব সেই সম্পৰ্কে আলোচনা হৈছিল। যিখন গুজৰাটত এসময়ত নিমখৰ বাহিৰে একো নাছিল, আজি বিশ্বই গুজৰাটক হীৰাৰ বাবে চিনি পায়। নিমখৰ পৰা হীৰালৈকে! আমি এই যাত্ৰাৰ মাজেৰে পাৰ হৈছোঁ। আৰু ইয়াৰ আঁৰত এটা সুচিন্তিত প্ৰচেষ্টা চলিছে। পৰিকল্পিতভাৱে পদক্ষেপ লোৱা হৈছে। ইয়াত আমাৰ দেশত আমি যেতিয়া সাধাৰণতে চৰকাৰৰ আৰ্হিৰ বিষয়ে আলোচনা কৰোঁ, তেতিয়া কোৱা হয় যে চৰকাৰৰ চাইল’বোৰেই আটাইতকৈ ডাঙৰ সংকট। এটা বিভাগে আনটোৰ লগত কথা নাপাতে। এখন টেবুলত বহি থকা মানুহে আনখন টেবুলত বহি থকা মানুহৰ লগত কথা নাপাতে, এনে আলোচনা হয়। কিছুমান দিশত সঁচা হ’ব পাৰে, কিন্তু ইয়াৰ কোনো সমাধান আছেনে?

আজি মই আপোনালোকক এটা কথা ক'ম, এই নগৰ উন্নয়ন বছৰটোৱেই একমাত্ৰ নহয়, সেই সময়ত আমি প্ৰতি বছৰে কিছুমান বিশেষ কামত উৎসৰ্গা কৰিছিলোঁ, যেনে ২০০৫ চনক নগৰ উন্নয়ন বৰ্ষ হিচাপে গণ্য কৰা হৈছিল। এটা বছৰ আছিল যেতিয়া আমি ছোৱালী শিক্ষাৰ বাবে উৎসৰ্গা কৰিছিলো, এটা বছৰ আছিল যেতিয়া আমি গোটেই বছৰটো পৰ্যটনৰ বাবে উৎসৰ্গা কৰিছিলো। ইয়াৰ অৰ্থ এইটো নহয় যে আমি বাকী সকলো কাম বন্ধ কৰি দিলোঁ, কিন্তু সেই বছৰ চৰকাৰৰ সকলো বিভাগকে সোধা হৈছিল, যদি বন বিভাগ আছে, তেন্তে ই নগৰ উন্নয়নত কি অৰিহণা যোগাব পাৰে? যদি স্বাস্থ্য বিভাগ আছে তেন্তে নগৰ উন্নয়ন বৰ্ষত ইয়াৰ অৰিহণা কি? যদি জল সংৰক্ষণ মন্ত্ৰালয় আছে, তেন্তে ই নগৰ উন্নয়নত কি অৰিহণা যোগাব পাৰে? যদি পৰ্যটন বিভাগ আছে, তেন্তে ই নগৰ উন্নয়নত কি অৰিহণা যোগাব পাৰে? অৰ্থাৎ এক প্ৰকাৰে এই বছৰটো চৰকাৰী দৃষ্টিকোণৰ পৰাই উদযাপন কৰা হৈছিল আৰু আপোনালোকে মনত ৰাখিব লাগিব, যেতিয়া আমি পৰ্যটন বছৰ উদযাপন কৰিছিলো, তাৰ আগতে সমগ্ৰ ৰাজ্যখনৰ কোনেও গুজৰাটৰ পৰ্যটনৰ কল্পনাও কৰিব পৰা নাছিল। বিশেষ প্ৰচেষ্টা চলোৱা হ’ল, একে সময়তে বিজ্ঞাপন প্ৰচাৰ চলোৱা হ’ল, কিছুদিন গুজৰাটত কটালোঁ, তাৰ পৰা প্ৰতিটো কথা ওলাই আহিল। তাৰ পৰা ওলাই আহিল ৰন উৎসৱ, তাৰ পৰাই ষ্টেচু অৱ ইউনিটি স্থাপন হ’ল।

আজি সোমনাথৰ বিকাশ হৈছে, গীৰৰ বিকাশ হৈছে, অম্বাজীৰ বিকাশ হৈছে। দুঃসাহসিক ক্ৰীড়া আহি আছে। অৰ্থাৎ ইটোৰ পিছত সিটোকৈ কথাবোৰ বিকশিত হ’বলৈ ধৰিলে। একেদৰে যেতিয়া নগৰ উন্নয়ন বৰ্ষ উদযাপন কৰা হৈছিল। আৰু মনত আছে, ৰাজনীতিত মই নতুন আছিলোঁ। আৰু কিছু দিনৰ পাছত আমি প্ৰথমবাৰৰ বাবে আহমেদাবাদ পৌৰ নিগমত জয়ী হওঁ। তেতিয়ালৈকে আমাৰ ৰাজকোট পৌৰসভা আছিল, কিন্তু সেই সময়ত সেয়া নিগম নাছিল। আৰু আমাৰ এজন প্ৰহ্লাদ ভাই পেটেল আছিল, তেওঁ আছিল দলৰ অতি জ্যেষ্ঠ নেতা। তেওঁ আছিল অতি উদ্ভাৱনীমূলক; নতুন নতুন কথা চিন্তা কৰাটো তেওঁৰ স্বভাৱ আছিল। মই মাত্ৰ ৰাজনীতিত সোমাইছিলোঁ, গতিকে প্ৰহ্লাদ ভাই এদিন মোক লগ কৰিবলৈ আহিছিল, তেওঁ কয়, সেই সময়ত চিমানভাই পেটেলৰ চৰকাৰ আছিল। গতিকে আমি চিমানভাইক লগ কৰি বুজাব লাগে যে আহমেদাবাদৰ এই ৰঙা বাছখন আহমেদাবাদৰ বাহিৰলৈ যাবলৈ দিয়া উচিত। গতিকে, প্ৰহ্লাদ ভাই আৰু মই চিমান ভাইক লগ কৰিবলৈ গৈছিলো। আমি বহুত চিন্তা-চৰ্চা কৰিলোঁ, আমি ক’লোঁ যে ৰঙা বাছখন আহমেদাবাদৰ বাহিৰত গোৰা, গুম্মা, লাম্বা, নৰোৰাৰ ফালে আৰু অধিক দহেগামৰ ফালে আৰু অধিক কালোলৰ ফালে যাবলৈ দিয়া উচিত। পৰিবহণ ব্যৱস্থা সম্প্ৰসাৰণ কৰিব লাগে। এবাৰ এজন কংগ্ৰেছ নেতাক সোধা হৈছিল যে কেনেকৈ দেশৰ সমস্যা সমাধান কৰিব পাৰি, দুটা বাক্যত কওক। এজন কংগ্ৰেছ নেতাই এটা উত্তৰ দিছিল, যিটো এতিয়াও মোৰ ভাল লাগে। এয়া প্ৰায় ৪০ বছৰ আগৰ কথা। তেওঁ কয়, দেশত দুটা কথা হ’ব লাগে। এটা, ৰাজনীতিবিদসকলে না ক’বলৈ শিকিব লাগে আৰু আমোলাসকলে হয় বুলি ক’বলৈ শিকিব লাগে! তেতিয়া সকলো সমস্যা সমাধান হব। ৰাজনীতিবিদে কাকো না নকয় আৰু আমোলাসকলে কাকো হয় বুলি নকয়। গতিকে, সেই সময়ত আমি চিমানভাইৰ ওচৰলৈ গ’লোঁ, তেওঁ সকলোকে সুধিলে, আমি আকৌ গ’লোঁ, তৃতীয়বাৰৰ বাবে গ’লোঁ। এছ টিয়ে লোকচান ভোগ কৰিব, এছ টিৰ উপাৰ্জন বন্ধ হ’ব, এছ টি বন্ধ হ’ব, এছ টি লোকচানত চলি আছে। তালৈ ৰঙা বাছ পঠিয়াব নোৱাৰি; এইদৰে বহুদিন ধৰি চলি থাকিল। তিনি-চাৰি মাহ ধৰি আমি চিন্তা কৰিছিলোঁ। যিয়েই নহওক, আমাৰ চাপ ইমানেই আছিল যে অৱশেষত ৰঙা বাছৰ লম্বা, গোৰা, গুম্মা আদিলৈ সম্প্ৰসাৰণ ঘটিছিল, যাৰ ফলত আহমেদাবাদৰ দ্ৰুতগতিত সাৰণৰ ফালে, দহেগামৰ ফালে, কালোলৰ ফালে, আহমেদাবাদৰ ফালে সম্প্ৰসাৰণ ঘটিছিল, গতিকে আহমেদাবাদৰ প্ৰতি হেঁচা, যিটো অতি দ্ৰুতগতিত বৃদ্ধি হ’ল, ত্বৰান্বিত হ’ল, আমি ৰক্ষা পালোঁ, এয়া এটা সৰু কথা আছিল। সেই সময়ত মই ৰাজনীতিত নতুন আছিলোঁ। এইবোৰৰ বিষয়ে মই বিশেষ একো নাজানিছিলো। কিন্তু তেতিয়াই বুজা গ’ল যে যদি আমি সাহস আৰু দীৰ্ঘম্যাদী চিন্তাৰে ৰাষ্ট্ৰ আৰু ইয়াৰ জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰোঁ, তেতিয়াহ’লে ডাঙৰ লাভ হ’ব। আৰু মোৰ মনত আছে যেতিয়া নগৰ উন্নয়ন বৰ্ষ উদযাপন কৰা হৈছিল, তেতিয়া প্ৰথম কামটো আহিছিল বেদখল আঁতৰোৱা। এতিয়া বেদখল আঁতৰোৱাৰ কথা আহিলে প্ৰথম বাধাৰ সৃষ্টি কৰে এজন ৰাজনৈতিক ব্যক্তিয়ে, তেওঁ যি দলৰেই নহওক কিয়, তেওঁ আহি থিয় হৈ থাকে কাৰণ তেওঁ অনুভৱ কৰে যে এইসকল মোৰ ভোটাৰ আৰু আপুনি সেইবোৰ ভাঙিছে। আৰু বিষয়াসকলো বৰ চতুৰ। যেতিয়া তেওঁলোকক কোৱা হয় যে এই সকলোবোৰ ভাঙিব লাগিব, তেতিয়া প্ৰথমে তেওঁলোকে গৈ ভগৱান হনুমানৰ মন্দিৰ ভাঙি পেলায়। গতিকে এনেকুৱা এটা ধুমুহাৰ সৃষ্টি হয় যে যিকোনো ৰাজনীতিবিদে ভয় খায়, তেওঁৰ অনুভৱ হয় যে আমি যদি ভগৱান হনুমানৰ মন্দিৰ ভাঙি পেলাইছো, তেন্তে সেয়াই হওক... আমি বৰ সাহস দেখুৱালোঁ। সেই সময়ত আমাৰ ....(নাম স্পষ্ট নহয়) আছিল নগৰ মন্ত্ৰী। আৰু ফলত ৰাস্তাবোৰ বহল হ’বলৈ ধৰিলে আৰু যাৰ ২ ফুট বা ৪ ফুট কাটি যোৱা মানুহজনে কান্দিব, কিন্তু সমগ্ৰ চহৰখন সুখী হ’ব। ইয়াৰ মাজতে এনে এক পৰিস্থিতিৰ সৃষ্টি হ’ল যিটো অতি আমোদজনক। এতিয়া ২০০৫ চনক নগৰ উন্নয়ন বৰ্ষ হিচাপে ঘোষণা কৰিছো। সেইবোৰ আছিল অতি আকৰ্ষণীয় কথা। গতিকে, মই দলৰ লগত আলোচনা কৰিছিলোঁ যে নগৰ উন্নয়ন বৰ্ষ হ’ব, সকলোৱে পৰিষ্কাৰ-পৰিচ্ছন্নতা আদি কামৰ লগত জড়িত হ’ব লাগিব। কিন্তু যেতিয়া এইটো ভাঙিবলৈ ধৰিলে, মোৰ দলৰ মানুহ আহিল, মই আপোনালোকক এটা ডাঙৰ গোপন কথা কৈছো, তেওঁলোকে ক’লে ছাৰ, ২০০৫ চনত নগৰীয়া সংস্থাৰ নিৰ্বাচন হৈছিল, আমাৰ অৱস্থা আৰু বেয়া হ’ব। এই সকলোবোৰ ভাঙি পেলোৱা কাম সকলোতে চলি আছে। মই কলো বন্ধু ভাই এয়া মোৰ মনত নাছিল। এতিয়া মই অনুষ্ঠানটো গঢ়িলোঁ, এতিয়া ছাৰ, মোৰো এটা স্বভাৱ আছে। আমি সৰুৰে পৰাই শিকি আহিছো যে এবাৰ এখোজ আগুৱাই গ’লে পিছুৱাই যোৱা উচিত নহয়। গতিকে মই ক’লো চাওঁক ভাই, আপোনাৰ চিন্তা ঠিকেই আছে, কিন্তু এতিয়া আমি পিছুৱাই যাব নোৱাৰো। এতিয়া এয়া হ’ব নগৰ উন্নয়ন বৰ্ষ। আমি হাৰি যাম, নিৰ্বাচন কি? যিয়েই নহওক, আমি কাৰো ক্ষতি কৰিব নিবিচাৰো, কিন্তু গুজৰাটৰ চহৰৰ ৰূপ সলনি কৰাটো অতি প্ৰয়োজনীয়।

বন্ধুসকল,

আমি কাম কৰি থাকিলোঁ। প্ৰতিবাদ, বহু আন্দোলন আৰু যথেষ্ট অশান্তিৰ সৃষ্টি হয়। ইয়াত সংবাদ মাধ্যমৰ লোকসকলেও এই কথা ভাবি ভাল পাইছিল যে এতিয়া মোডী টাৰ্গেট হৈছে, গতিকে তেওঁলোকো সম্পূৰ্ণ শক্তিৰে আগবাঢ়ি গ’ল। আৰু তাৰ পিছত যেতিয়া নিৰ্বাচন হৈছিল, চাওক, মই ৰাজনীতিবিদসকলক কওঁ, দেশৰ বিভিন্ন প্ৰান্তৰ ৰাজনীতিবিদসকলে মোৰ কথা শুনা, গতিকে মই আপোনালোকক কওঁ যে চাওক, যদি আপুনি সততাৰে, সততাৰে ৰাইজৰ কল্যাণৰ বাবে সিদ্ধান্ত লয়, তেন্তে সেই সময়ত বেয়া যেন লাগিলেও মানুহ আপোনাৰ লগত যাব। আৰু সেই সময়ত হোৱা নিৰ্বাচনত বিজেপিৰ ৯০ শতাংশ জয় আছিল। এতিয়া এইখন অটল দলং যিখন ইয়াত, সবৰমতী নদীত নিৰ্মাণ কৰা হৈছে, মই নাজানো কিয় উদ্বোধনী অনুষ্ঠানলৈ মোক মাতিছিল।

বন্ধুসকল,

বন্ধুসকল আৰু সেই অটল দলংখন এতিয়া কাৰ্যক্ষম হৈ আছে। কেতিয়াবা ৰাজনীতিবিদসকলে অতি সৰু সৰু কথাত ভয় খায়। সমাজ অসামাজিক নহয়, বুজাব লাগিব। ই সহযোগ কৰে। চাওক, নগৰ উন্নয়নৰ প্ৰতিটো কাম ইমান নিখুঁতভাৱে নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ ফল এইটোৱেই আছিল আৰু মই আপোনালোকক কওঁ। মোৰ ওপৰত যি হেঁচা বাঢ়িবলৈ গৈ আছে সেয়া ইতিমধ্যে আৰম্ভ হৈছে। আমি ৪ নম্বৰত উপনীত হ’লোঁ, কওকচোন আমি কেতিয়া ৩ নম্বৰত উপনীত হ’ম? ইয়াৰ প্ৰতিকাৰ আপোনাৰ হাতত আছে। এতিয়া আমাৰ বৃদ্ধিৰ কেন্দ্ৰবোৰ হৈছে চহৰ অঞ্চল। আমি নগৰীয়া সংস্থাসমূহক অৰ্থনৈতিক বৃদ্ধিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিব লাগিব। চহৰবোৰ এনেকুৱা হ’ব নোৱাৰে যে জনসংখ্যাৰ বাবে বৃদ্ধি পাই থাকিব। চহৰবোৰ অৰ্থনৈতিক কাৰ্যকলাপৰ গতিশীল কেন্দ্ৰ হ’ব লাগে আৰু এতিয়া আমি টায়াৰ ২, টায়াৰ ৩ চহৰৰ ওপৰতো গুৰুত্ব দিব লাগে আৰু সেইবোৰ অৰ্থনৈতিক কাৰ্যকলাপৰ কেন্দ্ৰ হ’ব লাগে আৰু মই সমগ্ৰ দেশৰ নগৰপালিকা, মহানগৰপালিকাৰ ৰাইজক জনাব বিচাৰিছো। নগৰীয়া সংস্থাটোৰ লগত জড়িত সকলো লোককে ক’ব বিচাৰিছো যে তেওঁলোকে এবছৰৰ ভিতৰত সেই চহৰখনৰ অৰ্থনীতি ক’লৈ লৈ যাব সেইটো লক্ষ্য কৰি লওক। তাত নিৰ্মাণ কৰা বস্তুবোৰৰ মানদণ্ড কেনেকৈ উন্নত কৰিব? তাত তেওঁলোকে কি কি নতুন অৰ্থনৈতিক কাৰ্যকলাপৰ পথ মুকলি কৰিব? বেছিভাগেই দেখিছোঁ যেতিয়া নতুন পৌৰসভা নিৰ্মাণ কৰা হয়, তেওঁলোকে কি কৰে, তেওঁলোকে এটা ডাঙৰ শ্বপিং চেন্টাৰ নিৰ্মাণ কৰে। ৰাজনীতিবিদসকলৰো চুট, তেওঁলোকে ৩০-৪০ খন দোকান সাজিব আৰু ১০ বছৰলৈকে কোনেও কিনিবলৈ নাহে। এইখিনিয়েই যথেষ্ট নহ’ব। মই ক’ম টায়াৰ ২, টায়াৰ ৩ চহৰৰ বাবে কৃষকে উৎপাদিত সামগ্ৰীৰ মূল্য সংযোজন পৌৰসভাৰ পৰা আৰম্ভ হ’ব লাগে, কৃষিজাত সামগ্ৰী ওচৰৰ অঞ্চলৰ পৰা আহিব লাগে, ইয়াৰ পৰা কিছু মূল্য সংযোজন হ’ব লাগে, ইয়াৰ দ্বাৰা গাঁওখনৰ লগতে চহৰখনো উপকৃত হ’ব।

আপুনি নিশ্চয় লক্ষ্য কৰিছে যে আগতে ষ্টাৰ্টআপবোৰ ডাঙৰ চহৰৰ ডাঙৰ ডাঙৰ ঔদ্যোগিক ভৱনসমূহৰ চাৰিওফালে চলিছিল, আজি দেশত প্ৰায় দুই লাখ ষ্টাৰ্টআপ আছে। আৰু ইয়াৰে বেছিভাগেই টায়াৰ ২, টায়াৰ ৩ চহৰত আছে আৰু ইয়াৰ মাজত বহুত নেতৃত্ব আমাৰ ছোৱালীবোৰৰ লগত থকাটোও গৌৰৱৰ কথা। ষ্টাৰ্টআপৰ নেতৃত্বত আছে কন্যাসকল। ইয়াৰ ফলত এটা বৃহৎ বিপ্লৱৰ সম্ভাৱনাৰ জন্ম হয় আৰু সেইবাবেই মই বিচাৰিম যে যেতিয়া আমি নগৰ উন্নয়ন বৰ্ষৰ ২০ বছৰ উদযাপন কৰি আছো আৰু আমি এটা সফল পৰীক্ষাৰ কথা মনত ৰাখি ভৱিষ্যতৰ দিশ নিৰ্ণয় কৰোঁ, তেতিয়া আমি টায়াৰ ২, টায়াৰ ৩ চহৰক গুৰুত্ব দিয়া উচিত। শিক্ষাৰ ক্ষেত্ৰতো টায়াৰ ২, টায়াৰ ৩ চহৰবোৰ বহু আগবাঢ়িছে, এই বছৰ চাওক। এটা সময়ত দশম আৰু দ্বাদশৰ ফলাফল ওলাইছিল আৰু বিখ্যাত বিদ্যালয়ৰ ল'ৰা-ছোৱালীবোৰ শীৰ্ষ দহত আছিল। আজিকালি চহৰত ডাঙৰ ডাঙৰ স্কুলৰ লেখ-জোখ নাই, টায়াৰ ২ আৰু টায়াৰ ৩ চহৰৰ স্কুলৰ ল'ৰা-ছোৱালীয়ে শীৰ্ষ ১০ ত আহে। আপুনি নিশ্চয় গুজৰাটতো একেই হোৱা দেখিছে। অৰ্থাৎ আমাৰ সৰু চহৰবোৰৰ সম্ভাৱনা আৰু শক্তি বাঢ়িছে। ক্ৰীড়ালৈ চাওক, প্ৰথমে চাওক ক্ৰিকেট, ভাৰতৰ ৰাজপথ আৰু চুবুৰীত ক্ৰিকেট খেলা হয়। কিন্তু ক্ৰিকেট কেৱল ডাঙৰ চহৰৰ ধনী পৰিয়ালত সীমাবদ্ধ আছিল। আজি সকলো খেলুৱৈৰ আধাতকৈ অধিক টায়াৰ ২, টায়াৰ ৩ চহৰৰ গাঁৱৰ সন্তান যিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া খেলি পাৰদৰ্শিতা দেখুৱাইছে। অৰ্থাৎ আমি বুজিব লাগে যে আমাৰ চহৰবোৰৰ বহুত সম্ভাৱনা আছে। আৰু যেনেকৈ মনোহৰ জীয়েও কৈছে আৰু ইয়াত ভিডিঅ’টোতো দেখুওৱা হৈছে, এইটো আমাৰ বাবে এক বৃহৎ সুযোগ, যদি আমি ভাৰতৰ চহৰবোৰৰ অৰ্থনীতিৰ ওপৰত গুৰুত্ব দিওঁ যাতে আমি ৪ নম্বৰৰ পৰা ৩ নম্বৰ অৰ্থনীতিত উপনীত হওঁ, তেন্তে আমি তাত অতি দ্ৰুতগতিত উপনীত হ’ব পাৰিম।

বন্ধুসকল,

এয়া শাসন ব্যৱস্থাৰ আৰ্হি। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ দেশত তেনে এক পৰিবেশ তন্ত্ৰই মাটিত ইমানেই গভীৰ শিপাইছে যে ই সদায় ভাৰতৰ সম্ভাৱনাক ভেঙুচালি কৰিবলৈ চেষ্টা কৰি আছে। মতাদৰ্শগত বিৰোধিতাৰ বাবে ব্যৱস্থাৰ বিকাশক নাকচ কৰাটো তেওঁলোকৰ স্বভাৱত পৰিণত হৈছে। এজন ব্যক্তিৰ প্ৰতি থকা ভালপোৱা আৰু অপছন্দৰ বাবেই তেওঁৰ দ্বাৰা কৰা সকলো কামকে বেয়া বুলি অভিহিত কৰাটো এটা ফেশ্বন হৈ পৰিছে আৰু তাৰ বাবেই দেশৰ ভাল কামবোৰৰ ক্ষতি হৈছে। এয়া শাসন ব্যৱস্থাৰ আৰ্হি। এতিয়া দেখিছে, আমি নগৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিছোঁ। দেশত প্ৰায় ১০০ খন আকাংক্ষী জিলা চিনাক্ত হ’ল। ইয়াত কি লাগে চাবলৈ ৪০ টা পেৰামিটাৰ ব্যৱহাৰ কৰা হৈছিল। এতিয়া ৫০০ টা ব্লক চিনাক্ত কৰা হৈছে আৰু সম্পূৰ্ণ চৰকাৰী পন্থাৰে গুৰুত্ব দিয়া হৈছে। যুৱ বিষয়াসকলক কাম কৰিবলৈ নিযুক্তি দিয়া হৈছে। আজি ই বিশ্বৰ বাবে এক আদৰ্শ হৈ পৰিছে আৰু উন্নয়নশীল দেশসমূহেও অনুভৱ কৰিছে যে আমি এই উন্নয়নৰ আৰ্হিৰ দিশত আগবাঢ়িব লাগে। আমাৰ শৈক্ষিক জগতখনে ভাৰতৰ এই প্ৰচেষ্টা আৰু সফল প্ৰচেষ্টাৰ বিষয়ে চিন্তা কৰা উচিত আৰু শৈক্ষিক জগতখনে যেতিয়া এই বিষয়ে চিন্তা কৰে তেতিয়া ই বিশ্বৰ বাবেও এক আদৰ্শ উদাহৰণ হিচাপে কাম কৰে। অনাগত দিনত আমি পৰ্যটনৰ ওপৰত গুৰুত্ব দিয়া উচিত। গুজৰাটে আচৰিত কাম কৰিছে, কল্পনা কৰিব পাৰি। আগতে কোনেও নগৈছিল কচ্ছৰ মৰুভূমিলৈ। কিন্তু আজি যায়। কথাবোৰ সলনি কৰিব পাৰি, বিশ্বৰ সৰ্বোচ্চ মূৰ্তি, এয়া নিজৰ মাজতে আচৰিত। মোক বদনগৰত নিৰ্মাণ কৰা সংগ্ৰহালয়টোৰ কথা কোৱা হৈছে। কালি যুক্তৰাজ্যৰ এজন ভদ্ৰলোকক লগ পাইছিলো। তেওঁ ক’লে, মই বদনগৰৰ মিউজিয়াম চাবলৈ ওলাইছো। আন্তৰ্জাতিক পৰ্যায়ত নিৰ্মিত এনে বিশ্বমানৰ প্ৰথম সংগ্ৰহালয় আৰু ভাৰতবৰ্ষত কাশীৰ দৰে ঠাই অতি কমেইহে আছে যিবোৰ অক্ষয়। যিবোৰৰ কেতিয়াও মৃত্যু নহয়, য’ত প্ৰতিটো মুহূৰ্তত জীৱনৰ অস্তিত্ব আছে, তাৰ ভিতৰত এটা হৈছে বদনগৰ, য’ত ২৮০০ বছৰ পৰ্যন্ত প্ৰমাণ পোৱা গৈছে। এতিয়া আমাৰ কাম হ’ল ইয়াক আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মানচিত্ৰত স্থাপন কৰা। আমাৰ লোথাল য'ত আমি এটা সংগ্ৰহালয় নিৰ্মাণ কৰি আছো, সামুদ্ৰিক সংগ্ৰহালয়, ৫ হাজাৰ বছৰৰ আগতে আমি সামুদ্ৰিক ক্ষেত্ৰত বিশ্বত বিখ্যাত আছিলো। লাহে লাহে আমি পাহৰিলোঁ, লোথাল তাৰ এক জীয়া উদাহৰণ। লোথালত নিৰ্মাণ কৰা হৈছে বিশ্বৰ সৰ্ববৃহৎ সামুদ্ৰিক সংগ্ৰহালয়। আপুনি কল্পনা কৰিব পাৰে যে এইবোৰে কিমান লাভ কঢ়িয়াই আনিব আৰু সেইবাবেই মই কওঁ বন্ধুসকল, ২০০৫ চনৰ কথা যেতিয়া প্ৰথমবাৰৰ বাবে ‘গিফ্ট চিটি’-ৰ কল্পনা কৰা হৈছিল আৰু মোৰ মনত আছে, হয়তো আমি ইয়াক ঠাকুৰ হলত মুকলি কৰিছিলো। গতিকে, আমি চহৰৰ ডাঙৰ ডাঙৰ ডিজাইন আৰু ছবিবোৰ লগাই দিছিলোঁ, গতিকে মোৰ নিজৰ মানুহে সুধিছিল। এনেকুৱা হ’বনে, ইমান বিশাল বিল্ডিং টাৱাৰ নিৰ্মাণ হ’বনে? মোৰ স্পষ্টকৈ মনত আছে যে কেন্দ্রৰ কিছুমান নেতাক ইয়াৰ মানচিত্ৰ আৰু উপস্থাপন দেখুৱাই থাকোঁতে তেওঁলোকেও মোক সুধিছিল, হেৰা, ভাৰতৰ দৰে দেশত আপুনি কি কৰি আছে? আগতে শুনিছিলোঁ যে আজি হিন্দুস্তানৰ প্ৰতিখন ৰাজ্যই কৈছে যে ইয়াতো এখন ‘গিফ্ট চিটি’ হ’ব লাগে।

বন্ধুসকল,

যদি আমি কল্পনা কৰি বাস্তৱত পৰিণত কৰিবলৈ চেষ্টা কৰো তেন্তে আমি স্পষ্টকৈ দেখিবলৈ পাওঁ যে কিমান মহান আৰু ভাল ফলাফল লাভ কৰিব পাৰি। সেই সময়তে নদীৰ পাৰৰ কল্পনা কৰা হৈছিল, সেই একে সময়েই আছিল যেতিয়া বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়াম নিৰ্মাণৰ সপোনটো সপোন দেখা আৰু সম্পন্ন হৈছিল। সেই একেটা সময়েই আছিল যেতিয়া বিশ্বৰ আটাইতকৈ ওখ মূৰ্তিটোৰ কথা চিন্তা কৰা হৈছিল আৰু সম্পন্ন কৰা হৈছিল।

ভাই-ভনীসকল,

আমাৰ দেশত অপৰিসীম সম্ভাৱনা আৰু অপৰিসীম শক্তি আছে বুলি আমি বিশ্বাস কৰা উচিত।

বন্ধুসকল,

কিয় নাজানো, কিন্তু হতাশাৰ দৰে কিবা এটা মোৰ মনলৈ কেতিয়াও নাহে। মই ইমান আশাবাদী আৰু সেই সম্ভাৱনা মই দেখিব পাৰো; দেৱালৰ সিপাৰে দেখা পাওঁ। মোৰ দেশৰ শক্তি মই দেখিবলৈ পাওঁ। মই মোৰ দেশবাসীৰ শক্তি দেখিবলৈ পাওঁ আৰু এই ক্ষমতাৰে আমি এটা ডাঙৰ পৰিৱৰ্তন আনিব পাৰো আৰু সেইবাবেই আজি মই গুজৰাট চৰকাৰৰ প্ৰতি অতিশয় কৃতজ্ঞ যে আপোনালোকে মোক ইয়ালৈ অহাৰ এই সুযোগ দিছে। পুৰণি কিছুমান কথা স্মৰণৰ এই সুযোগ পাইছোঁ। কিন্তু বিশ্বাস কৰক বন্ধুসকল, গুজৰাটৰ ওপৰত এক বৃহৎ দায়িত্ব আছে। আমি দিয়া মানুহ, আমি সদায় দেশক দিয়া উচিত। আৰু আমি গুজৰাটক ইমান উচ্চতালৈ লৈ যোৱা উচিত, ইমান উচ্চতালৈ লৈ যোৱা উচিত যে গুজৰাট দেশবাসীৰ বাবে উপযোগী হ’ব লাগে।

বন্ধুসকল, আমি এই মহান পৰম্পৰা আগবঢ়াই নিয়া উচিত। মোৰ বিশ্বাস যে গুজৰাট নতুন শক্তিৰে, বহু নতুন ধাৰণাৰে, বহু নতুন পদক্ষেপেৰে আগবাঢ়ি যাব। মই জানো যে মোৰ বক্তৃতা হয়তো ইমান দীঘল হৈ গ'ল, নাজানো কি হ'ল? কিন্তু কাইলৈ ​​দুটা-তিনিটা কথা আহিব সংবাদ মাধ্যমত। সেই বিষয়েও ক’ম, মোদীয়ে বিষয়াক বকাবকি কৰিলে, মোদীয়ে বিষয়াক সমালোচনা কৰিলে ইত্যাদি ইত্যাদি ইত্যাদি। বন্ধুসকল, ৬ মে’, ৬ মে’-ৰ নিশা। সামৰিক বাহিনীয়ে আৰম্ভ কৰিছিল অপাৰেচন সিন্দূৰ। কিন্তু এতিয়া অপাৰেচন সিন্দূৰ জনশক্তি লৈ আগবাঢ়ি যাব। মই বুজাব বিচাৰিছো যে প্ৰতিজন ব্যক্তিয়ে দেশৰ উন্নয়নৰ অংশীদাৰ হৈ দায়িত্ব ল’ব লাগে।

আমি সিদ্ধান্ত লওঁ যে ২০৪৭ চনত যেতিয়া ভাৰতে স্বাধীনতাৰ এশ বছৰ উদযাপন কৰিব, ভাৰতক উন্নত কৰি তুলিবলৈ আৰু ইয়াৰ অৰ্থনীতি ৪ নম্বৰৰ পৰা ৩ নম্বৰলৈ লৈ যাবলৈ আমি কোনো বিদেশী সামগ্ৰী ব্যৱহাৰ নকৰো। আমি প্ৰতিখন গাঁৱতে ব্যৱসায়ীক শপত বাক্য পাঠ কৰোৱা উচিত যে তেওঁলোকে যিমানেই লাভ নকৰক কিয়, তেওঁলোকে যাতে বিদেশী সামগ্ৰী বিক্ৰী নকৰে। কিন্তু দুৰ্ভাগ্য চাওক, আনকি গণেশ জীও বিদেশী হৈ আহে। হোলী, হোলী, আমি ৰং ছটিয়াই দিব লাগিব। আচলতে এজন নাগৰিক হিচাপে মই অপাৰেচন সিন্দূৰৰ বাবে এটা কাম কৰিব লাগিব। ঘৰলৈ গৈ ৰাতিপুৱাৰ পৰা পিছদিনা পুৱালৈকে ২৪ ঘন্টাত ঘৰত কিমান বিদেশী সামগ্ৰী ব্যৱহাৰ কৰা হয় তাৰ তালিকা এখন প্ৰস্তুত কৰক। আপুনিও নাজানে, আপুনি বিদেশী পিন ব্যৱহাৰ কৰে, কম্বলো বিদেশী, দাঁতৰ বাবে ব্যৱহাৰ কৰা পিনবোৰো বিদেশী, আমিও নাজানো। যদি আমি দেশ বচাব লাগে, দেশ গঢ়িব লাগে, দেশ বৃদ্ধি কৰিব লাগে, তেন্তে অপাৰেচন সিন্দূৰ কেৱল জোৱানৰ দায়িত্ব নহয়। অপাৰেচন সিন্দূৰ ১৪০ কোটি নাগৰিকৰ দায়িত্ব। দেশ শক্তিশালী হ'ব লাগে, দেশ সক্ষম হ'ব লাগে, দেশৰ নাগৰিকসকল সক্ষম হ'ব লাগে আৰু ইয়াৰ বাবে আমি ভকেল ফৰ লোকেল, এক জিলা এক পণ্য আৰম্ভ কৰিছো, মই আপোনালোকক কোৱা নাই যে আপোনাৰ ইয়াত যি আছে তাক পেলাই দিয়ক। কিন্তু এতিয়া আমি নতুন একো কিনিব নোৱাৰো আৰু হয়তো ১-২% বস্তু আছে যিবোৰ আপুনি হয়তো বাহিৰৰ পৰা কিনিব লাগিব যিবোৰ হয়তো ইয়াত নাপাব, নহ’লে আজি ভাৰতত এনেকুৱা একো নাই। আপুনি নিশ্চয় দেখিছে, ২৫ বছৰ, ৩০ বছৰ আগতে যেতিয়া কোনোবাই বহিঃৰাজ্যৰ পৰা আহিছিল, মানুহে এইটো আনিব, সেইটো আনিব বুলি তালিকা এখন পঠাইছিল। আজি বহিঃৰাজ্যৰ পৰা মানুহ আহিলে কিবা এটা আনিব বিচাৰে নেকি বুলি সুধিছে, তেতিয়া ইয়াৰ মানুহে কয় নাই, নাই, সকলো ইয়াত আছে, নানিব। সকলো আছে, আমি আমাৰ ব্ৰেণ্ডক লৈ গৌৰৱ কৰা উচিত। আমি মেড ইন ইণ্ডিয়াক লৈ গৌৰৱ কৰা উচিত। অপাৰেচন সিন্দূৰ সামৰিক শক্তিৰে নহয় জনশক্তিৰে জয়ী হ’ব লাগিব বন্ধুসকল। মাতৃভূমিৰ মাটিত উৎপাদিত প্ৰতিটো শস্যৰ পৰাই জনশক্তি আহে। যিবোৰ বস্তুত এই মাটিৰ সুগন্ধি আছে, এই দেশৰ নাগৰিকৰ ঘামৰ সুগন্ধি আছে, সেইবোৰ বস্তু ব্যৱহাৰ কৰিম, যদিহে মই অপাৰেচন সিন্দূৰক প্ৰতিজন ব্যক্তিৰ ওচৰলৈ, প্ৰতিঘৰ গৃহস্থীলৈ লৈ যাব খোজোঁ। ২০৪৭-ৰ পূৰ্বে ভাৰতক আমি এখনি উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিম। এই আশাৰেই সমস্বৰে কওঁচোন আহক,

ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়!

বন্দে মাতৰম! বন্দে মাতৰম! বন্দে মাতৰম!

বন্দে মাতৰম! বন্দে মাতৰম! বন্দে মাতৰম!

বন্দে মাতৰম! বন্দে মাতৰম! বন্দে মাতৰম!

ধন্যবাদ!

****

MJPS/VJ/SS/SB


(Release ID: 2160041) Visitor Counter : 8