প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জম্মু-কাশ্মীৰৰ কাটৰাত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ

Posted On: 06 JUN 2025 4:14PM by PIB Guwahati

माता वैष्णो देवी दे चरने च मत्था टेकना जय माता दी,

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা জী, মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী অশ্বিনী বৈষ্ণৱ জী, জিতেন্দ্ৰ সিং, ভি সোমনা জী, উপ মুখ্যমন্ত্ৰী সুৰেন্দ্ৰ কুমাৰ জী, জম্মু আৰু কাশ্মীৰ বিধানসভাৰ বিৰোধী দলপতি সুনীল জী, সংসদত মোৰ সহযোগী যুগল কিশোৰ জি, অন্যান্য  গণয-মান্য ব্যক্তিসকল আৰু মোৰ মৰমৰ ভাই-ভনীসকল। এই ভূমি বীৰ জোৰাৱাৰ সিং জীৰ, এই ভূমিক প্ৰণাম জনাইছো।

বন্ধুসকল,

আজিৰ কাৰ্যসূচী ভাৰতৰ ঐক্য আৰু ভাৰতৰ ইচ্ছাশক্তিৰ এক বিশাল উদযাপন। মাতা বৈষ্ণো দেৱীৰ আশীৰ্বাদত আজি কাশ্মীৰ উপত্যকা ভাৰতৰ ৰে'ল নেটৱৰ্কৰ সৈতে সংযুক্ত হৈ পৰিছে। মা ভাৰতীৰ বৰ্ণনা কৰি থাকোঁতে আমি শ্ৰদ্ধাৰে কৈ আহিছো - কাশ্মীৰক কন্যাকুমাৰীলৈ। এতিয়া ৰে'লৱে নেটৱৰ্কৰ বাবেও এয়া বাস্তৱত পৰিণত হৈছে। উধামপুৰ, শ্ৰীনগৰ, বাৰামুল্লা, এই ৰে'ল  লাইন প্ৰকল্পবোৰ কেৱল নাম নহয়। এইবোৰেই হৈছে জম্মু-কাশ্মীৰৰ নতুন শক্তিৰ পৰিচয়। এয়াই হৈছে ভাৰতৰ নতুন শক্তিৰ ঘোষণা। অলপ আগতে চেনাব দলং আৰু অঞ্জী দলং উদ্বোধন কৰাৰ সুযোগ পাইছিলোঁ। আজি নিজেই জম্মু-কাশ্মীৰলৈ দিয়া হৈছে দুখন নতুন বন্দে ভাৰত ৰে’ল। ইয়াত জম্মুত এখন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে। ৪৬ হাজাৰ কোটি টকাৰ প্ৰকল্পই জম্মু-কাশ্মীৰৰ উন্নয়নত নতুন গতি প্ৰদান কৰিব। উন্নয়নৰ নতুন যুগৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো।

বন্ধুসকল,

ৰে'ল সংযোগৰ সপোন দেখি জম্মু-কাশ্মীৰৰ বহু প্ৰজন্মৰ মৃত্যু হৈছে। কালি মই মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা জীৰ এটা বক্তব্য চাই আছিলো আৰু তেওঁ এইবুলিও কৈছিল যে  তেওঁ ৭ম-৮ম মানত পঢ়ি থকাৰ পৰাই এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ বাবে অপেক্ষা কৰি আছিল। আজি জম্মু-কাশ্মীৰৰ লাখ লাখ মানুহৰ সপোন পূৰণ হ'ল। এয়া এতিয়া  বাস্তৱ হৈছে।
বন্ধুসকল,

আমাৰ চৰকাৰৰ সৌভাগ্য যে আমাৰ কার্যকালত এই প্রকল্পটোৱে গতি লাভ কৰিছিল আৰু আমি ইয়াক সম্পূর্ণ কৰিছিলোঁ৷ মাজতে কোভিডৰ সময়ছোৱাৰ বাবে বহু সমস্যা আহিল, কিন্তু আমি দৃঢ় হৈ থাকিলোঁ।

বন্ধুসকল,

যাতায়তত  অসুবিধা, বতৰৰ সমস্যা, পাহাৰৰ পৰা অবিৰতভাৱে শিল সৰি পৰা আদিৰ মাজত এই প্ৰকল্পটো সম্পূৰ্ণ কৰাটো কঠিন আছিল, প্ৰত্যাহ্বানপূৰ্ণ আছিল। কিন্তু আমাৰ চৰকাৰে নিজেই প্ৰত্যাহ্বানক প্ৰত্যাহ্বান জনোৱাৰ পথ বাছি লৈছে। আজি জম্মু-কাশ্মীৰত নিৰ্মাণ হৈ থকা বহুতো সকলো বতৰৰ উপযোগী  আন্তঃগাঁথনি প্ৰকল্প ইয়াৰ উদাহৰণ। মাত্ৰ কেইমাহমানৰ আগতে আৰম্ভ হৈছে সোণামাৰ্গ সুৰংগ। মাত্ৰ অলপ আগতে মই চেনাব আৰু অঞ্জী দলঙৰ মাজেৰে আপোনালোকৰ মাজলৈ আহিছো। এই দলংবোৰত খোজকাঢ়ি থাকোঁতে ভাৰতৰ উচ্চ অভিপ্ৰায়, আমাৰ অভিযন্তা আৰু শ্ৰমিকৰ দক্ষতা তথা সাহসৰ কথা  অনুভৱ কৰিছো। চেনাব দলং বিশ্বৰ সৰ্বোচ্চ ৰে'লৱে তোৰণ দলং। মানুহে আইফেল টাৱাৰ চাবলৈ ফ্ৰান্সৰ পেৰিছলৈ যায়। আৰু এই দলংখন আইফেল টাৱাৰতকৈও বহু ওখ। এতিয়া মানুহে কেৱল চেনাব দলঙেৰে কাশ্মীৰ চাবলৈ যোৱাই নহয়, এই দলংখন এখন আকৰ্ষণীয় পৰ্যটন স্থলীত পৰিণত হ’ব। সকলোৱে চেলফি পইণ্টলৈ গৈ চেলফি তুলিব। আমাৰ অঞ্জী দলংখনো অভিযান্ত্ৰিকতাৰ এক ডাঙৰ নিদৰ্শন। ই ভাৰতৰ প্ৰথমখন কেবল সমৰ্থিত ৰেল দলং। এই দলং দুখন কেৱল ইটা, চিমেণ্ট, তীখা আৰু লোহাৰ গাঁথনি নহয়, পীৰ পাঞ্জালৰ দুৰ্গম পাহাৰত থিয় হৈ ভাৰতৰ শক্তিৰ জীৱন্ত প্ৰতীক এয়া । এয়া ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ গৰ্জন। ইয়াৰ পৰা দেখা যায় যে এখন উন্নত ভাৰতৰ সপোন যিমানেই ডাঙৰ, আমাৰ সাহস আৰু আমাৰ শক্তি সমানেই উচ্চ। 
বন্ধুসকল,

চেনাব দলঙেই হওক বা অঞ্জী দলঙেই হওক, এইবোৰ জম্মু-কাশ্মীৰৰ বাবে সমৃদ্ধিৰ মাধ্যম হৈ পৰিব। ইয়াৰ দ্বাৰা কেৱল পৰ্যটন বৃদ্ধিয়েই নহয় অৰ্থনীতিৰ অন্যান্য খণ্ডও লাভাৱান্বিত হ’ব। জম্মু-কাশ্মীৰৰ মাজত ৰে'ল  সংযোগে দুয়োটা অঞ্চলৰ ব্যৱসায়ীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিব। ইয়াৰ দ্বাৰা ইয়াৰ উদ্যোগটোক গতি লাভ কৰিব, এতিয়া কাশ্মীৰৰ পৰা অহা আপেল কম খৰচতে দেশৰ বৃহৎ বজাৰত উপস্থিত হ’ব পাৰিব আৰু সেইবোৰ সময়মতে উপস্থিত হ’ব পাৰিব। শুকান ফলেই হওক বা পশমিনা চাদৰেই হওক, ইয়াৰ হস্তশিল্পই এতিয়া দেশৰ যিকোনো প্ৰান্তত সহজে প্ৰৱেশ কৰিব পাৰিব। ইয়াৰ দ্বাৰা জম্মু-কাশ্মীৰৰ জনসাধাৰণে দেশৰ অন্য প্ৰান্তলৈও অতি সহজে যাতায়াত কৰিব পাৰিব।

বন্ধুসকল,

ইয়াত সংগলদানৰ এজন ছাত্ৰৰ এটা মন্তব্য বাতৰি কাকতত পঢ়ি আছিলো। সেই ছাত্ৰজনে কৈছে যে তেওঁৰ গাঁৱৰ সেই লোকসকলেহে এতিয়ালৈকে ৰে’ল দেখিছে,  যিসকলে গাঁৱৰ পৰা ওলাই গৈছে। গাঁৱৰ বেছিভাগ মানুহেই কেৱল ৰে'লৰ ভিডিঅ’হে দেখিছিল। তেওঁলোকে এতিয়াও বিশ্বাস কৰিব পৰা নাই যে তেওঁলোকৰ চকুৰ সন্মুখেৰে এখন প্ৰকৃত ৰে’ল পাৰ হৈ যাব। লগতে পঢ়িলোঁ যে বহুতে ৰে'লৰ আগমন আৰু প্ৰস্থানৰ সময় মনত পেলাইছে। আন এগৰাকী ছোৱালীয়ে বহুত ভাল কথা ক’লে, তেওঁ ক’লে- এতিয়া বতৰে ৰাস্তা খোলা হ’ব নে বন্ধ হ’ব সেয়া নিৰ্ণয় নকৰে, এতিয়া এই নতুন ৰে’ল সেৱাই প্ৰতিটো বতৰত মানুহক সহায় কৰি থাকিব।
বন্ধুসকল,

জম্মু-কাশ্মীৰ ভাৰত মাতৃৰ মুকুট। এই মুকুটটোত ইটোৰ পিছত সিটোকৈ ধুনীয়া ৰত্ন খোদিত হৈ আছে। এই বিভিন্ন ৰত্ন জম্মু-কাশ্মীৰৰ শক্তি। ইয়াৰ প্ৰাচীন সংস্কৃতি, ইয়াৰ পৰম্পৰা, ইয়াৰ আধ্যাত্মিক চেতনা, প্ৰকৃতিৰ সৌন্দৰ্য্য, ইয়াৰ বনৌষধিৰ জগত, ফল-মূলৰ উপাচাৰ আপোনালোকৰ মাজত মুকুটৰ মণিৰ দৰে জিলিকি আছে।

বন্ধুসকল,

আপোনালোকে  ভালকৈয়ে জানে, মই দশক দশক ধৰি জম্মু-কাশ্মীৰলৈ অহা-যোৱা কৰি আহিছো, বহু ভিতৰুৱা অঞ্চললৈ যোৱাৰ  সুযোগ পাইছো। এই শক্তি মই অহৰহ দেখি আহিছো আৰু অনুভৱ কৰি আহিছো আৰু সেইবাবেই মই সম্পূৰ্ণ নিষ্ঠাৰে জম্মু-কাশ্মীৰৰ উন্নয়নত নিয়োজিত হৈছো।

বন্ধুসকল,

জম্মু-কাশ্মীৰ ভাৰতৰ শিক্ষা আৰু সংস্কৃতিৰ গৌৰৱ হৈ আহিছে। আজি আমাৰ জম্মু-কাশ্মীৰ ভাৰতৰ অন্যতম বৃহৎ জ্ঞান কেন্দ্ৰ হৈ পৰিছে। ইয়াত আই আই টি, আই আই এম, এইমছ, এন আই টিৰ দৰে প্ৰতিষ্ঠান আছে। জম্মু আৰু শ্ৰীনগৰত কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে। জম্মু-কাশ্মীৰতো গৱেষণাৰ পৰিৱেশৰ সম্প্ৰসাৰণ ঘটিছে।

বন্ধুসকল,

শিক্ষাৰ সমান্তৰালকৈ ইয়াত চিকিৎসা বিজ্ঞানৰ বাবেও অভূতপূৰ্ব কাম চলি আছে। যোৱা কেইবছৰমানৰ পৰা ৰাজ্যিক পৰ্যায়ৰ দুখন কৰ্কট প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হৈছে। বিগত পাঁচ বছৰত ইয়াত ৭খন নতুন চিকিৎসা মহাবিদ্যালয় আৰম্ভ কৰা হৈছে। আপোনালোকে এয়াও জানে যে চিকিৎসা মহাবিদ্যালয় এখন খোলাৰ সময়ত ইয়াৰ দ্বাৰা কেৱল ৰোগীয়েই নহয়, সেই অঞ্চলৰ যুৱক-যুৱতীসকলো আটাইতকৈ বেছি উপকৃত হয়। এতিয়া জম্মু-কাশ্মীৰত এমবিবিএছৰ আসনৰ সংখ্যা ৫০০ৰ পৰা ১৩০০ লৈ বৃদ্ধি পাইছে।মই সুখী যে এতিয়া ৰেছি জিলায়ো নতুন মেডিকেল কলেজ পাবলৈ গৈ আছে। শ্ৰী মাতা বৈষ্ণো দেৱী ইনষ্টিটিউট অৱ মেডিকেল এক্সেলেন্স, এইখন এখন আধুনিক চিকিৎসালয়, ই আমাৰ দাতব্য সংস্কৃতিৰো নিদৰ্শন। এই চিকিৎসা মহাবিদ্যালয়খন নিৰ্মাণৰ বাবে ব্যয় কৰা ধনৰাশি ভাৰতৰ চুকে-কোণৰ পৰা মাতা বৈষ্ণো দেৱীৰ চৰণলৈ অহা লোকে আগবঢ়াইছে। এই ধৰ্মপৰায়ণতাৰ কামৰ বাবে শ্ৰী মাতা বৈষ্ণো দেৱী শ্ৰাইন ব'ৰ্ড আৰু ইয়াৰ অধ্যক্ষ মনোজ জীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই চিকিৎসালয়খনৰ ক্ষমতাও ৩০০ বিছনাৰ পৰা ৫০০ খন বিছনালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত কাত্ৰাত মাতা বৈষ্ণো দেৱী চাবলৈ অহা লোকসকলৰ বাবে অতি সুবিধা হ’ব।

বন্ধুসকল,

কেন্দ্ৰৰ বিজেপি-এনডিএ চৰকাৰে এতিয়া ১১ বছৰ সম্পূৰ্ণ কৰিছে। এই ১১ বছৰ দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে উৎসৰ্গা কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাই ৪ কোটি দৰিদ্ৰ লোকৰ বাবে পকী ঘৰৰ সপোন পূৰণ কৰিলে। উজ্জ্বলা যোজনাই ১০ কোটি পাকঘৰত ধোঁৱাৰ অন্ত পেলাইছে, আমাৰ ভগ্নী-কন্যাক সুৰক্ষা দিয়া হৈছে। আয়ুষ্মান ভাৰত যোজনাই ৫০ কোটি দৰিদ্ৰ লোকক ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাই প্ৰতিখন প্লেটত পৰ্যাপ্ত পৰিমাণৰ খাদ্যৰ ব্যৱস্থা কৰাটো নিশ্চিত কৰিছে। জন ধন যোজনাই প্ৰথমবাৰৰ বাবে ৫০ কোটিৰো অধিক দৰিদ্ৰ লোকৰ বাবে বেংকৰ দুৱাৰ মুকলি কৰিছে। সৌভাগ্য যোজনাই আন্ধাৰত বাস কৰা ২.৫ কোটি পৰিয়াললৈ বিদ্যুৎ যোগান ধৰিছে। স্বচ্ছ ভাৰত অভিযানৰ অধীনত নিৰ্মিত ১২ কোটি শৌচাগাৰে আমাক মুকলিতে শৌচ কৰাৰ বাধ্যবাধকতাৰ পৰা মুক্ত কৰিছে। জল জীৱন মিছনে ১২ কোটি নতুন ঘৰলৈ টেপৰ পানী যোগান ধৰিছে, যাৰ ফলত মহিলাসকলৰ জীৱন সহজ হৈ পৰিছে। ১০ কোটি ক্ষুদ্ৰ কৃষকক প্ৰত্যক্ষ আৰ্থিক সাহায্য প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিয়ে।

বন্ধুসকল,

চৰকাৰৰ এনে বহু প্ৰচেষ্টাৰ বাবেই যোৱা ১১ বছৰত ২৫ কোটিতকৈও অধিক দৰিদ্ৰ লোকে, আমাৰ নিজৰ দুখীয়া ভাই-ভনীসকলে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিছে আৰু ২৫ কোটি দুখীয়া মানুহে দৰিদ্ৰতাক পৰাস্ত কৰি বিজয়ী হৈ দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। এতিয়া তেওঁলোক নতুন মধ্যবিত্ত শ্ৰেণীৰ অংশ হৈ পৰিছে। যিসকলে নিজকে সমাজ ব্যৱস্থাৰ বিশেষজ্ঞ বুলি গণ্য কৰে, ডাঙৰ বিশেষজ্ঞ বুলি গণ্য কৰে, যিসকলে অতীত আৰু ভৱিষ্যতৰ ৰাজনীতিত নিমগ্ন বুলি গণ্য কৰে, যিসকলে দলিতৰ নামত ৰাজনৈতিক লাভালাভ অৰ্জন কৰি আহিছে, তেওঁলোকে মাত্ৰ মই উল্লেখ কৰা আঁচনিবোৰলৈ এবাৰ চকু ফুৰাওক। কোনে এই সা-সুবিধাবোৰ পাইছে, কোন সেইসকল লোক স্বাধীনতাৰ পাছত প্ৰায়  ৭ দশকধৰি এই মৌলিক সা-সুবিধাবোৰৰ পৰা বঞ্চিত হৈ আছিল। এইবোৰ মোৰ দলিত ভাই-ভনী, এইবোৰ মোৰ জনজাতীয় ভাই-ভনী, এইবোৰ মোৰ পিছপৰা ভাই-ভনী, এইবোৰ পাহাৰত বাস কৰা মানুহ, এইবোৰ হাবিত বাস কৰা মানুহ, এইবোৰ পৰিয়াল যাৰ বাবে মোদীয়ে ১১ বছৰ কটালে। দৰিদ্ৰ, নতুন মধ্যবিত্ত শ্ৰেণীক সৰ্বাধিক শক্তি দিয়াৰ চেষ্টা কেন্দ্ৰীয় চৰকাৰে। ৱান ৰেংক ৱান পেঞ্চন হওক, ১২ লাখ টকা পৰ্যন্ত দৰমহা কৰমুক্ত কৰা হওক, ঘৰ কিনাৰ বাবে আৰ্থিক সাহায্য দিয়া হওক, সস্তীয়া বিমান যাত্ৰাৰ বাবে সহায় কৰা হওক, চৰকাৰে সকলো দিশতে দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লগত কান্ধত কান্ধ মিলাই খোজ কাঢ়িছে।

বন্ধুসকল,

দৰিদ্ৰ লোকক দৰিদ্ৰতাৰ পৰা পৰিত্ৰাণ পাবলৈ সহায় কৰা, সততাৰে জীৱন নিৰ্বাহ কৰা মধ্যবিত্ত শ্ৰেণীৰ শক্তি বৃদ্ধি কৰা, সময়ে সময়ে দেশৰ বাবে কৰ আদায় দিয়া, ইয়াৰ বাবেও প্ৰথমবাৰৰ বাবে ইমান কাম কৰা হৈছে, যিটো আমি কৰিছো।

বন্ধুসকল,

আমি ইয়াৰ যুৱক-যুৱতীসকলৰ বাবে অহৰহ নতুন কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰি আছো।  ইয়াৰ অন্যতম মূল উৎস হ’ল পৰ্যটন। পৰ্যটনে কৰ্মসংস্থাপন প্ৰদান কৰে, পৰ্যটনে মানুহক সংযোগ কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ চুবুৰীয়া দেশখন মানৱতাৰ বিৰোধী, সম্প্ৰীতিৰ বিৰোধী, পৰ্যটনৰ বিৰোধী, কেৱল এয়াই নহয়, এনে এখন দেশ যে ই দুখীয়াৰ জীৱিকাৰো বিৰোধী। ২২ এপ্ৰিলত পহলগামত ঘটা ঘটনা তাৰ উদাহৰণ। পহলগামত পাকিস্তানে মানৱতা আৰু কাশ্মীৰিয়ত দুয়োটাকে আক্ৰমণ কৰিছে। ইয়াৰ উদ্দেশ্য আছিল ভাৰতত সংঘৰ্ষ  সৃষ্টি কৰা। ইয়াৰ উদ্দেশ্য আছিল কাশ্মীৰৰ কঠোৰ পৰিশ্ৰমী জনসাধাৰণৰ উপাৰ্জন বন্ধ কৰা। সেইবাবেই পাকিস্তানে পৰ্যটকক আক্ৰমণ কৰিছে। যোৱা ৪-৫ বছৰত ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা পৰ্যটন ইয়াত এতিয়া  প্ৰতি বছৰে অভিলেখ মাত্ৰাত বৃদ্ধি পোৱা দেখা গৈছে।
বন্ধুসকল,

পাকিস্তানৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে জম্মু-কাশ্মীৰৰ জনসাধাৰণে যিদৰে থিয় দিছে, জম্মু-কাশ্মীৰৰ জনসাধাৰণে এইবাৰ যি শক্তি দেখুৱাইছে, জম্মু-কাশ্মীৰৰ জনসাধাৰণে কেৱল পাকিস্তানকে নহয়, সমগ্ৰ বিশ্বৰ সন্ত্ৰাসবাদী মানসিকতাক এক শক্তিশালী বাৰ্তা দিছে। জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলে এতিয়া সন্ত্ৰাসবাদক উপযুক্ত উত্তৰ দিবলৈ সিদ্ধান্ত লৈছে। এই সন্ত্ৰাসবাদে উপত্যকাত বিদ্যালয় জ্বলাই দিলে আৰু কেৱল বিদ্যালয় বা অট্টালিকা নহয়, ই দুটা প্ৰজন্মৰ ভৱিষ্যত জ্বলাই দিলে। ধ্বংস হ’ল চিকিৎসালয়। যিয়ে বহু প্ৰজন্ম ধ্বংস কৰি পেলালে। ইয়াত জনসাধাৰণে নিজৰ পছন্দৰ প্ৰতিনিধি বাছি ল’ব পাৰিছিল, ইয়াত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিছিল, এয়াও সন্ত্ৰাসবাদৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছিল।

বন্ধুসকল,

বছৰ বছৰ ধৰি সন্ত্ৰাসবাদ সহ্য কৰাৰ পিছত জম্মু-কাশ্মীৰে ইমানেই ধ্বংসলীলা দেখিছিল যে জম্মু-কাশ্মীৰৰ জনসাধাৰণে সপোন দেখা বন্ধ কৰি দিছিল, সন্ত্ৰাসবাদক নিজৰ ভাগ্য বুলি মানি লৈছিল। জম্মু-কাশ্মীৰক এই পৰিস্থিতিৰ পৰা উলিয়াই অনাটো প্ৰয়োজনীয় আছিল আৰু আমি সেয়া  কৰিছো। আজি জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলে নতুন সপোন দেখিছে আৰু সেইবোৰো পূৰণ কৰি আছে। এতিয়া কাশ্মীৰৰ যুৱক-যুৱতীসকলে বজাৰ, শ্বপিং মল, চিনেমা হলবোৰত হুলস্থুলীয়া পৰিৱেশ দেখি আনন্দিত হৈ পৰিছে। ইয়াৰ মানুহে জম্মু কাশ্মীৰক পুনৰ চলচ্চিত্ৰৰ শ্বুটিঙৰ এক প্ৰধান কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাটো বিচাৰে, এই অঞ্চলটো ক্ৰীড়াৰ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাটো বিচাৰে। মাতা খীৰ ভৱানীৰ মেলাতো আমি একে আবেগ দেখিছোঁ। হাজাৰ হাজাৰ লোক মন্দিৰত উপস্থিত হোৱাৰ কথাৰ পৰাই   নতুন জম্মু কাশ্মীৰৰ ছবিখন দেখা যায়। এতিয়া অমৰনাথ যাত্ৰাও ৩ তাৰিখৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে। চৌদিশে আমিও দেখিবলৈ পাইছো ঈদৰ আনন্দ । জম্মু কাশ্মীৰত যি উন্নয়নৰ পৰিবেশ সৃষ্টি হৈছিল, সেয়া পহলগামৰ আক্ৰমণে কঁপাই যাবলৈ যোৱা নাই। নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতি আপোনালোক সকলো জম্মু কাশ্মীৰবাসীলৈ, আৰু আপোনালোক সকলোলৈ, মই ইয়াত উন্নয়ন বন্ধ হ'বলৈ নিদিওঁ, যদি ইয়াৰ সপোন পূৰণৰ ক্ষেত্ৰত ইয়াৰ যুৱক-যুৱতীসকলৰ বাটত কোনো বাধা আহি পৰে, তেন্তে মোদীয়ে প্ৰথমে সেই বাধাৰ মুখামুখি হ'ব ।

বন্ধুসকল,

আজি ৬ জুন, মনত ৰাখিব এমাহ আগতে, ঠিক এমাহ আগতে, ৬ মে’ৰ সেই নিশা পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ওপৰত প্ৰলয় নামি আহিছিল। এতিয়া যেতিয়াই পাকিস্তানে অপাৰেচন সিন্দূৰৰ নাম শুনিব তেতিয়াই তেওঁলোকৰ  লজ্জাজনক পৰাজয়ৰ কথা মনত পৰিব। পাকিস্তানৰ শ শ কিলোমিটাৰ  ভিতৰলৈ গৈ ভাৰতে সন্ত্ৰাসবাদীক এনেদৰে আক্ৰমণ কৰিব বুলি পাকিস্তানী সেনা আৰু সন্ত্ৰাসবাদীয়ে কেতিয়াও কল্পনা কৰা নাছিল। বছৰ বছৰ ধৰি কষ্ট কৰি তেওঁলোকে নিৰ্মাণ কৰা আতংকৰ অট্টালিকাবোৰ কেইমিনিটমানৰ ভিতৰতে ধ্বংসাৱশেষলৈ পৰিণত কৰা হৈছে। আৰু এই কথা দেখি পাকিস্তান বৰ বিচলিত হৈ পৰিল, আৰু জম্মু, পুঞ্চ আদি জিলাৰ জনসাধাৰণৰ ওপৰতো ক্ষোভ প্ৰকাশ কৰিলে। পাকিস্তানে ইয়াত ঘৰ-বাৰী ধ্বংস কৰিছিল, শিশুৰ ওপৰত বোমা নিক্ষেপ কৰিছিল, স্কুল-চিকিৎসালয় ধ্বংস কৰিছিল, মন্দিৰ, মছজিদ-গুৰুদ্বাৰত গোলাবৰ্ষণ কৰিছিল,সেয়া  গোটেই বিশ্বই দেখিছিল। দেশৰ প্ৰতিজন নাগৰিকে দেখিছে পাকিস্তানৰ আক্ৰমণৰ বিৰুদ্ধে আপোনালোকে যিদৰে যুঁজিছিল। সেইবাবেই দেশৰ প্ৰতিজন নাগৰিকে নিজৰ পৰিয়ালৰ সৈতে পূৰ্ণ শক্তিৰে থিয় দিছে।

বন্ধুসকল,

কিছুদিন পূৰ্বে সীমান্ত অতিক্ৰম কৰি হোৱা গুলীচালনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ সদস্যক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। গোলাবৰ্ষণৰ ফলত ক্ষতিগ্ৰস্ত ২ হাজাৰৰো অধিক পৰিয়ালৰ দুখ-কষ্টো আমাৰো নিজৰ দুখ। এই পৰিয়ালসমূহক গোলাবৰ্ষণৰ পিছত ঘৰ মেৰামতিৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এতিয়া কেন্দ্ৰীয় চৰকাৰে এই সহায় আৰু অধিক বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। আজিৰ অনুষ্ঠানত মই আপোনালোককো এই বিষয়ে অৱগত কৰিব বিচাৰিছো।

বন্ধুসকল,

যিবোৰ ঘৰৰ যথেষ্ট ক্ষতি হৈছে, সেই ঘৰবোৰক এতিয়া ২ লাখ টকা আৰু আংশিকভাৱে ক্ষতিগ্ৰস্ত হোৱা ঘৰবোৰক  ১ লাখ টকা দিয়া হ’ব। অৰ্থাৎ এতিয়া তেওঁলোকে প্ৰথম সহায়ৰ পিছত এই অতিৰিক্ত ধন লাভ কৰিব।

বন্ধুসকল,

আমাৰ চৰকাৰে সীমান্তত বসবাস কৰা লোকসকলক দেশৰ প্ৰথম দূত বুলি গণ্য কৰে। যোৱা দশকত সীমান্ত জিলাসমূহৰ উন্নয়ন আৰু নিৰাপত্তাৰ বাবে চৰকাৰে অভূতপূৰ্ব কাম কৰিছে, যাৰ সময়ছোৱাত প্ৰায় দহ হাজাৰ নতুন বাংকাৰ নিৰ্মাণ কৰা হৈছে। এই বাংকাৰসমূহে অপাৰেচন সিন্দূৰৰ পিছত সৃষ্টি হোৱা পৰিস্থিতিত মানুহৰ জীৱন ৰক্ষা কৰাত যথেষ্ট সহায় কৰিছে। আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে জম্মু-কাশ্মীৰ সংমণ্ডলৰ বাবে দুটা সীমান্ত বেটেলিয়ন গঠন কৰা হৈছে। দুটা মহিলা বেটেলিয়ন গঠনৰ কামো সম্পূৰ্ণ হৈছে।

বন্ধুসকল,

আমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ অতি দুৰ্গম অঞ্চলত শ শ কোটি টকা খৰচ কৰি নতুন আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে। কাথোৱাৰ পৰা জম্মুলৈ ঘাইপথটো ছয় লেনযুক্ত এক্সপ্ৰেছৱে, আখনুৰ পৰা পুঞ্চলৈ ঘাইপথটোও বহল কৰা হৈছে। ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ অধীনত সীমান্তৱৰ্তী গাঁওসমূহতো উন্নয়নমূলক কাম ত্বৰান্বিত কৰা হৈছে। সকলো বতৰৰ উপযোগী  সংযোগ নথকা জম্মু-কাশ্মীৰৰ ৪০০ খন গাঁৱক ১৮০০ কিলোমিটাৰ নতুন পথেৰে সংযোগ কৰা হৈছে। ইয়াৰ বাবে চৰকাৰেও ৪২০০ কোটিৰো অধিক  টকা ব্যয় কৰিবলৈ ওলাইছে।

বন্ধুসকল,

আজি মই  জম্মু-কাশ্মীৰৰ ৰাইজলৈ বিশেষ অনুৰোধ কৰিবলৈ আহিছো, বিশেষকৈ ইয়াৰ যুৱক-যুৱতীসকলৰ ওচৰত, লগতে জম্মু-কাশ্মীৰৰ ভূমিৰ পৰা দেশবাসীক অনুৰোধ কৰিব বিচাৰিছো। আপোনালোকে  দেখিছে যে কেনেকৈ অপাৰেচন সিন্দূৰে আত্মনিৰ্ভৰশীল ভাৰতৰ শক্তি দেখুৱাইছে। আজি বিশ্বই ভাৰতৰ প্ৰতিৰক্ষা পৰিৱেশ তন্ত্ৰৰ বিষয়ে আলোচনা কৰিছে। আৰু ইয়াৰ আঁৰত এটাই কাৰণ আছে, ‘মেক ইন ইণ্ডিয়া’ৰ ওপৰত আমাৰ শক্তিৰ আস্থা। এতিয়া প্ৰতিজন ভাৰতীয়ই সশস্ত্ৰ বাহিনীয়ে কৰা কামবোৰ পুনৰাবৃত্তি কৰিব লাগিব। এইবাৰৰ বাজেটত আমি মিছন মেনুফেকচাৰিঙৰ কথা ঘোষণা কৰিছো। এই অভিযানৰ অধীনত চৰকাৰে মেনুফেকচাৰিঙক নতুন গতি দিয়াৰ কাম কৰি আছে। মই জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলক ক'ব বিচাৰিছো, আহক, এই অভিযানৰ অংশ হওক। দেশক আপোনালোকৰ আধুনিক চিন্তাধাৰাৰ প্ৰয়োজন, দেশক আপোনালোকৰ উদ্ভাৱনৰ প্ৰয়োজন। আপোনালোকৰ ধাৰণা, আপোনালোকৰ দক্ষতাই ভাৰতৰ নিৰাপত্তা আৰু ভাৰতৰ অৰ্থনীতিক নতুন উচ্চতা প্ৰদান কৰিব। যোৱা দহ বছৰত ভাৰতবৰ্ষ প্ৰতিৰক্ষাৰ বৃহৎ ৰপ্তানিকাৰক হৈ পৰিছে।
বন্ধুসকল,

আমি আন এটা সংকল্প ল’ব লাগিব যে আমি প্ৰথমে সেই সামগ্ৰী কিনিব লাগে যিবোৰ ভাৰতত নিৰ্মিত , য’ত আমাৰ দেশবাসীৰ ঘাম মিহলি হৈ আছে  , আৰু এয়া দেশপ্ৰেম, এয়া দেশৰ সেৱা। সীমান্তত আমাৰ শক্তিৰ সন্মান বৃদ্ধি কৰিব লাগিব আৰু বজাৰত মেড ইন ইণ্ডিয়াৰ গৌৰৱ বৃদ্ধি কৰিব লাগিব।

বন্ধুসকল,

জম্মু-কাশ্মীৰৰ বাবে অপেক্ষা কৰি আছে এক সোণালী আৰু উজ্জ্বল ভৱিষ্যত। ইয়াৰ  চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ একেলগে উন্নয়নৰ কামত নিয়োজিত, ইজনে সিজনক সহায় কৰি আহিছে। আমি যি শান্তি আৰু সমৃদ্ধিৰ পথত আগবাঢ়িছো, সেই পথটো আমি নিৰন্তৰ শক্তিশালী কৰিব লাগিব। মা বৈষ্ণোৰ আশীৰ্বাদত উন্নত ভাৰত, উন্নত জম্মু-কাশ্মীৰৰ এই সংকল্প সফলতাত পৰিণত হোৱা উচিত, এই কামনাৰে মই আপোনালোক সকলোকে এই অসংখ্য উন্নয়ন প্ৰকল্প আৰু ইটোৰ পিছত সিটোকৈ ইমানবোৰ প্ৰকল্পৰ বাবে পুনৰবাৰ অভিনন্দন জনাইছো। দুয়ো মুঠি বন্ধ কৰি মোৰ লগত সম্পূৰ্ণ শক্তিৰে কওক-

ভাৰত মাতা কি জয়! ভাৰতৰ চুকে-কোণে এই ধ্বনি প্ৰতিধ্বনিত হ’ব লাগে।

ভাৰত মাতা কি জয়!

ভাৰত মাতা কি জয়!

ভাৰত মাতা কি জয়!

ভাৰত মাতা কি জয়!

আপোনালোকক অশেষ ধন্যবাদ!

****
 

MJPS/VJ/SS


(Release ID: 2160033) Visitor Counter : 5