প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ সৈতে মত-বিনিময় কৰে
মহাকাশত ভাৰতৰ পতাকা উত্তোলনৰ বাবে আপোনালৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁঃ প্ৰধানমন্ত্ৰী
বিজ্ঞান আৰু আধ্যাত্মিকতা, উভয়েই আমাৰ ৰাষ্ট্ৰৰ শক্তিঃ প্ৰধানমন্ত্ৰী
চন্দ্ৰযান অভিযানৰ সফলতাৰ লগে-লগে দেশৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ মাজত বিজ্ঞানৰ প্ৰতি এক নতুন আগ্ৰহ, মহাকাশ অন্বেষণৰ প্ৰতি আবেগৰ সঞ্চাৰ হৈছিল, এতিয়া আপোনাৰ ঐতিহাসিক যাত্ৰাই এই সংকল্পক অধিক শক্তি প্ৰদান কৰিছেঃ প্ৰধানমন্ত্ৰী
আমি মিছন গগনযানক আগুৱাই নিব লাগিব, আমি নিজাকৈ মহাকাশ কেন্দ্ৰ স্থাপন কৰিব লাগিব আৰু লগতে ভাৰতীয় মহাকাশচাৰীয়ে চন্দ্ৰত অৱতৰণ কৰিব লাগিবঃ প্ৰধানমন্ত্ৰী
আজি মই নিশ্চিতভাৱে ক’ব পাৰোঁ যে ভাৰতৰ গগনযান অভিযানৰ সফলতাৰ এয়া প্ৰথম অধ্যায়, আপোনাৰ ঐতিহাসিক যাত্ৰা কেৱল মহাকাশতে সীমাবদ্ধ নহয়, বৰঞ্চ এই যাত্ৰাই আমাৰ বিকশিত ভাৰতৰ যাত্ৰাক গতি আৰু নতুন শক্তি প্ৰদান কৰিবঃ প্ৰধানমন্ত্ৰী
ভাৰতে বিশ্বৰ বাবে মহাকাশৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিবলৈ ওলাইছেঃ প্ৰধানমন্ত্ৰী
Posted On:
28 JUN 2025 8:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমজন ভাৰতীয় তথা ভাৰতীয় মহাকাশচাৰী গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ সৈতে মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যদিও বৰ্তমান শুভাংশ শুক্লা ভাৰত ভূমিৰ পৰা আটাইতকৈ দূৰত আছে, তথাপিও তেওঁ সকলো ভাৰতীয়ৰ হৃদয়ত আছে। তেখেতে কয় যে শুভাংশু নামটোৱেই মংগল বহন কৰিছে আৰু তেওঁৰ যাত্ৰাই এক নতুন যুগৰ সূচনা কৰে। শ্ৰী মোদীয়ে কয় যে এয়া দুজন ব্যক্তিৰ মাজত হোৱা কথা-বতৰা হ’লেও ইয়াত ১৪০ কোটি ভাৰতীয়ৰ আৱেগ আৰু উৎসাহ নিহিত হৈ আছে। সমগ্ৰ ৰাষ্ট্ৰৰ সামূহিক উদ্যম আৰু গৌৰৱৰ মনোভাৱেৰে তেখেতে শুভাংশুৰ সৈতে কথা পাতিছে বুলি উল্লেখেৰে মহাকাশত ভাৰতৰ পতাকা উত্তোলনৰ বাবে শুভাংশুক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে শুভাংশুৰ সুবিধা-অসুবিধাৰ বুজ লয় আৰু মহাকাশ কেন্দ্ৰত সকলো ঠিক আছে নে নাই, সেই সম্পৰ্কে জ্ঞাত হয়।
প্ৰধানমন্ত্ৰীগৰাকীলৈ সঁহাৰি জনাই মহাকাশচাৰী শুভাংশু শুক্লাই ১৪০ কোটি ভাৰতীয়ৰ হৈ শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপনেৰে কয় যে তেওঁ ভালেৰে আছে আৰু তেওঁ লাভ কৰা মৰম তথা আশীৰ্বাদত গভীৰভাৱে আপ্লুত হৈছে। তেওঁ কক্ষপথত থকা সময়খিনিক এক গভীৰ আৰু নতুন অভিজ্ঞতা বুলি অভিহিত কৰে, যিয়ে কেৱল তেওঁৰ ব্যক্তিগত যাত্ৰাকে নহয়, বৰঞ্চ ভাৰত যি দিশত আগবাঢ়িছে, সেই দিশটোকো প্ৰতিফলিত কৰে। মহাকাশচাৰীগৰাকীয়ে উল্লেখ কৰে যে পৃথিৱীৰ পৰা কক্ষপথলৈ তেওঁৰ ৪০০-কিমিৰ যাত্ৰা অগণন ভাৰতীয়ৰ আকাংক্ষাৰ প্ৰতীক। শৈশৱৰ কথা স্মৰণেৰে তেওঁ কয় যে মহাকাশচাৰী হোৱাৰ কথা তেওঁ কেতিয়াও কল্পনা কৰা নাছিল যদিও প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত আজিৰ ভাৰতে এনে সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম কৰিলে। শুভাংশুৱে ইয়াক এক বৃহৎ সাফল্য বুলি অভিহিত কৰি মহাকাশত নিজৰ দেশক প্ৰতিনিধিত্ব কৰি অপৰিসীম গৌৰৱ অনুভৱ কৰা বুলি কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে হাঁহি-হাঁহি কয় যে যদিও শুভাংশু মহাকাশত আছে য’ত মাধ্যাকৰ্ষণ শক্তিৰ প্ৰায় নায়েই, তথাপিও প্ৰতিজন ভাৰতীয়ই দেখিবলৈ পাইছে যে তেওঁ কিমান গ্ৰাউণ্ডেড হৈয়েই আছে। তেখেতে প্ৰশ্ন কৰে যে শুভাংশুৱে ভাৰতৰ পৰা নিয়া গাজৰৰ হালুৱা তেওঁৰ সতীৰ্থ মহাকাশচাৰীসকলৰ সৈতে আদান-প্ৰদান কৰা হৈছে নে নাই? শুভাংশু শুক্লাই কয় যে তেওঁ মহাকাশ কেন্দ্ৰটোলৈ লৈ আহিছিল কেইবাবিধো পৰম্পৰাগত ভাৰতীয় সুস্বাদু খাদ্য, ইয়াৰ ভিতৰত আছিল গাজৰৰ হালুৱা, মগু দাইলৰ হালুৱা আৰু আমৰাজ। তেওঁ আন্তঃৰাষ্ট্ৰীয় সহকৰ্মীসকলক ভাৰতৰ চহকী ৰন্ধন ঐতিহ্যৰ সোৱাদ প্ৰদানৰ উদ্দেশ্যৰ কথা প্ৰকাশ কৰে। তেওঁ প্ৰধানমন্ত্ৰীগৰাকীক জনাই যে তেওঁলোকে সকলোৱে একেলগে বহি এয়া গ্ৰহণ কৰিছে, যাৰ সোৱাদক তেওঁলোকে প্ৰশংসা কৰিছে। তেওঁ উল্লেখ কৰে যে তেওঁৰ সতীৰ্থ মহাকাশচাৰীসকলে সোৱাদৰ ইমানেই শলাগ লৈছে যে একাংশই আনকি ভৱিষ্যতে ভাৰত ভ্ৰমণ কৰি ভাৰতৰ মাটিত এই খাদ্যসমূহৰ অভিজ্ঞতা গ্ৰহণ কৰাৰ ইচ্ছাও প্ৰকাশ কৰিছে।
যুগ-যুগ ধৰি প্ৰদক্ষিণ বা পৰিক্ৰমা ভাৰতীয় এক পূজনীয় পৰম্পৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শুভাংশুৱে এতিয়া নিজে পৃথিৱী মাতৃৰ পৰিক্ৰমা কৰাৰ বিৰল গৌৰৱৰ সমভাগী হৈছে। তেখেতে জানিবলৈ বিচাৰে যে সেই মুহূৰ্তত পৃথিৱীৰ কোনটো অংশ শুভাংশুৱে প্ৰদক্ষিণ কৰি আছে। ইয়াৰ উত্তৰত মহাকাশচাৰীজনে কয় যে সেই মুহূৰ্তত তেওঁৰ স্থান সম্পৰ্কে সঠিকভাৱে অৱগত নহয় যদিও মাত্ৰ কিছু সময়ৰ আগতে তেওঁ খিৰিকীৰে দেখিছিল যে তেওঁলোক হাৱাইৰ ওপৰেৰে পাৰ হৈ গৈছে। তেওঁ কয় যে তেওঁলোকে দিনটোত ১৬ টা কক্ষপথ সম্পূৰ্ণ কৰে— মহাকাশৰ পৰা ১৬ বাৰ সূৰ্য্য উদয় আৰু ১৬ বাৰ সূৰ্য্যাস্ত প্ৰত্যক্ষ হয়— এই অভিজ্ঞতাই তেওঁক আচৰিত কৰি তুলিছে। তেওঁ জনোৱা মতে, যদিও বৰ্তমান তেওঁলোকে ঘন্টাত প্ৰায় ২৮ হাজাৰ কিলোমিটাৰ বেগেৰে যাত্ৰা কৰি আছে, তথাপিও মহাকাশযানখনৰ ভিতৰত সেই বেগ অনুভৱ কৰা হোৱা নাই। কিন্তু তেওঁ কয় যে এই তীব্ৰ গতিবেগে প্ৰতীকীভাৱে সেই গতিকেই প্ৰতিফলিত কৰে, যি গতিৰে ভাৰত আজি আগবাঢ়িছে।
প্ৰধানমন্ত্ৰীগৰাকীক শুভাংশু শুক্লাই কয় যে কক্ষপথত প্ৰৱেশ কৰি মহাকাশৰ বিশালতা প্ৰত্যক্ষ কৰাৰ লগে-লগে তেওঁৰ প্ৰথম চিন্তাটোৱেই আছিল পৃথিৱীৰ দৃশ্য। তেওঁ কয় যে মহাকাশৰ পৰা সীমান্ত দেখা নাযায়— ৰাষ্ট্ৰসমূহৰ মাজত কোনো দৃশ্যমান সীমা নাই আৰু যিটো কথা আটাইতকৈ বেছি উল্লেখযোগ্য আছিল, সেয়া আছিল গ্ৰহটোৰ পৰম ঐক্য। তেওঁ উল্লেখ কৰে যে যেতিয়া আমি মানচিত্ৰ চাওঁ তেতিয়া ভাৰতকে প্ৰমুখ্য কৰি দেশসমূহৰ আকাৰৰ তুলনা কৰোঁ আৰু প্ৰায়ে বিকৃত ছবি এখন দেখা পাওঁ, কাৰণ আমি কাগজত এখন ত্ৰিমাত্ৰিক পৃথিৱীক সমতল ৰূপক দেখা পাওঁ। কিন্তু মহাকাশৰ পৰা, শুভাংশুৱে কয়, ভাৰতখনক সঁচাকৈয়ে বিশাল ৰূপত দেখা গৈছে। তেওঁ আৰু কয় যে তেওঁ অনুভৱ কৰা একতাৰ অনুভূতি— ভাৰতৰ সভ্যতাবাদী মূলমন্ত্ৰ “বৈচিত্ৰ্যৰ মাজত ঐক্য”-ৰ সৈতে নিখুঁতভাৱে মিল থকা এক গভীৰ উপলব্ধি। তেওঁ কয় যে ওপৰৰ পৰা পৃথিৱীখন দেখাত সকলোৱে ভাগ কৰা এখন ঘৰৰ দৰেই, যিয়ে মানৱতাক সোঁৱৰাই দিয়ে উমৈহতীয়া সমন্বয় আৰু সংযোগৰ কথা।
আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত উপস্থিত হোৱা শুভাংশু শুক্লা প্ৰথমজন ভাৰতীয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰপৰা পৃথিৱীত কঠোৰ প্ৰস্তুতি আৰু মহাকাশ কেন্দ্ৰৰ প্ৰকৃত পৰিস্থিতিৰ মাজৰ বৈপৰীত্য সম্পৰ্কে জানিবলৈ বিচাৰে। মহাকাশচাৰীগৰাকীয়ে কয় যে শূন্য মাধ্যাকৰ্ষণ শক্তি আৰু পৰীক্ষাৰ প্ৰকৃতিৰ বিষয়ে আগতীয়াকৈ জানিলেও কক্ষপথত বাস্তৱতা সম্পূৰ্ণ বেলেগ। তেওঁ কয় যে মানৱ শৰীৰ মাধ্যাকৰ্ষণৰ প্ৰতি ইমানেই অভ্যস্ত হৈ পৰে যে মাইক্ৰ’গ্ৰেভিটিৰ সৰু-সৰু কামবোৰো অভাৱনীয়ভাৱে জটিল হৈ পৰে। তেওঁ কয় যে এইদৰে কথা-বতৰাৰ সময়ত তেওঁ ভৰি দুখন তলত বান্ধি থোৱাৰ নিচিনা হৈছে— নহ’লে তেওঁ ওপঙি থাকিব। পানী খোৱা বা শুই থকাৰ দৰে সৰল কাৰ্য্য মহাকাশত গুৰুতৰ প্ৰত্যাহ্বান হৈ পৰে বুলিও তেওঁ লগতে কয়। এনে পৰিৱৰ্তিত পৰিবেশৰ লগত খাপ খাবলৈ এদিন বা দুদিন সময় লাগে যদিও এই অভিজ্ঞতাক তেওঁ বিজ্ঞান আৰু বিস্ময়ৰ এক সুন্দৰ সমন্বয় বুলি অভিহিত কৰে।
ধ্যান আৰু মননশীলতাই উপকৃত কৰিছে নে নাই কৰা বুলি সোধাত শুভাংশু শুক্লা প্ৰধানমন্ত্ৰীগৰাকীৰ ‘বিজ্ঞান আৰু আধ্যাত্মিকতা ভাৰতৰ শক্তিৰ দ্বৈত স্তম্ভ’ মন্তব্যৰ সৈতে একমত হয়। তেওঁ দৃঢ়তাৰে কয় যে ভাৰত ইতিমধ্যে দ্ৰুতগতিত আগবাঢ়িছে আৰু তেওঁৰ অভিযানে বৃহত্তৰ ৰাষ্ট্ৰীয় যাত্ৰাৰ প্ৰথম পদক্ষেপকহে প্ৰতিনিধিত্ব কৰিছে। আগলৈ চাই তেওঁ ভাৰতৰ নিজা মহাকাশ কেন্দ্ৰ স্থাপনকে প্ৰমুখ্য কৰি আৰু একাধিক ভাৰতীয় মহাকাশত উপনীত হোৱাৰ কল্পনা কৰে। শুভাংশুৱে এনে পৰিবেশত মাইণ্ডফুলনেছৰ অতি গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাত কৰে। কঠোৰ প্ৰশিক্ষণৰ সময়তেই হওঁক বা লঞ্চৰ উচ্চ চাপৰ মুহূৰ্ততেই হওঁক, মাইণ্ডফুলনেছে অভ্যন্তৰীণ শান্তি আৰু সুস্থিৰতা অক্ষুণ্ণ ৰখাত সহায় কৰে। তেওঁ কয় যে মহাকাশত সুস্থিৰ সিদ্ধান্ত গ্ৰহণৰ বাবে স-মনোযোগী হৈ থকাটো অতিশয় গুৰুত্বপূৰ্ণ। ভাৰতীয় এক গভীৰ উক্তিৰ উদ্ধৃতিৰে তেওঁ কয় যে যেতিয়া বিজ্ঞান আৰু মাইণ্ডফুলনেছৰ একেলগে অনুশীলন কৰা হয়, তেতিয়া ই এনে প্ৰত্যাহ্বানমূলক পৰিবেশৰ সৈতে খাপ খাবলৈ শাৰীৰিক আৰু মানসিকভাৱে বহুখিনি সহায় কৰে।
প্রধানমন্ত্রীগৰাকীয়ে জানিবলৈ বিচাৰে যে মহাকাশত অব্যাহত পৰীক্ষা-নিৰীক্ষাই ভৱিষ্যতে কৃষি বা স্বাস্থ্য খণ্ডক উপকৃত কৰিব নে? শুভাংশু শুক্লাই কয় যে পোন-প্ৰথমবাৰৰ বাবে ভাৰতীয় বিজ্ঞানীসকলে সাতটা অনন্য পৰীক্ষাৰ ডিজাইন কৰিছে যিসমূহ তেওঁ মহাকাশ কেন্দ্ৰলৈ লৈ গৈছে। তেওঁ জনাই যে প্ৰথমটো পৰীক্ষাত ষ্টেম চেলৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু বুজাই দিয়ে যে মাধ্যাকৰ্ষণৰ অনুপস্থিতিত শৰীৰত পেশীৰ ক্ষতি হয় আৰু পৰীক্ষাটোৱে নিৰ্ণয় কৰিব বিচাৰে যে নিৰ্দিষ্ট পৰিপূৰকে এই ক্ষতি ৰোধ কৰিব পাৰে নে বিলম্ব কৰিব পাৰে। তেওঁ কয় যে এই অধ্যয়নৰ ফলাফলে বয়সৰ লগত জড়িত পেশীৰ অৱক্ষয়ৰ মুখামুখি হোৱা পৃথিৱীৰ বৃদ্ধ লোকসকলক প্ৰত্যক্ষভাৱে সহায় কৰিব পাৰে। শুভাংশুৱে আৰু কয় যে আন এটা পৰীক্ষাত মাইক্ৰ’এলজিৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ মন্তব্য কৰে যে মাইক্ৰ’এলজি আকাৰত সৰু হ’লেও ই অতি পুষ্টিকৰ। তেওঁ উল্লেখ কৰে যে মহাকাশত পোৱা তথ্যৰ ভিত্তিত যদিহে ইয়াক অধিক পৰিমাণে বৃদ্ধি কৰাৰ পদ্ধতি উদ্ভাৱন কৰিব পৰা যায় তেন্তে ই পৃথিৱীৰ খাদ্য সুৰক্ষাত যথেষ্ট সহায় কৰিব পাৰে। তেওঁ আঙুলিয়াই দিয়ে যে মহাকাশত পৰীক্ষা-নিৰীক্ষা চলোৱাৰ এটা পৰম সুবিধা হৈছে জৈৱিক প্ৰক্ৰিয়াৰ গতি ত্বৰান্বিত হোৱা, যাৰ ফলত গৱেষকসকলে পৃথিৱীতকৈ বহু বেছি দ্ৰুতগতিত ফলাফল লাভ কৰিবলৈ সক্ষম হয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চন্দ্ৰযান অভিযানৰ সফলতাৰ লগে-লগে দেশৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ মাজত বিজ্ঞানৰ প্ৰতি এক নতুন আগ্ৰহ, মহাকাশ অন্বেষণৰ প্ৰতি আবেগৰ সঞ্চাৰ হৈছিল, এতিয়া আপোনাৰ ঐতিহাসিক যাত্ৰাই এই সংকল্পক অধিক শক্তি প্ৰদান কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে আজিৰ ল’ৰা-ছোৱালীয়ে এতিয়া কেৱল আকাশখনলৈ চোৱাই নহয়— বৰঞ্চ তেওঁলোকে এতিয়া বিশ্বাস কৰে যে তেওঁলোকেও তাত উপনীত হ’ব পাৰে। তেওঁ কয় যে এই মানসিকতা আৰু আকাংক্ষাই ভাৰতৰ ভৱিষ্যৎ মহাকাশ অভিযানৰ প্ৰকৃত ভেটি গঠন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভাংশ শুক্লাৰ পৰা জানিব বিচাৰে যে ভাৰতৰ যুৱক-যুৱতীসকললৈ তেওঁ কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে।
প্ৰধানমন্ত্ৰীগৰাকীলৈ সঁহাৰি জনাই শুভাংশু শুক্লাই ভাৰতৰ যুৱক-যুৱতীসকলক সম্বোধন কৰি দেশখন যি সাহসী আৰু অভিলাষী দিশত আগবাঢ়িছে, সেই কাৰ্য্যৰ স্বীকাৰ কৰে। তেওঁ এই সপোন পূৰণৰ বাবে প্ৰতিগৰাকী ভাৰতীয় যুৱক-যুৱতীৰ অংশগ্ৰহণ আৰু দায়বদ্ধতাৰ প্ৰয়োজন আছে বুলি কয়। তেওঁ কয় যে সফলতা লাভৰ বাবে কোনো এটা নিৰ্দিষ্ট পথ নাই— প্ৰতিজন ব্যক্তিয়ে হয়তো বেলেগ-বেলেগ পথত খোজ কাঢ়িব পাৰে— কিন্তু সাধাৰণ কাৰকটো হ’ল অধ্যৱসায়। তেওঁ যুৱক-যুৱতীসকলক কেতিয়াও চেষ্টা এৰি নিদিবলৈ আহ্বান জনাই কয় যে কোনো যি স্থানতে নাথাকক বা যি পথেই বাছি নলওঁক কিয়, হাৰ মানিবলৈ অস্বীকাৰ কৰিলে সোনকালেই বা দেৰিকৈ হ’লেও যে সফলতা লাভ কৰিব, সেয়া নিশ্চিত।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শুভাংশু শুক্লাৰ এই কথাই ভাৰতৰ যুৱক-যুৱতীসকলক বহু পৰিমাণে অনুপ্ৰাণিত কৰিব বুলি তেওঁ বিশ্বাসী। তেখেতে কয়, আমি মিছন গগনযানক আগুৱাই নিব লাগিব, আমি নিজাকৈ মহাকাশ কেন্দ্ৰ স্থাপন কৰিব লাগিব আৰু লগতে ভাৰতীয় মহাকাশচাৰীয়ে চন্দ্ৰত অৱতৰণ কৰিব লাগিব। তেখেতে দৃঢ়তাৰে কয় যে মহাকাশত শুভাংশুৰ অভিজ্ঞতাসমূহ পৰৱৰ্তী অভিযানসমূহৰ বাবে অসীম মূল্যৱান হ’ব। শ্ৰী মোদীয়ে শুভাংশুৱে অভিযানৰ সময়ত তেওঁৰ পৰ্য্যবেক্ষণ আৰু শিক্ষণসমূহ লিপিবদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰে।
শুভাংশ শুক্লাই দৃঢ়তাৰে কয় যে তেওঁৰ সমগ্ৰ প্ৰশিক্ষণ আৰু বৰ্তমানৰ অভিযানত তেওঁ প্ৰতিটো শিক্ষণ গ্ৰহণ কৰিছে। তেওঁ কয় যে এই অভিজ্ঞতাৰ সময়ছোৱাত লাভ কৰা শিক্ষা ভাৰতৰ আগন্তুক মহাকাশ অভিযানৰ বাবে অতি মূল্যৱান আৰু গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব। তেওঁ আত্মবিশ্বাস প্ৰকাশেৰে কয় যে ঘূৰি অহাৰ লগে-লগে তেওঁ এই অন্তৰ্দৃষ্টিসমূহ সম্পূৰ্ণ নিষ্ঠাৰে প্ৰয়োগ কৰি মিছন সম্পাদনক ত্বৰান্বিত কৰিব। তেওঁ কয় যে মিছনত তেওঁৰ আন্তঃৰাষ্ট্ৰীয় সহকৰ্মীসকলে গগনযানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা সম্পৰ্কে জানিব খুজিছে, ইয়াক তেওঁ উৎসাহজনক কথা বুলি বিবেচনা কৰে। ইয়াৰ উত্তৰত তেওঁ তেওঁলোকক আশাবাদীভাৱে উত্তৰ দিছে আৰু কৈছে, “অতি সোনকালেই এয়া বাস্তৱায়িত হ’ব।” শুভাংশুৱে পুনৰ কয় যে অদূৰ ভৱিষ্যতে এই সপোন বাস্তৱায়িত হ’ব আৰু ইয়াত তেওঁ নিজৰ শিক্ষণসমূহ ১০০ শতাংশ প্ৰয়োগ কৰিবলৈ সম্পূৰ্ণৰূপে অংগীকাৰবদ্ধ।
শুভাংশ শুক্লাৰ বাৰ্তাই ভাৰতৰ যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশেৰে শ্ৰী মোদীয়ে মিছনৰ পূৰ্বে শুভাংশু আৰু তেওঁৰ পৰিয়ালক লগ পোৱাৰ কথা সস্নেহে স্মৰণ কৰে। তেখেতে কয় যে তেওঁলোকো আৱেগ আৰু উৎসাহেৰে ভৰি পৰিছে। শুভাংশুৰ সৈতে কথা পাতি তেখেতে আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে এয়াই হৈছে ভাৰতৰ গগনযান অভিযানৰ সফলতাৰ প্ৰথম অধ্যায়। তেখেতে কয় যে এই ঐতিহাসিক যাত্ৰা কেৱল মহাকাশতে সীমাবদ্ধ নহয়, বৰঞ্চ এই যাত্ৰাই আমাৰ বিকশিত ভাৰতৰ যাত্ৰাক গতি আৰু নতুন শক্তি প্ৰদান কৰিব। “ভাৰতে বিশ্বৰ বাবে মহাকাশত নতুন সীমাৰ উন্মেষ ঘটাইছে আৰু দেশখনে এতিয়া কেৱল উৰি যোৱাই নহয়, ভৱিষ্যতৰ উৰণৰ বাবেও লঞ্চপেড নিৰ্মাণ কৰিব”, শ্ৰী মোদীয়ে কয়। তেখেতে শুভাংশুক হৃদয়ৰ পৰা মুক্তভাৱে কথা ক’বলৈ আহ্বান জনায়— কোনো প্ৰশ্নৰ উত্তৰ হিচাপে নহয়, তেওঁ যি আৱেগ ভাগ কৰিব বিচাৰে তাৰ প্ৰকাশ হিচাপে, লগতে কয় যে তেওঁৰ কথা শুনিবলৈ সমগ্ৰ ৰাষ্ট্ৰখন আগ্ৰহী।
শুভাংশু শুক্লাই প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰি সমগ্ৰ প্ৰশিক্ষণ আৰু মহাকাশ যাত্ৰাত শিক্ষণৰ গভীৰতা সন্দৰ্ভত কয়। তেওঁ নিজৰ ব্যক্তিগত সাফল্যবোধক স্বীকাৰ কৰে যদিও এই অভিযানে দেশৰ বাবে বহু বৃহৎ সামূহিক কৃতিত্বক প্ৰতিনিধিত্ব কৰে বুলি কয়। তেওঁ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীক সম্বোধন কৰি তেওঁলোকক নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ উৎসাহিত কৰে। তেওঁ কয় যে নিজৰ বাবে উন্নত ভৱিষ্যৎ গঢ়ি তোলা কাৰ্য্যই ভাৰতৰ উন্নত ভৱিষ্যৎ গঢ়ি তোলাত অৰিহণা যোগায়। তেওঁ কয়, “আকাশ কেতিয়াও সীমা নহয়”— তেওঁৰ বাবেই নহয়, তেওঁলোকৰ বাবেও নহয়, ভাৰতৰ বাবেও নহয়। তেওঁ যুৱক-যুৱতীসকলক এই বিশ্বাস অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়, কিয়নো ই তেওঁলোকক নিজৰ আৰু ৰাষ্ট্ৰৰ ভৱিষ্যতক আলোকিত কৰাৰ ক্ষেত্ৰত আগুৱাই নিব। শুভাংশুৱে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে— আৰু তেওঁৰ জৰিয়তে ১৪০ কোটি নাগৰিকৰ সৈতে কথা পতাৰ সুযোগ পাই আন্তৰিক আৱেগ আৰু আনন্দ প্ৰকাশ কৰে। তেখেতে কয় যে তেওঁৰ পিছফালে দেখা পোৱা ভাৰতীয় জাতীয় পতাকাখনি ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপনীত নহৈছিল। তেওঁৰ আগমনৰ পিছতহে ইয়াক উত্তোলন কৰা হৈছে, যাৰ ফলত সেই মুহূৰ্তটো গভীৰভাৱে অৰ্থপূৰ্ণ হৈ পৰিছে।
শ্ৰী মোদীয়ে শুভাংশু শুক্লা আৰু তেওঁৰ সকলো সতীৰ্থ মহাকাশচাৰীলৈ তেওঁলোকৰ অভিযানৰ সফলতাৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে শুভাংশুৰ প্ৰত্যাগমনৰ বাবে সমগ্ৰ ৰাষ্ট্ৰই অপেক্ষা কৰি আছে বুলি উল্লেখেৰে তেওঁক নিজৰ যত্ন ল’বলৈ আহ্বান জনায়। তেখেতে শুভাংশুক ভাৰত মাতাৰ সন্মান অব্যাহত ৰাখিবলৈ উৎসাহিত কৰি ১৪০ কোটি নাগৰিকৰ হৈ অসীম শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভাংশুৰ অপৰিসীম প্ৰচেষ্টা আৰু নিষ্ঠাৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি মত-বিনিময় কাৰ্য্যসূচীৰ সামৰণি মাৰে।
***
MJPS/SR/SB
(Release ID: 2159707)
Visitor Counter : 2
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam