প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজক তেওঁৰ ঐতিহাসিক দ্বিতীয় কাৰ্যকালৰ বাবে অভিনন্দন জনায়

দুয়োগৰাকী নেতাই ভাৰত-অষ্ট্ৰেলিয়া সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব (CSP) শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে

प्रविष्टि तिथि: 06 MAY 2025 2:07PM by PIB Guwahati


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এণ্টনি আলবানিজ ডাঙৰীয়াৰ সৈতে টেলিফোনযোগে কথা পাতি অষ্ট্ৰেলিয়াৰ ৩২ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে ঐতিহাসিক পুনৰ নিৰ্বাচিত হোৱাৰ বাবে তেওঁক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ মাজত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব (CSP) শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে। তেওঁলোকে উল্লেখ কৰে যে ইয়াৰ পাঁচ বছৰত চি এছ পিয়ে বিভিন্ন খণ্ডত শক্তিশালী সহযোগিতা গঢ়ি তোলা দেখিছে। তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত শক্তিশালী ভাৰতীয় মূলৰ প্ৰব্ৰজনকাৰী সমাজে গ্ৰহণ কৰা ভূমিকাক গুৰুত্ব আৰোপ কৰে।

দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰি মুক্ত, মুকলি, সুস্থিৰ, নিয়মভিত্তিক আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰসাৰৰ বাবে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে বছৰৰ শেষৰ ফালে ভাৰতত আয়োজিত হ’বলগীয়া বাৰ্ষিক শীৰ্ষ সন্মিলন আৰু QUAD শীৰ্ষ সন্মিলনকে ধৰি প্ৰধানমন্ত্ৰী আলবানিজক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায়।


MJPS/ST


(रिलीज़ आईडी: 2159372) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam