প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাজস্থানত দুটা নতুন ৰামছাৰ ছাইট সংযোজনৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 04 JUN 2025 10:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতৰ অবিৰত অগ্ৰগতিৰ প্ৰশংসা কৰিছে। ৰাজস্থানৰ ফলোডী আৰু উদয়পুৰৰ মেনাৰ আৰু দুটা জলাশয় ৰামছাৰ স্থানৰ সন্মানীয় তালিকাত লিপিবদ্ধ হৈছে। ইয়াৰ লগে লগে ভাৰতত এতিয়া মুঠ ৯১টা ৰামছাৰ ছাইট আছে।

এক্সত এই তথ্য ভাগ-বতৰা কৰি কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিৱেশ সংৰক্ষণৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ এয়া প্ৰমাণ।

এক্স পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়;

"অতি ভাল খবৰ! পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি অতি দ্ৰুতগতিত হৈছে আৰু ইয়াৰ ভিতৰত মানুহৰ অংশগ্ৰহণো অন্তৰ্ভুক্ত আছে।"

MJPS/ST


(रिलीज़ आईडी: 2158826) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Telugu , Kannada