প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কৃষকৰ কল্যাণক আগুৱাই নিয়াৰ বাবে আমাৰ চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ: প্ৰধানমন্ত্ৰী

২০২৫ চনৰ প্ৰথমখন কেবিনেট আমাৰ কৃষকৰ সমৃদ্ধি বৃদ্ধিৰ বাবে উৎসৰ্গিত: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 01 JAN 2025 5:13PM by PIB Guwahati

আজি ২০২৫ চনৰ প্ৰথম কেবিনেট বৈঠকত গ্ৰহণ কৰা মূল সিদ্ধান্তসমূহৰ আলোকপাত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰে কৃষকৰ কল্যাণক আগুৱাই নিয়াৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলি দোঁহাৰে।

এক্সৰ এটা পোষ্টত তেওঁ লিখিছেঃ-

“আমাৰ চৰকাৰ কৃষকৰ কল্যাণক আগুৱাই নিয়াৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ দেশখনক খাদ্য সামগ্ৰী যোগান ধৰিবলৈ কঠোৰ পৰিশ্ৰম কৰা আমাৰ সকলো কৃষক ভাই-ভনীক লৈ আমি গৌৰৱান্বিত। ২০২৫ চনৰ প্ৰথমখন কেবিনেট আমাৰ কৃষকৰ সমৃদ্ধি বৃদ্ধিৰ বাবে উৎসৰ্গিত। এই ক্ষেত্ৰত মূল সিদ্ধান্ত লোৱাত মই আনন্দিত।”

 

***

MJPS/SR/DB


(रिलीज़ आईडी: 2158814) आगंतुक पटल : 19
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam