প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

টেলিফোনিক বাৰ্তালাপত মিলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি

বিগত মাহত কৰা ব্ৰাজিল ভ্ৰমণৰ কথা স্মৰণ প্ৰধানমন্ত্ৰীৰ

বাণিজ্য, প্ৰযুক্তি, শক্তি, প্ৰতিৰক্ষা, কৃষি, স্বাস্থ্য আৰু দুয়ো দেশৰ জনসাধাৰণ সম্পৰ্কত সহযোগিতা বৃদ্ধিৰ বাবে ঐক্যমত পোষণ দুয়োগৰাকী নেতাৰ

পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বৈশ্বিক বিষয়ত মত বিনিময়

Posted On: 07 AUG 2025 9:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলৰ ৰাষ্ট্ৰপতি মহামহিম লুইজ ইনাছিও লুলা দা চিলভাৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে বিগত মাহত কৰা ব্ৰাজিল ভ্ৰমণৰ কথা স্মৰণ কৰে, য’ত দুয়োগৰাকী নেতাই বাণিজ্য, প্ৰযুক্তি, শক্তি, প্ৰতিৰক্ষা, কৃষি, স্বাস্থ্য আৰু দুয়ো দেশৰ জনসাধাৰণৰ সম্পৰ্কত সহযোগিতা শক্তিশালী কৰাৰ বাবে এক নিৰ্দ্দিষ্ট পৰিকাঠামোৰ গঠনত সহমত পোষণ কৰে।

এই আলোচনাসমূহৰ ওপৰত ভিত্তি কৰি তেওঁলোকে ভাৰত-ব্ৰাজিল কৌশলগত অংশীদাৰিত্বক এক নতুন শিখৰলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰে।

দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ বিভিন্ন আঞ্চলিক আৰু বৈশ্বিক বিষয়ত মত বিনিময় কৰে।

ভৱিষ্যতলৈ দুয়োগৰাকী নেতাই সঘন সংস্পৰ্শত থকাৰ বাবেও সহমত পোষণ কৰে।

 

 

****

MJPS/ST


(Release ID: 2158755)