প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

৭৯ তম স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 15 AUG 2025 12:29PM by PIB Guwahati

মোৰ প্ৰিয় দেশবাসী,

স্বাধীনতাৰ এই মহান উৎসৱ ১৪০ কোটি ভাৰতীয়ৰ সংকল্পৰ উদযাপন। এয়া হৈছে আমাৰ সামূহিক কৃতিত্ব প্ৰতিফলিত কৰা, গৌৰৱেৰে পৰিপূৰ্ণ, প্ৰতিখন হৃদয়লৈ অপৰিসীম আনন্দ কঢ়িয়াই অনা এক বিষ্ময়কৰ উৎসৱ। আমাৰ দেশখনে একতাৰ মনোভাৱ প্ৰতিনিয়ত শক্তিশালী কৰিছে। আজি দেশৰ ১৪০ কোটি নাগৰিক ত্ৰিৰংগাৰ ৰঙেৰে বিঢৌত হৈছে। ‘হৰ ঘৰ ত্ৰিৰংগা’ৰ লহৰ চৌপাশে উঠিছে, সেয়া মৰুভূমিয়েই হওক, কিম্বা হিমালয়ৰ শৃংগই হওক, সাগৰতীৰতেই হওক, বা ঘন জনবসতিপূৰ্ণ অঞ্চলতেই হওক, সকলোতে এটাই প্ৰতিধ্বনি, এটাই উল্লাস: আমাৰ প্ৰাণৰো প্ৰাণৰ, আমাৰ দেশ, গৰিমাৰ বেশ আমাৰ দেশ।

মোৰ প্ৰিয় দেশবাসী,

১৯৪৭ চনত অপৰিসীম সম্ভাৱনা আৰু লক্ষ লক্ষ লোকৰ সামূহিক শক্তিৰে আমাৰ দেশে স্বাধীনতা লাভ কৰিলে। দেশৰ আকাংক্ষাই ডেউকা মেলিছিল, কিন্তু সমূখত আছিল বাধাৰ সুউচ্চ প্ৰাচীৰ। শ্ৰদ্ধাৰ বাপুৰ আদৰ্শ অনুকৰণেৰে সংবিধান সভাৰ সদস্যসকলে এক ঐতিহাসিক দায়িত্ব গ্ৰহণ কৰিছিল আৰু পালন কৰিছিল। বিগত ৭৫ বছৰে ভাৰতৰ সংবিধানে আমাৰ দিকদৰ্শক হিচাপে থিয় হৈ আছে, আমাক আগুৱাই যোৱাৰ পথ দেখুৱাইছে। ড° ৰাজেন্দ্ৰ প্ৰসাদ, বাবাছাহেব আম্বেদকাৰ, পণ্ডিত নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল, ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ দৰে আমাৰ সংবিধান প্ৰণেতা মহান নেতাসকলে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁলোকৰ সমান্তৰালকৈ আমাৰ মহিলাসকলেও উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। হান্সা মেহতা আৰু দক্ষায়নি ভেলায়ুধনৰ দৰে দূৰদৰ্শী নাৰীয়ে ভাৰতৰ সংবিধানক সমৃদ্ধ কৰিছিল, সবল কৰি তুলিছিল। আজি লালকিল্লাৰ পৰা আমাৰ সংবিধানৰ এই মহান প্ৰণেতাসকলৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰণাম জনাইছো, যিসকলে দেশখনক, জাতিটোক পথ প্ৰদৰ্শন কৰিছিল আৰু ইয়াৰ ভৱিষ্যতৰ ভেটি স্থাপন কৰিছিল।

 

মোৰ প্ৰিয় দেশবাসী,

আজি আমি ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ তম জন্ম বাৰ্ষিকীও উদযাপন কৰিছো। ভাৰতৰ সংবিধানৰ বাবে প্ৰাণহুতি দিয়া দেশৰ প্ৰথমগৰাকী মহান ব্যক্তি আছিল ড° শ্যামা প্ৰসাদ মুখাৰ্জী। সংবিধানৰ বাবে তেওঁৰ ত্যাগ, ৩৭০ অনুচ্ছেদৰ বাধা আঁতৰোৱা, “এক জাতি, এক সংবিধান” মন্ত্ৰ বাস্তৱায়িত কৰাটোৱেই ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি। আজি লালকিল্লাত বহু বিশিষ্ট অতিথি উপস্থিত আছে, দূৰ-দূৰণিৰ পৰা অহা গাঁও পঞ্চায়তৰ সদস্যসকল, “দ্ৰোণ দিদিসকল”, “লাখপতি দিদিসকল”ৰ প্ৰতিনিধি, ক্ৰীড়াবিদ, আৰু দেশৰ জনজীৱনলৈ অৰিহণা যোগোৱা অন্যান্য বহু বিশিষ্ট ব্যক্তিসকল উপস্থিত আছে। এক প্ৰকাৰে চকুৰ সমূখত মই ভাৰতৰ এক ক্ষুদ্ৰ সংস্কৰণ ইয়াতেই অনুভৱ কৰিছো। আৰু বিশাল ভাৰতখনো প্ৰযুক্তিৰ জৰিয়তে লালকিল্লাৰ সৈতে আজি সংযুক্ত হৈ আছে। স্বাধীনতাৰ এই আড়ম্বৰপূৰ্ণ উৎসৱত মোৰ প্ৰিয় দেশবাসীলৈ, সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা ভাৰতৰ শুভাকাঙ্খীসকললৈ, আৰু আমাৰ প্ৰতিগৰাকী বন্ধু-বান্ধৱীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

প্ৰকৃতিয়ে আমাৰ সকলোলে পৰীক্ষা লৈ আছে। বিগত কেইদিনমানৰ পৰা আমি ভালেমান প্ৰাকৃতিক দুৰ্যোগৰ সমূখীন হৈছো, সেয়া ভূমিস্খলনেই হওক, ডাৱৰ বিস্ফোৰণেই হওক অথবা আন অগণন দুৰ্যোগ। প্ৰতিগৰাকী ভুক্তভোগীৰ প্ৰতি আমাৰ সহানুভূতি আছে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে একেলগে কাম কৰি উদ্ধাৰ অভিযান, সাহায্য, পুনঃসংস্থাপনৰ কামত সম্পূৰ্ণৰূপে নিয়োজিত হৈ আছে।

বন্ধুসকল,

আজিৰ ১৫ আগষ্টত এক বিশেষ তাৎপৰ্য দেখিছোঁ৷ মই অতি গৌৰৱ অনুভৱ কৰিছো যে আজি মই লালকিল্লাৰ পৰা অপাৰেচন সিন্দুৰৰ বীৰ যোদ্ধাসকলক প্ৰণাম জনোৱাৰ সুযোগ পাইছো। আমাৰ সাহসী সৈনিকসকলে শত্ৰুক সিঁহতৰ কল্পনাতীত শাস্তি দিছিল। ২২ এপ্ৰিলত সন্ত্ৰাসবাদীয়ে সীমান্ত পাৰ হৈ পহলগামত এক নিৰ্মম হত্যাকাণ্ড সংঘটিত কৰিছিল, নিৰীহ লোকক তেওঁলোকৰ ধৰ্ম সুধি সুধি হত্যা কৰিছিল, পত্নীৰ সমূখত স্বামীক, সন্তানৰ সমূখত পিতৃক গুলীয়াই হত্যা কৰিছিল। এই অমানৱীয় কাৰ্যই সমগ্ৰ দেশবাসীৰ বিবেকক জোকাৰি গ’ল, ক্ষোভেৰে ভৰাই পেলালে আৰু এনে বৰ্বৰ হত্যাকাণ্ডত বিশ্ব স্তম্ভিত হৈ পৰিল।

মোৰ প্ৰিয় দেশবাসী,

সেই ক্ষোভৰেই বহিঃপ্ৰকাশ আছিল অপাৰেচন সিন্দুৰ। ২২ তাৰিখৰ সেই নিৰ্মম পৰিঘটনাৰ পিছত আমি আমাৰ সেনাবাহিনীক সম্পূৰ্ণ স্বাধীনতা দিলোঁ যে তেওঁলোকে নিজেই কৌশল নিৰ্ধাৰণ কৰক, নিজেই লক্ষ্য নিৰ্ধাৰণ আৰু সময়ো তেওঁলোকেই বাছি লওক। আৰু আমাৰ সেনাই দশক দশক ধৰি নোহোৱা কাম এটা সম্পন্ন কৰিলে। শত্ৰু ভূখণ্ডৰ কেবাশ কিলোমিটাৰলৈ সোমাই গৈ সেই দেশত থকা সন্ত্ৰাসবাদীৰ মুখ্য ঘাটিবোৰ ধ্বংসাৱশেষত পৰিণত কৰিলে। পাকিস্তানে এতিয়াও বিনিদ্ৰ ৰজনী কটাইছে। পাকিস্তানত এই ধ্বংসলীলা ইমানেই বৃহৎ আছিল যে প্ৰতিদিনে নতুন নতুন দিশ পোহৰলৈ আহি আছে আৰু ন ন তথ্য জানিব পৰা গৈছে।

মোৰ প্ৰিয় দেশবাসী,

আমাৰ দেশখনে কেবাদশক ধৰি সন্ত্ৰাসবাদ সহ্য কৰি আহিছে। বাৰে বাৰে ভাৰতৰ হৃদয় শেলে বিন্ধা দি বিন্ধিছে। কিন্তু এতিয়া, আমি এক নতুন ব্যৱস্থা প্ৰতিষ্ঠা কৰিছো: সন্ত্ৰাসবাদক লালন-পালন কৰাবোৰক আৰু আশ্ৰয় দিয়াবোৰক, আৰু সন্ত্ৰাসবাদক সাৰ-পানী যোগোৱাসকলক আৰু পৃথকে পৃথকে বিবেচনা কৰা নহ’ব। সিহঁত সকলোৱেই মানৱতাৰ শত্ৰু, সিঁহতৰ মাজত কোনো পাৰ্থক্য নাই। ভাৰতে এতিয়া সিদ্ধান্ত লৈছে যে আমি আৰু এই পাৰমাণৱিক আক্ৰমণৰ ভাবুকিবোৰ সহ্য নকৰো। ইমান দিনে চলি থকা পাৰমাণৱিক আক্ৰমণৰ ব্লেকমেইল আৰু সহ্য কৰা নহ’ব। তেন্তে আমাৰ সশস্ত্ৰ বাহিনীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব—নিজৰ চৰ্তত, নিজৰ পছন্দৰ সময়ত, তেওঁলোকে উপযুক্ত বুলি ভবা ধৰণে আৰু তেওঁলোকে সিদ্ধান্ত লোৱা লক্ষ্যত। আৰু যেতিয়া সেই মুহূৰ্তটো আহিব, তেতিয়া আমাৰ সঁহাৰিও নিৰ্ণায়ক হ’ব, বিধ্বংসী হ’ব।

মোৰ প্ৰিয় দেশবাসী,

ভাৰতে এতিয়া সিদ্ধান্ত লৈছে— তেজ আৰু পানী একেলগে বৈ নাযায়। দেশৰ জনসাধাৰণে এতিয়া সম্পূৰ্ণৰূপে বুজি পাইছে যে সিন্ধু জল সন্ধি কিমান অন্যায় আৰু একপক্ষীয় আছিল। ভাৰতৰ পৰা উৎপত্তি হোৱা নদীৰ পানীয়ে আমাৰ শত্ৰুৰ পথাৰত জলসিঞ্চন কৰি আছে, আনহাতে কৃষক আৰু আমাৰ নিজৰ দেশৰ মাটি শুকান হৈ পৰি আছে। এইটো আছিল এনে এক চুক্তি যিয়ে বিগত সাতটা দশক ধৰি আমাৰ কৃষকক কল্পনাতীত ক্ষতিৰ সমূখীন কৰাইছে। সেই সময় এতিয়া অতীত হ’ল। এতিয়াৰ পৰা যি পানী সঠিকভাৱে ভাৰতৰ অন্তৰ্গত, সেই পানী কেৱল ভাৰতৰ বাবেই সংৰক্ষিত হৈ থাকিব—আমাৰ কৃষকৰ পথাৰখনৰ বাবে, আমাৰ মাটিৰ সমৃদ্ধিৰ বাবে। ভাৰতে দশক দশক ধৰি সহ্য কৰি অহা সিন্ধু চুক্তিৰ ৰূপ আৰু সহ্য কৰা নহ’ব। আমাৰ কৃষকৰ স্বাৰ্থত, আৰু জাতিৰ স্বাৰ্থত এই চুক্তি আমাৰ বাবে গ্ৰহণযোগ্য নহয়।

মোৰ প্ৰিয় দেশবাসী,

আমাৰ স্বাধীনতাৰ বাবে অগণন দেশপ্ৰেমীয়ে নিজৰ প্ৰাণাহুতি দিছিল, তেওঁলোকে সমগ্ৰ যৌৱন উৎসৰ্গা কৰিছিল, বছৰ বছৰ ধৰি কাৰাৰুদ্ধ আছিল, আনকি ফাঁচীকো আঁকোৱালি লৈছিল, সেয়া ব্যক্তিগত লাভৰ বাবে নহয়, সেেয়া আছিল মা ভাৰতীৰ সন্মানৰ বাবে, লক্ষ লক্ষ লোকৰ মুকুতিৰ বাবে, দাসত্বৰ শিকলি ভাঙিবৰ বাবে। তেওঁলোকৰ হৃদয়ত জ্বলি উঠিছিল একক, অটল আৱেগ - মৰ্যাদাপূৰ্ণ জীৱন।

বন্ধুসকল, দাসত্বই আমাক দৰিদ্ৰ কৰি তোলাই নহয়, আনৰ ওপৰত নিৰ্ভৰশীল কৰিও তুলিছিল। আনৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা বাঢ়ি গৈ থাকিল। আমি সকলোৱে জানো যে স্বাধীনতাৰ পিছত কোটি কোটি মানুহক অন্ন যোগান ধৰাটো আছিল এক অন্যতম বৃহত্ প্ৰত্যাহ্বান । আৰু মোৰ দেশৰ কৃষকসকলৰ বাহিৰে আন কোনো নাছিল যিয়ে কঠোৰ পৰিশ্ৰমেৰে দেশৰ শস্যৰ ভঁৰাল ভৰাই তুলিছিল। খাদ্যশস্য উৎপাদনত দেশখনক স্বাৱলম্বী কৰি তুলিছিল। আজিও যিকোনো জাতিৰ বাবে আত্মসন্মানৰ প্ৰকৃত পৰিমাপ নিহিত হৈ আছে ইয়াৰ আত্মনিৰ্ভৰশীলতাত।

আৰু মোৰ প্ৰিয় দেশবাসী,

এখন বিকশিত ভাৰতৰ ভেটি স্বাৱলম্বীতাৰ ওপৰত নির্ভৰ কৰে৷ এখন দেশ যিমানেই আনৰ ওপৰত নিৰ্ভৰশীল হয়, সিমানেই সেই দেশৰ স্বাধীনতাত আপোচৰ বিষয় উত্থাপিত হয়। প্ৰকৃত দুৰ্ভাগ্য তেতিয়াই আৰম্ভ হয়, যেতিয়া নিৰ্ভৰশীলতা এটা অভ্যাসলৈ পৰিণত হয়, যেতিয়া আমি আনকি উপলব্ধি নকৰাকৈয়ে নিজৰ আত্মনিৰ্ভৰশীলতাক আত্মসমৰ্পণ কৰি আনৰ ওপৰত নিৰ্ভৰ কৰাৰ এক অভ্যাস গঢ়ি তোলোঁ। এনে অভ্যাস বিপদজনক, যাৰ বাবে আমি প্ৰতিটো খোজতে আত্মনিৰ্ভৰশীল হ’বলৈ সদায় সজাগ হৈ থাকিব লাগিব।

আৰু মোৰ প্ৰিয় দেশবাসী,

আত্মনিৰ্ভৰশীলতা কেৱল আমদানি আৰু ৰপ্তানিতে সীমাবদ্ধ নহয়, ই কেৱল টকা, পাউণ্ড, ডলাৰত সীমাবদ্ধ নহয়। ইয়াৰ সাৰমৰ্ম বহুত গভীৰ। প্ৰকৃত আত্মনিৰ্ভৰশীলতা আমাৰ আভ্যন্তৰীণ সামৰ্থ্যৰ লগত জড়িত হৈ থাকে আৰু যেতিয়া সেই আত্মনিৰ্ভৰশীলতা দুৰ্বল হয়, তেতিয়া আমাৰ সামৰ্থ্যও ক্ৰমাগতভাৱে হ্ৰাস পাবলৈ আৰম্ভ কৰে। সেইবাবেই আমাৰ সামৰ্থ্য সংৰক্ষণ, সামৰ্থ্য অটুত ৰখা আৰু সামৰ্থ্য শক্তিশালী কৰিবলৈ আত্মনিৰ্ভৰশীলতা বিষয়টো কেৱল গুৰুত্বপূৰ্ণই নহয়, ই অপৰিহাৰ্যও।

বন্ধুসকল,

অপাৰেচন সিন্দুৰত আমি ‘মেড ইন ইণ্ডিয়া’ৰ আশ্চৰ্য্যকৰ প্ৰকৃত শক্তিৰ সাক্ষী হৈছিলো। আমাৰ হাতত কি কি অস্ত্ৰ, কেনে সামৰ্থ্য আছে, সেই বিষেয়ে শত্ৰুৰ কোনো ধাৰণাই নাছিল, চকুৰ পলকতে সিহঁতক এনে কি শক্তিয়ে মোক্ষম আঘাত হানি আছে সেই কথা সিঁহতে বুজিবই পৰা নাছিল। কল্পনা কৰকচোন, আমি যদি আত্মনিৰ্ভৰশীল নহ’লোঁহেঁতেন, তেন্তে এনে এক ক্ষীূপ্ৰতা আৰু নিখুঁতভাৱে অপাৰেচন সিন্দুৰ সম্পন্ন কৰিব পাৰিলোহেঁতেননে? আমাক কোনে যোগান ধৰিব পাৰে, প্ৰয়োজনীয় সঁজুলি পাম নে নাপাম ইত্যাদি ইত্যাদি চিন্তাই আমাক জুৰুলা কৰিলেহেঁতেন। কিন্তু যিহেতু ‘মেড ইন ইণ্ডিয়া’ৰ শক্তিৰ দৃঢ়তা আমাৰ হাতত আছিল, আমাৰ অদম্য সাহসী সশস্ত্ৰ বাহিনীৰ হাতত আছিল, তেওঁলোকে সম্পূৰ্ণ আত্মবিশ্বাসেৰে, বাধাহীনতাৰে, আৰু নিসংকোচে যুঁজিছিল। আজি আমি যি সফলতা দেখিবলৈ পাইছো সেয়া হৈছে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা লাভৰ বাবে বিগত দশকত আমাৰ ধাৰাবহাহিক অভিযানৰ ফলত।

বন্ধুসকল,

I wish to draw your attention to another subject. None can deny that the 21st century is a technology-driven century. And when it is technology-driven, a glance at history tells us that every nation which mastered technology scaled the heights of development, reached the pinnacle, and attained new dimensions of economic power. When we speak of various dimensions of technology, I wish to draw your attention to semiconductors. I do not stand here at the ramparts of the Red Fort to criticise any person or government, nor do I wish to. But it is equally important for the youth of our country to know. In our country, files related to semiconductors started moving 50–60 years ago. The idea of a semiconductor factory began then. My young friends will be shocked to know that today, semiconductors have become a global force—but 50–60 years ago, the idea was stalled, delayed and shelved. The very conception of semiconductors was aborted. We lost 50–60 years. Meanwhile, many countries mastered semiconductors and established their strength in the world.

আন এটা বিষয়লৈ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰিছো। একবিংশ শতিকা যে প্ৰযুক্তি-চালিত শতিকা সেই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। আৰু যেতিয়া ই প্ৰযুক্তি-চালিত হয়, তেতিয়া ইতিহাসৰ ওপৰত এবাৰ চকু ফুৰালেই ক’ব পাৰি যে প্ৰযুক্তি আয়ত্ত কৰা প্ৰতিখন দেশেই উন্নয়নৰ শিখৰত উপনীত হৈছে, আৰু অৰ্থনৈতিক শক্তিৰ নতুন মাত্ৰা লাভ কৰিছে। আমি যেতিয়া প্ৰযুক্তিৰ বিভিন্ন সামৰ্থ্য কিম্বা মাত্ৰাৰ কথা কওঁ, তেতিয়া মই আপোনালোকৰ দৃষ্টি অৰ্ধপৰিবাহীৰ প্ৰতি আকৰ্ষণ কৰিব বিচাৰো। মই ইয়াত লালকিল্লাত থিয় হৈ কোনো ব্যক্তি বা চৰকাৰক সমালোচনা কৰা নাই, সেয়া কৰাৰ ইচ্ছাও নকৰো। কিন্তু আমাৰ দেশৰ যুৱক-যুৱতীসকলে জনাটোও সমানেই জৰুৰী৷ আমাৰ দেশত অৰ্ধপৰিবাহীৰ সৈতে জড়িত ফাইলবোৰ ৫০–৬০ বছৰ আগতেই গতি কৰিবলৈ আৰম্ভ কৰিছিল। অৰ্ধপৰিবাহী কাৰখানাৰ ধাৰণা তেতিয়াই আৰম্ভ হৈছিল। মোৰ ডেকা বন্ধুসকলে জানি আচৰিত হ’ব যে আজি অৰ্ধপৰিবাহীবোৰ এক বিশ্বব্যাপী শক্তিত পৰিণত হৈছে, কিন্তু ৫০–৬০ বছৰ আগতে এই ধাৰণাটো স্থবিৰ হৈ পৰিছিল, পলম হৈছিল আৰু ফাইলতে আবদ্ধ হৈ ৰৈ গৈছিল। এই প্ৰক্ৰিয়াত আমি ৫০–৬০ টা বহুমূলীয়া বছৰ হেৰুৱালো, আনহাতে আন দেশবোৰে অৰ্ধপৰিবাহী আয়ত্ত কৰি এই ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে প্ৰতিষ্ঠা লাভ কৰিলে।

বন্ধুসকল,

আজি আমি অতীতৰ সেই বোজাৰ পৰা নিজকে মুক্ত কৰি মিছন মোডত অৰ্ধপৰিবাহীৰ কাম লৈ আগবাঢ়িছো। ইতিমধ্যে ছটা অৰ্ধপৰিবাহী ইউনিটে নিজৰ ৰূপ পাবলৈ আৰম্ভ কৰিছে, আৰু আমি ইতিমধ্যে আন চাৰিটা নতুন ইউনিটক সেউজ সংকেত দিছো।

আৰু মোৰ প্ৰিয় দেশবাসীক, বিশেষকৈ আমাৰ যুৱক-যুৱতীসকলক, আৰু ভাৰতৰ প্ৰযুক্তিৰ শক্তিক চিনি পোৱা সমগ্ৰ বিশ্বৰ সকলোকে মই এই কথা কওঁ যে এই বছৰৰ শেষলৈকে আমাৰ নিজৰ মানুহে ভাৰতত ডিজাইন কৰা আৰু নিৰ্মাণ কৰা ‘মেড ইন ইণ্ডিয়া’ চিপ বজাৰত উপলব্ধ হ’ব। আন এটা উদাহৰণ দিওঁ। আমি সকলোৱে জানো যে শক্তি খণ্ডত দিশত আমি পেট্ৰ’ল, ডিজেল, গেছৰ বাবে বহু দেশৰ ওপৰত নিৰ্ভৰশীল হৈয়েই আছো, সেইবোৰ ক্ৰয়ৰ বাবে প্ৰতি বছৰে লাখ লাখ কোটি টকা খৰচ কৰিছো। এই ব্যৱস্থা সলনি কৰিবলৈ আমি ভাৰতক শক্তিৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তোলাৰ সংকল্প লৈছিলো। বিগত ১১ বছৰত আমাৰ দেশত সৌৰশক্তিৰ সম্প্ৰসাৰণ ত্ৰিশ গুণ বৃদ্ধি পাইছে। আমি জলবিদ্যুৎ উৎপাদন বৃদ্ধি আৰু স্বচ্ছ শক্তি সুৰক্ষিত কৰাৰ বাবে নতুন বান্ধ নিৰ্মাণ কৰিছো। মিছন গ্ৰীণ হাইড্ৰজেনৰ জৰিয়তে ভাৰতে হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰি ভৱিষ্যতৰ বিদ্যুত শক্তিৰ পৰিৱেশ গঢ় দিছে। একে সময়তে আমি পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰতো অনবদ্য অগ্ৰগতি লাভ কৰিছো। দহটা নতুন ৰিয়েক্টৰৰ কাম দ্ৰুত গতিৰে আগবাঢ়িছে। ২০৪৭ চনৰ ভিতৰত, যেতিয়া ভাৰতে স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব, আৰু যেতিয়া আমি বিকশিত ভাৰতৰ দৃষ্টিভংগী লাভ কৰাৰ লক্ষ্য ৰাখিম, তেতিয়া আমি আমাৰ পাৰমাণৱিক শক্তিৰ ক্ষমতা দহগুণতকৈও অধিক বৃদ্ধিৰ সংকল্প লৈ আগবাঢ়িছো।

মোৰ প্ৰিয় দেশবাসী,

সংস্কাৰ এক অবিৰত যাত্ৰা, যি সময়ৰ প্ৰয়োজনীয়তা আৰু আমি সন্মুখীন হোৱা পৰিস্থিতিৰ লগত বিকশিত হ’ব লাগিব। পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰতো আমি উল্লেখযোগ্য সংস্কাৰ সাধন কৰিছো। আমাৰ শক্তিক একত্ৰিত কৰি একেলগে অগ্ৰগতি ত্বৰান্বিত কৰাৰ দৃষ্টিভংগীৰে প্ৰথমবাৰৰ বাবে আমি ব্যক্তিগত খণ্ডৰ বাবে পাৰমাণৱিক শক্তিৰ দুৱাৰ মুকলি কৰিছো।

মোৰ প্ৰিয় দেশবাসী,

আজি যেতিয়া বিশ্বই গোলকীয় উষ্ণতা বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰে, তেতিয়া মই বিশ্ববাসীক সোঁৱৰাই দিব বিচাৰো যে ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০% স্বচ্ছ শক্তি লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। সেয়াই আছিল ২০৩০ চনৰ বাবে আমাৰ লক্ষ্য। পিছে, মোৰ দেশবাসীৰ সামৰ্থ্যলৈ মন কৰক, ভাৰতক বিকশিত কৰাৰ সংকল্প পূৰণৰ বাবে তেওঁলোকৰ সংকল্পলৈ মন কৰক, আমি ২০২৫ চনত নিজেই ৫০% স্বচ্ছ শক্তিৰ লক্ষ্যত উপনীত হ’লোঁ, নিৰ্ধাৰিত সময়তকৈ পাঁচ বছৰ আগতেই। কাৰণ আমি পৃথিৱীৰ প্ৰতি যিমান সংবেদনশীল সিমানেই প্ৰকৃতিৰ প্ৰতিও দায়বদ্ধ।

মোৰ প্ৰিয় দেশবাসী,

দশক দশক ধৰি আমাৰ বাজেটৰ এক বৃহৎ অংশ পেট্ৰ’ল, ডিজেল, গেছ আমদানি কৰাত ব্যয় হৈছিল। লাখ লাখ কোটি টকা অপচয় হৈছিল৷ আমি যদি বিদ্যুত শক্তিৰ বাবে বহিঃউৎসৰ ওপৰত নিৰ্ভৰশীল নহ’লোহেঁতেন, তেন্তে সেই ধনে আমাৰ যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ বাবে, দৰিদ্ৰ লোকসকলক দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিবলৈ, আমাৰ কৃষকৰ কল্যাণৰ বাবে, আমাৰ গাঁৱৰ অৱস্থাৰ পৰিৱৰ্তনত বিনিয়োগ কৰিব পৰা গ’লহেঁতেন। কিন্তু তাৰ পৰিৱৰ্তে সেই ধন বিদেশলৈ গ’ল। আজি আমি এই নিৰ্ভৰশীলতাৰ পৰা মুক্ত হৈ প্ৰকৃতাৰ্থত স্বাৱলম্বী হ’বলৈ কাম কৰি আছো। বিকশিত ভাৰত নিৰ্মাণৰ বাবে আমি এতিয়া সমুদ্ৰ মন্থনৰ দিশে আগবাঢ়িছো। মিছন মোডত ভাৰতে সাগৰতলীত তেল আৰু গেছৰ ভাণ্ডাৰৰ সন্ধান কৰিব। এই দৃষ্টিভংগীৰে আমি ৰাষ্ট্ৰীয় গভীৰ জল অন্বেষণ অভিযান আৰম্ভ কৰিছো। বিদ্যুত শক্তিৰ দিশত স্বাধীনতা লাভৰ আমাৰ যাত্ৰাত এয়া এক উল্লেখযোগ্য ঘোষণা।

মোৰ প্ৰিয় দেশবাসী,

আজি সমগ্ৰ বিশ্বই জটিল খনিজ পদাৰ্থৰ গুৰুত্বৰ প্ৰতি সজাগ হৈ পৰিছে আৰু ইয়াৰ প্ৰকৃত সম্ভাৱনাই এতিয়া বহুলভাৱে স্বীকৃতি লাভ কৰিছে। কালিলৈকে বিশেষ গুৰুত্ব নোপোৱা বিষয়টোৱে আজি প্ৰধান গুৰুত্বপূৰ্ণ বিষয়লৈ স্থানান্তৰিত হৈছে। ভাৰতৰ বাবেও জটিল খনিজ পদাৰ্থৰ ওপৰত আত্মনিৰ্ভৰশীলতাই সৰ্বোচ্চ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। শক্তি খণ্ডই হওক, উদ্যোগেই হওক, প্ৰতিৰক্ষাই হওক বা উন্নত প্ৰযুক্তিয়েই হওক, জটিল খনিজ পদাৰ্থই এতিয়া প্ৰগতিৰ আধাৰ নিৰ্মাণ কৰিছে। সেইবাবেই আমি ৰাষ্ট্ৰীয় জটিল অভিযান (National Critical Mission) আৰম্ভ কৰিছো। ইতিমধ্যে ১২০০ৰো অধিক স্থানত অন্বেষণৰ কাম চলি আছে, আৰু এই প্ৰচেষ্টাৰ জৰিয়তে আমি ক্ৰমাগতভাৱে জটিল খনিজ পদাৰ্থতো আত্মনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়িছো।

মোৰ প্ৰিয় দেশবাসী,

ভাৰতৰ প্ৰতিজন নাগৰিকে আজি আমাৰ মহাকাশ খণ্ডৰ আশ্চৰ্য্যৰ সাক্ষী হৈ গভীৰ গৌৰৱ অনুভৱ কৰে। আমাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা মহাকাশ কেন্দ্ৰৰ পৰা উভতি আহিছে, আৰু কিছুদিন পিছতে তেওঁ ভাৰতত উপস্থিত হ’ব। আমিও নিজৰ আত্মনিৰ্ভৰ ভাৰতৰ অধীনত গগণযানক মহাকাশলৈ পঠিয়াবলৈ সাজু হৈছো, সম্পূৰ্ণৰূপে নিজস্ব সামৰ্থ্যৰে। ইয়াৰ সমান্তৰালভাৱে  আমি নিজাববীয়াকৈ নিজৰ মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ দিশত কাম কৰি আছো। মহাকাশ খণ্ডত শেহতীয়া সংস্কাৰক লৈ মই অপৰিসীম গৌৰৱ অনুভৱ কৰো। আজি ভাৰতৰ ৩০০ৰো অধিক ষ্টাৰ্টআপে এতিয়া কেৱল মহাকাশ প্ৰযুক্তিৰ কাম কৰি আছে, হাজাৰ হাজাৰ যুৱ উদ্ভাৱকে নিজৰ পূৰ্ণ সম্ভাৱনীয়তাৰে অৰিহণা যোগাইছে। এয়াই মোৰ দেশৰ যুৱক-যুৱতীসকলৰ শক্তি আৰু এয়াই আমাৰ দেশৰ যুৱক-যুৱতীসকলৰ ওপৰত আমাৰ আস্থা।

 

মোৰ প্ৰিয় দেশবাসী,

যেতিয়া আমি স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিম, তেতিয়া অৰ্থাত্ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ সংকল্প পূৰণৰ বাবে এশ চল্লিশ কোটি ভাৰতীয়ই সম্পূৰ্ণ সম্ভাৱনাৰে কাম কৰি আছে। এই সংকল্প পূৰণৰ বাবে ভাৰতে প্ৰতিটো খণ্ডতে আধুনিক পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে আৰ এই পৰিৱেশ তন্ত্ৰই আমাৰ দেশখনক সকলো ক্ষেত্ৰতে স্বাৱলম্বী কৰি তুলিব। আজি লালকিল্লাৰ পৰা মোৰ দেশৰ যুৱ বিজ্ঞানীসকলক, আমাৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলক, আমাৰ অভিযন্তা আৰু পেছাদাৰীসকলক, চৰকাৰৰ প্ৰতিটো বিভাগলৈ আহ্বান জনাইছো,  আমাৰ মেড ইন ইণ্ডিয়া যুঁজাৰু বিমানৰ জেট ইঞ্জিনসমূহ আমাৰ দ্বাৰা ডিজাইন আৰু নিৰ্মাণ কৰা উচিত নহয়নে? ইতিমধ্যে আমি বিশ্বৰ ফাৰ্মাচী হিচাপে স্বীকৃতি লাভ কৰিছো আৰু ভেকচিনৰ ক্ষেত্ৰত নতুন বিশ্বস্তৰীয় মানদণ্ড নিৰ্ধাৰণ কৰি দিছো। কিন্তু গৱেষণা আৰু উন্নয়নত আৰু অধিক শক্তি প্ৰয়োগ কৰাটো এই সময়ৰ আহ্বান নহয়নে, যাতে আমি অধিক পেটেণ্টৰ গৰাকী হওঁ, মানৱতাৰ কল্যাণৰ বাবে আটাইতকৈ সুলভ আৰু ফলপ্ৰসূ ঔষধ আৱিষ্কাৰ কৰোঁ, আৰু বিশ্ব সংকটৰ সময়ত এই ঔষধবোৰে যাতে পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ মানৱ জাতিক সেৱা আগবঢ়াযব পাৰে! এই দৃষ্টিভংগীৰে ভাৰত চৰকাৰে বায়’ই৩ (Bio E3) নীতি প্ৰণয়ন কৰিছে। ভাৰতৰ যুৱক-যুৱতীসকলক এই নীতি ভালদৰে অধ্যয়ন কৰি এই দিশত সাহসী পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। আমি একেলগে আমাৰ দেশৰ ভাগ্য সলনি কৰিব লাগিব, আৰু ইয়াৰ বাবে আপোনালোকৰ সহায়ৰ অতি প্ৰয়োজনীয়।

মোৰ প্ৰিয় দেশবাসী,

এয়া তথ্য-প্ৰযুক্তিৰ, আমাৰ হাতত আছে তথ্যচালিত শকতি। আৰু এয়া সময়ৰ আহ্বান নহয়নে যে অপাৰেটিং চিষ্টেমৰ পৰা চাইবাৰ সুৰক্ষালৈকে, ডিপ টেকৰ পৰা আৰম্ভ কৰি কৃত্ৰিম বুদ্ধিমত্তালৈকে সকলো আমাৰ নিজৰ হ’ব লাগে! যাৰ ওপৰত আমাৰ নিজৰ মানুহৰ শক্তি কেন্দ্ৰীভূত হ’ব লাগে, আমি তেওঁলোকৰ সামৰ্থ্যৰ শক্তিক বিশ্বৰ আগত পৰিচয় কৰাই দিব লাগে।

বন্ধুসকল,

আজিও ছ’চিয়েল মিডিয়াই হওক বা আন ডিজিটেল প্লেটফৰ্মেই হওক, আমাৰ বহু কাৰ্যকলাপ এতিয়াও বিশ্বই সৃষ্টি কৰা আন প্লেটফৰ্মতেই কৰা হয়। তথাপি, আমি ইতিমধ্যে আমাৰ সামৰ্থ্য প্ৰমাণ কৰিছো, আমাৰ নিজৰ ইউপিআই প্লেটফৰ্মে সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছে। বৰ্তমান সমগ্ৰ বিশ্বৰ সকলো বাস্তৱ সময় (Real Time) ৰ ডিজিটেল লেনদেনৰ ৫০% অংশ কেৱল ভাৰতেই কৰে। সেইটোৱেই হৈছে প্ৰকৃত শক্তি। সৃষ্টিশীল জগতেই হওক বা ছ’চিয়েল মিডিয়া হওক, বা যিকোনো ডিজিটেল ডমেইন হওক, মই মোৰ দেশৰ যুৱক-যুৱতীসকলৰ প্ৰতি এটা প্ৰত্যাহ্বান আগবঢ়াইছো: আমি নিজৰ প্লেটফৰ্ম কিয় সৃষ্টি নকৰো? আমি কিয় আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগে? ভাৰতৰ ধন-সম্পত্তি কিয় বাহিৰলৈ ওলাই যাব লাগে? তোমালোকৰ প্ৰতিভা আৰু সামৰ্থ্যৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে।

মোৰ প্ৰিয় দেশবাসী,

আমি যেনেকৈ শক্তিৰ বাবে পৃথিৱীৰ ওপৰত নিৰ্ভৰশীল হৈ থাকোঁ, তেনেকৈ আমি সাৰৰ বাবেও পৃথিৱীৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল হৈ থাকিবলগীয়া হোৱাটো আমাৰ দেশখনৰ বাবে দুৰ্ভাগ্যৰ বিষয়। মোৰ দেশৰ কৃষকসকলেও সঠিকভাৱে সাৰ ব্যৱহাৰ কৰি পৃথিৱী মাতৃৰ সেৱা কৰিব পাৰে। আমি ইয়াক নিৰ্বিচাৰে ব্যৱহাৰ কৰি পৃথিৱী মাতৃৰ বহু ক্ষতি কৰিছো। কিন্তু একে সময়তে দেশৰ যুৱক-যুৱতী, দেশৰ উদ্যোগ, দেশৰ ব্যক্তিগত খণ্ডক ক’ব বিচাৰো, আহক আমি সাৰ ভাণ্ডাৰ ভৰাই তোলো, আহক আমি নতুন উপায় বিচাৰি উলিয়াওঁ আৰু ভাৰতৰ প্ৰয়োজন অনুসৰি নিজৰ সাৰ নিজেই প্ৰস্তুত কৰোঁ, আহক আমি আনৰ ওপৰত নিৰ্ভৰশীল হোৱাটো পৰিহাৰ কৰো।

বন্ধুসকল,

অনাগত সময়খিনি ইভি বা বৈদ্যুতিক বাহনৰ সময়। এতিয়া যদি আমি ইভি বেটাৰী নিৰ্মাণ নকৰো, তেন্তে আমি আকৌ নিৰ্ভৰশীল হ’ব লাগিব। সৌৰ পেনেলেই হওক বা ইলেক্ট্ৰনিক বাহনেই হওক, প্ৰয়োজনীয় সকলো বস্তু আমাৰ নিজৰ থকা উচিত।

বন্ধুসকল,

মই এই আত্মবিশ্বাসেৰে ক’বলৈ সাহস কৰিছো, কাৰণ মোৰ দেশৰ যুৱক-যুৱতীসকলৰ সামৰ্থ্যৰ ওপৰত মোৰ অপৰিসীম বিশ্বাস আছে। এই বিশ্বাস কেৱল তেওঁলোক ভাৰতৰ যুৱক যুৱতী হোৱাৰ বাবেই নহয়, তেওঁলোকে ইতিমধ্যে নিজৰ শক্তি প্ৰমাণ কৰি দেখুৱাইছে। Covid সংকটৰ সময়ত যেতিয়া আমি বহু দিশতেই নিৰ্ভৰশীল আছিলো, যি সন্ধিক্ষণত আমাৰ যুৱক-যুৱতীসকলক আমাৰ নিজৰ ভেকচিন নিজেই তৈয়াৰ কৰিবলৈ আহ্বান জনোৱা হৈছিল, সেই মুহূৰ্তত তেওঁলোকে সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি ইয়াক বাস্তবত ৰূপায়িত কৰি দেখুৱাইছিল। যেতিয়া কোৱা হৈছিল যে Co-WIN প্লেটফৰ্ম আমাৰ নিজৰ হ’ব লাগিব, তেতিয়া দেশে ইয়াক সৃষ্টি কৰি দেখুৱাইছে। এই প্ৰচেষ্টাসমূহৰ জৰিয়তে আমি কোটি কোটি লোকৰ জীৱন ৰক্ষা কৰিলোঁ। একেই মনোভাৱেৰে, একে আবেগেৰেই আমাৰ সৰ্বস্ব উজাৰি দিবলৈ, আমাৰ সৰ্বোত্তমখিনি উজাৰি দিবলৈ আমি নিজকে উৎসৰ্গা কৰিব লাগিব, যাতে ভাৰতে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰকৃততে আত্মনিৰ্ভৰশীল হৈ উঠে।

বন্ধুসকল,

বিগত ১১ বছৰত ভাৰতৰ উদ্যোগীকৰণে অভূতপূৰ্ব গতি লাভ কৰিছে। আজি টায়াৰ-২ আৰু টায়াৰ-৩ চহৰৰ লাখ লাখ ষ্টাৰ্ট-আপে কেৱল উদ্ভাৱনক আগুৱাই নিয়াই নহয়, আমাৰ অৰ্থনীতিকো যথেষ্ট শক্তি প্ৰদান কৰিছে। ইয়াৰ সমান্তৰালভাৱে আমাৰ বহু কন্যাকে ধৰি আমাৰ কোটি কোটি যুৱ সমুদায়ে মুদ্ৰা যোজনাৰ জৰিয়তে ঋণৰ সুবিধা লৈ নিজাকৈ উদ্যোগ গঢ়ি তুলিছে। তেওঁলোকে নিজৰ ভৰিত দৃঢ়তাৰে থিয় দিছে আৰু তেনে কৰাৰ সমান্তৰালকৈ আনৰ বাবেও সুযোগ সৃষ্টি কৰিছে। ইয়াৰ দ্বাৰাও এক প্ৰকাৰে প্ৰতিজন ব্যক্তিক আত্মনিৰ্ভৰশীল হোৱাৰ সুযোগ দিয়া হৈছে।

 

মোৰ বন্ধুসকল,

ইয়াৰ পূৰ্বে মহিলাৰ আত্মসহায়ক গোটসমূহে বিশেষ গুৰুত্ব লাভ কৰা নাছিল যদিও যোৱা ১০ বছৰত তেওঁলোকে সঁচাকৈয়ে আচৰিত ধৰণে সামগ্ৰীৰ সৃষ্টি কৰিছে। আজি তেওঁলোকৰ সামগ্ৰীয়ে ভাৰতৰ চুকে-কোণে উপনীত হোৱাই নহয়, সমগ্ৰ বিশ্বতে বজাৰ বিচাৰি পাইছে। সামূহিক শক্তিৰ অপৰিসীম সম্ভাৱনাক প্রমাণ কৰি লাখ লাখ কোটি টকাৰ ব্যৱসায় চলাই আছে এই গোটসমূহে৷ মনত আছে এবাৰ ‘মন কী বাত’ৰ সময়ত আকস্মিকভাৱে সুধিছিলোঁ—“মোৰ ডেকা বন্ধুসকল, আমি বহিঃৰাজ্যৰ পৰা খেলনা আমদানি কৰি থাকিমনে?” সেই সময়ত আমি কোটি কোটি টকা খেলনা সামগ্ৰী আমদানি কৰি আছিলো। আৰু আজি গৌৰৱেৰে কওঁ যে ভাৰতে আমদানি হ্ৰাস কৰাই নহয় খেলনা সামগ্ৰীৰ ৰপ্তানিও আৰম্ভ কৰিছে। ইয়াৰ পৰা দেখা যায় যে যেতিয়া সুযোগ প্ৰদান কৰা হয় আৰু বাধা আঁতৰোৱা হয় তেতিয়া ভাৰতে অনবদ্য সফলতা লাভ কৰিব পাৰে। মই এই দেশৰ যুৱক-যুৱতীসকলক কওঁ - আপোনালোকৰ উদ্ভাৱনী চিন্তাধাৰা আগবঢ়াই আনক, সেইবোৰ ম্লান হ’বলৈ নিদিব। আজি জন্ম হোৱা এটা ধাৰণাৰ মাজতে এটা প্ৰজন্মৰ ভৱিষ্যত গঢ় দিয়াৰ শক্তি লুকাই আছে। মই আপোনাৰ কাষত থিয় হৈছো, মই আপোনালোকৰ লগত কাম কৰিবলৈ সাজু আছো, এই যাত্ৰাত আপোনাৰ অংশীদাৰ হ’বলৈ সাজু হৈছো। সাহস গোটাওক, উদ্যোগ গ্ৰহণ কৰক, উৎপাদন আৰু উদ্ভাৱন ক্ষেত্ৰলৈ আগবাঢ়ি আহক। চৰকাৰী নিয়ম সলনি কৰাৰ প্ৰয়োজন থাকিলে মুকলিকৈ কওক, আমি সেইবোৰ সলনি কৰিম। কাৰণ ভাৰত আজি থমকি ৰ’ব নিবিচাৰে। ২০৪৭ চনলৈ বেছি দিন নাই, এতিয়াৰ পৰা সেই সময়লৈকে প্ৰতিটো মুহূৰ্তই বহুমূলীয়া। বন্ধুসকল, আহক আমি এটা মুহূৰ্তও নষ্ট নকৰো। আমি সকলোৱে মিলি আমাৰ সপোনৰ বিকশিত ভাৰতখন গঢ়ি তোলো।

বন্ধুসকল,

এয়া আগুৱাই যোৱাৰ সুযোগ, ডাঙৰ সপোন দেখাৰ সুযোগ, নিজৰ সংকল্পৰ প্ৰতি নিজকে উৎসৰ্গা কৰাৰ সুযোগ। যেতিয়া চৰকাৰ আপোনাৰ লগত থাকে আৰু মই নিজেও আপোনাৰ লগত থাকোঁ তেতিয়া আমি এতিয়া নতুন ইতিহাস সৃষ্টি কৰিব পাৰিম।

বন্ধুসকল,

আজি ৰাষ্ট্ৰীয় উৎপাদন অভিযান অতি ক্ষীপ্ৰগতিৰে আগবাঢ়িছে। আমাৰ এম এছ এম ই সমূহ বিশ্ব আজি বিশ্ববন্দিত আৰু সন্মানিত। বিশ্বৰ কিছুমান ডাঙৰ ডাঙৰ সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰত সদায়েই যিকোনো এটা হ’লেও সঁজুলি, এটা উপাদান, এটা অংশ থাকে যিটো আমাৰ দেশৰ এম এছ এম ইৰ পৰা আহে। এইবোৰ গৌৰৱবোধেৰে ৰপ্তানি কৰা হয়। কিন্তু আমি ব্যাপক আৰু সংহত উন্নয়নৰ পথৰ দিশে আগবাঢ়িব বিচাৰো। সেইবাবেই আমি তেওঁলোকৰ সামৰ্থ্য শক্তিশালী কৰিব লাগিব। এই লালকিল্লাৰ পৰাই মই এবাৰ জিৰ’ ডিফেক্ট, জিৰ’ এফেক্টৰ আহ্বান কৰিছিলো। আজি মই পুনৰ ক’ব বিচাৰিছো যে যদি আমি বিচাৰো যে যদি ভাৰতে বিশ্বৰ বজাৰত ইয়াৰ শক্তিক স্বীকৃতি দিয়াটো বিচাৰে, তেন্তে আমাৰ গুণগত মানৰ আৰোহণ কেতিয়াও বন্ধ হ’ব নালাগিব। পৃথিৱীয়ে গুণগত মান গ্ৰহণ কৰে। আমাৰ গুণগত মান সৰ্বোত্তম ৰাখিব লাগিব, আৰু কেঁচামালৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে আৰু আমাৰ উৎপাদন ব্যয় হ্ৰাস কৰাৰ উপায় বিচাৰিবলৈও চৰকাৰৰ প্ৰচেষ্টা থাকিব লাগিব।

আৰু বন্ধুসকল,

উৎপাদনৰ ক্ষেত্ৰত নিয়োজিত আমাৰ সকলোৰে বাবে আমাৰ মন্ত্ৰ হ’ব লাগে: “কম খৰচ, অথচ অধিক মূল্যৱান।” আমাৰ প্ৰতিটো সামগ্ৰী মূল্যৱান হ’ব লাগে, কিন্তু খৰচ কম। এই মনোভাৱেৰে আমি আগবাঢ়িব লাগিব।

মোৰ প্ৰিয় দেশবাসী,

দেশৰ স্বাধীনতাৰ বাবে অগণন লোকে নিজৰ প্ৰাণ আহুতি দিছিল। মই আগতেও কৈছো,  তেওঁলোকে নিজৰ যৌৱন দিলে; তেওঁলোকে ফাঁচীকাঠত ওলমিলে, কিয়? এখন স্বাধীন ভাৰতৰ বাবে। ৭৫ৰ পৰা ১০০ বছৰ আগৰ সেই সময়ৰ কথা এক মুহূৰ্তৰ বাবে ভাবি চাওক, যেতিয়া সমগ্ৰ দেশে মাথো জপ কৰিছিল স্বাধীনতাৰ মন্ত্ৰ, উশাহে-নিশাহে মাথো স্বতন্ত্ৰতাৰ কথা ভাবিছিল। আজি একবিংশ শতিকাত সেই সময়ৰ চাহিদা সলনি হৈছে। স্বাধীনতাৰ মন্ত্ৰৰে জীয়াই থকা সকলে আমাক স্বাধীনতা দিলে। এতিয়া ১৪০ কোটি ভাৰতীয়ৰ মন্ত্ৰ এখন সমৃদ্ধিশালী ভাৰত হ’ব লাগিব। লাখ লাখ লোকৰ ত্যাগে যদি আমাক স্বাধীনতা উপহাৰ দিব পাৰে, তেন্তে নিশ্চয় আজিৰ প্ৰজন্মৰ সংকল্প, কঠোৰ পৰিশ্ৰম, আত্মনিৰ্ভৰশীলতাৰে, “ভোকেল ফৰ লোকেল”ৰ প্ৰচাৰ আৰু লাখ লাখ লোকে স্বদেশী মন্ত্ৰ জপ কৰাৰ যোগেদি আমিও এক সমৃদ্ধিশালী ভাৰতৰ সৃষ্টি কৰিব পাৰো। পূৰ্বৰ প্ৰজন্মই স্বতন্ত্ৰ ভাৰতৰ বাবে নিজকে উৎসৰ্গা কৰিছিল। সমৃদ্ধিশালী ভাৰতৰ বাবে এই প্ৰজন্মই নিজকে উৎসৰ্গা কৰিব লাগিব। এয়াই সময়ৰ আহ্বান। আৰু সেইবাবেই মই পুনৰাবৃত্তি কৰিছো, যুৱক-যুৱতীসকলৰ প্ৰতি, প্ৰভাৱশালীসকলৰ প্ৰতি, এই দেশৰ প্ৰতিগৰাকী নাগৰিকৰ প্ৰতি বাৰে বাৰে মই আহ্বান কৰিছো - ইয়াক আপোনাৰ মন্ত্ৰ হিচাপে গঢ়ি তোলক, প্ৰতিটো ঘৰ আৰু প্ৰতিখন হৃদয়লৈ বিয়পাই দিয়ক। এয়া কোনো এটা ৰাজনৈতিক দলৰ এজেণ্ডা নহয়; এইটো হৈছে প্ৰতিজন ভাৰতীয়ৰ উমৈহতীয়া ৰাষ্ট্ৰীয় অভিযান। আহক আমি সকলোৱে মিলি “Vocal for Local”ক প্ৰতিজন নাগৰিকৰ জীৱনৰ মন্ত্ৰ হিচাপে গঢ়ি তোলোঁ, আৰু ভাৰতক সমৃদ্ধিৰ নতুন উচ্চতালৈ লৈ যোৱা শক্তি কৰি তোলো।

আমি সংকল্প ল’ব লাগিব যে আমি কিনা আৰু ব্যৱহাৰ কৰা সামগ্ৰী যেন ভাৰতত নিৰ্মিত, আমাৰ নাগৰিকৰ কঠোৰ পৰিশ্ৰমেৰে সৃষ্টি হোৱা, আমাৰ মাটিৰ সুগন্ধি কঢ়িয়াই অনা হয়। এনে প্ৰতিটো ক্ৰয়ে আমাৰ আত্মনিৰ্ভৰশীলতাৰ পথ শক্তিশালী কৰে। এইটোৱেই হওক আমাৰ সামূহিক প্ৰতিশ্ৰুতি, আৰু বন্ধুসকল, সেই দিনটো বেছি দূৰত নাই, যেতিয়া বিশ্বই নিজেই এই ৰূপান্তৰৰ লক্ষ্য ল’ব। আজি বিশেষভাৱে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু দোকানী-পোহাৰীসকলক আহ্বান জনাইছো: এই আন্দোলনত আপোনাৰো দায়িত্ব আছে। মনত আছে, আমাৰ শৈশৱত কেনেকৈ দোকানবোৰৰ নাম “ঘীৰ দোকান” আছিল। পিছলৈ মানুহে লিখিবলৈ ধৰিলে “বিশুদ্ধ ঘীঁৰ দোকান।” একে মনোভাৱেৰে সমগ্ৰ দেশৰ দোকানীসকলক আহ্বান জনাইছো যে: “ইয়াত স্বদেশী সামগ্ৰী বিক্ৰী হয়” বুলি ঘোষণা কৰা বোৰ্ডবোৰ সগৌৰৱেৰে প্ৰদৰ্শন কৰক। স্বদেশীক লৈ গৌৰৱান্বিত হওক। কেৱল বাধ্যবাধকতাৰ বাবেই নহয়, ই আমাৰ শক্তি বুলি বিশ্বাস কৰি আকোৱালি লওঁ আহক। আৰু প্ৰয়োজন হ’লে আমাৰ ঐক্য আৰু সংকল্প ইমানেই শক্তিশালী কৰা হওক যে বিশ্বয়ো স্বদেশী বাছি ল’বলৈ বাধ্য হোৱা যেন অনুভৱ কৰে। এইটোৱেই আমাৰ পথ প্ৰদৰ্শক মন্ত্ৰ হ’ব লাগিব, সেয়া আমাৰ মৰ্যাদাৰ বাবে, আমাৰ আত্মনিৰ্ভৰশীলতাৰ বাবে, আৰু ভাৰতৰ সমৃদ্ধিৰ বাবে।

মোৰ প্ৰিয় দেশবাসী,

বহু বছৰ ধৰি মই চৰকাৰত সেৱা আগবঢ়োৱাৰ সৌভাগ্য লাভ কৰিছো। এই যাত্ৰাত বহু উত্থান-পতন দেখিছোঁ। চৰকাৰৰ সমূখত থকা প্ৰত্যাহ্বান আৰু প্ৰশাসনিক ব্যৱস্থাৰ ভিতৰত থকা সৈতেও মই পৰিচিত। তথাপিও এই সকলোবোৰৰ মাজতো আন কাৰোবাৰ কৃতিত্ব নাইকিয়া কৰাত আমি শক্তি অপচয় নকৰাটো আমাৰ দায়িত্ব হৈয়েই আছে।মোৰ নিজৰ অভিজ্ঞতাৰ পৰা মই এই কথা দৃঢ়তাৰে কওঁ, আহক, আমি আনক ভেঙুচালি কৰাৰ পৰিৱৰ্তে আমি আমাৰ সকলো শক্তিক নিজৰ সামৰ্থ্য অপচয় কৰাৰ পৰিৱৰ্তে আমি আমাৰ সমগ্ৰ শক্তি নিজৰ ক্ষমতা আৰু কৃতিত্ব উন্নত কৰাত উৎসৰ্গা কৰো। যেতিয়া আমি শক্তিশালী হ’ম আৰু উত্তম হৈ উঠিম, তেতিয়া পৃথিৱীখনে নিজেই আমাৰ মূল্য বুজি পাব আৰু সন্মান কৰিব। আজি সমগ্ৰ বিশ্বতে অৰ্থনৈতিক স্বাৰ্থ তীব্ৰতৰ হৈ পৰাৰ লগে লগে সময়ৰ আহ্বান স্পষ্ট হৈ পৰিছে, যে সংকটৰ বাবে আমি হতাশ হৈ বহি থাকিব নালাগে। সাহস আৰু দৃঢ়তাৰে আমি নিজকে শক্তিশালী কৰাত মনোনিৱেশ কৰিব লাগিব। আৰু মোৰ ২৫ বছৰীয়া প্ৰশাসনিক অভিজ্ঞতাৰ পৰা মই আপোনালোকক আশ্বস্ত কৰিছো, যদি আমি একেলগে এই পথটো পৰিচালনা কৰো,, তেন্তে কোনো স্বাৰ্থন্বেষীৰ স্বাৰ্থ লাগিলে যিমানেই শক্তিশালী নহওক কিয়, আমাক কেতিয়াও বিপথে পৰিচালিত কৰিব নোৱাৰিব বা বিপদত পেলাব নোৱাৰিব।

 

মোৰ প্ৰিয় দেশবাসী,

যোৱা দশকটো হৈছে সংস্কাৰ, পৰিৱেশন, আৰু ৰূপান্তৰৰ দশক। কিন্তু আজি আমি এই যাত্ৰাত আৰু অধিক শক্তিৰ সঞ্চাৰ কৰিব লাগিব। শেহতীয়া বছৰবোৰত আমি সুদূৰপ্ৰসাৰী সংস্কাৰ সাধন কৰিছো— সেয়া এফ ডি আইতেই হওক, বীমা খণ্ডতেই হওক বা বিশ্ব বিশ্ববিদ্যালয়সমূহে ভাৰতত কেম্পাছ স্থাপনৰ দুৱাৰ মুকলি কৰিয়েই হওক। আমি ৪০,০০০ৰো অধিক অতিৰিক্ত অনুসৰণ বাতিল কৰিছো আৰু ১৫০০ৰো অধিক পুৰণি আইন বাতিল কৰিছো। সংসদতো আমি ডজন ডজন আইন সংশোধন কৰিছো যাতে সেইবোৰ সৰল হয়, সদায় নাগৰিকক প্ৰথম স্থান দিয়াৰ নীতিৰ দ্বাৰা পৰিচালিত। তথাপিও হুলস্থুলৰ মাজতে এটা ডাঙৰ সংস্কাৰে হয়তো প্ৰাপ্য মনোযোগ লাভ কৰা নাছিল, সেয়া হৈছে আয়কৰ আইনখনৰ এক যুগান্তকাৰী পৰিৱৰ্তন। আমি ২৮০টাতকৈও অধিক ধাৰা বিলুপ্ত কৰাৰ সাহসী পদক্ষেপ গ্ৰহণ কৰিছো, যিয়ে অধিক সৰল, অধিক নাগৰিক-বন্ধুত্বপূৰ্ণ ব্যৱস্থাৰ দিশত আন এক নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছো। আৰু বন্ধুসকল, আমাৰ সংস্কাৰ কেৱল অৰ্থনৈতিক ফ্ৰণ্টতে সীমাবদ্ধ নহয়—আমি নাগৰিকসকলৰ জীৱন সহজ কৰি তুলিবলৈ সংস্কাৰো ৰূপায়ণ কৰিছো। আয়কৰ ঘূৰাই দিয়াৰ দ্ৰুত প্ৰক্ৰিয়াকৰণ এনে এটা ফলাফল। নগদ ধনবিহীন মূল্যায়নো সংস্কাৰৰেই ফল। আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল, ১২ লাখ পৰ্যন্ত আয়ক কৰ আদায়ৰ পৰা ৰেহাই দিয়াটোৱে মধ্যবিত্তীয় পৰিয়ালসমূহৰ বাবে অপৰিসীম সকাহ আৰু সুখ কঢ়িয়াই আনিছে, যিসকল ৰাষ্ট্ৰ নিৰ্মাণৰ আগ্ৰহী অংশীদাৰ। ১২ লাখ টকা পৰ্যন্ত আয় সম্পূৰ্ণ কৰমুক্ত হ’ব পাৰে বুলি আগতে কোনেও কল্পনা কৰা নাছিল যদিও আজি আমি ইয়াক বাস্তৱত পৰিণত কৰিছো।

যেতিয়া এটা জাতি শক্তিশালী হৈ উঠে তেতিয়া ইয়াৰ নাগৰিকসকলে প্ৰথমে লাভৱান হয়। ব্ৰিটিছ শাসনৰ দিনৰ পৰাই আমি দণ্ডবিধিৰ অধীনত বান্ধ খাই আছিলো, শাস্তিৰ অহৰহ ভয়ত জীয়াই আছিলো। স্বাধীনতাৰ পঁচাত্তৰ বছৰ এনেদৰে পাৰ হৈ গ’ল। আমি দণ্ডবিধি বিলুপ্ত কৰি ভাৰতীয় ন্যায় সংহিতা আনিছো। ইয়াত ভাৰতৰ নাগৰিকৰ ওপৰত আস্থা, নিজৰ বুলি ভবাৰ অনুভূতি সন্নিবিষ্ট কৰা হৈছে আৰু সংবেদনশীলতাৰে ভৰি আছে। আমি সংস্কাৰৰ যাত্ৰা ত্বৰান্বিত কৰাৰ সংকল্প লৈছো, আৰু আমি দ্ৰুতগতিত আগবাঢ়িব বিচাৰো। মই মোৰ দেশবাসীক ক’ব বিচাৰো যে মই যি কৰিছো, মই দেশৰ বাবে কৰিছো, নিজৰ বাবে নহয়, কাৰো ক্ষতি কৰিবলৈ সেয়া কৰা নাই। ৰাজনৈতিক দলসমূহ, মোৰ প্ৰতিযোগীসকলক, আৰু সকলো সহযোগী নেতাক জাতিৰ উজ্জ্বল ভৱিষ্যতৰ স্বাৰ্থত আগবাঢ়ি আহি আমাৰ সৈতে যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছো। গাঁথনিগত সংস্কাৰেই হওক, নিয়ন্ত্ৰণ সংস্কাৰেই হওক, নীতি সংস্কাৰেই হওক, প্ৰক্ৰিয়া সংস্কাৰেই হওক, বা সাংবিধানিক সংস্কাৰৰ প্ৰয়োজনীয়তাই হওক, আমি আজি প্ৰতিটো ধৰণৰ সংস্কাৰক আমাৰ মিছন হিচাপে গ্ৰহণ কৰিছো।

আৰু মোৰ প্ৰিয় দেশবাসী,

পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ বাবে আমি এটা টাস্ক ফ’ৰ্চ গঠন কৰাৰ সিদ্ধান্ত লৈছো। এই টাস্ক ফ’ৰ্চে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নিজৰ কাম সম্পূৰ্ণ কৰিব। বৰ্তমানৰ নিয়ম, আইন, নীতি, আৰু পদ্ধতিসমূহ একবিংশ শতিকাৰ লগত খাপ খুৱাই, বিশ্ব পৰিৱেশৰ লগত খাপ খুৱাই, আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ সৈতে মিলাই পুনৰ খচৰা প্ৰস্তুত কৰিব লাগিব।নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই কাম সম্পন্ন কৰিবলৈ টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে।

বন্ধুসকল,

এই সংস্কাৰসমূহে নিজৰ ভৱিষ্যত গঢ়ি তুলিবলৈ চেষ্টা কৰা সকলোকে শক্তিশালী কৰিব। ষ্টাৰ্ট-আপৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগলৈকে, উদ্যোগীসকলে কম্প্লাইয়েন্স খৰচ যথেষ্ট হ্ৰাস কৰি লাভৱান কৰি তুলিব, যাৰ ফলত তেওঁলোকৰ উদ্যোগসমূহে এক নতুন শক্তি লাভ কৰিব। ৰপ্তানিৰ ক্ষেত্ৰতো লজিষ্টিক আৰু ব্যৱস্থাৰ পৰিৱৰ্তনে তেওঁলোকক এক ডাঙৰ সুবিধা প্ৰদান কৰিব।

বন্ধুসকল,

আমাৰ দেশত এনেকুৱা আইন আছে, যাক হয়তো আচৰিত যেনেই লাগিব, যিয়ে অতি তুচ্ছ বিষয়ৰ বাবেও কাৰাদণ্ডৰ নিয়ম নিৰ্ধাৰণ কৰে, যিবোৰৰ প্ৰতি বছৰ বছৰ ধৰি কোনেও গুৰুত্বই দিয়া নাছিল। ভাৰতীয় নাগৰিকক কাৰাগাৰত ৰখা এনে বহু অপ্ৰয়োজনীয় বিধান আঁতৰোৱাটো মই মোৰ দায়িত্ব হিচাপে লৈছো। ইয়াৰ বাবে সংসদত পূৰ্বেও এখন বিধেয়ক উত্থাপন কৰা হৈছিল, আৰু আমি এইবাৰ ইয়াক পুনৰবাৰ উত্থাপন কৰিছো।

বন্ধুসকল,

এইবাৰৰ দীপাৱলীটো মই আপোনালোকৰ বাবে দুগুণ উছাহৰ দীপাৱলীত পৰিণত কৰিবলৈ ওলাইছো। এইবাৰৰ দীপাৱলীত আপোনালোক দেশবাসীয়ে এক বৃহত্ উপহাৰ পাবলৈ ওলাইছে। বিগত ৮ বছৰত আমি জি এছ টিৰ জৰিয়তে এক বৃহৎ সংস্কাৰ সাধন কৰিলোঁ, সমগ্ৰ দেশতে কৰ বোজা লাঘৱ কৰিলোঁ আৰু কৰ ব্যৱস্থা সৰল কৰিলোঁ। এতিয়া ৮ বছৰৰ পাছত আকৌ এবাৰ পৰ্যালোচনা কৰাৰ সময় আহি পৰিছে। আমি ইতিমধ্যে এখন উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰি ৰাজ্যসমূহৰ সৈতে আলোচনা কৰি এই প্ৰক্ৰিয়া আৰম্ভ কৰিছো।

মোৰ প্ৰিয় দেশবাসী,

আমি পৰৱৰ্তী-প্ৰজন্মৰ জিএছটি সংস্কাৰ সাধন কৰিছোঁ, এই দীপাৱলীত আপোনালোকৰ বাবে এয়া উপহাৰ হ'ব, সাধাৰণ লোকৰ কৰ যথেষ্ট হ্ৰাস পাব, ইয়াৰ ফলশ্ৰুতিত সুবিধা বৃদ্ধি হ'ব। আমাৰ এমএছএমই, আমাৰ ক্ষুদ্ৰ উদ্যোগীসকল লাভান্বিত হ’ব। দৈনন্দিন সামগ্ৰীসমূহ অধিক সূলভ হৈ পৰিব আৰু এই কাৰ্য্যই অৰ্থনীতিক এক নতুন উদ্দীপনা যোগাব।

মোৰ প্ৰিয় দেশবাসী,

আজি দেশখন তৃতীয়-সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ দিশত দ্ৰুত গতিৰে আগবাঢ়িছে। আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু আমি অতি সোনকালেই ইয়াক বাস্তৱত পৰিণত কৰিম। এটা দিন আহিব, সেইদিনা মই আপোনালোকক লালকিল্লাৰ প্ৰাচীৰৰ পৰাই খবৰটো জনাম। আজি সমগ্ৰ বিশ্ব ভাৰতৰ অৰ্থনীতি আৰু অৰ্থনৈতিক অৱস্থাক লৈ আশাবাদী হৈ উঠিছে। ইমান অস্থিৰ পৰিবেশৰ মাজতো ভাৰতৰ বিত্তীয় অনুশাসন, ভাৰতৰ বিত্তৰ শক্তি আশাৰ ৰেঙণি হৈয়েই আছে। অৰ্থনীতি সংকটত পৰা মাত্ৰেকে এনে অৱস্থাৰ পৰা কেৱল ভাৰতহে মুক্ত হ’ব পাৰে বুলি বিশ্বাস বিশ্বত বাঢ়িছে। আজি মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত আছে, আমাৰ বৈদেশিক বিনিময়ৰ মজুত অতি শক্তিশালী, আমাৰ সামষ্টিক অৰ্থনৈতিক সূচকসমূহ অতিশয় শক্তিশালী, বৈশ্বিক ৰেটিং এজেন্সীসমূহেও ভাৰতৰ অহৰহভাৱে প্ৰশংসা কৰি আহিছে, ভাৰতীয় অৰ্থনীতিৰ প্ৰতি অধিক আৰু অধিক আস্থা প্ৰকাশ কৰিছে। আমি এই দিশত নতুন প্ৰচেষ্টা গ্ৰহণ কাৰ্য্য অব্যাহত ৰাখিছোঁ যাতে এনে ক্ৰম-বৰ্ধমান অৰ্থনীতিৰ সুফল মোৰ দেশৰ দৰিদ্ৰ লোক, মোৰ দেশৰ কৃষক সমাজ, মোৰ দেশৰ নাৰী শক্তি, মোৰ দেশৰ মধ্যবিত্ত শ্ৰেণীয়ে লাভ কৰিছে আৰু এয়া মোৰ দেশৰ উন্নয়নৰ বাবে এক শক্তিৰ উৎস হৈ পৰিছে।

আজি নতুন খণ্ডসমূহত আমাৰ যুৱক-যুৱতীসকলৰ বাবে সুযোগ সৃষ্টি কৰা হৈছে। দক্ষতা বিকাশ, স্ব-নিয়োজন, বৃহৎ কোম্পানীসমূহত ইন্টাৰ্নশ্বিপৰ সুযোগ প্ৰদান কৰা হৈছে আৰু ইয়াৰ অৰ্থে দেশৰ যুৱক-যুৱতীসকলৰ বাবে এক বৃহৎ অভিযান অব্যাহত আছে। আজি মই মোৰ দেশৰ যুৱক-যুৱতীসকলৰ বাবেও এটা ভাল খবৰ লৈ আহিছোঁ। আজি ১৫ আগষ্ট। আজি ১৫ আগষ্টত মোৰ দেশৰ যুৱক-যুৱতীসকলৰ বাবে এক লাখ কোটি টকা মূল্যৰ এখন আঁচনি আৰম্ভ আৰু ৰূপায়ণ কৰিছোঁ। আজি ১৫ আগষ্টত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা ৰূপায়ণ কৰা হৈছে, এয়া আপোনালোকৰ বাবে অতিকৈ সু-খবৰ। আঁচনিখনৰ অধীনত চৰকাৰে যুৱক-যুৱতী, ব্যক্তিগত খণ্ডত চাকৰি লাভ কৰা প্ৰতিজন পুত্ৰ-কন্যালৈ ১৫,০০০ টকাকৈ আগবঢ়াব। যিসমূহ কোম্পানীয়ে নতুন নিয়োগেৰে অধিক সুযোগৰ সৃষ্টি কৰে, সেইসমূহকো ইনচেন্টিভ প্ৰদান কৰা হ’ব। প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাই প্ৰায় ৩.৫ কোটি যুৱক-যুৱতীৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। ইয়াৰ বাবে সকলো যুৱক-যুৱতীকে অভিনন্দন জনাইছোঁ।

মোৰ প্ৰিয় দেশবাসী,

আজি ভাৰতৰ নাৰী শক্তিক সকলোৱে স্বীকাৰ কৰিবলৈ আৰম্ভ কৰিছে। আমাৰ মহিলাসকল ক্ৰমবৰ্ধমান অৰ্থনীতিৰ হিতাধিকাৰী, কিন্তু আমাৰ মহিলাসকলেও এনে বৰ্ধমান অৰ্থনীতিৰ গতিক ত্বৰান্বিতকৰণত যথেষ্ট অৰিহণা যোগাইছে, আমাৰ মাতৃশক্তিয়ে অৰিহণা যোগাইছে, আমাৰ নাৰী শক্তিয়ে অৰিহণা যোগাইছে। আমাৰ যুৱতীসকলে ষ্টাৰ্টআপৰ পৰা আৰম্ভ কৰি মহাকাশ খণ্ডলৈকে আধিপত্য বিস্তাৰ কৰিছে। ক্ৰীড়াক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰিছে, সেনাবাহিনীত জিলিকি আছে, আজি গৌৰৱেৰে হাতে-হাত ধৰি দেশৰ উন্নয়নৰ যাত্ৰাত অংশগ্ৰহণ কৰিছে। এনডিএ-ৰ প্ৰথম মহিলা প্ৰাৰ্থীসকল উত্তীৰ্ণ হোৱাৰ সময়ত দেশখন গৌৰৱৰ মনোভাৱেৰে ভৰি পৰিছিল। সমগ্ৰ ৰাষ্ট্ৰখন গৌৰৱৰ ভাৱনাৰে ভৰি পৰিছিল, সকলো টিভি চেনেলেই তেওঁলোকক অনুসৰণ কৰিছিল। এয়া কিমান যে গৌৰৱৰ মুহূৰ্ত আছিল। ১০ কোটি আত্ম-সহায়ক গোটৰ ভগ্নীসকলে আশ্চৰ্য্যকৰ কাম কৰি আছে। নমো ড্ৰোন দিদি নাৰী শক্তিৰ এক নতুন পৰিচয় হৈ উঠিছে। মই গাঁৱৰ এগৰাকী ভগ্নীক লগ পাইছিলোঁ, তেতিয়া তেওঁ মোক কৈছিল যে এতিয়া গাঁৱৰ লোকে তেওঁক পাইলট বুলি মাতে। তেওঁ পৰম গৌৰৱেৰে কৈছিল যে তেওঁ বিশেষ শিক্ষিত নহয় যদিও এতিয়া তেওঁ মৰ্য্যাদা লাভ কৰিছে।

বন্ধুসকল,

আমি ৩ কোটি মহিলাক একো-একোগৰাকী লাখপতি দিদি হিচাপে গঢ়ি তুলিবলৈ অংগীকাৰ কৰিছিলোঁ আৰু এই দিশত এতিয়া আমি ক্ষীপ্ৰতাৰে কাম-কাজ অব্যাহত ৰাখিছোঁ। আমি নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ৩ কোটিৰ লক্ষ্যত উপনীত হ'ম আৰু আজি মই পৰম সন্তোষেৰে দেশবাসীক ক'ব খুজিছোঁ যে আমাৰ নাৰী শক্তিৰ শক্তি চাওঁক, দুই কোটি মহিলা অতিশয় কম সময়ৰ ভিতৰতে একো-একোগৰাকী লাখপতি দিদি হৈ পৰিছে। আজি একাংশ লাখপতি দিদি আমাৰ সন্মুখত বহি আছে। এয়াই মোৰ শক্তি আৰু মোৰ বিশ্বাস বন্ধুসকল, ইয়াৰ জৰিয়তে ভাৰতৰ উন্নয়নৰ যাত্ৰাত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধি পাব।

মোৰ প্ৰিয় দেশবাসী,

মোৰ দেশৰ কৃষকসকলে ভাৰতৰ অৰ্থনীতিলৈ বিপুল অৱদান আগবঢ়াইছে। ভাৰতৰ কৃষক ৰাইজে কষ্টৰ ফল লাভ কৰিছে। যোৱা বছৰ মোৰ দেশৰ কৃষকসকলে শস্য উৎপাদনৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছিল, এয়া মোৰ দেশৰ সম্ভাৱনা। একে পৰিমাণৰ মাটি, কিন্তু ব্যৱস্থা সলনি হৈছে, এতিয়া খেতি-পথাৰত পানী উপলব্ধ হৈছে, উন্নত বীজ উপলব্ধ হ’বলৈ আৰম্ভ কৰিছে, কৃষকসকলে পৰ্য্যাপ্ত সুবিধা লাভ কৰিবলৈ আৰম্ভ কৰিছে, ইয়াৰ জৰিয়তে তেওঁলোকে দেশৰ শক্তি বৃদ্ধি কৰিছে। আজি ভাৰতে বিশ্বৰ ভিতৰতে দুগ্ধ, দাইল আৰু মৰাপাট উৎপাদনৰ ক্ষেত্ৰত এক নং স্থান লাভ কৰিছে। আজি আমি বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মাছ উৎপাদনকাৰী দেশ। মোৰ মাছমৰীয়া ভাই-ভনীসকলৰ সামৰ্থ্য চাওঁকচোন। মাছ উৎপাদনৰ ক্ষেত্ৰত আমি বিশ্বৰ দ্বিতীয় স্থানত উপনীত হৈছোঁ। আজি ভাৰতে চাউল, ঘেঁহু, ফল-মূল আৰু শাক-পাচলি উৎপাদনৰ ক্ষেত্ৰতো বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰিছে।

বন্ধুসকল,

মোৰ দেশৰ কৃষক ৰাইজৰ উৎপাদিত সামগ্ৰী আজি বিশ্ব বজাৰত উপনীত হৈছে। ৪ লাখ কোটি টকা মূল্যৰ কৃষিজাত সামগ্ৰী ৰপ্তানি কৰা হৈছে। মোৰ দেশৰ কৃষকসকলে আমাক তেওঁলোকৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে। তেওঁলোক ক্ষুদ্ৰ খেতিয়কেই হওঁক, গো-পালকেই হওঁক, মাছমৰীয়াই হওঁক, আমি তেওঁলোকক দেশৰ উন্নয়ন আঁচনিৰ সুবিধা প্ৰদান কৰিছোঁ। পিএম কিষাণ সন্মান নিধিয়েই হওঁক, বৰষুণৰ পানী সংগ্ৰহ, জলসিঞ্চন আঁচনি, গুণগত বীজ, সাৰৰ প্ৰয়োজনীয়তাই হওঁক, প্ৰতিটো খণ্ডতে আজি কৃষকৰ শস্য বীমাৰ ওপৰত আস্থা আছে। তেওঁলোক সাহসী হৈ পৰিছে, দেশেও লাভ কৰিছে ফলাফল। আগতে এয়া কল্পনাতীত আছিল, কিন্তু আজি এয়া বাস্তৱত পৰিণত হৈছে।

মোৰ প্ৰিয় দেশবাসী,

আমাৰ দেশৰ পশুধনক জীয়াই ৰাখিবলৈয়ো আমি প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। আমাৰ নিশ্চয় মনত আছে যে আমি বিনামূলীয়াকৈ ক’ভিড ভেকচিন লাভ কৰিছিলোঁ, একেদৰে আমি এই পৰ্য্যন্ত জীৱ-জন্তুসমূহকো বিনামূলীয়াকৈ ১২৫ ড’জ প্ৰদান কৰিছোঁ। উত্তৰ ভাৰতত ‘খুৰপকা’ ৰোগ বুলি কোৱা ভৰি আৰু মুখৰ ৰোগৰ পৰা পৰিত্ৰাণৰ অৰ্থে আমি ১২৫ কোটি ড’জ প্ৰদান কৰিছোঁ আৰু সেয়াও বিনামূলীয়াকৈ আগবঢ়োৱা হৈছে। কৃষিৰ ক্ষেত্ৰত দেশৰ যিসমূহ জিলাৰ কৃষকসকল আনৰ তুলনাত পিছ পৰি আছে, আমি দেশৰ ভিন্ন প্ৰান্তৰ তেনে ১০০ খন জিলা চিনাক্তকৰণেৰে তাৰ কৃষকসকলক সবলীকৰণৰ বাবে, কৃষকসকলক সহায় কৰিবলৈ এক অভিযান আৰম্ভ কৰিছোঁ আৰু ইয়াৰ বাবে আমি প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনা আৰম্ভ কৰিছোঁ। প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনাই দেশৰ উক্ত ১০০ খন জিলাক সহায় কৰিব, তেতিয়া ইয়াৰ কৃষকসকলো ভাৰতৰ আন কৃষক ৰাইজৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পাৰিব।

মোৰ প্ৰিয় দেশবাসী,

ভাৰতৰ কৃষক, ভাৰতৰ গো-পালক, ভাৰতৰ মাছমৰীয়া, সকলোবোৰ হৈছে আমাৰ পৰম অগ্ৰাধিকাৰৰ বিষয়। ভাৰতৰ কৃষক, ভাৰতৰ মাছমৰীয়া আৰু ভাৰতৰ গো-পালকসকলেৰে জড়িত যিকোনো ক্ষতিকাৰক নীতিৰ বিৰুদ্ধে মোদী দেৱালৰ দৰে থিয় হৈ আছে। ভাৰতে কেতিয়াও ইয়াৰ কৃষক, পশুপালক, মাছমৰীয়াসকলক লৈ কোনো আপোচ নকৰে।

মোৰ প্ৰিয় দেশবাসী,

আজি দৰিদ্ৰতাৰ সৈতে মোকাবিলা কৰা হৈছে। মই জানো, ময়ো চৰকাৰত আছোঁ আৰু সেয়েহে মোৰ প্ৰচেষ্টা হৈছে যে চৰকাৰখন কেৱল ফাইলৰ মাজতে আবদ্ধ হৈ থাকিব নালাগে। বৰঞ্চ চৰকাৰখন দেশৰ নাগৰিকৰ জীৱন যাত্ৰাত থাকিব লাগে।

তেওঁলোক দলিতই হওঁক, নিপীড়িতই হওঁক, শোষিতই হওঁক, বঞ্চিতই হওঁক, চৰকাৰসমূহ তেওঁলোকৰ বাবে সক্ৰিয়ভাৱে ইতিবাচক হ’ব লাগে, চৰকাৰসমূহ জন-পক্ষীয় হ’ব লাগে। আমি সেই দিশত নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। সমাজৰ প্ৰতিগৰাকী আৰ্তজনৰ বাবে একাংশই ভাবে যে চৰকাৰী আঁচনিসমূহ আগতেও আছিল — কিন্তু কথাটো তেনেকুৱা নহয়, আমি তৃণমূল পৰ্য্যায়ত চৰকাৰী আঁচনিসমূহ ৰূপায়ণ কৰিছোঁ। আমি চেচুৰেচনত গুৰুত্ব আৰোপ কৰিছোঁ, কাৰণ সঁচা অৰ্থত সামাজিক ন্যায় প্ৰশস্তৰ মাধ্যম হৈছে চেচুৰেচন, যি প্ৰক্ৰিয়াত এজনো যোগ্য ব্যক্তি পিছ পৰি নাথাকে, য’ত চৰকাৰী ব্যৱস্থাই প্ৰতিগৰাকী যোগ্য ব্যক্তিকে স্পৰ্শ কৰে আৰু তেওঁলোকে সঠিকভাৱে তেওঁলোকৰ প্ৰাপ্যখিনি লাভ কৰাটো নিশ্চিত কৰে। আমি ইয়াৰ অৰ্থে কাম কৰি আছোঁ।

জন ধন একাউন্ট খোলা কাৰ্য্য কেৱল এটা বেংক একাউন্ট খোলাতে সীমাবদ্ধ নাছিল — বৰঞ্চ এই ব্যৱস্থাই জনসাধাৰণৰ মাজত আত্মসন্মানবোধক জগাই তুলিছিল। তেওঁলোকে তেওঁলোকৰ বাবে বেংকৰ দুৱাৰ খোলা আছে বুলি অনুভৱ কৰিছিল। তেওঁলোকেও বেংকলৈ গৈ কথা পাতিব পাৰে বুলি বিশ্বাসী হৈ উঠিছিল। আমি এই আত্মবিশ্বাস জগাই তুলিছোঁ। আয়ুষ্মান ভাৰতে ৰাইজক নীৰৱে বেমাৰ সহ্য কৰাৰ অভ্যাসৰ পৰা মুক্ত কৰিছিল আৰু তেওঁলোকক উন্নত স্বাস্থ্যসেৱা লাভত সহায় কৰিছিল। আমি জ্যেষ্ঠ নাগৰিকসকলক তেওঁলোকৰ স্বাস্থ্য প্ৰয়োজনীয়তাৰ বাবে ৫,০০,০০০-ৰো অধিক টকাৰে সহায় কৰা কাৰ্য্যই তেওঁলোকৰ মংগলৰ প্ৰতি আমাৰ চিন্তাৰ মনোভাৱকে প্ৰতিফলিত কৰে। আজি পিএম আৱাসৰ জৰিয়তে ৪ কোটি দৰিদ্ৰ লোকে গৃহ লাভ কৰিছে — ইয়াৰ জৰিয়তে তেওঁলোকৰ জীৱনত নতুন আশাৰ সঞ্চাৰ হৈছে। এনে ঘৰসমূহ কেৱল চাৰিখন দেৱাল নহয় বন্ধুসকল। পথৰ কাষৰ বিক্ৰেতাসকলৰ বাবে পিএম স্ব-নিধি আঁচনি ৰূপায়ণ কৰা হৈছে। যিসকল এসময়ত অধিক সুতৰ চক্ৰত আবদ্ধ হৈ আছিল, তেওঁলোকৰ বাবে ৰূপায়ণ কৰা আঁচনিখনে এতিয়া তেওঁলোকক মুক্তভাৱে ব্যৱসায় কৰিবলৈ সক্ষম কৰি তুলিছে। আপোনাসৱে নিশ্চয় প্ৰত্যক্ষ কৰিছে যে আজি পথৰ কাষৰ বিক্ৰেতাসকলেও ইউপিআই-ৰ জৰিয়তে পেমেন্ট গ্ৰহণ কৰে আৰু সম্পন্ন কৰে। এনে ৰূপান্তৰে সমাজৰ অন্তিমজন ব্যক্তিৰ জীৱনতো চৰকাৰৰ স্পৰ্শ কাৰ্য্যকে প্ৰতিফলিত কৰে। সেইবাবেই এনে তৃণমূল পৰ্য্যায়ৰ আঁচনিসমূহৰ ডিজাইন কৰা হয়, ৰূপায়ণ কৰা হয় আৰু জনতাৰ জীৱনলৈ পৰিৱৰ্তন আনিবলৈ এক শক্তিশালী মাধ্যম হৈ পৰে। পূৰ্বে দৰিদ্ৰ, নিপীড়িত, জনজাতীয়, বঞ্চিত, আমাৰ বিধৱা মাতৃ-ভগ্নীসকলে নিজৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল, ওৰেটো জীৱন এটা কাৰ্য্যালয়ৰ পৰা আন এটা কাৰ্য্যালয়লৈ গৈ কটাবলগীয়া হৈছিল। কিন্তু আজি চৰকাৰ চেচুৰেচনৰ পন্থাৰে তেওঁলোকৰ দুৱাৰমুখলৈ গৈছে। কোটি-কোটি হিতাধিকাৰীয়ে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিছে আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থা সঁচাকৈয়ে এক বৈপ্লৱিক পদক্ষেপ।

 

বন্ধুসকল,

লালকিল্লাৰ পৰাও বহুবাৰ “গৰিবী হাটাও” (দৰিদ্ৰতা নিৰ্মূল) শ্ল’গান শুনি-শুনি ৰাষ্ট্ৰখন বাৰে-বাৰে ভাগৰি পৰিল। দৰিদ্ৰতা দূৰ কৰিব নোৱাৰি বুলি জনতাই মানি লৈছিল। কিন্তু আমি আঁচনিসমূহৰ লাভা-লাভক পোনপটীয়াকৈ দৰিদ্ৰ লোকসকলৰ ঘৰলৈ লৈ যোৱা, আমি তেওঁলোকৰ হৃদয়ত আত্মবিশ্বাসৰ মনোভাৱ জগাই তোলা মাত্ৰেকে মোৰ দেশৰ ২৫ কোটি দৰিদ্ৰ লোকে দৰিদ্ৰতাক পৰাস্তৰে তাৰ পৰা মুক্ত হৈ এক নতুন ইতিহাসৰ সৃষ্টি কৰে। আজি যোৱা ১০ বছৰত ২৫ কোটিৰো অধিক দৰিদ্ৰ লোকে — দৰিদ্ৰতাক জয় কৰি ইয়াৰ গ্ৰাসৰ পৰা ওলাই আহি নতুন “নব্য–মধ্যবিত্ত” শ্ৰেণীৰ সৃষ্টি কৰিছে।

মোৰ বন্ধুসকল,

এই নব্য–মধ্যবিত্ত শ্ৰেণী আৰু বৰ্তমানৰ মধ্যবিত্ত শ্ৰেণীয়ে আকাংক্ষা আৰু প্ৰচেষ্টা উভয়ৰে ভৰা এক অংশীদাৰিত্ব গঠন কৰে আৰু এয়া দেশখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক বৃহৎ শক্তি হ’বলৈ আগবাঢ়িছে।

মোৰ প্ৰিয় দেশবাসী,

অদূৰ ভৱিষ্যতে আমি মহান সমাজ সংস্কাৰক মহাত্মা জ্যোতিবা ফুলেৰ ২০০ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰিম। আমি এই উদযাপন কাৰ্য্যসূচী আৰম্ভ কৰিবলৈ ওলাইছোঁ। মহাত্মা জ্যোতিবা ফুলেৰ নীতি আৰু তেওঁ আমাক প্ৰদান কৰা মন্ত্ৰসমূহে আমাৰ বাবে প্ৰেৰণাৰ সঞ্চাৰ কৰিছে — তেওঁ আমাক “পিছপৰা লোকক অগ্ৰাধিকাৰ প্ৰদান”-ৰ মন্ত্ৰ প্ৰদান কৰিছে। পিছপৰা লোকক অগ্ৰাধিকাৰ প্ৰদানেৰে আমি ৰূপান্তৰৰ শিখৰত উপনীত হ’ব বিচাৰোঁ। ইয়াৰ বাবে আমি সৰ্বস্ব প্ৰচেষ্টা গ্ৰহণ কৰিব বিচাৰোঁ। স্বচ্ছ নীতিৰ জৰিয়তে আমি “পিছপৰা লোকক অগ্ৰাধিকাৰ প্ৰদান” কাৰ্য্য তৃণমূল পৰ্য্যায়ত বাস্তৱত পৰিণত কৰিব বিচাৰোঁ, ইয়াক প্ৰতিজন পিছপৰা ব্যক্তিৰ জীৱনলৈ লৈ যাব খোজোঁ।

বন্ধুসকল,

পথৰ কাষৰ বিক্ৰেতাসকলৰ বাবে পিএম স্ব-নিধি আঁচনিয়েই হওঁক, আমাৰ দক্ষ শিল্পীসকলৰ বাবে বিশ্বকৰ্মা আঁচনিয়েই হওঁক, জনজাতীয় সমাজৰ বঞ্চিত হৈ থকাসকলৰ বাবে পিএম জন মান আঁচনিয়েই হওঁক বা পূব ভাৰতক উন্নয়নৰ ক্ষেত্ৰত দেশৰ বাকী অংশৰ সৈতে সমতালৈ আনি নেতৃত্ব দিয়াৰ সুযোগ প্ৰদানৰ আমাৰ প্ৰচেষ্টাই হওঁক — আমি কেৱল সামাজিকভাৱে পিছপৰা গোটৰ প্ৰতিয়েই চিন্তিত নহয়, বৰঞ্চ আমি পিছপৰা অঞ্চলসমূহকো অগ্ৰাধিকাৰ প্ৰদান কৰিব বিচাৰোঁ। আমি পিছ পৰি থকা জিলাসমূহক অগ্ৰাধিকাৰ প্ৰদান কৰিব বিচাৰোঁ। আমি পিছ পৰি থকা ব্লকসমূহকো অগ্ৰাধিকাৰ প্ৰদান কৰিব বিচাৰোঁ। আমি ১০০ খন আকাংক্ষী জিলা আৰু ৫০০ খন আকাংক্ষী ব্লকৰ বাবে একেটা মিছনত কাম কৰি আছোঁ। আমি পূব ভাৰতৰ উন্নয়নৰ বাবে হাজাৰ-হাজাৰ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্পত গুৰুত্ব আৰোপ কৰিছোঁ। উক্ত প্ৰকল্পসমূহৰ লক্ষ্য হৈছে এই অঞ্চলৰ জীৱন-যাত্ৰাক ৰূপান্তৰিতকৰণ আৰু অঞ্চলটোক ৰাষ্ট্ৰৰ উন্নয়ন যাত্ৰাত সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে গঢ়ি তোলা।

মোৰ প্ৰিয় দেশবাসী,

জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে উন্নয়ন সাধন হ'ব লাগে। বিকাশৰ ক্ষেত্ৰত ক্ৰীড়াৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে। এটা সময় আছিল যেতিয়া ল’ৰা-ছোৱালীয়ে খেলত সময় কটালে অভিভাৱকে বেয়া পাইছিল; কিন্তু আজি পৰিস্থিতি সম্পূৰ্ণৰূপে ওলোটা হৈছে। ল’ৰা-ছোৱালী যদি ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়ি আহে, তেতিয়া তেওঁলোকৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে, পিতৃ-মাতৃ গৌৰৱেৰে ভৰি পৰে। এই কাৰ্য্যক মই শুভ লক্ষণ হিচাপে গণ্য কৰোঁ। মোৰ দেশৰ গৃহস্থীসমূহত ক্ৰীড়াৰ বাবে উৎসাহৰ এনে পৰিবেশ দেখিলেই মোৰ হৃদয়খন গৌৰৱেৰে ভৰি পৰে। মই ইয়াক ৰাষ্ট্ৰখনৰ ভৱিষ্যতৰ বাবে এক অতিশয় শুভ ইংগিত হিচাপে গণ্য কৰোঁ।

আৰু বন্ধুসকল,

ক্ৰীড়াক প্ৰসাৰিত কৰিবলৈ আমি ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি আগবঢ়াইছোঁ— কেইবা দশকৰ পাছত আমি দেশত ‘খেল’ ইণ্ডিয়া নীতি’ প্ৰৱৰ্তন কৰিছোঁ, যাতে ক্ৰীড়া খণ্ডৰ উন্নয়নৰ বাবে এক ব্যাপক প্ৰচেষ্টা গ্ৰহণ কৰা হয়। স্কুলৰ পৰা অলিম্পিকলৈকে আমি এটা সমগ্ৰ ব্যৱস্থা গঢ়ি তুলিব বিচাৰোঁ— সেয়া প্ৰশিক্ষণতেই হওঁক, ফিটনেছৰ বিষয়তেই হওঁক, ক্ৰীড়াক্ষেত্ৰতেই হওঁক, ক্ৰীড়াৰ সুবিধাতেই হওঁক, খেলৰ বাবে প্ৰয়োজনীয় সঁজুলি যোগান ধৰাতেই হওঁক বা ক্ৰীড়া সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগসমূহক সহায় কৰাই হওঁক। অৰ্থাৎ আমি এই সমগ্ৰ ব্যৱস্থাটোক অত্যন্ত প্ৰত্যন্ত অঞ্চলৰো শিশুসকলৰ ওচৰলৈ লৈ যাব বিচাৰোঁ।

কিন্তু বন্ধুসকল,

মই ফিটনেছ, মই ক্ৰীড়াৰ কথা কোৱা মাত্ৰেকে মই আপোনালোকৰ সন্মুখত এটা চিন্তাৰ কথাও ব্যক্ত কৰিব খুজিছোঁ। আমাৰ দেশৰ প্ৰতিঘৰ গৃহস্থীয়ে ইয়াক গুৰুত্বসহকাৰে লোৱা উচিত— সেয়া হৈছে মেদবহুলতা আমাৰ ৰাষ্ট্ৰখনৰ বাবে এক অতিশয় ভয়াৱহ সংকটলৈ পৰ্য্যবসিত হৈছে। বিশেষজ্ঞসকলে কয় যে আগন্তুক বছৰ কেইটাত প্ৰতি তিনিজন লোকৰ ভিতৰত এজন মেদবহুলতাত আক্ৰান্ত হ’ব। আমি মেদবহুলতাৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব। আৰু সেইবাবেই একাধিক পদক্ষেপ গ্ৰহণ কৰিব লাগিব যদিও মই এটা সৰু পৰামৰ্শ প্ৰদান কৰিছিলোঁ— যে প্ৰতিঘৰ গৃহস্থীয়ে এই সংকল্প গ্ৰহণ কৰিব লাগে যে ঘৰলৈ ৰন্ধন তেল পূৰ্বতকৈ ১০% কমাই আনিব লাগে আৰু ইয়াৰ ব্যৱহাৰো ১০% কম কৰিব লাগে। এনে কৰিলে আমি মেদবহুলতাৰ বিৰুদ্ধে যুঁজখনত জয়ী হোৱাৰ দিশত আমাৰ অৱদান আগবঢ়াবলৈ সক্ষম হ’ম।

মোৰ প্ৰিয় দেশবাসী,

আমাৰ ৰাষ্ট্ৰখন সৌভাগ্যৱান— আমি হাজাৰ-হাজাৰ বছৰ পুৰণি ঐতিহ্যৰ উত্তৰাধিকাৰী, ইয়াৰ পৰা আমি অহৰহ শক্তি, প্ৰেৰণা আৰু ত্যাগ তথা তপস্যাৰ পথ লাভ কৰিছোঁ। আমাৰ সংস্কৃতি আৰু প্ৰমূল্যবোধৰ সুৰক্ষাৰ বাবে সকলো ত্যাগ কৰা গুৰু টেগ বাহাদুৰ জীৰ এইবাৰ ৩৫০ সংখ্যক মৃত্যু বাৰ্ষিকী। আজি তেওঁক শ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ।

বন্ধুসকল,

আমাৰ সংস্কৃতিৰ শক্তি আমাৰ বৈচিত্ৰ্যতে নিহিত হৈ আছে। আমি বৈচিত্ৰ্যক উদযাপন কৰিব বিচাৰোঁ, বৈচিত্ৰ্যক উদযাপনৰ অভ্যাস গঢ়ি তুলিব বিচাৰোঁ। আমাৰ বাবে গৌৰৱৰ কথা এয়ে যে ভাৰত মাতা এখন বিশাল বাগিচাৰ দৰে নানা প্ৰকাৰৰ ফুলেৰে সজ্জিত হৈ আছে, প্ৰতি পাহ ফুলে এই চহকী বৈচিত্ৰ্যক যোগ দিছে। এই বৈচিত্ৰ্য আমাৰ মহান উত্তৰাধিকাৰ আৰু আমাৰ মহান গৌৰৱ। প্ৰয়াগৰাজৰ ‘মহা কুম্ভ’-ত আমি দেখিছোঁ যে ভাৰতৰ বৈচিত্ৰ্যক কেনেদৰে উদযাপন কৰা হয়— কোটি-কোটি লোক, এক আৱেগ, এক আত্মা, এক প্ৰচেষ্টাত একত্ৰিত— যাক বিশ্বৰ প্ৰেক্ষাপটত সঁচাকৈয়ে আচৰিত যেন লাগে। ‘মহা কুম্ভ’-ৰ সফলতা ভাৰতৰ ঐক্য আৰু শক্তিৰ এক প্ৰমাণ।

বন্ধুসকল,

আমাৰ দেশ ভাষিক বৈচিত্ৰ্যৰেও সমৃদ্ধিশালী। সেইবাবেই আমি মাৰাঠী, অসমীয়া, বাংলা, পালি আৰু প্ৰাকৃতক ধ্ৰুপদী ভাষাৰ মৰ্য্যাদা প্ৰদান কৰিছোঁ। মোৰ দৃষ্টিত আমাৰ ভাষাসমূহ যিমানেই বিকশিত হ’ব, সিমানেই সমৃদ্ধ হ’ব, সিমানেই আমাৰ সমগ্ৰ জ্ঞান ব্যৱস্থা সুদৃঢ় হ’ব। এয়াই হৈছে আমাৰ শক্তি— আৰু আজিৰ তথ্যৰ যুগত ই বিশ্বৰ বাবেও এক বৃহৎ শক্তি হ’ব পাৰে, কাৰণ আমাৰ ভাষাৰ শক্তি এনেকুৱাই। আমি আমাৰ সকলো ভাষাক লৈ গৌৰৱ কৰিব লাগিব আৰু সকলোৱে ইয়াৰ বিকাশত অৰিহণা যোগাব লাগে।

বন্ধুসকল,

আমাৰ পাণ্ডুলিপিসমূহত জ্ঞানৰ বিশাল সম্পদ লুকাই আছে, তথাপিও ইয়াৰ প্ৰতি উদাসীনতা দেখা গৈছে। জ্ঞান ভাৰতম অভিযানৰ অধীনত আমি এতিয়া সমগ্ৰ দেশতে হাতেৰে লিখা গ্ৰন্থ, পাণ্ডুলিপি আৰু শতিকা পুৰণি নথি-পত্ৰৰ সংৰক্ষণ কৰিবলৈ তথা আজিৰ প্ৰযুক্তি ব্যৱহাৰেৰে ভৱিষ্যৎ প্ৰজন্মৰ বাবে ইয়াক উপযোগী কৰি তুলিবলৈ কাম কৰি আছোঁ।

মোৰ প্ৰিয় দেশবাসী,

আমি গভীৰভাৱে বিশ্বাস কৰোঁ যে এই দেশখন কেৱল চৰকাৰে নিৰ্মাণ কৰা নাই; ইয়াক কেৱল ৰাষ্ট্ৰৰ ক্ষমতাৰ বাঘজৰী ধৰি ৰখাসকলে নিৰ্মাণ কৰা নাই; ইয়াক কেৱল শাসন ব্যৱস্থাক চোৱাচিতা কৰাসকলে নিৰ্মাণ কৰা নাই। বৰঞ্চ আমাৰ ৰাষ্ট্ৰখন কোটি-কোটি লোকৰ কষ্টৰ বিনিময়ত গঢ় লৈ উঠিছে— ঋষি, সাধু, বিজ্ঞানী, শিক্ষক, কৃষক, সৈনিক, শ্ৰমিক— সকলোৰে প্ৰচেষ্টাই ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগাইছে। অৱদান ব্যক্তি আৰু প্ৰতিষ্ঠানৰ পৰা একেদৰেই আহে। আজি অতিশয় গৌৰৱেৰে এনে এটা অনুষ্ঠানৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ। এশ বছৰ পূৰ্বে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰতিষ্ঠা হৈছিল। ৰাষ্ট্ৰখনৰ প্ৰতি এই ১০০ বছৰীয়া সেৱাই এক গৌৰৱ আৰু সোণালী অধ্যায় ৰচনা কৰিছে। চৰিত্ৰ গঠনৰ জৰিয়তে ৰাষ্ট্ৰ-নিৰ্মাণৰ সংকল্পেৰে ভাৰত মাতাৰ সেৱাৰ লক্ষ্যৰে স্বয়ংসেৱকসকলে এশ বছৰ ধৰি মাতৃভূমিৰ কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে। সেৱা, নিষ্ঠা, সংগঠন আৰু অতুলনীয় অনুশাসন— এয়াই হৈছে সংঘৰ অলংকাৰ। এক অৰ্থত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ হৈছে বিশ্বৰ সৰ্ববৃহৎ বেচৰকাৰী সংস্থা, যাৰ দেশ-ভক্তিৰ শতিকাজোৰা ইতিহাস আছে। আজি লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰীয় সেৱাৰ এই শতিকাজোৰা যাত্ৰাত অৰিহণা যোগোৱা সকলো স্বয়ংসেৱকক প্ৰণাম জনাইছোঁ আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এই সুদীৰ্ঘ আৰু নিষ্ঠাবান যাত্ৰাত ৰাষ্ট্ৰখনে গৌৰৱ অনুভৱ কৰিছে, যিয়ে আমাক অনুপ্ৰাণিত কৰি থাকিব।

মোৰ প্ৰিয় দেশবাসী,

আমি সমৃদ্ধিৰ দিশে আগবাঢ়িছোঁ, কিন্তু সমৃদ্ধিৰ পথ নিৰাপত্তাৰ মাজেৰে পাৰ হৈ যায়। যোৱা ১১ বছৰত আমি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে, ৰাষ্ট্ৰখনক ৰক্ষাৰ বাবে আৰু ইয়াৰ নাগৰিকসকলৰ সুৰক্ষাৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰিছোঁ। পৰিৱৰ্তন সাধনৰ ক্ষেত্ৰত আমি সফল হৈছোঁ। দেশখনে জানে যে আমাৰ ৰাষ্ট্ৰৰ বিশাল জনজাতীয় অঞ্চলসমূহ বহু দশক ধৰি নক্সালবাদ আৰু মাওবাদৰ কবলত পৰি আছিল। মোৰ জনজাতীয় পৰিয়ালসমূহে এয়া সহ্য কৰিছিল— জনজাতীয় মাতৃ-ভগ্নীসকলে নিজৰ সন্তানক হেৰুৱাবলগীয়া হৈছিল; যুৱকসকলক ভুল পথলৈ প্ৰলোভিত কৰা হৈছিল, বিপথে পৰিচালিত কৰা হৈছিল আৰু তেওঁলোকৰ জীৱন ধ্বংস হৈছিল। আমি দৃঢ় আৰু নিৰ্ণায়ক পদক্ষেপ লৈছিলোঁ। ১২৫ খনৰো অধিক জিলাত নক্সালবাদে শিপাইছিল এটা সময়ত। আমাৰ জনজাতীয় অঞ্চল আৰু যুৱক-যুৱতীসকল মাওবাদৰ কবলত আবদ্ধ হৈ পৰিছিল। আজি আমি সেই সংখ্যা ১২৫ খনৰো অধিক জিলাৰ পৰা মাত্ৰ ২০ খনলৈ হ্ৰাস কৰিছোঁ। এয়াই হৈছে আমাৰ জনজাতীয় সমাজসমূহৰ প্ৰতি আমি আগবঢ়োৱা আটাইতকৈ পৰম সেৱা। এসময়ত বাষ্টাৰত মাওবাদী আৰু নক্সালবাদীৰ বোমা আৰু বন্দুকৰ শব্দ শুনা গৈছিল। কিন্তু আজি মাওবাদ আৰু নক্সালবাদৰ পৰা মুক্ত হোৱাৰ পিছত বাষ্টাৰৰ যুৱক-যুৱতীসকলে অলিম্পিকত অংশগ্ৰহণ কৰে; হাজাৰ-হাজাৰ যুৱকে “ভাৰত মাতা কী জয়” ধ্বনি প্ৰদানেৰে ক্ৰীড়াক্ষেত্ৰত প্ৰৱেশ কৰে আৰু সমগ্ৰ পৰিবেশটো উৎসাহেৰে ভৰি পৰে। ৰাষ্ট্ৰখনে আজি এই পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে। এসময়ত “ৰেড কৰিডৰ” নামেৰে জনাজাত অঞ্চলসমূহ এতিয়া সেউজ উন্নয়নৰ কৰিডৰত পৰিণত হৈছে। এয়া আমাৰ বাবে গৌৰৱৰ বিষয়। এসময়ত তেজৰ চেঁকুৰা পৰা ভাৰতৰ মানচিত্ৰৰ সেই অংশসমূহত আমি এতিয়া সংবিধান, আইনৰ শাসন, উন্নয়নৰ ত্ৰিৰংগা উত্তোলন কৰিছোঁ।

মোৰ প্ৰিয় দেশবাসী,

এই বছৰ ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী পালন কৰা হৈছে। এই জনজাতীয় অঞ্চলসমূহক নক্সালবাদৰ পৰা মুক্ত কৰি মোৰ জনজাতীয় পৰিয়ালৰ যুৱক-যুৱতীসকলৰ জীৱন ৰক্ষা কৰি আমি তেওঁলৈ প্ৰকৃত শ্ৰদ্ধাঞ্জলি জনাইছোঁ।

মোৰ প্ৰিয় দেশবাসী,

আজি ৰাষ্ট্ৰখনক এক গুৰুতৰ চিন্তা আৰু প্ৰত্যাহ্বান সম্পৰ্কে সতৰ্ক কৰি দিব বিচাৰিছোঁ। এক ইচ্ছাকৃত ষড়যন্ত্ৰৰ অংশ হিচাপে দেশৰ জনগাঁথনি সলনি কৰা হৈছে। নতুন সংকটৰ বীজ সিঁচা হৈছে। এই অনুপ্ৰৱেশকাৰীয়ে আমাৰ যুৱ প্ৰজন্মৰ জীৱিকা কাঢ়ি লৈ গৈছে। এই অনুপ্ৰৱেশকাৰীয়ে আমাৰ ভগ্নী আৰু কন্যাসকলক লক্ষ্য কৰি লৈছে। এয়া সহ্য কৰা নহ’ব। এই অনুপ্ৰৱেশকাৰীয়ে নিৰীহ জনজাতিক বিপথে পৰিচালিত কৰি তেওঁলোকৰ ভূমি দখল কৰিছে। ৰাষ্ট্ৰখনে এই কথা সহ্য নকৰে। যেতিয়া জনগাঁথনিগত পৰিৱৰ্তন ঘটে, বিশেষকৈ সীমান্ত অঞ্চলত, তেতিয়া ই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে সংকটৰ সৃষ্টি কৰে। ই দেশৰ ঐক্য, অখণ্ডতা, প্ৰগতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে। ই সামাজিক উত্তেজনাৰ বীজ সিঁচিছে। কোনো দেশেই নিজকে অনুপ্ৰৱেশকাৰীৰ হাতত তুলি দিব নোৱাৰে। বিশ্বৰ কোনো ৰাষ্ট্ৰয়েই তেনে নকৰে— তেন্তে আমি কেনেকৈ ভাৰতত তেনে কৰিবলৈ দিম? আমাৰ পূৰ্বপুৰুষসকলে ত্যাগৰ দ্বাৰা স্বাধীনতা লাভ কৰিছিল; তেওঁলোকে আমাক এখনি স্বাধীন ভাৰত প্ৰদান কৰিলে। সেই মহান আত্মাসমূহৰ প্ৰতি আমাৰ কৰ্তব্য এয়ে যে আমি আমাৰ ৰাষ্ট্ৰৰ ভিতৰত এনে কাৰ্য্যক মানি নলওঁ। এয়া হ’ব তেওঁলোকলৈ প্ৰকৃত শ্ৰদ্ধাঞ্জলি। সেয়েহে আজি লালকিল্লাৰ প্ৰাচীৰৰ পৰা ঘোষণা কৰিছোঁ যে আমি হাই-পাৱাৰ ডেম’গ্ৰাফী মিছন আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছোঁ। এই অভিযানৰ জৰিয়তে এতিয়া ভাৰতলৈ নামি অহা ভয়াৱহ সংকটক পৰিকল্পিত আৰু সময়সীমাবদ্ধভাৱে সমাধান কৰা হ’ব। আমি এই দিশত আগবাঢ়িছোঁ।

মোৰ প্ৰিয় দেশবাসী,

কাইলৈ ভগৱান শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ তিথি হিচাপে সমগ্ৰ দেশতে জন্মাষ্টমী পালন কৰা হ’ব।

বন্ধুসকল,

ভগৱান শ্ৰীকৃষ্ণৰ কথা মনত পৰিলে আমি দেখিবলৈ পাওঁ যে আজি সমগ্ৰ বিশ্বতে যুদ্ধৰ পদ্ধতি সলনি হৈছে। আমি দেখিছোঁ যে ভাৰত যুদ্ধৰ প্ৰতিটো নতুন পদ্ধতি চম্ভালিবলৈ সক্ষম হৈ উঠিছে। আমি অপাৰেচন সিন্দূৰত এই শক্তি প্ৰদৰ্শন কৰিছোঁ, প্ৰযুক্তিৰ ক্ষেত্ৰত আমাৰ যি বিশেষজ্ঞতা আছিল, সেয়া প্ৰতিফলিত হৈছে। পাকিস্তানে আমাৰ সামৰিক ঘাটি, আমাৰ বিমান ঘাটি, আমাৰ স্পৰ্শকাতৰ স্থান, আমাৰ পূজাস্থলী, আমাৰ নাগৰিকক অগণন সংখ্যক মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণৰ অপচেষ্টা হাতত লৈছিল। কিন্তু দেশখনে ইয়াৰ প্ৰত্যুত্তৰ দেখিছে, দেশখনক সুৰক্ষিত ৰাখিবলৈ যোৱা ১০ বছৰত যি প্ৰচেষ্টা হাতত লোৱা হৈছে, সেই শক্তিৰ ফলশ্ৰুতিত সিহঁতৰ প্ৰতিটো আক্ৰমণ আমাৰ বীৰ জোৱান আৰু আমাৰ প্ৰযুক্তিয়ে ছিন্ন-ভিন্ন কৰি পেলাইছিল। সিহঁতে সামান্যতম ক্ষতিও কৰিব নোৱাৰিলে আৰু সেয়ে যেতিয়া যুদ্ধক্ষেত্ৰত প্ৰযুক্তিৰ সম্প্ৰসাৰণ ঘটিছে, প্ৰযুক্তিৰ প্ৰভাৱ প্ৰধান হৈ পৰিছে, তেতিয়া ৰাষ্ট্ৰৰ সুৰক্ষাৰ বাবে, দেশৰ নাগৰিকৰ সুৰক্ষাৰ বাবে আজি আমি যি বিশেষজ্ঞতা লাভ কৰিছোঁ, সেই দক্ষতাকো অধিক সম্প্ৰসাৰণ কৰিব লাগিব। আজি আমি যি সাফল্য লাভ কৰিছোঁ, তাক নিৰন্তৰ উন্নীতকৰণৰ প্ৰয়োজন আছে। আৰু সেইবাবেই বন্ধুসকল, মই এটা সংকল্প গ্ৰহণ কৰিছোঁ। মোক আপোনালোকৰ আশীৰ্বাদ লাগে, মোক কোটি-কোটি দেশবাসীৰ আশীৰ্বাদ লাগে, কাৰণ যিমানেই সমৃদ্ধি নাথাকক কিয়, যদি নিৰাপত্তাৰ প্ৰতি উদাসীনতা থাকে, তেন্তে সমৃদ্ধিৰ কোনো কাম নাই আৰু সেয়েহে নিৰাপত্তাৰ গুৰুত্ব অতিশয় বেছি।

আৰু সেইবাবেই আজি মই লালকিল্লাৰ প্ৰাচীৰৰ পৰা কৈছোঁ যে আগন্তুক ১০ বছৰত ২০৩৫-ৰ ভিতৰত কৌশলগত লগতে অসামৰিক অঞ্চল, যেনেঃ চিকিৎসালয়, ৰেলৱে, যিকোনো বিশ্বাসৰ কেন্দ্ৰকে প্ৰমুখ্য কৰি ৰাষ্ট্ৰখনৰ সকলো গুৰুত্বপূৰ্ণ স্থানকে প্ৰযুক্তিৰ নতুন ব্যৱস্থাৰ জৰিয়তে সম্পূৰ্ণ নিৰাপত্তাৰ আৱৰণ প্ৰদান কৰা হ’ব। এই নিৰাপত্তাৰ ঢালখন সম্প্ৰসাৰিত হৈ থাকিব লাগে, দেশৰ প্ৰতিজন নাগৰিকে নিৰাপত্তা অনুভৱ কৰিব লাগে, যি প্ৰযুক্তিয়েই আমাক আক্ৰমণ কৰিবলৈ নাহক কিয়, আমাৰ প্ৰযুক্তি তাতকৈ উন্নত বুলি প্ৰমাণিত হ’ব লাগে আৰু সেয়েহে আগন্তুক ১০ বছৰত, ২০৩৫-লৈকে মই এই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ঢালখন সম্প্ৰসাৰিত কৰিব বিচাৰিছোঁ, ইয়াক শক্তিশালী কৰিব বিচাৰিছোঁ, ইয়াক আধুনিকীকৰণ কৰিব বিচাৰিছোঁ আৰু সেয়েহে ভগৱান শ্ৰীকৃষ্ণৰ পৰা প্ৰেৰণা লৈ আমি শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰৰ পথ বাছি লৈছোঁ। আপোনালোকৰ বহুতৰে হয়তো মনত আছে যে মহাভাৰতৰ যুদ্ধ চলি থকাৰ সময়ত শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰৰে সূৰ্য্যৰ পোহৰ ঢাকি দিনতে আন্ধাৰ কৰি তুলিছিল। সুদৰ্শন চক্ৰৰ দ্বাৰা সূৰ্য্যৰ পোহৰ ঢাক খাই পৰাত অৰ্জুনে জয়দ্ৰথক বধ কৰিবলৈ লোৱা শপত পূৰণ কৰিবলৈ সক্ষম হ’ল। এয়া সুদৰ্শন চক্ৰৰ শক্তি আৰু কৌশলৰ ফল। এতিয়া দেশে আৰম্ভ কৰিব সুদৰ্শন চক্ৰ অভিযান। এই মিছন সুদৰ্শন চক্ৰ, এক শক্তিশালী অস্ত্ৰ ব্যৱস্থাই শত্ৰুৰ আক্ৰমণক নিষ্ক্ৰিয় কৰাই নহয়, বৰঞ্চ শত্ৰুক বহুগুণে বেছি প্ৰতিহত কৰিব।

ভাৰতৰ এই সুদৰ্শন চক্ৰ অভিযানৰ বাবেও আমি কিছুমান মৌলিক কথা নিৰ্ধাৰণ কৰিছোঁ; আমি আগন্তুক ১০ বছৰত ইয়াক অতি তীব্ৰতাৰে আগুৱাই নিব বিচাৰোঁ। প্ৰথমতে এই সমগ্ৰ আধুনিক ব্যৱস্থা, ইয়াৰ গৱেষণা, উন্নয়ন, ইয়াৰ উৎপাদন আমাৰ দেশতেই হ’ব লাগে, আমাৰ দেশৰ যুৱক-যুৱতীসকলৰ প্ৰতিভাৰে ইয়াক আমাৰ দেশৰ জনসাধাৰণে নিৰ্মাণ কৰিব লাগে। দ্বিতীয়তে, এনে এটা ব্যৱস্থা থাকিব যিয়ে যুদ্ধৰ ক্ষেত্ৰত ভৱিষ্যতৰ সম্ভাৱনা গণনা কৰিব আৰু প্লাছ ওৱানৰ কৌশল তৈয়াৰ কৰিব। আৰু তৃতীয় কথাটো হৈছে সুদৰ্শন চক্ৰৰ শক্তি, ই অতি নিখুঁত আছিল, যি স্থানলৈকে যাবলগীয়া হৈছিল, সেই স্থানলৈকে গৈ শ্ৰীকৃষ্ণৰ ওচৰলৈ পুনৰ উভতি আহিছিল। আমি এই সুদৰ্শন চক্ৰৰ জৰিয়তে লক্ষ্য নিৰ্ধাৰিত নিখুঁত কাৰ্য্যৰ ব্যৱস্থা গঢ়ি তোলাৰ দিশত আগবাঢ়ি যাম আৰু সেয়েহে, যুদ্ধৰ পৰিৱৰ্তিত পদ্ধতিত ৰাষ্ট্ৰখনৰ সুৰক্ষা আৰু নাগৰিকৰ সুৰক্ষাৰ বাবে অতি দায়বদ্ধতাৰে এই কামটোক আগুৱাই নিয়াৰ সংকল্প গ্ৰহণ কৰিছোঁ।

মোৰ প্ৰিয় দেশবাসী,

আমি গণতন্ত্ৰ, স্বাধীন ভাৰতৰ কথা কোৱা মাত্ৰেকে আমাৰ সংবিধানখনি আমাৰ বাবে শ্ৰেষ্ঠ লাইটহাউচ, আমাৰ প্ৰেৰণাৰ কেন্দ্ৰ, কিন্তু ৫০ বছৰ পূৰ্বে ভাৰতৰ সংবিধানৰ ডিঙি চেপি ধৰা হৈছিল। ভাৰতৰ সংবিধানৰ পিঠিত ছুৰীৰে আঘাত কৰা হ’ল, দেশখনক কাৰাগাৰলৈ ৰূপান্তৰিত কৰা হ’ল, জৰুৰীকালীন অৱস্থা জাৰি কৰা হ’ল, জৰুৰীকালীন অৱস্থা জাপি দিয়া হ’ল। জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ হ’ল, দেশৰ কোনো প্ৰজন্মই সংবিধানক হত্যাৰ এই পাপ কেতিয়াও পাহৰিব নালাগে। সংবিধানক হত্যা কৰা পাপীসকলক পাহৰি যোৱা উচিত নহয় আৰু আমি ভাৰতৰ সংবিধানৰ প্ৰতি আমাৰ সমৰ্পণৰ মনোভাৱক গভীৰকৰণেৰে আগুৱাই যোৱা উচিত, এয়া আমাৰ প্ৰেৰণা।

মোৰ প্ৰিয় দেশবাসী,

মই এই লালকিল্লাৰ পৰাই পঞ্চ পণৰ কথা কৈছিলোঁ। আজি আকৌ এবাৰ লালকিল্লাৰ পৰা মোৰ দেশবাসীক সোঁৱৰাই দিব বিচাৰিছোঁ। এখন উন্নত ভাৰত গঢ়িবলৈ আমি ৰৈ নাথাকোঁ, কঠোৰ পৰিশ্ৰম কৰি যাম আৰু ২০৪৭-ত আমাৰ চকুৰ সন্মুখত এখনি উন্নত ভাৰত গঢ়িম।

মোৰ প্ৰিয় দেশবাসী,

আমাৰ দ্বিতীয়টো সংকল্প হ’ল আমি আমাৰ জীৱনত, আমাৰ ব্যৱস্থাত, আমাৰ নিয়ম, আইন আৰু পৰম্পৰাত দাসত্বৰ এটা কণাও থাকিবলৈ নিদিওঁ। সকলো ধৰণৰ দাসত্বৰ পৰা মুক্ত নোহোৱালৈকে আমি জিৰণি নলওঁ।

মোৰ প্ৰিয় দেশবাসী,

আমি আমাৰ ঐতিহ্যক লৈ গৌৰৱ অনুভৱ কৰিম। আমাৰ পৰিচয়ৰ আটাইতকৈ ডাঙৰ অলংকাৰ, ডাঙৰ মণি, ডাঙৰ মুকুট হৈছে আমাৰ ঐতিহ্য, আমি আমাৰ ঐতিহ্যক লৈ গৌৰৱ কৰিম।

মোৰ প্ৰিয় দেশবাসী,

এই সকলোবোৰৰ ভিতৰত ঐক্যই আটাইতকৈ শক্তিশালী মন্ত্ৰ আৰু সেয়ে আমাৰ সামূহিক সংকল্প হ’ব যে কোনেও যাতে ঐক্যৰ দোল ছিঙিব নোৱাৰে।

মোৰ প্ৰিয় দেশবাসী,

ভাৰত মাতাৰ প্ৰতি আমাৰ কৰ্তব্য পালন পূজাতকৈ কম নহয়, তপস্যাতকৈয়ো কম নহয়, আৰাধনাতকৈয়ো কম নহয় আৰু একেই অনুভূতিৰে, মাতৃভূমিৰ কল্যাণৰ বাবে, আমাৰ সৰ্বস্ব পৰিশ্ৰমেৰে ২০৪৭-ৰ ভিতৰত এখনি উন্নত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে আমি নিজকে উৎসৰ্গা কৰিম, আমাৰ যি সামৰ্থ্য আছে, সেই সামৰ্থ্যৰে আমি কোনো সুযোগ এৰি নাযাওঁ, কেৱল সেয়াই নহয়, আমি নতুন সুযোগ সৃষ্টি কৰিম আৰু সেইসমূহ সৃষ্টিৰ পিছত আমি ১৪০ কোটি দেশবাসীৰ শক্তিৰে আগবাঢ়ি যাম, আগবাঢ়ি যাম, আগবাঢ়ি যাম।

মোৰ প্ৰিয় দেশবাসী,

আমি মনত ৰাখিব লাগিব, ১৪০ কোটি দেশবাসীয়ে মনত ৰাখিব লাগিব, যিজনে কঠোৰ পৰিশ্ৰম কৰিছে, যিজনে কষ্ট কৰিছে, তেঁৱেই ইতিহাস সৃষ্টি কৰিছে। যিজনে কঠোৰ পৰিশ্ৰম কৰিছে, সেইজনেই ইতিহাস সৃষ্টি কৰিছে। যিজনে শিল ভাঙিছে, সেইজনেই সময়ৰ বালিত চাপ ৰাখিছে।

মোৰ প্ৰিয় দেশবাসী,

আকৌ এবাৰ আপোনালোক সকলোকে স্বাধীনতাৰ এই মহান উৎসৱ উপলক্ষে শুভেচ্ছা জনাইছোঁ। আপোনালোকলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। মোৰ সৈতে সমস্বৰে ক’ব নে,

জয় হিন্দ! জয় হিন্দ! জয় হিন্দ!

ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়!

বন্দে মাতৰম! বন্দে মাতৰম! বন্দে মাতৰম!

আপোনালোকক অশেষ ধন্যবাদ জনালোঁ!

 

****

MJPS/VJ/KS/RT/VK/IG/SS/AK


(Release ID: 2157249)