নিতি আয়োগ
azadi ka amrit mahotsav

দেশৰ ১০,০০০ বিদ্যালয়ক ৰাষ্ট্ৰীয় উদ্ভাৱন আন্দোলনত সামৰি ল’লে অটল ইন’ভেচন মিছনৰ অন্তৰ্গত ভাৰতৰ সৰ্ববৃহৎ ‘টিংকাৰিং’ অনুষ্ঠানে

একে সময়ত একেলগে নিৰ্মাণ, উদ্ভাৱন কৰিবলৈ একত্ৰিত হ’ল সমগ্ৰ দেশৰ লাখ লাখ ছাত্ৰ-ছাত্ৰী

Posted On: 12 AUG 2025 12:41PM by PIB Guwahati

সৃষ্টিশীলতা আৰু সহযোগিতাৰ এক যুগান্তকাৰী উদযাপনেৰে নিটি আয়োগৰ অটল ইনোভেচন মিছনে (এআইএম) আজি ‘মেগা টিংকাৰিং ডে’—দেশৰ এতিয়ালৈকে হোৱা সৰ্ববৃহৎ বিদ্যালয় ভিত্তিক টিংকিং অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত ৩৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিয়পি থকা ১০ হাজাৰৰো অধিক অটল টিংকাৰিং লেবৰ (এটিএল) ছাত্ৰ-ছাত্ৰীক একত্ৰিত কৰা হয়।

সমগ্ৰ দেশৰ বিদ্যালয়সমূহত ভাৰ্চুৱেল পদ্ধতিৰে আৰু একেসময়তে অনুষ্ঠিত এই অনুষ্ঠানত ৯,৪৬৭খন এটিএল সজ্জিত বিদ্যালয়ৰ ৪,৭৩,৩৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ পৰীক্ষাগাৰৰ পৰা সহজে উপলব্ধ সামগ্ৰী ব্যৱহাৰ কৰি এটা DIY ভেকুৱাম ক্লিনাৰ ডিজাইন কৰাৰ লগতে আৰু একত্ৰিত কৰাৰ বাবে হাতে কামে এই প্ৰকল্পত মিলিত হয়। অনলাইনযোগে সকলোৰে বাবে উপলব্ধ কৰোৱা এটা ষ্টেপ-বাই-ষ্টেপ নিৰ্দেশনামূলক অধিবেশনৰ দ্বাৰা এই সমগ্ৰ কাৰ্য্যকলাপটো পৰিচালনা কৰা হৈছিল, যিয়ে ছাত্ৰ-ছাত্ৰীসকলে বৈজ্ঞানিক ধাৰণাসমূহ শিকিব পাৰে আৰু তেওঁলোকৰ অৱস্থান নিৰ্বিশেষে বাস্তৱ সময়ত সহযোগিতা কৰিব পাৰে।

লেহ, লাডাখ, কাৰ্গিল, আৰু কাশ্মীৰৰ উত্তৰতম অঞ্চলৰ পৰা আৰম্ভ কৰি বিৰুধুনগৰৰ দৰে আকাংক্ষিত জিলাৰ দুৰ্গম গাঁওলৈকে; উত্তৰ-পূবৰ মণিপুৰ, মিজোৰাম, আৰু অৰুণাচল প্ৰদেশৰ পৰা কন্যাকুমাৰীৰ দক্ষিণ প্ৰান্তলৈকে, আৰু ভূজ আৰু কাচ্চৰ পশ্চিম অঞ্চললৈকে দেশৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ে এই প্ৰকল্পত অংশগ্ৰহণ কৰিছিল। এ আই এমৰ দলটোৱেও এই কাৰ্য্যত যোগদান কৰাৰ উপৰি সমগ্ৰ ভাৰতৰ ছাত্ৰ-ছাত্ৰীৰ কাষত থাকি টিংকাৰিং কৰিছিল আৰু এই ভেকুৱাম ক্লিনাৰটোও নিৰ্মাণ কৰিছিল।

এই অভিলাষী পদক্ষেপে ভাৰতৰ শিক্ষা আৰু উদ্ভাৱনৰ পৰিৱেশত এক ডাঙৰ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে, যিয়ে তৃণমূল পৰ্যায়ৰ সৃষ্টিশীলতা আৰু পৰিসৰত সহযোগিতামূলক শিক্ষণৰ শক্তি প্ৰদৰ্শন কৰিছে।

এই উপলক্ষে মিছন সঞ্চালক অটল ইনোভেচন মিছন, নিটি আয়োগ দীপক বাগ্লাই কয়, “উদ্ভাৱন আৰু যুৱক-যুৱতীসকল ৰাষ্ট্ৰীয় ৰূপান্তৰৰ অন্যতম চালিকা শক্তি হিচাপে মাননীয় প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি মেগা টিংকাৰিং দিৱস ২০২৫ হৈছে তৃণমূল পৰ্যায়ৰ উদ্ভাৱনৰ শক্তিৰ এক মাইলৰ খুঁটি প্ৰদৰ্শন। এই লাইভ ইভেণ্টত ১০,০০০ৰো অধিক অটল টিংকাৰিং লেব একত্ৰিত হৈ এক সমন্বিত উদ্ভাৱনৰ বাবে সমবেত হয়, য’ত সমগ্ৰ ভাৰতৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে একেলগে নিৰ্মাণ, শিক্ষণ আৰু পৰীক্ষা-নিৰীক্ষা কৰে। আন কোনো দেশেই এই পৰ্যন্ত নিজৰ বিদ্যালয়ৰ পৰিৱেশ তন্ত্ৰৰ ভিতৰত এই পৰিসৰত উদ্ভাৱনক সংগঠিত কৰা নাই। এইটোৱেই হৈছে ভাৰতৰ নেতৃত্ব দিয়াৰ মুহূৰ্ত, য’ত শক্তিশালী যুৱ মনবোৰে কেৱল আমাৰ জাতিৰ বাবেই নহয়, সামগ্ৰিকভাৱে মানৱতাৰ বাবেও কেনেদৰে সমাধান সৃষ্টি কৰিব পাৰে সেয়া বিশ্বক দেখুৱাব পাৰে। আজি আমাৰ শ্ৰেণীকোঠাত এক শক্তিশালী ভৱিষ্যত গঢ় লৈ উঠিছে।”

উল্লেখ্য যে আৰম্ভণিৰ পৰাই এআইএম-এ বিদ্যালয়সমূহত ১০,০০০ৰো অধিক এটিএল স্থাপন কৰিছে, যিয়ে ছাত্ৰ-ছাত্ৰীসকলক থ্ৰী-ডি প্ৰিণ্টাৰ, ৰবটিক্স কিট, আইঅ’টি ডিভাইচ, আৰু অন্যান্য বিভিন্ন সঁজুলি প্ৰদানেৰে এক সুন্দৰ পৰিৱেশ প্ৰদান কৰিছে। এই লেবসমূহে মধ্য-বিদ্যালয়ৰ পৰা হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকললৈকে আধুনিক প্ৰযুক্তিৰ সৈতে হাতে কামে বিজ্ঞানৰ সৈতে পৰিচয় প্ৰদান কৰে আৰু বাস্তৱ জগতৰ সমস্যা সমাধানৰ দক্ষতা আহৰণ কৰাৰো সুবিধা প্ৰদান কৰে।

মেগা টিংকাৰিং ডে’ কেৱল প্ৰকল্প নিৰ্মাণৰ এক অধিবেশন নাছিল; ই আছিল কাৰ্যতঃ এক ৰাষ্ট্ৰীয় উদ্ভাৱন আন্দোলন। ই আগন্তুক শিক্ষাবৰ্ষৰ উত্কৰ্ষ সাধন কাৰ্য্যকলাপৰ বাবে এক শক্তিশালী মঞ্চ হিচাপে কাম কৰিব আৰু সমগ্ৰ ভাৰতৰ ছাত্ৰ-ছাত্ৰী, শিক্ষাগুৰু, উচ্চ শিক্ষানুষ্ঠান, আৰু উদ্যোগৰ অংশীদাৰসকলৰ বাবে এক সমবেত মুহূৰ্ত হিচাপে কাম কৰিছে।

এই অনুষ্ঠানে ভাৰতক ভৱিষ্যতৰ বাবে সাজু কৰি তোলা সৃষ্টিশীল চিন্তাবিদ, উদ্ভাৱক, আৰু উদ্যোগীসকলক উত্তৰণ প্ৰদান কৰাৰ বাবে এআইএমৰ দৃষ্টিভংগীক প্ৰস্ফূতিত কৰিছে, আৰু প্ৰমাণ কৰিছে যে দেশৰ ভৱিষ্যত ইয়াতেই আমাৰ পৰৱৰ্তী প্ৰজন্মই গঢ়ি তুলিছে।

মেগা টিংকাৰিং ডে আৰু অটল টিংকাৰিং লেবৰ বিষয়ে সবিশেষ তথ্যৰ বাবে চাওক: https://aim.gov.in

 

***

MJPS/SR


(Release ID: 2155995)