পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

পেট্ৰ’লত ২০% ইথানল মিহলোৱাৰ উদ্বেগৰ প্ৰত্যুত্তৰ

Posted On: 12 AUG 2025 4:40PM by PIB Guwahati

পেট্ৰ’লত ২০% ইথানল মিশ্ৰণে বাহনৰ আয়ুস আৰু মাইলেজৰ ওপৰত কোনো বিৰূপ প্ৰভাৱ পেলাব বুলি দেশজুৰি সৃষ্টি হোৱা উদ্বেগক লৈ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে বিশদ ব্যাখ্যা আগবঢ়াইছে। ৪ আগষ্টৰ উত্তৰত তেওঁ কয় যে জৈৱ ইন্ধন আৰু প্ৰাকৃতিক গেছে ভাৰতৰ শক্তি খণ্ডৰ সেতু হিচাপে কাম কৰে। ২০৭০ চনৰ ভিতৰত কাৰ্বন নিৰ্গমন শূন্যলৈ হ্ৰাস কৰাৰ বাবে ভাৰতে স্বাক্ষৰ কৰা ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতিৰ অংশ হিচাপে পৰিৱেশ অনুকূল পৃথিৱী গঢ়ি তোলাৰ বাবে ই এক নিৰ্ভৰযোগ্য বিকল্প।গ্ৰাম্য অৰ্থনীতিতো ই এক পৰিৱৰ্তনশীল ভূমিকা পালন কৰে।

ইথানল মিশ্ৰণৰ বাবে যি ধন লোৱা হৈছে, সেই ধন পূৰ্বতে খাৰুৱা তেল আমদানি কৰা হৈছিল। এতিয়া ইথানল মিশ্ৰণৰ ফলত যি ধন ৰাহি হৈছে, সেই ধন কৃষকৰ উন্নতিৰ বাবে ব্যয় কৰা হৈছে। ২০১৪-১৫ চনৰ পৰা ২০২৫ চনৰ জুলাইলৈকে পেট্ৰ’লত ইথানল মিহলোৱাৰ ফলত চৰকাৰী তেল বিপণন কোম্পানীসমূহৰ বৈদেশিক মুদ্ৰাৰ সঞ্চয় ১,৪৪,০৮৭ কোটি টকাৰো অধিক। তদুপৰি খাৰুৱা তেল আমদানি ২৪৫ লাখ মেট্ৰিক টন হ্ৰাস পোৱা মানে কাৰ্বন নিৰ্গমন প্ৰায় ৭৩৬ লাখ মেট্ৰিক টন হ্ৰাস পোৱা। ইয়াৰ সমতুল্য ৩০ লাখ কোটি গছপুলি ৰোপণ কৰা হৈছে।

ছ’চাইটি অৱ ইণ্ডিয়ান অটোম’বাইল মেনুফেকচাৰ্ছ (ছিয়াম) আৰু আগশাৰীৰ গাড়ী নিৰ্মাতা কোম্পানীসমূহৰ সৈতে বিতং আলোচনা কৰা হৈছে। এই মিশ্ৰণৰ বাবে বাহনসমূহৰ ইন্ধন কাৰ্যক্ষমতাক লৈ তেওঁলোকৰ কোনো সন্দেহ নাই।

ই-২০ ইন্ধনৰ ব্যৱহাৰে ভাৰতত গাড়ীৰ বীমাৰ বৈধতাত কোনো প্ৰভাৱ পেলাব নোৱাৰে।

ই-২০ৰ পিছত দেশখন শীঘ্ৰে অন্য পথলৈ আগবাঢ়িব বুলি উদ্বেগ প্ৰকাশ কৰিছে। বিতং আলোচনাৰ পথ মুকলি। গাড়ী নিৰ্মাতা, তেল কোম্পানী, গৱেষণা আৰু উন্নয়ন সংস্থা, ইথানল উৎপাদক সকলো এই পৰ্যায়ত আলোচনাৰ লগত জড়িত হৈ আছে।

বৰ্তমানৰ ৰোডমেপত ৩১-১০-২০২৬ পৰ্যন্ত ই-২০ৰ বাবে চৰকাৰৰ দায়বদ্ধতা আছে। ইয়াৰ পিছত আন্তঃমন্ত্ৰালয় সমিতিৰ মূল্যায়ন প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিব সিদ্ধান্ত। তেনে ক্ষেত্ৰত চৰকাৰে অংশীদাৰসকলৰ সৈতে আলোচনা কৰি সঠিক সিদ্ধান্ত ল’ব। অৱশ্যে সেই সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই।

সৰ্বোপৰি চৰকাৰে পৰিৱেশ অনুকূল, অধিক বহনক্ষম ইন্ধনৰ সুযোগ আগবঢ়াইছে, যাতে পৰিৱৰ্তন প্ৰক্ৰিয়াটো বহুত সহজ হয় আৰু গ্ৰাহকৰ ওপৰত ইয়াৰ প্ৰভাৱ ন্যূনতম হয়।

***

MN/DB


(Release ID: 2155871)