তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

দেশজুৰি মুকলি হ’ল তিনিদিনীয়া ‘হৰ ঘৰ তিৰংগা চলচ্চিত্ৰ মহোৎসৱ’, ভাৰতৰ স্বাধীনতা আৰু ঐক্যৰ কাহিনী সম্বলিত ছবি প্ৰদৰ্শন

উৎসৱৰ আৰম্ভণি হৈছে ‘শ্বহীদ’ আৰু ‘স্বতন্ত্ৰ্য বীৰ সাৱৰকাৰ’-ৰ প্ৰদৰ্শনেৰে; আগন্তুক প্ৰদৰ্শনীত ‘এন এফ ডি চি’য়ে পুনৰুদ্ধাৰ কৰা ক্লাছিক আৰু সমসাময়িক দেশপ্ৰেমমূলক ছবিৰ সৈতে আছে ‘উৰি’, ‘আৰ আৰ আৰ’, ‘তানাজী’ আৰু ‘মেজৰ’

‘হৰ ঘৰ তিৰংগা’-ৰ বিশাল অভিযানৰ অংশ হিচাপে তাৰকাৰ অংশগ্ৰহণেৰে দিল্লী, মুম্বাই, চেন্নাই, আৰু পুনেত বৰ্ণাঢ্য উদ্বোধনী

“হৰ ঘৰ তিৰংগা দেশপ্ৰেমমূলক চলচ্চিত্ৰ মহোৎসৱ’ৰ লক্ষ্য হৈছে ভাৰতৰ চহকী সাংস্কৃতিক ইতিহাস আৰু ঐতিহ্যক চলচ্চিত্ৰৰ মাধ্যমেৰে প্ৰদৰ্শন কৰা” - শ্ৰী সঞ্জয় জাজু, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব

“আমাৰ বাবে স্বাধীনতা অনা সেই যাত্ৰাৰ সোঁৱৰণ হৈছে এই চলচ্চিত্ৰ মহোৎসৱ”- দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী পৰিসৰৰ কলা, সংস্কৃতি আৰু ভাষা দপ্তৰৰ মন্ত্ৰী কপিল মিশ্ৰ

Posted On: 11 AUG 2025 5:22PM by PIB Guwahati

 

ভাৰতৰ স্বাধীনতাৰ প্ৰতি চলচ্চিত্ৰীয় শ্ৰদ্ধাঞ্জলিৰ দৰে তিনিদিনীয়া দেশজোৰা অনুষ্ঠানৰ আৰম্ভণিতে আজি উত্সৱ মুখৰ পৰিৱেশত উদ্বোধন কৰা হ’ল ‘হৰ ঘৰ তিৰংগা – দেশপ্ৰেমমূলক চলচ্চিত্ৰ মহোৎসৱ’। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তত্বাৱধানত ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম’ৰ উদ্যোগত এই মহোৎসৱ ২০২৫ চনৰ ১১ আগষ্টৰ পৰা –১৩ আগষ্টলৈ উনুষ্ঠিত হ’ব।

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা ‘হৰ ঘৰ তিৰংগা’ অভিযানৰ অংশ হিচাপে অনুষ্ঠিত কৰা এই মহোত্সৱে  প্ৰতিগৰাকী নাগৰিকৰ ৰাষ্ট্ৰীয় পতাকাৰ সৈতে থকা আৱেগিক সম্পৰ্ক গভীৰ কৰাৰ লগতে ঐক্য আৰু দেশপ্ৰেমৰ নৱীকৃত ভাৱ জগাই তুলিব বুলি আশা কৰা হৈছে। সযতনে কৰা চলচ্চিত্ৰ প্ৰদৰ্শনৰ জৰিয়তে এই মহোৎসৱৰ লক্ষ্য হৈছে দৰ্শকক ভাৰতৰ স্বাধীনতা যাত্ৰাৰ কথা সোঁৱৰাই দিয়া, অগণন নায়কৰ ত্যাগ উদযাপন কৰা, আৰু ৰাষ্ট্ৰৰ পৰিচয় গঢ় দিয়া কাহিনীসমূহৰ প্ৰদৰ্শন কৰা।

দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী পৰিসৰৰ কলা, সংস্কৃতি আৰু ভাষা দপ্তৰৰ মন্ত্ৰী শ্ৰী কপিল মিশ্ৰই কয় যে আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক অমৰ কৰি প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ ক্ষমতা আছে চলচ্চিত্ৰৰ। ‘হৰ ঘৰ তিৰংগা – দেশপ্ৰেমমূলক চলচ্চিত্ৰ মহোৎসৱ’ কেৱল ছবিৰ উদযাপনেই নহয়, আমালৈ স্বাধীনতা কঢ়িয়াই অনা যাত্ৰাৰ সোঁৱৰণী বুলিও মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে।

 

মুম্বাইত এই উপলক্ষে ভাষণ দি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰীযুত ড০ সঞ্জয় জাজুৱে কয় যে ‘হৰ ঘৰ তিৰংগা- দেশপ্ৰেমমূলক চলচ্চিত্ৰ মহোৎসৱ’ৰ লক্ষ্য হৈছে ভাৰতৰ চহকী সাংস্কৃতিক ইতিহাস আৰু ঐতিহ্যক চলচ্চিত্ৰৰ মাধ্যমেৰে প্ৰদৰ্শন কৰা। চলচ্চিত্ৰ এটা দৃশ্য-শ্ৰাব্য মাধ্যম হোৱাৰ বাবে দৰ্শকৰ ওপৰত ই দীৰ্ঘস্থায়ী প্ৰভাৱ পেলায় আৰু সেয়েহে, এই উৎসৱৰ লক্ষ্য হৈছে সকলো ভাৰতীয়ৰ মাজত দেশপ্ৰেমৰ মনোভাৱ জগাই তোলা, শ্ৰী জাজুৱে লগতে কয়।

 

 

অভিনেত্ৰী শ্ৰিয়া পিলগাঁওকাৰেও মুম্বাইত অনুষ্ঠিত এই অনুষ্ঠানত ভাষণ দিয়ে। এই পদক্ষেপৰ অংশ হ’বলৈ পাই গৌৰৱ অনুভৱ কৰা বুলিও তেওঁ মন্তব্য কৰে। “এই ছবিবোৰে আমাক আমাৰ মানুহৰ সংকটক প্ৰতিহত কৰিব পৰা শক্তি আৰু সাহসৰ কথা মনত পেলাই দিয়ে, আৰু আমি এই কাহিনীবোৰ শ্বেয়াৰ কৰি যোৱাটো হৈছে গুৰুত্বপূৰ্ণ”, তেওঁ লগতে কয়।

 

দিল্লী, মুম্বাই, চেন্নাই, আৰু পুনেত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠান

 

চাৰিখন চহৰত বৰ্ণাঢ্য উদ্বোধনী

  • নতুন দিল্লীঃ এন চি টি-ৰ কলা, সংস্কৃতি আৰু ভাষা দপ্তৰৰ মন্ত্ৰী শ্ৰী কপিল মিশ্ৰই ‘এন এফ ডি চি–চিৰি ফ’ৰ্ট অডিটৰিয়াম’ত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এই উৎসৱ। তেওঁৰ সৈতে যোগদান কৰে অতিৰিক্ত সচিব (আই এণ্ড বি) শ্ৰী প্ৰভাত; শ্ৰী ভূপেন্দ্ৰ কাইন্থোলা, প্ৰধান মহা সঞ্চালক (ডি পি ডি); আৰু শ্ৰী ধীৰেন্দ্ৰ ওঝা, প্ৰধান মহা সঞ্চালক (সংবাদ মাধ্যম আৰু যোগাযোগ)কে ধৰি ধৰি বিশিষ্ট ব্যক্তিসকলে।
  •  
  • • মুম্বাইঃ ‘এনএফডিচি–নেশ্যনেল মিউজিয়াম অব ইণ্ডিয়ান চিনেমা (এনএমআইচি) কমপ্লেক্স’ত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজু আৰু অভিনেত্ৰী শ্ৰীযুত পিলগাঁওকাৰে মহোত্সৱ মুকলি কৰে। অনুষ্ঠানত জ্যেষ্ঠ বিষয়া, চলচ্চিত্ৰ নিৰ্মাতা, আৰু চিনেমাপ্ৰেমীসকলে অংশগ্ৰহণ কৰে।
  •  
  • • চেন্নাই: চিনেমাৰ জৰিয়তে দেশপ্ৰেম সন্দৰ্ভত অন্তৰ্দৃষ্টিসম্পন্ন চিন্তাধাৰাৰ বাবে প্ৰসিদ্ধ বিশিষ্ট পৰিচালক বসন্তৰ উপস্থিতিৰে ‘টেগৰ ফিল্ম চেণ্টাৰ’-য়ে এই উদ্বোধনী অনুষ্ঠানৰ দিহা কৰে। অনুষ্ঠানত বিশিষ্ট নৃত্য পৰিচালক ‘কালা মাষ্টাৰ’, তামিল চেম্বাৰ অব কমাৰ্চৰ অধ্যক্ষ চোঝা নচিয়াৰ, অভিনেত্ৰী নমিতা, তামিলনাডু সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ এ ভি এছ শিৱকুমাৰ; আৰু অভিনেতা, পৰিচালক, তথা প্ৰযোজক ‘মিষ্টাৰ বীৰা’ উপস্থিত থাকে।
  •  
  • • পুনেঃ পুনেৰ নিজা প্ৰদৰ্শন কিছু সময়ৰ পিছতে আৰম্ভ হোৱাৰ বিপৰীতে ‘এন এফ ডি চি–নেশ্যনেল ফিল্ম আৰ্কাইভ অব ইণ্ডিয়া’ (এন এফ এ আই)ৰ দৰ্শকে দিল্লী, মুম্বাই, আৰু চেন্নাইৰ পৰা উদ্বোধনী অনুষ্ঠানৰ ‘লাইভ টেলিকাষ্ট’ উপভোগ কৰি মহাৰাষ্ট্ৰৰ সাংস্কৃতিক ৰাজধানীলৈ ঐক্য আৰু সহভাগী উদযাপনৰ মনোভাৱ কঢ়িয়াই আনিছিল।

 

 

এক বৈচিত্ৰ্যময় আৰু প্ৰেৰণাদায়ক চলচ্চিত্ৰৰ লানি

বৈচিত্ৰময় চলচ্চিত্ৰসমূহৰ মাজত আছে দেশপ্ৰেমমূলক কিংবদন্তি ছবি যেনে-

শ্বহীদ (১৯৬৫)শ্বহীদ ভগত সিঙৰ আলোড়নকাৰী কাহিনী আৰু তেওঁৰ চূড়ান্ত ত্যাগৰ গাঁথা।

স্বতন্ত্ৰ্য বীৰ সাৱৰকাৰ (২০২৪) স্বাধীনতা সংগ্ৰামী বিনায়ক দামোদৰ সাৱৰকাৰৰ জীৱন আৰু মতাদৰ্শৰ ঐতিহাসিক গাঁথা।

উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক (২০১৯)২০১৬ চনৰ ভাৰতীয় সেনাৰ অভিযানৰ আধুনিক পুনৰ কথন।

আৰ আৰ আৰ (২০২২) স্বাধীনতা সংগ্ৰামীসকলৰ কাল্পনিক বিৱৰণীৰ পৰা অনুপ্ৰাণিত এখন মহাকাব্যিক একশ্যনধৰ্মী নাটক।

তানাজী (২০২০)মাৰাঠা যোদ্ধা তানাজী মালুছাৰেৰ সাহসী কাহিনী

 

অন্যান্য উল্লেখযোগ্য প্ৰদৰ্শনীসমূহ হৈছে:

• মেজৰ (২০২২)– ২৬/১১ মুম্বাই আক্ৰমণত মেজৰ সন্দীপ উন্নিকৃষ্ণই প্ৰদৰ্শন কৰা সাহসিকতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।

• নেতাজী সুভাষ চন্দ্ৰ বসু – দূৰদৰ্শী ৰাষ্ট্ৰীয়তাবাদী নেতাগৰাকীৰ উত্তৰাধিকাৰিত্বক ধৰি ৰখা এখন চুটি তথ্যচিত্ৰ।

• বীৰাপাণ্ডিয়া কট্টাবোম্মান (১৯৫৯)– দক্ষিণ ভাৰতৰ কিংবদন্তি স্বাধীনতা সংগ্ৰামীগৰাকীৰ জীৱনাধাৰিত তামিল ক্লাছিক।

• ক্ৰান্তি (১৯৮১)– ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে বিদ্ৰোহৰ এক ভব্য কাহিনী।

• হকীকত (১৯৬৪)– ১৯৬২ চনৰ ভাৰত-চীন সংঘাতৰ পৰা অনুপ্ৰাণিত এক চলন্ত যুঁজৰ চিত্ৰায়ণ।

• পৰাশক্তি (১৯৫২)– শক্তিশালী সামাজিক আৰু জাতীয়তাবাদী বিষয়বস্তুৰে এখন যুগান্তকাৰী তামিল ছবি।

• সাত হিন্দুস্তানী (১৯৬৯) – গোৱাৰ মুক্তিৰ বাবে যুঁজ দিয়া সাতগৰাকী ভাৰতীয়ৰ কাহিনী।

 

ইয়াৰ উপৰিও এই উৎসৱত শিক্ষামূলক তথ্যচিত্ৰ উপস্থাপন কৰা হয়, যিয়ে ঐতিহাসিক প্ৰসংগ প্ৰদান কৰে আৰু দৰ্শকৰ একাত্মতাক গভীৰ কৰে:

• আৱাৰ ফ্লেগ – তিৰংগ পতাকাৰ প্ৰতীকী স্বৰূপৰ বিশ্লেষণ আৰু ইতিহাসৰ অন্বেষণ।

• লোকমান্য তিলক – বাল গংগাধৰ তিলকৰ জীৱন আৰু ৰাজনৈতিক জাগৰণৰ বুৰঞ্জী।

• তিলক – তিলকৰ ৰাষ্ট্ৰীয়তাবাদী দৃষ্টিভংগীৰ অন্তৰংগ চিত্ৰণ।

• শ্বাহাদত – ভাৰতৰ স্বাধীনতাৰ যুঁজত কৰা ত্যাগৰ চিত্ৰায়ণ।

 

এন এফ ডি চিৰ ভূমিকা আৰু প্ৰতিশ্ৰুতি

 

ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমে দশক দশক ধৰি ভাৰতীয় চিনেমাৰ উন্নতি আৰু সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চৰকাৰৰ প্ৰধান চলচ্চিত্ৰ সংস্থা হিচাপে ‘এন এফ ডি চি’য়ে কেৱল মানসম্পন্ন ছবি নিৰ্মাণ আৰু প্ৰচাৰ কৰাই নহয় ‘ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভ’ৰ জৰিয়তে দেশৰ চিনেমাৰ ঐতিহ্যকো সুৰক্ষিত কৰি আহিছে।

‘হৰ ঘৰ তিৰংগা – দেশপ্ৰেমমূলক চলচ্চিত্ৰ মহোৎসৱ’-ৰ জৰিয়তে ‘এনএফডিচি’য়ে চলচ্চিত্ৰৰ মাধ্যমটোক প্ৰজন্ম, ভাষা আৰু অঞ্চলসমূহৰ মাজত সেতুবন্ধনৰ এক ঐক্যবদ্ধ শক্তি হিচাপে ব্যৱহাৰ কৰে। এই পদক্ষেপ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাগৰিক আৰু ৰাষ্ট্ৰীয় পতাকাৰ মাজত ব্যক্তিগত সংযোগ গঢ়ি তোলাৰ দৃষ্টিভংগীৰ সৈতে উদযাপনক ভাৰতৰ মূল্যবোধ আৰু ইতিহাসৰ সৈতে গভীৰ সংযোগলৈ ৰূপান্তৰিত কৰা।

  

‘এন এফ ডি চি’ৰ এই প্ৰচেষ্টাই নিশ্চিত কৰে যে দেশপ্ৰেমমূলক কাহিনীবোৰ  ঐতিহাসিক তথ্যত প্ৰোথিতই হওক বা কল্পকাহিনীৰ জৰিয়তে পুনৰ কল্পনা কৰাই হওক—দৰ্শকৰ মাজত অনুৰণন ঘটাই পৰৱৰ্তী প্ৰজন্মক স্বাধীনতা আৰু ঐক্যৰ আদৰ্শক ৰক্ষা কৰিবলৈ অনুপ্ৰাণিত কৰি থাকে।

****

Dharmendra Tewari/ Navin Sreejith/KB


(Release ID: 2155322)