ক'অপাৰেশ্বন মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীত আজি ৰাজ্যিক সমবায় নিৰ্বাচন কৰ্তৃপক্ষৰ সৈতে সমবায় নিৰ্বাচন কৰ্তৃপক্ষৰ প্ৰথমখন পৰামৰ্শমূলক বৈঠক অনুষ্ঠিত

ৰাজ্যিক সমবায় নিৰ্বাচন কৰ্তৃপক্ষৰ সৈতে আলোচনাৰ মাজৰেৰে সমবায় সংস্থাসমূহৰ নিৰ্বাচন মুক্ত আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত কৰাত গুৰুত্ব আৰোপ কৰা হয়

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহৰ নিৰ্দেশনাত সমবায় খণ্ডৰ বিভিন্ন সংস্কাৰে ইয়াক এক সজীৱ খণ্ডলৈ ৰূপান্তৰিত কৰিছে

প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী আৰু বহু ৰাজ্যিক সমবায় সমিতি (এমএছচিএছ)ৰ বাবে আচৰণ বিধি প্ৰস্তুত সম্পৰ্কীয় বিষয়সমূহকলৈ বৈঠকত আলোচনা কৰা হয়

প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ব্যয়ৰ উচ্চ সীমা, ৰিটাৰ্নিং বিষয়াসকলৰ বাবে হাতপুথি প্ৰকাশ, ৰাষ্ট্ৰীয় সমবায় সমিতিৰ সদস্য সমবায় সমিতিৰ পৰা প্ৰতিনিধি নিৰ্বাচন আদিৰ বিষয়েও সমবায় নিৰ্বাচন কৰ্তৃপক্ষই আলোচনা কৰে

Posted On: 11 AUG 2025 4:14PM by PIB Guwahati

আজি নতুন দিল্লীত ৰাজ্যিক সমবায় নির্বাচন কর্তৃপক্ষৰ সৈতে সমবায় নির্বাচন কর্তৃপক্ষৰ প্রথমখন   বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকৰ লক্ষ্য হৈছে  ৰাজ্যিক সমবায় নিৰ্বাচন কৰ্তৃপক্ষৰ সৈতে আলোচনাৰ মাজেৰে সমবায় সংস্থাসমূহৰ নিৰ্বাচন মুক্ত আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত কৰা আৰু প্ৰক্ৰিয়াটো অধিক স্বচ্ছ কৰি তোলাৰ বিষয়টো নিশ্চিত কৰা । সমবায় নিৰ্বাচন প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰী দেৱেন্দ্ৰ কুমাৰ সিঙে সভাপতিত্ব কৰা বৈঠকত ওড়িশা, বিহাৰ, তামিলনাডু, তেলেংগানা আৰু মহাৰাষ্ট্ৰৰ  ৰাজ্যিক নিৰ্বাচন আয়ুক্তসকলে অংশগ্ৰহণ কৰে। উপাধ্যক্ষ শ্ৰী আৰ কে গুপ্তা আৰু সমবায় ন্যায় নিষ্পত্তিকৰণ বিষয়া  শ্ৰী আলোক আগৰৱালায়ো বৈঠকত  অংশগ্ৰহণ কৰে। সমবায়  মন্ত্ৰালয়ৰ যুটীয়া সচিব  শ্ৰী আনন্দ কুমাৰ ঝায়ো বৈঠকত ভাগ লয়।

 

বৈঠকত  ভাষণ আগবঢ়াই  সমবায় নিৰ্বাচন প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰী দেৱেন্দ্ৰ কুমাৰ সিঙে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উদ্যোগত  চৰকাৰে সমবায় নিৰ্বাচন প্ৰাধিকৰণ স্থাপনকে ধৰি সমবায় খণ্ডত বিভিন্ন সংস্কাৰ সাধন কৰিবলৈ সক্ষম হৈছে। সমবায় নিৰ্বাচন কৰ্তৃপক্ষই ২০২৪ চনৰ মাৰ্চ মাহৰ পৰা এই পৰ্যন্ত ১৫৯টা নিৰ্বাচন অনুষ্ঠিত কৰিছে আৰু ৬৯টা এনে সমবায় নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া চলাই  আছে। ২০০২ চনৰ বহুৰাজ্যিক সমবায় সমিতি আইন আৰু ২০২৩ চনত ইয়াৰ সংশোধনীৰ ৪৫ নং ধাৰাত কেন্দ্ৰৰ ক্ষমতা প্ৰয়োগ কৰি সমবায় নিৰ্বাচন কৰ্তৃপক্ষক ২০২৪ চনৰ ১১ মাৰ্চত এই বিষয়ে  জাননী জাৰি  কৰি অৱগত কৰা  হৈছিল।

শ্ৰী দেৱেন্দ্ৰ কুমাৰ সিঙে কয় যে ২০২৫ চনটো সমবায়ৰ আন্তঃৰাষ্ট্ৰীয় বৰ্ষ  হিচাপে পালন কৰা হৈছে আৰু সমবায় খণ্ডৰ বৃদ্ধিৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰি চৰকাৰে বহু সংস্কাৰ সাধন কৰিছে। তেওঁ কয় যে সমবায় সমিতিসমূহৰ নিৰ্বাচন মুক্ত আৰু নিকা কৰি তুলিবলৈ স্বচ্ছতা বৃদ্ধিৰ বাবে সমবায় সমিতিসমূহৰ নিৰ্বাচনী প্ৰক্ৰিয়া সুশৃংখলিত কৰাটো অতি প্ৰয়োজনীয় কথা।

সমবায় নিৰ্বাচন কৰ্তৃপক্ষৰ অধ্যক্ষগৰাকীয়ে লগতে  কয় যে সমবায় নিৰ্বাচনৰ বাবে মানক হাতপুথি আৰু আচৰণ বিধিৰ প্ৰয়োজন আছে। প্ৰতিদ্বন্দ্বিতা কৰা  প্ৰাৰ্থী আৰু বহু ৰাজ্যিক সমবায় সমিতি (এম এছ চি)ৰ বাবে আচৰণ বিধি  প্ৰস্তুত কৰা, প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ব্যয়ৰ উচ্চ সীমা নিৰ্ধাৰণ, ৰিটাৰ্নিং বিষয়াসকলৰ বাবে হাতপুথি প্ৰকাশ, ৰাষ্ট্ৰীয় সমবায় সমিতিৰ সদস্য  সমবায় সমিতিৰ পৰা প্ৰতিনিধি নিৰ্বাচন আৰু ৰাজ্যৰ পৰা লাভ কৰা অন্যান্য এজেণ্ডা সম্পৰ্কীয় বিষয়সমূহ সন্দৰ্ভতো বৈঠকত  আলোচনা কৰা হয়। অংশগ্ৰহণকাৰী ৰাজ্যিক সমবায় নিৰ্বাচন কৰ্তৃপক্ষই প্ৰস্তাৱ দাঙি ধৰা  এটা কাৰ্যসূচীৰ ভিতৰত আছিল সমবায় নিৰ্বাচনত ইলেক্ট্ৰনিক ভোটিং মেচিনৰ প্ৰৱৰ্তন।

 

শ্ৰী দেৱেন্দ্ৰ কুমাৰ সিঙে সদস্যৰ শ্বেয়াৰ কেপিটেল, প্ৰাৰ্থীৰ বাবে প্ৰতীক ব্যৱহাৰ আৰু সমবায় নিৰ্বাচনত বিশেষ চিয়াঁহী ব্যৱহাৰৰ সৈতে জড়িত বিষয়সমূহ সন্দৰ্ভতো  আলোচনা  কৰে ।

 

একেদৰে সমবায় নিৰ্বাচনত সংস্কাৰ প্ৰক্ৰিয়া আগুৱাই নিয়াৰ বাবে প্ৰতি তিনিমাহৰ মূৰে মূৰে পৰামৰ্শদাতা সমিতিৰ বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে চি ই এয়ে।

 

এই বৈঠকত বিভিন্ন ৰাজ্যৰ পৰা অংশগ্ৰহণ কৰাসকলৰ ভিতৰত আছিল  ওড়িশাৰ  ৰাজ্যিক নিৰ্বাচন আয়ুক্ত (শ্ৰী শ্ৰীকান্ত প্ৰুষ্টি, ৰাজ্যিক সমবায় নিৰ্বাচন আয়োগ), বিহাৰ (শ্ৰী গিৰীশ শংকৰ, বিহাৰ ৰাজ্যিক নিৰ্বাচন কৰ্তৃপক্ষ। ইয়াৰ  লগতে শ্ৰী কুমাৰ শান্ত ৰক্ষিত, উপদেষ্টা, বিহাৰ ৰাজ্যিক নিৰ্বাচন আয়োগ), তামিলনাডু (থিৰু দয়ানন্দ কাটাৰিয়া, আয়ুক্ত, তামিলনাডু ৰাজ্যিক সমবায় সমিতি নিৰ্বাচন আয়োগ), মহাৰাষ্ট্ৰ (শ্ৰী অনিল মহাদেও কাৱাড়ে, ৰাজ্যিক সমবায় নিৰ্বাচন প্ৰাধিকৰণ মহাৰাষ্ট্ৰ আৰু শ্ৰী অশোক গাড়ে, সচিব , মহাৰাষ্ট্ৰ ৰাজ্যিক নিৰ্বাচন প্ৰাধিকৰণ) আৰু তেলেংগানা (শ্ৰী জি শ্ৰীবিনাছ ৰাও, আয়ুক্ত, তেলেংগানা সমবায় নিৰ্বাচন প্ৰাধিকৰণ)।

****

RK/VV/HS/PS/DM


(Release ID: 2155318)