প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কাকোৰী কাণ্ডৰ শতবাৰ্ষিকীত দেশপ্ৰেমিক ভাৰতীয়ৰ সাহসৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

Posted On: 09 AUG 2025 2:59PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি কাকোৰী কাণ্ডৰ শতবাৰ্ষিকী উপলক্ষ্যে  সেই  কাণ্ডত অংশগ্ৰহণ কৰা ভাৰতীয়সকলৰ শৌৰ্য্য তথা  দেশপ্ৰেমৰ মনোভাবৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে এশ বছৰ পূৰ্বে কাকোৰীত দেশপ্ৰেমিক ভাৰতীয়সকলে দেখুওৱা সাহসে ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে মানুহৰ মনত ক্ৰিয়া কৰি থকা  গভীৰ ক্ষোভক প্ৰতিফলিত কৰিছিল। তেওঁ  এই কথাৰ প্ৰতিও মনোনিৱেশ  কৰে যে মানুহৰ ধন ঔপনিৱেশিক শোষণৰ বাবে ব্যৱহাৰ কৰাৰ কথাই তেওঁলোকক ক্ষুব্ধ কৰি তুলিছিল।

 

শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁলোকৰ বীৰত্ব ভাৰতবাসীয়ে সদায় স্মৰণ কৰি যাব । তেওঁ এখন শক্তিশালী তথা  সমৃদ্ধিশালী ভাৰতৰ বাবে তেওঁলোকৰ সপোন পূৰণৰ দিশত কাম কৰি যাবলৈ চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা  পুনৰ দৃঢ়তাৰে দোহাৰে ।

এক্সত দিয়া এটা পোষ্টত শ্ৰী মোদীয়ে কয়;

 

“এশ বছৰৰ আগৰ আজিৰ দিনটোতে কাকোৰীত দেশপ্ৰেমী ভাৰতীয়সকলে দেখুওৱা সাহসে  ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে মানুহৰ মাজত থকা ক্ষোভৰ কথাকেই প্ৰতিফলিত  কৰিছিল।ৰাইজৰ ধন যিদৰে ঔপনিৱেশিক শোষণৰ বাবে ব্যৱহাৰ কৰা হৈছিল, সেই কথাত তেওঁলোক ক্ষুব্ধ হৈ পৰিছিল।তেওঁলোকৰ বীৰত্ব ভাৰতৰ জনসাধাৰণে সদায় স্মৰণ কৰি থাকিব। আমি এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰতৰ বাবে তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ কাম কৰি যাম ।”

**************

MJPS/ST/DM


 


(Release ID: 2154778)