প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশ্ব সংস্কৃত দিৱস উপলক্ষ্যে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন, পুনৰবাৰ দোহাৰিলে সংস্কৃতৰ ঐতিহ্যৰ সংৰক্ষণ তথা প্ৰসাৰৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা
Posted On:
09 AUG 2025 10:13AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰাৱণ পূৰ্ণিমাত পালন কৰা বিশ্ব সংস্কৃত দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। সংস্কৃতক “জ্ঞান আৰু প্ৰকাশৰ এক কালজয়ী উৎস” বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত ইয়াৰ চিৰস্থায়ী প্ৰভাৱৰ বিষয়ত আলোকপাত কৰে।
শ্ৰী মোদীয়ে এইক্ষেত্ৰত সমগ্ৰ বিশ্বৰ পণ্ডিত, ছাত্ৰ-ছাত্ৰী আৰু অনুৰাগীসকলৰ নিষ্ঠাৰ শলাগ লয়, যিসকলে সংস্কৃত শিকাৰ লগতে, শিকোৱা আৰু ভাষাতো জনপ্ৰিয় কৰি ৰাখিছে। তেওঁ দৃঢ়তাৰে কয় যে বিগত দশকত চৰকাৰে সংস্কৃতৰ শিক্ষণ আৰু গৱেষণাক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয় স্থাপন, সংস্কৃত শিক্ষণ কেন্দ্ৰ উদ্বোধন , সংস্কৃত পণ্ডিতসকলক অনুদান প্ৰদান, পাণ্ডুলিপিৰ ডিজিটেলাইজেচনৰ বাবে জ্ঞান ভাৰতম অভিযান আৰম্ভ কৰা আদিকে ধৰি নানান ধাৰাবাহিক পদক্ষেপ গ্ৰহণ কৰিছে।
এক্সত কৰা ধাৰাবাহিক পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে;
“আজি শ্ৰাৱণ পূৰ্ণিমাত আমি বিশ্ব সংস্কৃত দিৱস উদযাপন কৰিছো। সংস্কৃত জ্ঞান আৰু প্ৰকাশৰ এক কালজয়ী উৎস। ইয়াৰ প্ৰভাৱ বিভিন্ন খণ্ডত দেখিবলৈ পোৱা যায়। সংস্কৃত ভাষা শিকি জনপ্ৰিয় কৰি তোলা বিশ্বৰ প্ৰতিগৰাকী ব্যক্তিৰ প্ৰচেষ্টাক শলাগ লোৱাৰ উদ্দেশ্যে এই দিৱস।”
(Release ID: 2154774)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam